অসমীয়া caption Instagram | অসমীয়া caption Instagram love

1
বন্ধু বান্ধুৱী সকল আপুনি Instagram ত পোষ্ট কৰিবলৈ লিখনী বিচাৰি আছে নেকি ? তেনেহলে আপুনি ঠিক জাঘাত আহিছে। এই আর্টিকেলটোত আপোনাক কেইটামান অসমীয়া caption Instagram পোষ্ট দিম আপুনি এই লিখনীবোৰ Facebook ত পোষ্ট কৰিব পাৰিব।

অসমীয়া caption Instagram


মই স্বার্থপৰ বা অহংকাৰী নহয়,
মাথোঁ সেইবোৰ মানুহৰ
পৰা আঁতৰি থাকোঁ যাৰ ওচৰত
মোৰ কোনো মূল্য নাই।






সপোন যিমান ৰঙীন হয়
বাস্তৱ সিমানেই কঠিন হয়।






সঁচা কথা মনে মনে সহ্য
কৰি থাকিলে আপুনি ভাল,
কিন্তু সন্মুখত চিধা চিধি কৈ দিলে
আপোনাৰ সমান বেয়া কোনো নাই।







সম্পর্ক এটা জীয়াই ৰখাৰ ইচ্ছা যদি
দুয়োফালৰ পৰা সমানে থাকে,
তেন্তে পৃথিৱীৰ কোনো 
সম্পর্কই ভাঙি নাযায়।






শৰীৰৰ সৌন্দৰ্য লৈ কেতিয়াও
গৌৰৱ নকৰিবা,
কাৰণ 
শৰীৰটো তোমাৰ সৃষ্টি নহয়।
বংশকলৈ কেতিয়াও গৌৰৱ নকৰিবা,
কাৰণ
বংশ নির্বাচন কৰি তুমি জন্ম গ্রহণ কৰা নাই,
গৌৰৱ কৰা তোমাৰ উন্নতি
আৰু চৰিত্র লৈ,
যিটো তুমি নিজেই গঢ়িছা।






যিয়ে নিজৰ বেয়া সময় দেখিছে
তেওঁ কেতিয়াও আনৰ
বেয়া হোৱাটো নিবিচাৰে।






কোনো পুৰুষে যদি
কোনো নাৰীক সন্মান দিয়ে
তেন্তে বুজিবা যে সেই পুৰুষ কোনো
সন্মানীয় নাৰীৰ পুত্র।
কিয় জানেনে এজনী সভ্য মাকেহে
তেওঁৰ পুত্রক সভ্যতাৰ শিক্ষা দিয়ে।






কেতিয়াও কোনো বস্তুৰ অহংকা
কৰা উচিত নহয়,
মনত ৰাখিবা ঈশ্বৰে যিটো দিব জানে
সেইটো কাঢ়ি নিবও জানে।






সপোন বোৰ নিজক লৈ দেখা উচিত
আনক লৈ নহয়,
কিয়নো এই পৃথিৱীৰ সম্পর্কৰ
কোনো ভৰষা নাই।






জীৱনত যিমানে আঘাত পাবা
সিমানে আপোন মানুহবোৰক চিনিব শিকিবা,
কোন আচলতে কেনেকুৱা
কোন তোমাৰ কিমান আপোন।






অবিশ্বাস্য হলেও সত্য
টকা অবিহনে পুৰুষৰ জীৱন,
আৰু
ৰূপ অবিহনে নাৰীৰ জীৱন
কষ্টকৰ।







কষ্টৰ পৰিমান যেতিয়া বাঢ়ি যায়
তেতিয়া মানুহে কান্দিব এৰি
মনে মনে থাকিবলৈ
শিকি যায়।






জন্মৰ পৰাই অভাৱ শব্দটোৰ
লগত ঘনিষ্ঠ সম্পর্ক আছে,
সেয়ে কেতিয়াও মানি নলওঁ 
অভাৱে স্বভাৱ নষ্ট কৰে।






আপত্তি নাই, সুখ নকৰো
যি পাইছো তাতেই সুখী,
কোনোবাইতো এই খিনিও
পোৱা নাই।






দেউতাকৰ টকাৰে দামী গাড়ী লৈ
ঘূৰি ফুৰা লৰাবোৰতকৈ
সৰু সৰু কাম কৰি ঘৰখন চলাই,
চাইকেল চলোৱা ল'ৰাক
বেছি সন্মান কৰোঁ।




অসমীয়া caption Facebook


যি মানুহে আনৰ কথা
অলপো ভাবিব নোৱাৰে
তেওঁ মানুহ হোৱাৰ অর্থ নাই।






জীৱনত এনেকুৱা এজন
মানুহৰ প্রয়োজন
যিয়ে স্বার্থ নোহোৱাকৈ ভাল পাব,
আৰু প্রয়োজন নোহোৱাকৈ
খবৰ ল'ব।






মানুহে অকলে অকলে হাঁহিব নোৱাৰে,
হাঁহিবলৈ এজন সংগী প্রয়োজন,
কিন্তু মানুহৰ দুখ হ'লে অকলে অকলে
কান্দিব লগা হয়,
কাৰণ দুখৰ কোনো সংগী নাথাকে।






সেইজন মানুহ বহুত বেছি সংস্কাৰী
যিজনে যিমান খংত থাকিলেও
বেলেগৰ লগত কথা পতাৰ
শিষ্টাচাৰ পাহৰি নাযায়।






গুৰুত্ব থাকিলে সকলো সম্পর্কই টিকিব
সেয়া বন্ধুত্বই হওঁক বা ভালপোৱা।






বাস্তৱতা তুমি যাক যিমান গুৰুত্ব দিবা
তেওঁ তোমাক সিমানেই
অৱহেলা কৰিব।






ভালপোৱাই হওঁক বা বন্ধুত্বই,
বেয়া সময় আহিলে বুজা যায়
সম্পর্কটো কিমান গভীৰ।






বিচাৰিলেই সকলো পোৱা নাযায়
যদি সেয়া তোমাৰ ভাগ্যতে নাথাকে।






সম্পর্ক সেয়া নহয়
যি আনক দেখুওৱা হয়,
সম্পর্ক সেইয়াহে যি হ্রদয়েৰে
পালন কৰা হয়।






কিছুমান মানুহে মোক বহুত ভাল পায়
কেৱল মাত্র প্রয়োজনৰ সময়ত।




Assamese Quotes For Instagram


সৎ পথত চলিলে হয়তো কষ্ট হ'ব,
কিন্তু জয় এদিন তোমাৰে হ'ব।






মিঠা মিঠা কথা কোৱা মানুহবোৰে
আচলতে আমাক ঠগি থৈ গুচি যায়,
প্রকৃত সঁচা মনৰ মানুহবোৰ
সদায় খঙাল হয় আৰু
কিবা বেয়া দেখিলে মুখৰ
আগতেই কৈ দিয়ে।






মনৰ কষ্ট আৰু চকুপানী কাকো 
দেখুৱাত নাই,
নিজৰ জীৱন সুখৰ নহলেও কাকো 
কোৱাত নাই,
কাৰণ সকলোৱে কষ্ট দিব পাৰে
কিন্তু কষ্টৰ ভাগ লবলৈ কোনেও নাহে।






সফলতাৰ পাছত অভিনন্দন জনোৱা
মানুহ বহুত পাবা,
কিন্তু বিফলতাৰ পাছত কাষত মাত্র
এজনক পাবা আৰু সেইজন স্বয়ং
তুমি নিজেই।




কাৰােবাৰ মনত জয় কৰি তুমি যিমান সুখী হ'ব,
তাতকৈ কাৰােবাৰ বিশ্বাস জয় কৰি
বেছি সুখী হ'বা।
কাৰণ সকলােবােৰ সস্পর্কৰ
মূলমন্ত্র হ'ল বিশ্বাস।







মানুহে সকলােৰে সৈতে অভিনয় কৰিব পাৰিলেও
নিজৰ সৈতে কেতিয়াও অভিনয়
কৰিব নােৱাৰে।
সেইবাবেই প্রতিজন মানুহে নীৰৱে উচুপে।







জীৱনত যেতিয়া লৈকে সফল হৈ থাকিবা,
তেতিয়ালৈকে মানুহৰ হাত তালিৰ শেষ নহয়।
কিন্তু যেতিয়া তুমি ব্যর্থ হ'বা,
তেতিয়া তােমাক তুলি ধৰাত হাত আগবঢ়ায়
দিয়া কোনাে নেলিয়া।






খং উঠি কাকে এনেকুৱা একো কথা নক'বা,
খং কমিলে যি কথা ভাবি নিজকে
সেইজনৰ ওচৰত সৰু যেন অনুভৱ হয়।






যিটো বস্তু পাবলৈ তুমি অধৈর্য হৈ পৰিবা,
সেইটো বস্তু নাপাবও পাৰা,
কিন্তু যিটো পাবলৈ তুমি ধৈর্য ধৰিবা,
সেইটো বস্তু নিশ্চয় পাবা।






যি তােমাক কষ্ট দিয়ে,
তেওঁক পাহৰি যােৱা, কিন্তু কষ্টৰ সময়ত যি
সংগ দিয়ে তেওঁক কেতিয়াও পাহৰি নযাবা।






এডাল ৰছীৰ ওপৰত
থিয় হৈ থকাৰ নাম হ'ল চার্কাছ।
আৰু অশান্তিৰ মাজতাে শান্ত হৈ থকাৰ
নাম হ'ল জীৱন।







এনেকুৱা এগৰাকীক মোৰ
জীৱন সংগী হিচাপে বিচাৰো,
যি গৰাকীয়ে মোক পোৱাৰ পিছত দ্বিতীয়
জনৰ কথা নাভাবে।





অপ্রিয় সত্য
আপোনাৰ সফলতাত আপোনাৰ
সম্পর্কীয় মানুহবোৰে হে
বেছিকৈ হিংসা কৰে।





জীৱনটো খুবেই কষ্টকৰ
কিন্তু কাকো বুজাব পৰা নাযায়,

মনটো বৰ অসহায় কিন্তু সেইয়া কাকো
দেখুৱাব পৰা নাযায়,

জীৱনত বহুত কিবা কিবি সপোন দেখিব পাৰি
কিন্তু বিচাৰিলে সকলো পোৱা নাযায়।





আপুনি জীৱনত কষ্ট দিয়াৰ আগত
এবাৰ ভাবি চাব নিজে কষ্ট পালে 
কেনেকুৱা লাগে,
মনত ৰাখিব যে কাৰোবাক কষ্ট
দি কোনো মানুহ বেছি দিন সুখত 
থাকিব নোৱাৰে।





গছৰ ওপৰত বহি থকা
চৰাইটো ডালটো ভাগি যাব বুলি
কেতিয়াও ভয় নকৰে,

কিয়নো সিহঁতৰ নিজৰ ডেউকাৰ 
ওপৰত বিশ্বাস থাকে,

সেয়েহে সদায় নিজৰ ওপৰত
বিশ্বাস ৰাখিব।





বেলিটোও অকলশৰীয়া কিন্তু
সদায় পোহৰ দি থাকে,
আপোনাৰ কাষত কোনোবাই থাকক
বা নাথাকক সদায় নিজকে
সুখী ৰাখক আৰু হাঁহি থাকক।





মানসিক শান্তিয়ে পৃথিৱীৰ
সকলোতকৈ ডাঙৰ সুখ।





কাৰোবাৰ ওপৰত লোৱা প্রতিশোধৰ আবন্দ
থাকে মাত্র কেইটামান দিন,
কিন্তু কাৰোবাক ক্ষমা কৰাৰ আনন্দ
থাকে গোটেই জীৱন।





সম্পর্কবোৰ চৰাইৰ দৰে
জোৰকৈ ধৰিবা মৰি যাব,
লাহেকৈ ধৰিবা উৰি যাব,
মৰমত ধৰিবা সদায় থাকিব।





আজি কালি  কোনোবাই খবৰ ল'লে
ভাল বুলিয়েই কওঁ,
কিমানক নো বেয়া বুলি কম।





সলনি হৈ যাম এদিন
এতিয়া মোক বেয়া পোৱা সকলোৱে
তেতিয়া মোক পাগলৰ দৰে
বিচাৰি ফুৰিব।


বন্ধু সকল আপুনি Instagram ত পোষ্ট কৰিবলৈ লিখনী বিচাৰি আছে নেকি ? তেনেহলে আপুনি ঠিক জাঘাত আহিছে। এই আর্টিকেলটোত আপোনাক কেইটামান Assamese Status Caption For Instagram পোষ্ট দিম আপুনি এই লিখনীবোৰ Instagram ত পোষ্ট কৰিব পাৰিব।

Assamese Status Caption For Instagram

এটা সপোন
ভাঙি চিঙি যোৱাৰ পিছত ভাগৰি নপৰি
অন্য এটি সপোন দেখাৰ
উদ্যামেই হৈছে জীৱন।





আজিৰ দিনত মানুহে
মিছা কথা লাহেকৈ ক'লেও শুনা পাই,
কিন্তু সঁচা কথা
চিঞৰি থাকিলেও শুনা নাপাই।





হ্রদয় হে ভাহিছে, জীৱনটো নহয়।
কোনোবাই এৰি গৈছে, উশাহটোৱে
এৰি যোৱা নাই।
এনেদৰে কিমান আৰু, নিজকে কষ্ট দিবাু!
সুখী হ'বলৈ চেষ্টা কৰা,
তোমাৰ সময় হে বেয়া, জীৱন নহয়।





সুখী হ'বলৈ অসংখ্যা মানুহৰ দৰকাৰ নাই,
দৰকাৰ মাথো সেই মানুহজনৰ
যিজনে আপোনাৰ মূল্য আৰু
আপোনাৰ গুৰুত্ব বুজিব।





মানুহে তোমাক তেতিয়াই
ভাল বুলি কয়,
যেতিয়া তোমাক তেওঁৰ ইচ্ছা মতে
ব্যৱহাৰ কৰিব পাৰে।





কেতিয়াও শৰীৰ চাই প্রেম
নকৰিবা, তেনহলে সফল হ'ব নোৱাৰিবা্‌
ব্যক্তিত্বৰ প্রেমত পৰিবা
সাত জনমলৈ পাহৰিব নোৱাৰিবা।





মানুহে দুখ পাহৰি যাব পাৰে,
কষ্ট পাহৰি যাব পাৰে,
কিন্তু আপোন জনৰ পৰা পোৱা
বিশ্বাসঘাতকতা কেতিয়াও পাহৰি যাব নোৱাৰে।



এজন মানুহ তেতিয়াই
অকলে থকাৰ কথা ভাবে,
যেতিয়া তেওঁ দেখে, তেওঁক 
সকলোৱে ঠগাইছে।





সাপলৈ ভয় নালাগিলেও কিছুমান
বিশেষ মানুহক দেখিলে
সাপতকৈও বিশাক্ত যেন লাগে।





যাৰ ওচৰত আপোনাৰ বাবে সময় নাই
তেওঁক কেতিয়াও আমনি নকৰিব,
কিয়নো তেওঁলোক তেওঁলোকৰ দুনীয়াত ব্যস্ত
সেয়েহে তেওঁলোকৰ পৃথিৱী আপোনাৰ
প্রয়োজন নাই।।





ধুনীয়া বুলি প্রেম নকৰিবা 
চৰিত্রহীনো হ'ব পাৰে,

জাৱৰ বুলি খালত নেপেলাবা
সোনো হ'ব পাৰে,

শিল বুলি খোজ নিদিবা
তুলাও হ'ব পাৰে,

দুখীয়া বুলি ঘৃণা নকৰিবা
তেওঁৰো এটা ভাল মন থাকিব পাৰে।





জীৱনত কিছুমান প্রশ্ন থাকে তাৰ
উত্তৰ কেতিয়াও নিমিলে,

কিছুমান ভুল থাকে
কেতিয়াও শুধৰাই ল'ব নোৱাৰি,

আৰু কিছুমান কষ্ট থাকে জীৱনত
সেইবোৰ কাকো ক'ব নোৱাৰি।





প্ৰিয়জনৰ পৰা সঁচা মৰম সন্মান,
পোৱাৰ পাছত প্ৰকৃত বুজি পোৱা ছোৱালী জনীয়ে
 কেতিয়াও দামী দামী উপহাৰ নিবিচাৰে,
সঁচা মৰম আৰু সন্মানতকৈ একো
ডাঙৰ হ'ব নোৱাৰে।





জীয়াই থাকিব পৰাটোৱেই এতিয়া
এক সফলতা হৈ পৰিছে।





এজোপা ফুলৰ বাবে
যদৰে ৰ'দ বৰষুণৰ প্রয়োজন,
ঠিক তেনেদৰে প্রশংসা আৰু সমালোচনাও
জীৱনত আগুৱাই যাবলৈ প্রয়োজন।





মানুহে কয় জীৱনটো খত্নেকীয়া !
কিন্তু নিজৰ আশা পূৰণৰ আগমুহূৰ্তৰ সময়খিনি যে
কিমা দীঘলীয়া অনুভৱ কৰাজনে বুজিব !






মন সদায় সুন্দৰ হ'ব লাগে,
চেহেৰা সুন্দৰ বা ধুনীয়া প্ৰফাইল update চাই
বন্ধু পাতিব নালাগে।


Related Searches. অসমীয়া caption instagram love, 

 

ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ অসমীয়া caption Instagram যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু অসমীয়া caption Instagram পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

1Comments
  1. বুকুৱে য'ত উম দিবলৈ এৰে💔 ,
    তাতো মই থাকোঁ পুৱাৰ প্ৰথম ৰ'দৰ দৰে !!!
    যদিহে তোমাৰ চকুযুৰি প্ৰেমৰ সাগৰ হ'লহেঁতেন,
    আজীৱন নাও বাই মৃত্যুৰ আলহী হ'লহেঁতেন I

    ReplyDelete
Post a Comment

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !