সিদিনা তুমি কান্দিবা | Assamese Sad Poems


অসমীয়া কবিতা

সিদিনা তুমি কান্দিবা

ঐ শুনানা আজি তোমাক বহুত
Miss কৰি আছো,

নাজানো কিয় তোমালৈ
বহুত মনত পৰিছে আজি,

মই তোমাক খং কৰো,
কিছুমান কথাত বাধাও দিও।

তোমাৰ লগত কথা নপতাকৈ থাকো,
কিন্তু এটা কথা সঁচা যে তোমাৰ অবিহনে
মই থাকিবও নোৱাৰো।

কাৰণ বহুত ভালপাও তোমাক,
তোমাক হেৰাই পেলোৱাৰ ভয়তে
মই তোমাক শাসন কৰিবলৈ লও।

এদিন তুমিয়ে কৈছিলা যে
তুমি মোৰ হাতটো ধৰি থাকা
মই দুনিয়াখনৰ লগত যুজি যাম,
তোমাক মোৰ বুকুৰ মাজতে
গোটেই জীৱন সুমুৱাই ৰাখিম।

কিন্তু তুমিয়ে আজি
আতঁৰি গ'লা মোক মিছা প্রতিশ্রুতি দি,

আচলতে তুমি এনেকুৱা কৰিবা বুলি
কেতিয়াও মই ভবা নাছিলো।

কাৰোবাক অতিমাত্রা আবেগিক হৈ
ভালপোৱাটো হৈছে পৃথিৱীৰ
সবাতোকৈ ডাঙৰ অপৰাধ,

যিদিনা মোক বুজি পাবা
তুমি নিজক ক্ষমা কৰিব নোৱাৰিবা।



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ কবিতাটো যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু কবিতা পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

Previous Post Next Post