শিক্ষামূলক উক্তি | Educational Quotes In Assamese
মানুহৰ পৰিচয়
এযোৰ দামী পোছাকৰ দ্বাৰা নহয়,
মানুহৰ পৰিচয় এখন বহল
অন্তৰ আৰু উচ্চ মানুসিকতাৰ
দ্বাৰাহে হয়।
দুখীয়া ঘৰৰ ল'ৰাই
কেতিয়াওঁ কোনো ছোৱালীৰ
জীৱনক লৈ খেলা নকৰে,
কাৰণ সিহঁতৰ বহুমূলীয়া সময় খিনি
জীৱনৰ লগত যুঁজি থাকোতে যায়।
নাৰী কেতিয়াওঁ
নিজৰ বাবে জীয়াই নাথাকে,
আৰু পুৰুষে নিজৰ বাবে
উপার্জন নকৰে।
যদি কোনোবাই
আপোনাৰ অন্তৰত আঘাট কৰে,
দুখ নকৰিব, যিজোপা গছৰ ফল মিঠা
সেইজোপা গছত ফর্মুঠি মৰা
মানুহো বেছি।
আবেগেৰে নহয়
বিবেকৰ সৈতে বাস্তৱতাৰ লগত
মিলি চলিবলৈ শিকক, কাৰণ
আজিৰ দিনত আবেগৰ একো মূল্য নাই।
পলম হ’ব পাৰে কিন্তু
এদিন সকলো ঠিক হৈ যাব,
এটা দিন বেয়া হ’ব পাৰে
জীৱনটো নহয়।
যি মানুহে যুক্তি কি বুজি নাপায়
তেওঁৰ লগত তর্ক নকৰিবা,
যি মানুহে বিশ্বাস কি বুজি নাপায়
তেওঁক প্রেম নকৰিবা,
যি মানুহে ত্যাগ কি বুজি নাপায়
তেওঁক অন্তৰ নিদিবা।
অতীতৰ কথা ভাৱি নিজেই
নিজকে কষ্ট দিয়াটো হ'ল আবেগ,
আৰু অতীতৰ পৰা পোৱা শিক্ষা
লৈ আগুৱাই যোৱাটো হ'ল বাস্তৱতা।
পৃথিৱীখনৰ সন্মুখত
সামান্য কঠোৰ হৈ আগবাঢ়ক,
মম'ৰ দৰে কোমল হ্রদয় লৈ ফুৰিলে
মানুহে সুযোগ পালেই জ্বলাব।
চৰিত্ৰ কোনো আইনৰ
অধীনত নিৰ্ধাৰিত নহয়, চৰিত্ৰ নিৰ্ভৰ কৰে
সুস্থ বিবেক আৰু মানসিকতাৰ ওপৰত।
মানুহে জ্ঞানৰ পৰিচয় দিয়ে নিজৰ কথাৰে !
যোগ্যতাৰ পৰিচয় দিয়ে নিজৰ কৰ্মৰে !
আৰু নিজৰ পৰিচয় দিয়ে নিজৰ ব্যৱহাৰে।
এটা কথা মনত ৰাখিব
আপুনি কি বা আপোনাৰ কি আছে
তাৰ ওপৰত আপোনাৰ সুখ নিৰ্ভৰ নকৰে,
আপোনাৰ সুখ নিৰ্ভৰ কৰে আপুনি
কি চিন্তা কৰে তাৰ ওপৰতহে।
শিক্ষিত হৈ যদি ভুলক ভুল আৰু
শুদ্ধক শুদ্ধ বুলি কোৱাৰ সাহস নাথাকে
তেন্তে আপুনি সমাজৰ বোজাৰ বাহিৰে
একো নহয়।
পানীত ননমাকৈ
যিদৰে সাঁতোৰ শিকিব নোৱাৰি,
ঠিক তেনেকৈ জীৱনলৈ বেয়া দিন নাহিলে
মানুহ চিনিব নোৱাৰি।
যৌৱনত কাউৰীও সুন্দৰী,
শাওনত নদী হয় কুমাৰী,
ক্ষমতাত থাকিলে মিছাকথাও অমৃতবাণী,
আৰু ধন থাকিলে মূৰ্খও পৰম জ্ঞানী।
ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ শিক্ষামূলক উক্তি বা শিক্ষামূলক বাণী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।
আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক
অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়,
সেই বাবে আৰু শিক্ষামূলক উক্তি বা শিক্ষামূলক বাণী পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।
Nice
ReplyDeletePost a Comment