100+ অসমীয়া প্রেমৰ SMS | Assamese Love Shayari | অসমীয়া শায়েৰী

1

Assamese Love SMS

বন্ধু সকল আমি আজি আপোনালোকৰ বাবে লৈ আহিছোঁ কেইটামান অসমীয়া প্রেমৰ SMS বা Assamese Love SMS এই Assamese Love Shayari SMS বা অসমীয়া শায়েৰী সমূহ আপোনাৰ প্রেমিক বা প্রেমিকাৰ লগত শ্বেয়াৰ কৰিব পাৰিব।

Assamese Love SMS


bye বুলি কোৱাৰ পাছতো
আপোনজনৰ পৰা কিবা এটা Reply
পোৱাৰ আশাৰে ৰৈ থকাৰ 
নামেই হ'ল ভালপোৱা।






মোৰ আকর্ষণ বাঢ়িব ধৰিছে,
মোৰ প্রেমে আকাশ চুব ধৰিছে,
তুমি মোৰ হৈ যাবলৈ মনে আনুৰোধ কৰিছে,
এবাৰ মাথোঁ মোৰ দুবাহুৰ মাজলৈ আহা,
তোমাক মোৰ কৰাৰ যি হাবিয়াহ,
জানোচা কিছু সময় তুমি দূৰত থাকিলেও
মনক বুজাব পাৰো মই।






এবাৰ মাথোঁ মোৰ
মনৰ কিতাপখন মেলি চোৱা,
প্ৰথম পৃষ্ঠাৰ পৰা শেষলৈ কেৱল তুমি,
তুমি আৰু তোমাৰ নামেই পাবা।






মনৰ বজাৰত ধনৰ মূল্য জোখা নহয়,
প্ৰেম হৈ গলে ৰূপৰ মূল্য জোখা নহয়,
মাথোঁ এজনকে সপি দিয়া জীৱনৰ সমস্ত,
কিয়নো পচন্দ হোৱা কোনো বস্তুৰ
মূল্য জোখা নহয়।







সকলোতে তোমাক দেখো,
কিন্তু কি কৰিম। সকলোতে তোমাৰ মনত পৰে,
কিন্তু কি কৰিম। মোৰতো গোটেই ৰাতি
জাগি থকাৰ অভ্যাস নাই,
তোমাৰ স্মৃতিয়েহে জগায় ৰাখে, কি কৰিম?





Assamese SMS


ভালপোৱাতকৈ
ভাল লাগি থকা ভাল,
কাৰণ তাত হেৰুৱাৰ ভয় নাথাকে।





কিছুমান সপোন থাকে যি 
কেতিয়াওঁ সঁচা নহয়,
কিছুমান আশা থাকে যি কেতিয়াওঁ 
পূৰণ নহয়,
কিছুমান কথা থাকে যি কেতিয়াওঁ
কোৱা নহয়,
আৰু কিছুমান স্মৃতি থাকে
যি কেতিয়াওঁ পাহৰিব পৰা নাযায়।





 মোৰ হৃদয়ত তোমাৰ
প্ৰতিচ্ছবি  দেখুৱাব নোৱাৰিম,
মোৰ হৃদয়ত তোমাৰ স্থান দেখুৱাব নোৱাৰিম,
তুমি মোৰ বাবে কি?
ইয়াতকৈ বেছি বুজাব নোৱাৰিম।






Assamese Love Shayari SMS


জীৱনৰ বাবে প্ৰাণ জৰুৰী,
লাভৰ বাবে আশা জৰুৰী,
মোৰ জীৱনত যিমানেই দুখ নাথাকক,
তোমাৰ মুখত "হাঁহি" থকাতো জৰুৰী।






জীয়াই থাকিবলৈ তাই প্ৰেৰণা যোগালে,
সুখী হৈ থাকিবলৈ তাই প্ৰাৰ্থনা কৰিলে,
হে ভগবান, তুমি তাইক সকলো দিবা,
যিয়ে মোক তাইৰ অন্তৰত ঠাই দিলে।






অসমীয়া প্রেমৰ SMS


প্ৰেমতকৈ যুদ্ধত অৱতীৰ্ণ হোৱাই ভাল,
কাৰণ, যুদ্ধত হয় মৰিম নহলে বাচিম।
কিন্তু প্ৰেমত মৰিবও নোৱাৰিম,
বাচিবও নোৱাৰিম।






প্ৰিয় মানুহজনে
এৰি থৈ গলেও ইমান কষ্ট নহয়,
যিমান কষ্ট আপোন মানুহজন
সলনি হ'লে হয়।






আচল প্ৰেমিক তেওঁহে
যিয়ে বিয়াৰ ১০ বছৰ পিছতো নিজৰ
ঘৈণিয়েকক উদ্দেশ্যী প্ৰেমৰ কবিতা
লিখিব পাৰে।






তোমাক পাহৰি যাবলৈ মোৰ সাহস নাই,
তোমাক ধৰি ৰখাৰো মোৰ অধিকাৰ নাই,
মাথোঁ ভাল পাওঁ মই তোমাক কাৰণ
ভাল পাবলৈ কাৰো অনুমতিৰ প্রয়োজন নাই।






নজনাকৈ যি ভাল লাগি যায়,
অজানিতে হ্রদয়ে আপোন কৰি পেলায়,
সেয়া হৈছে প্রকৃত প্রেম।
ভাবি-চিন্তি লাভ-লোকচানৰ হিচাপ কৰি
মানুহে ব্যৱসায় হে কৰে।






সম্পর্ক সেইয়া নহয়,
যি দেখুৱা হয়।
সম্পর্ক সেইয়াহে যি হ্রদয়েৰে
পালন কৰা হয়।





হাজাৰজন নালাগে কথা পাতিবলৈ,
কেৱল তোমাকহে লাগে 
হাজাৰটা কথা ক'বলৈ।



Assamese Sad Love SMS


সপোন বোৰে কেতিয়াওঁ বেইমানি নকৰে,
বেইমানি কৰে কেৱল
সপোন দেখুওৱা মানুহ বোৰেহে।






মই নহয় সময়ে বুজাব তোমাক,
আচলতে মোৰ মূল্য কিমান।






আটাইতকৈ অধিক বিশ্বাস কৰাজনেই
যেতিয়া বিশ্বাস ভাঙি দিয়ে,
তেতিয়া আৰু কাকোৱেই বিশ্বাস
কৰিবলৈ সাহস নহয়।






এটা সম্পৰ্ক কৰিবলৈ দুজনৰ প্ৰয়োজন
আৰু ভাঙিবলৈ এজনে যথেষ্ট।







যেতিয়া প্ৰতি টোপাল
চকুলোৱে উকা কাগজ তিয়াই পেলাব,
সঁচা প্ৰেমৰ পবিত্ৰতাই নতুন
কবিতা ৰচিব।







বৰষুণ আৰু প্ৰেম একেই,
বৰষুণত শৰীৰটো সেমেকে আৰু
প্ৰেমত দুচকু সেমেকে।







সম্বন্ধবোৰ ইমান ঠুনুকা হৈ গৈছে,
অলপ সময় দিব নোৱাৰিলে
ভাঙি যায়।






শাৰীৰিক চাহিদা পূৰাবলৈ মানুহৰ অভাৱ নাই,
কিন্তু এটা পবিত্ৰ সম্পৰ্ক জীয়াই ৰাখিবলৈ
যোগ্য মানুহৰ বৰ অভাৱ এই পৃথিৱীত।






প্ৰেম, কেতিয়াও সন্দেহ হ'ব নোৱাৰে,
সন্দেহ তো তুমি মোক বা
মই তোমাক কৰোঁ।






আচলতে, যি মানুহৰ মনটো পৰিষ্কাৰ হয়,
সেই মানুহৰ ভাগ্য একেবাৰে
বেয়া হয়।







সম্পৰ্ক কেতিয়াও দূৰত্বৰ কাৰণে শেষ নহয়,
সম্পৰ্ক শেষ হয়
অহংকাৰ, অসন্মান, স্বাৰ্থপৰতা আৰু
বিশ্বাসঘাটকতাৰ বাবে।






গুৰুত্ব দিবলৈ শিকি লোৱা,
কয়নো জীৱনলৈ অহা কিছুমান মানুহ
এবাৰ আতঁৰি গ'লে পুনৰ উভতি নাহে।






সম্পর্ক এটাত সেইজনেই
আটাইতকৈ বেছিকৈ দুখ কষ্ট পায়,
যি জনে সম্পর্কটো সঁচা 
মনৰ পৰা গঢ়ে।



বন্ধু বান্ধৱী সকল আমি এতিয়া কেইটামান Assamese Love Shayari লিখিম আশা কৰোঁ এই Assamese Love Shayari সমূহ আপোনালোকৰ ভাল লাগিব।

Assamese Love Shayari


মৰমে আমনি কৰে,
অকলে থাকিলে সপোনে আগচি ধৰে,
ৰাতি টোপনিতে শেৱালী ৰাতি ফুলে,
শৰৎ কালতে চুমা আকি দিও যেন লাগে,
তোমাৰ গোলপীয়া দুগালতে।







দহজন নালাগে এজনে থাকক
যাতে সেইজন বিশ্বাসযোগ্য হয়।






মোৰ শুষ্ক হৃদয় খনিত
এতিয়া মাথো তোমাৰ প্ৰেমৰ বৰষুণ।






প্ৰশ্ন যিটোৱেই হওঁক উত্তৰ তুমি,
ৰাস্তা যিটোৱেই হওঁক লক্ষ্য তুমি,
কষ্ট যিমানেই হওঁক সুখ তুমি,
তোমাক যিমানেই খং নকৰোঁ কিয়,
তথাপি মোৰ প্ৰিয় ভালপোৱা তুমি।






সম্পৰ্কৰ নাম যিয়েই নহওঁক,
সকলো সময়ত তোমাৰ কাষত
থকাটোহে আচল কথা।






Sacrifice আমি তেতিয়াই কৰো,
যেতিয়া সম্পৰ্কটোক আমি চিৰজীৱনৰ
বাবে ধৰি ৰাখিব বিচাৰো।






তুমি মোক ভাল পোৱানে নোপোৱা
সেয়া মোৰ বিষয় নহয়,
তোমাক মই ভালপাওঁ সেয়াই
মোৰ আনন্দ।







দামী উপহাৰ নহয়,
সামান্য কিবাতে মানুহ সুখী হৈ পৰে,
যদি সেইয়া ভালপাই দিয়া হয়।






কিমান ভালপাৱা মোক ?
নিজতকৈ বেছি।
বিশ্বাস আছে মোৰ উপৰত ? 
  সকলোতকৈ বেছি।





Assamese Shayari Miss You


আপুনি যদি সঁচা অন্তৰে
কাৰোবাক ভাল পাই আছে,
তেন্তে দেখিব স্মৃতিবোৰে এদিন
আপোনাক বৰকৈৰ
কষ্ট দিব।






হেৰাই যাওঁ আহা,
আমি এই পৃথিৱীৰ কৰবাত,
মোৰ হাতেৰে তোমাৰ হাতখন এনেকৈয়ে
ধৰি থাকিবলৈ দিয়া।






মই সেইদিনাও আছিলো,
আজিও আছো, আৰু কালিও থাকিম।
মই যিমানেই দূৰত নাথাকো কিয়
তোমাৰেই থাকিম।






কেনেকৈ কও তোমাক
মোৰ মনৰ কথা, ইচ্ছা কৰিলেও
কৰিব নোৱাৰো তোমাৰ
লগত দেখা।






পাহৰিব তাক পাৰো যাক
মনত নেপেলাও, তাক কেনেকৈ
পাহৰিব পাৰো যাক মনত নেপেলাই
থাকিব নোৱাৰো।






আজিও মই তোমাকেই ভালপাওঁ,
তুমি কাষত নাই, কিন্তু মই তোমাৰেই আছো।
মনত আছে বহু কথা কোৱাৰ বাকি।






এই ধুনীয়াৰ জেল খানাতে
হয়তো মই অকলে, দিন ৰাতি
পাৰহৈ যায় নাপাওঁ তোমাৰ দেখা।






মই যিমানেই বেস্ত থাকো
তোমাৰ কথা মনত ৰাখো, দিন যায়
ৰাতি হয় তোমাৰ কথা মন হয়।




Dukhor Shayari Assamese


কিবা এটা নতুন পোৱাৰ আশাত
 সেইজনক কেতিয়াও হেৰুৱাই নেপেলাবা
যিজন তোমাৰ ওচৰত সদায় আছিল।







নিজৰ দুখবোৰ কাৰো আগত
প্রকাশ কৰিব নালাগে,
কাৰণ মানুহবোৰে বাহিৰে সান্তনা
দি থাকিব আৰু ভিতৰি ভিতৰি
হাঁহি মজা ল'ব।







ডিভোৰ্ছ হোৱা নাৰী মানেই
   সংসাৰ কৰিব নোৱাৰা নাৰী নহয়,
হয়তো কোনো অত্যাচাৰী পুৰুষৰ পৰা
মুক্ত হৈ আহিছে।






বহুখিনি ভাঙি যোৱাৰ পিছত,
মানুহ ভিতৰৰ পৰা বেঙা হৈ যায়।
তেতিয়া মানুহে কেৱল অলপ ভালপোৱা,
অলপ যত্ন আৰু অলপ শান্তি বিচাৰে।






মানুহৰ দৰে চেহেৰা হ'লেই
মানুহ হৈ নাযায়।
মানুহ হ'বলৈ হ'লে সকলোতকৈ আগত
মানুষ্যত্ব লাভ কৰিব লাগিব।






ক্ষমা আমি তেতিয়াই কৰোঁ,
যেতিয়া সম্পর্কটোক আমি চিৰজীৱনৰ
বাবে ধৰি ৰাখিব বিচাৰো।






জীৱনত কাৰোবাক
আঘাত দিয়াৰ আগতে এবাৰ ভাৱক,
সেই আঘাত নিজে পালে
কেনেকুৱা লাগিব।






যিয়ে সুখী হোৱাৰ অভিনয় কৰি
ৰাতি নির্জনতাত নীৰৱে কান্দে, সেইজনে
ভালপোৱাৰ অভিনয় কৰি কাকো
কষ্ট দিব নোৱাৰে। কাৰণ
তেওঁ জানে  কষ্ট কি।






সেইজনক আপোন বুলি ভাবি
কি লাভ, যাৰ অন্তৰত আপোনাৰ প্রতি
অলপো আপোন ভাবেই নাই।






এবাৰ যেতিয়া
কোনোবাৰ পৰা বিশ্বাস উঠি যায়,
তাৰ পিছত যিমানেই তেওঁ ভাল নহওক কিয়
তাক আকৌ বিশ্বাস কৰিবলৈ সাহস নহয়।






টকা থাকিলে প্ৰেম ভালপোৱা, বন্ধুত্ব,
পৰিয়াল-সদস্য সকলোৱে আপোনাৰ
খা-খবৰ ল'ব আহিব, টকা নেথাকিলে
খা-খবৰ তো দূৰৰ কথা কোনৱাই আপোনাক
চিনাকিও নিদিব।


Assamese Love Shayari Lyrics


মৰম হ'ল বতাহৰ দৰে
যি বেছি ভাগ সময় নিৰবে। থাকে, 
কিন্তু সহানুভুতিৰে আবৰি ৰাখে।
চিৰদিন চিৰকাল।






ভলাপাৱা মানে একমাত্র
কাষে কাষে থকাই নহয়, দূৰত থাকিও
প্রিয়জনক ভালে ৰখাৰ দায়িত্বৰ
নামাে ভালপােৱা হয়।






ভালপােৱা, ভাল লগা অকস্মতে হয়,
 কিন্তু স্মৃতিবােৰ চিৰযুগমীয়া হৈ ৰয়।






ভালপােৱা কোনাে দায়িত্বৰ নাম নহয়,
যে এনেদৰে কৰিলে হ'ব,
নাইবা তেনেদৰে কৰিলে হ', 
ভালপােৱা হ'ল বতাহৰ দৰে,
 অলপমান ঠাই পালেই দখল কৰি লয়
মনৰ সকলাে স্থান।






কষ্ট দিয়া নহয়,
যত্ন কৰি আগলৈ জীয়াই ৰখাৰ
নামেই হ'ল ভালপোৱা।






বিলাসী জীৱন তােমাক দিব নােৱাৰিলেও। 
 এবুকু মুৰম উজাৰি ভাল পাম
দিনটো দুখে জাগৰে আহিলে ভিন্ন কথাৰে
তোমাৰ মুখৰ হাঁহি জিলিকাম। 
 কোৱা, চিৰজীৱন হবানে তুমি মােৰ !






বৰষুণত তিতিব মন যায় যদি,
এবাৰ মোৰ চকু দুটালৈ চাবা।
বৰষুণতো সকলোৰে বাবে আহে, কিন্তু
এই চকুত বাৰিষা কেৱল তোমাৰ
বাবেহে আহে।






টোপনিৰ ওপৰত নো কি অভিমান কৰিবা ?
কাৰণ দোষী আচলতে সেই চেহেৰাটোহে
যি মোক শুবলে নিদিয়ে।






তাই নাহে, তাইৰ প্ৰমাণ পঠিয়াই দিয়ে,
সপোনৰ কাৰেংঘৰত অতীত পঠিয়াই দিয়ে,
কিমান মিঠা তাইৰ সেই অনুভৱৰ লেখ,
কেতিয়াবা দুচকুত চকুলো পঠিয়াই দিয়ে।






ভালপোৱা কোনো যন্ত্ৰণা নহয়,
ভালপোৱা কোনো যৌনতা নহয়,
ভালপোৱা হল দুই আত্মাৰ মহামিলন।





Assamese Shayari


ভাগ্য সলনি হয়
যদি লক্ষ্য স্থিৰ থাকে, আৰু
সেইটো পূৰণ কৰাৰ বাবে মনত
যদি জেদ থাকে।
নহলে জীৱন হেৰাই যায় ভাগ্যক
দোষ দিওঁতে দিওঁতে।






ধনীৰ গুৰুত্বহীন অতিথি হোৱাতকৈ
 দুখীয়াৰ প্ৰধান অতিথি হোৱাই ভাল।






মিছা কোৱাটো প্রথমবাৰৰ বাবে
সহজ হ'ব পাৰে, কিন্তু
পিছলৈ এই মিছাটোৱে বৰকৈ
সমস্যাৰ সৃষ্টি কৰে।
আনহাতে সঁচা প্রথমবাৰ কঠিন
হ'ব পাৰে, কিন্তু পিছত কোনো ধৰণৰ
সমস্যাৰ জন্ম নিদিয়ে।






জীবনত কেতিয়াও
নিৰাশ হ'ব নালাগে, জিমান পাৰো
আগবাঢ়ি যাব লাগে.
কাৰণ এইয়াই জীৱন।






তুমি কাৰোবাক নাপালে
মৰি যাবা সেইটো হ'ল আৱেগ,
তোমাক জন্ম দিব গৈ এজনী মাতৃয়ে
মৃত্যুৰ লগত যুদ্ধ কৰি আহিছে
সেইটো হ'ল বাস্তৱতা।






সপোন পলাই যায় টোপনি ভাঙি গ'লে,
আৰু মানুহ পলাই যায় স্বাৰ্থ
শেষ হৈ গ'লে।






অসহায় বা দুখীয়া মানুহক
কেতিয়াও ঘৃণা নকৰিব। কাৰণ
দুখীয়া মানুহ আছে বাবেই সমাজত ধনী
সকলৰ ইমান সন্মান।
     




Love Shayari In Assamese For Girlfriend


বিলাসী জীৱন তােমাক দিব নােৱাৰিলেও।
এবুকু মুৰম উজাৰি ভালপাম
দিনটো দুখে জাগৰে আহিলে ভিন্ন কথাৰে
তোমাৰ মুখৰ হাঁহি জিলিকাম।
কোৱা, চিৰজীৱন হবানে তুমি মােৰ!






তাই নাহে, তাইৰ প্ৰমাণ পঠিয়াই দিয়ে,
সপোনৰ কাৰেংঘৰত অতীত পঠিয়াই দিয়ে,
কিমান মিঠা তাইৰ সেই অনুভৱৰ লেখ,
কেতিয়াবা দুচকুত চকুলো পঠিয়াই দিয়ে।






ভাল লাগে তোমাৰ নাম, মোৰ লগত।
যেন কোনোবাটো ৰাতিপুৱা,
সাঙোৰ খায় থাকে,
এক ৰঙীন সন্ধিয়াৰ লগত।






তুমি কেৱল মোবাইলতেই নহয়,
হৃদয়ৰ প্ৰতিটো কোণতেই বিয়পি আছা।






ক্ষন্তেকীয়া জীৱন কালিলৈ কি হয়,
কোনে জানে, মান অভিমান সকলো বাদ দি
আজিয়েই তোমাক প্ৰাণভৰি ভালপাওঁ দিয়া।






প্ৰতিটো দিন
আমাৰ বাবে সম্পূর্ণ শুভ নহবও পাৰে,
কিন্তু প্ৰতিটো দিনতেই আমাৰ বাবে
কিবা নহয় কিবা এটা শুভ নিচ্ছয় থাকে।






ভলাপাৱা মানে
একমাত্র কাষে কাষে থকাই নহয়,
দূৰত থাকিও প্রিয়জনক ভালে ৰখাৰ দায়িত্বৰ
নামাে ভালপােৱা।






এয়া ভালপােৱা নে কি মই নাজানাে কিন্তু।
 তােমাৰ চকুপানী গালত আশ্রয় ললে।
মই দহখােজ আতঁৰতে চটফটাই মৰাে।






জীৱনৰ প্রকৃত
সৌন্দর্য মৃত্যুৰ মাজতেই সমাহিত,
যদি মৃত্যু নাথাকে তেনেহলে
জীৱনো মূল্যহীন।






মৰম হ'ল বতাহৰ দৰে
যি বেছি ভাগ সময় নিৰবে। থাকে.. 
  কিন্তু সহানুভুতিৰে - আবৰি ৰাখে।
চিৰদিন চিৰকাল।




Romantic Love Shayari In Assamese


অতৃপ্ত পৃথিৱীত আজি যিমান
আয়োজন তাৰে আধা মিছা মায়া
আধা প্ৰয়োজন।







গোটেই জীৱন ভালপোৱাৰ বৰষুণ হৈ থাকিল,
পিছে অনুভৱেই নহ'ল
কালি নিশা মাত্ৰ সন্দেহৰ এজাক ধুমুহা আহিল
আৰু আজি পুৱা মৰমবোৰেই অচিনাকী হৈ পৰিল।






হৃদয়খন যেন
আজি মোৰ হৈও মোৰ নহয়,
তোমাৰ বাবেহে ধপধপাই।






ভালপোৱা মানে কেৱল আকৰ্ষণ নহয়।
ভালপোৱা মানে সন্মান, শ্ৰদ্ধা আৰু বিশ্বাস,
যিটো সকলোৰে মাজত নাই।






চকুৱে বিচাৰি ফুৰে তোমাকে চাবলে,
বুকুৱে বিচাৰি ফুৰে মৰম যাচিবলে,
পাৰ ভঙা মৰমতে বিচাৰো আবেগতে,
মনৰঙা ফাগুনতে তুমি যে আতৰতে।






কিছুমান মিছা ভাৱনাইও মনক দুৰ্বল কৰে
যেনে- তেওঁ ও চাগে এতিয়া মোৰ
কথা ভাবি আছে।






তেওঁ ভাৱনাৰ পৰা গৈ
সপোনত আমনি কৰি থাকে
মই টোপনি যোৱাৰ চেষ্টা কৰো,
টোপনিনো ক'ত আহে।






যেতিয়া তুমি পৃথিৱীৰ
সকলো বস্তুৱেই ধুনীয়া দেখিবা, জানিবা
তুমি প্ৰেমত পৰিছা।






মোৰ মন যায় শিল এটাত
I Miss You লিখি তোমাৰ মূৰত দলিয়াবলৈ,
যাতে তুমি বুজি পোৱা তোমাক Miss কৰিলে
মই কিমান দুখ পাওঁ।






মৰমে কেতিয়াও নকয় তুমি কোন
মৰমে মাথো কয় তুমি মোৰ।
মৰমে কেতিয়ও নকয় ক'ত থাকা
মৰমে মাথো কয় তুমি মোৰ অন্তৰত থাকা।
মৰমে কেতিয়ও নকয় মোক ভালপোৱানে
মৰমে মাথো কয় মই তোমাকেই ভালপাওঁ।




Assamese Romantic Love Whatsapp Shayari


ভাল লগাৰ পৰাই সৃষ্টি হয় ভালপোৱা,
আৰু তাৰ মাজৰ পৰাই গড়িউঠে
সৰু সৰু আশা।






মানুহৰ হৃদয় বৰ অদ্ভত।
কোনোবাই অলপ ভালপোৱা বাবে
দিনে ৰাতি কান্দে। আৰু কোনোবাই
বুকু ভৰা মৰমলৈ অৱহেলা কৰে।






বতাহত মিলি গৈছে ধোনিয়া সুৰৰ গীত,
সেই গীতৰ সুৰে সুৰে লুকাই আছে মোৰ প্ৰাণ,
গীতৰ সুৰে সুৰে কও মই তোমাৰ কথা বাৰে বাৰে।
এটা জীৱন এটা প্ৰাণ তুমি যে মোৰ মই যে তোমাৰ।






এজনী দায়িত্বশীল ছোৱালীয়েই পাৰে
এজন পাগল টাইপৰ লৰাৰ জীৱন
সলনি কৰি দিবলৈ।






সুখী হ'বলৈ বিশেষ একোৰ প্ৰয়োজন নাই,
প্ৰয়োজন এনে এজন মানুহৰ যিয়ে
সঁচাই তোমাক বুজি পাব।






মনত পৰে তোমালৈ যেতিয়া থাকো নিৰবে,
ভাবো মাথো তোমাৰ কথা সময়ে সময়ে,
সপোন দেখো তোমাকলৈ মোৰ প্ৰতিটো চকুৰ পলকতে,
নিজৰ বুলি ভাবো তোমাক মোৰ প্ৰতিটো নিশাহতে।






একমাত্ৰ তুমিয়ে নহয়,
তোমাৰ লগত জড়িত সকলোবোৰেই
আজি মোৰ বহুত প্রিয়।






কষ্ট দিয়া নহয়,
যত্ন কৰি আগলৈ জীয়াই ৰখাৰ
নামেই "ভালপোৱা''






পাতল হৈ পৰে বহুগুণে
মনৰ দুখযেতিয়া সেয়া তোমাৰ-মোৰ পৰা
গৈ আমাৰ হৈ পৰে।






আন্ধাৰে আবৰি আছে বুলি ভয় নকৰিবা
অকল ৰাতি হৈ নাথাকে,
সময়ত সুৰ্য্যয় দেখা দিব, পোহৰে
হাঁহি মাৰি ওলাই আহিব।


Related Search. Assamese Sad Love SMS, Assamese Love Shayari, Assamese Shayari Miss You, Dukhor Shayari Assamese, Assamese Love Shayari Lyrics, Assamese Shayari, Assamese Shayari Text, Assamese Shayari Sad, Assamese Attitude Shayari, Assamese Shayari Life, Assamese Shayari Lyrics, Assamese Love Shayari Lyrics, Lyrics Dialogue, Assamese Shayari Breakup, Assamese shayari miss you, assamese Propose Shayari,



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ Assamese Love SMS যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু Assamese Love SMS সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

1Comments
Post a Comment

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !