ভালপোৱাৰ চিঠি | প্রিয় জনলৈ চিঠি | Love Letter In Assamese

2
ভালপোৱাৰ চিঠি

ভালপোৱাৰ চিঠি | Love Letter In Assamese

তোমালৈ চিঠি এখন লিখাৰ হেঁপাহ সদায়ে থাকে, কিন্তু
ৰৈ যাওঁ এই ভাবি মোৰ চিঠিয়ে তোমাৰ হৃদয় জানো জোৰাব পাৰিব!
নীলা চিয়াঁহীৰ শব্দবোৰে তোমাক জানো সৈমান কৰুৱাব পাৰিব !
উৰিব ধৰা তোমাৰ মনৰ ডেউকা জানো এবাৰ মোৰ ফালে উৰা মাৰিব !
আহিবা জানো মোৰ মৰমৰ ছাঁ বিচাৰি ?
শাওনৰ পথাৰত তোমাক দেখি হাতৰ মুঠিত ৰখা চিঠি খন দিম বুলিও নিদিওঁ
উভতি আহোঁ তোমাৰ হাঁহি মুখৰ ছবিটি মনত আঁকি,
আকৌ এবাৰ এখন চিঠি তোমালৈ লিখা খামত থাকিয়ে
পুৰণি হৈ যায় জানো,
তুমি মোৰ মৰমৰ শব্দবোৰক ক'ৰবাত টুকুৰা টুকুৰকৈ পেলাই থবা।
সেয়ে তোমালৈ চিঠি লিখাৰ হেপাঁহ সদায় এইদৰে মনতে থাকি যায়।


প্রিয় জনলৈ চিঠি

দিনটোৰ ব্যস্ততাৰ অন্তত এই মাজনিশা
উলিয়াই লৈছোঁ এটি উকা পৃষ্ঠা
তোমালৈ কিছু কথা লিখোঁ বুলি
আজি তোমালৈ বৰকৈ মনত পৰিছিল জানা
 সোঁৱৰণিৰ পৃষ্ঠাবাৰত স্মৃতিবোৰেও যে নতুন সপোন ৰচিছিল।
মনত আছেনে তোমাৰ,
সেই দৈওবাৰটোৰ কথা...
সেই যে নৈৰ ঘাটত,
কহুঁৱাৰ কোমল পৰশে চুই গৈছিল দুয়োৰে হৃদয়..
নৈখনিৰ চল্‌তাত মৌন হৈ বহি ৰৈছিলোঁ দুয়ো কিছুপৰ..
হয়তোবা সেইটোৱে প্ৰথম্ দেওবাৰ আছিল,
তুমি মই একেলগে কটোৱা..
মনত পৰেনে তোমাৰ,
হাতত হাত থৈ দি যোৱা প্ৰতিশ্ৰুতিবোৰৰ কথা ?
প্ৰতিশ্ৰুতিৰ অন্তত দুয়োৰে হৃদয়ত জাগিছিল অযুত হেপাঁহ,
অথচ বাকৰুদ্ধভাৱে চাই ৰৈছিলোঁ চকুৱে-চকুৱে..
সেই প্রতিশ্রুতি আজিও বাস্তব কৰাৰ প্ৰচেষ্টাৰে।
ইতি তোমাৰ ______।



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ ভালপোৱাৰ চিঠি যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু ভালপোৱাৰ চিঠি সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

2Comments
Post a Comment

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !