নীলা খামৰ চিঠি | Love Letter In Assamese

0

মোক জীৱন দিয়া তোমাৰ ভালপোৱাৰে

নীলা খামৰ চিঠি

মৰমৰ প্ৰীতি,
কুশলে আছা চাগৈ। কি! মোৰ খবৰ ? কিদৰে কুশলে থাকিব পাৰোঁ কোৱা।তোমাৰ অনুপস্থিতিৰ শূন্যতাপ্ৰসূত অস্থিৰতাত।
তথাপি মনৰ সীমাহীন অস্থিৰতাৰ পাছতো মই কলম হাতত তুলি লৈছোঁ। কিন্তু লিখিব খুজিও কলম ৰৈ গৈছে দেখোন!

ক'ব দেখোন নোৱৰা হৈ গৈছোঁ কথাবোৰ,
অথচ বহু কথাই গুজৰি গুমৰি থাকে বুকুত।

ক'ৰ পৰা আৰম্ভ কৰোঁ কথা প্ৰীতি।
এই কথা ভবাৰ লগে লগেই যতি পৰিছে কথাৰ শাৰীত।
উমম...ৰ'বা।
কথা এটাই মনৰ মাটিৰ পৰা ওঁঠলৈ জখলা বগাইছে। আকাশলৈ মূৰ তুমি চোৱা কথাটো স্বৰত ডাঙৰ হৈ পৰিছে  ''প্ৰীতি ভাল পাওঁ তোমাক।
তাৰপাছতে এটা সেমেকা সুৰৰ সুৰাপান কৰি ওঁঠৰ কথাটো অস্ফুট স্বৰে ফুটি উঠিছে
I can't forget you.
I can't leave you.
I can't live without you.!

প্ৰীতি, অবিশ্বাস হোৱাকৈ বিশ্বাসযোগ্য কথা যে প্ৰতি পুৱা মই যি সপোনক লৈ সাৰ পাওঁ, সেই সপোনটো হ'লা তুমি।
মই প্ৰতিপলেই ডুব গৈ থাকোঁ তোমাৰ দুচকুৰ নীলিমাত।
তোমাৰ নামতেই স্পন্দিত মোৰ হৃদয় সম্প্ৰতি।

কথা হ'ল তুমি যিমানেই দূৰলৈ গৈছা
সিমানেই মই চাপি গৈছোঁ তোমাৰ কাষলৈ।
কথাবোৰ ইমানতেই শেষ নহয়।
শেষ নোহোৱা কথাৰ আৰম্ভণি মাথোঁ এটাই-তোমাৰ মাতৰ পোহৰেৰে দূৰ হয়
মোৰ হৃদয়-কোঠালীৰ অবাক অন্ধকাৰ!

মই প্ৰতিপল জিৰাব খোজোঁ তোমাৰ ভালপোৱাৰ ছাঁত। জীৱনে-মৰণে।
মোক জীৱন দিয়া তোমাৰ ভালপোৱাৰ আয়ুৰে।

লভ ইউ।
আই লভ ইউ চ' মাশ্ব প্ৰীতি!...
                     
                                  ইতি
                     তোমাৰ স্বপ্নাতুৰ প্ৰেমিক

                      ✍️ দেৱজিৎ লাহন




ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ নীলা খামৰ চিঠি যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু নীলা খামৰ চিঠি সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !