বিশ্বাসৰ কবিতা | Assamese Poem

0


বিশ্বাসৰ কবিতা

কবিতা নং- ১ শিৰোনামঃ

বিশ্বাস 

বিশ্বাস কৰিছিলোঁ,

তোক মই বহুত 

বিশ্বাস কৰিছিলোঁ,

কিন্তু তই মোক,

কিন্তু তই মোক

সেই বিশ্বাসৰ 

লগত ধুনীয়া এখন 

খেল খেলিলি।


সেই খেলখন তই 

এনেকৈ খেলিলি 

মই তলকিবইপৰা নাচিলো,

তইযে মোৰ লগত এনেকুৱা এখন খেল খেলিলি। 


তই ধুনীয়াকৈ খেলখনত জিকি গলি, 

খেলখন খেলিয়েই তই মোৰ 

বিশ্বাসক 

বিশ্বাসঘাটকতা কৰিলি।


এদিন তই মোক নিজতকৈও 

বেছি ভাল পাইছিলি, 

কিন্তু আজি,

কিন্তু আজি নিজৰ স্বাৰ্থৰ বাবে তই মোক পাহৰি গলি,

মই তোকলৈ দেখা সেই সপোনবোৰক আজি 

ভাঙি পেলালি।  


মই তোক বিশ্বাস কৰিছিলোঁ,

তোৰ হাহিতেই মই সুখ পাইছিলোঁ, 

কিন্তু তই তোৰ লোভ সামৰিব নোৱাৰি , আজি  তই মোৰ বিশ্বাকক বিশ্বাসঘাটকতা কৰিলি। 


তই বৰ ডাঙৰ ভুল কৰিলিও,

তই মোৰ সেই বিশ্বাসৰ লগত

খেল খেলি , মোৰ মনৰপৰা  মনৰপৰা চিৰদিনৰ বিশ্বাস নামৰ সহজ সৰল ভাবটোক 

বাবে আতৰাই পঠালি।

✍️ মানস প্ৰতীম মালী


কবিতা নং- ২ শিৰোনামঃ

বিশ্বাস

বিশ্বাস কৰিছিলো তোমাক
নিজতকৈও বেছি
যি বিশ্বাসৰ আজি তুমি 
তচ্-নচ্ কৰিলা

এনে কিহৰ অভাৱ থাকি গ'ল মোৰ প্ৰেমত যাৰ বাবে মোক আপোন নকৰিলা
মোৰ ভাগৰ মৰমখিনি
তুমি ভাগ-বটোৱাৰা কৰিলা

জানা,
হৃদয়ৰ উচ্চ শিখৰত স্থান দিছিলো তোমাক
কিন্তু তুমি নুবুজিলা
মোৰ মৰমক অৱহেলা কৰি তুমি পৰৰ হ'বলৈ উদ্বাউল হ'লা

কিয় কৰিলা এনে তুমি? 

মোৰ বিশ্বাস কিয় ভাঙিলা তুমি?

জীৱনত জীয়াই থকাৰচোন হেঁপাহেই শেষ কৰি পেলালা...

✍️ গীতালি পাটোৱাৰী খনিকৰ


কবিতা নং- ৩ শিৰোনামঃ

বিশ্বাস

তােমাক কোনাে দিনেই অবিশ্বাস কৰা নাই
কিন্তু ! আজি যে টান হৈ পৰিছে।
বিশ্বাস কৰিবলৈ।

 তােমাৰ আচাৰ ব্যৱহাৰ
কথা বতৰা সকলাে পৰিবর্তন।
কিহৰ বাবে নিজকে ফাঁকি দি আছা,
 ইয়াৰ শেষ পৰিণাম কি হ'ব পাৰে তুমি
এবাৰ হলেও ভাবি চাইছানে ?

✍️ দাদুল শইকীয়া


ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ বিশ্বাসৰ কবিতা যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু বিশ্বাসৰ কবিতা সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

যদি আপোনালোকৰ কবিতা সমূহ আমাৰ Website ত প্রকাশ কৰি বিচাৰে তেনেহলে আমাক Email কৰিব পাৰে।

sofiqulalom898@gmail.com

বিঃদ্রিঃ কবিৰ নাম উল্লেখ নকৰাকৈ কপি-পেষ্টৰ পৰা বিৰত থাকে যেন।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !