অসমীয়া বন্ধুত্বৰ কবিতা | Assamese Poems


কবিতাৰ শিৰোনামঃ বন্ধুত্ব

           তুমি আহিছা হদয়ৰ
              আদৰ বিছাৰি
       কেনেদৰে প্ৰত্যাখ্যান কৰো
        লৈছো আদৰি।
        মোৰ হিয়া খন দিছো
         লোৱা বিছাৰি  
         বন্ধত্বৰ উম
         টকা পইচাৰে নহয়
   হৃদয়েহে হৃদয়ৰ মূল্য বুজি পায়।
           শত্ৰু বন্ধু হয় 
        হৃদয়ৰ কোমলতাত
           দুয়োখন হাতেৰেই 
     আঁকোৱালি ল'ব হৃদয়ত
           স্নেহ বন্ধনেৰে
     বন্ধুত্বৰ কোমল গজালিৰে
            উপচিব হিয়া
              যেনেদৰে
       নদীৰ বন্ধুত্ব হয় মোহনাত
      তৰঙ্গই তৰঙ্গৰ আলিঙ্গনত।

                ✍️ নন্দ কলিতা
                       ঘগ্ৰাপাৰ।
                   ২৭/০৫/২০২০


কবিতাৰ শিৰোনামঃ বন্ধুত্বৰ চহকী

তোমাৰ কোনো বন্ধুৱে যদি
চলে  তোমাৰ বন্ধুত্বক এৰাই,
তেওঁক তুমি বন্ধুত্বৰে লোৱা
আগতকৈ বেছি মৰমেৰে বুলাই।

তোমাৰ কোনো বন্ধুৱে যদি 
অহিত কৰিবলৈ গৈছে আগবাঢ়ি,
তেওঁক তুমি সময় নষ্ট নকৰাকৈ
আনা বন্ধুত্বৰে উদ্ধাৰ কৰি।

তোমাৰ কোনো বন্ধুৱে যদি
অনিয়মেৰে চলিবলৈ গৈছে আগুৱাই,
তেওঁক তুমি সময় থাকোঁতেই
বন্ধুত্বৰে আনা শুদ্ধতালৈ ঘূৰাই।

তোমাৰ প্ৰতিজন বন্ধুৱেই
একোজন পৱিত্ৰ মনৰ গৰাকী,
তেওঁক তুমি লোৱা বন্ধুত্বৰ প্ৰেমেৰে
জীৱনত থাকিবা হৈ বন্ধুত্বৰে চহকী।
          ✍️ শংকৰ দেৱ
          দেৰগাঁও, গোলাঘাট
            ৭০০২৭৮১৮৪১


কবিতাৰ শিৰোনামঃ বন্ধুত্বৰ অনুভৱেৰে

  নাই মোৰ তোমাৰ লগত তেজৰ সম্পৰ্ক
তথাপিও তুমি আপোন সহোদৰৰ 
যদিও নহয় তুমি আমাৰ পৰিয়ালৰ
তথাপিও আমি যেন একে পৰিয়ালৰ

ধনেৰে জুখিব নোৱাৰি আমাৰ মাজৰ সম্পৰ্ক
ধনী - দুখীয়াৰ লেবেল লগোৱা নাথাকে
এই সম্পৰ্কৰ ওপৰত
ইয়াৰ মাজলৈ নাহে -
 উচ্চ নীচৰ ভেদা ভেদ
অথবা - ধৰ্মৰ বৈষম্যতা

বন্ধুত্বৰ সম্পৰ্কৰ মাজত থাকে কেৱল -
অকৃত্ৰিম মৰম
গভীৰ বিশ্বাস
আৰু -নিৰ্দোষ ধেমালি বোৰ...

******************
✍️ ৰশ্মি ৰেখা চলিহা
গোৱালপাৰা
৩০/০৭/২০২০/
6.56.P.M.


কবিতাৰ শিৰোনামঃ বন্ধুত্ব

বন্ধু দুটি
আখৰৰ সৰু শব্দ
কিন্তু ইয়াৰ মহত্ব বহুত।
বন্ধুত্ব মানে এক বিশাল সাগৰ
বন্ধুত্ব মানে বিশ্বাসৰ চাদৰ। 
য'ত স্বাৰ্থৰ ছাঁ নাথাকে
এক নিস্বাৰ্থ বন্ধন।
বুজাজনে বুজে ইয়াৰ মহত্ব
আজীৱন বান্ধ খাই থাকে
বন্ধুত্বৰ ডোলেৰে। 
বন্ধু হ'ল প্রেৰণাৰ দাপোন
আজিৰ যুগত প্ৰকৃত বন্ধু পোৱা বৰ টান 
ভাগ্যৰ বলত হে পাই কোনোৱে কোনোৱে প্ৰকৃত বন্ধু।
সচাঁকৈয়ে সেইজন বৰ ভাগ্যবান
বন্ধু বন্ধু বুলি
আওৰাই থাকিলে নহ'ব
বন্ধুত্বৰ মৰ্য্যাদা ৰাখিব লাগিব। 
এদিন বন্ধু দিৱস পাতি
শুভেচ্ছা জনালে নহ'ব
সুখে-দুখে সঁহাৰি দি
বন্ধুৰ উন্নতিত হাঁহি বিৰিঙিব লাগিব, 
বন্ধুৰ দুখত চকুলো সৰিব লাগিব, 
বন্ধুৰ বিপদত সহায়ৰ হাত আগবঢ়াই
সাহস দি,বিপদৰ সাৰথি হৈ
বন্ধুত্বৰ এনাজৰী ডাল কটকটীয়া
কৰিব লাগিব 
তেতিয়াহে
বন্ধুত্বৰ মৰ্য্যাদা থাকিব। ।
বন্ধুৰ মৰম, ঠেহ , অভিমানবোৰৰ
মূল্য যিয়ে দিব জানিব সিয়েই
প্রকৃত বন্ধুৰ অধিকাৰী হ'ব। 
সকলোঁ বন্ধুৰ এনাজৰী ডাল
যাতে কটকটীয়া হয়
তাৰ কামনাৰে
বন্ধুত্ব দিৱসৰ 
শুভেচ্ছা 
জনালোঁ

=============

     ✍️ নাচৰিন আখটাৰ


কবিতাৰ শিৰোনামঃ বন্ধুত্বৰ প্ৰেম

ভাল লাগিল আজি তোমাক দেখি
আছিলা তুমি বহু দিন  আতৰি,
নোৱাৰোঁ থাকিব এজনে আনজনক এৰি
বন্ধুত্বৰ কথাবোৰে কৰে সদায় আমনি।

সময়ে নিছিল তোমাক দূৰলৈ টানি
বন্ধুত্বৰ সুন্দৰ সময়ৰ পৰা কাঢ়ি,
পুনৰ সুন্দৰ সময় আজি আহি
দেখুৱালে বন্ধুত্বৰ এনাজৰীৰে পুনৰ বান্ধি।

বন্ধুত্বৰ নাথাকে কোনো বয়সৰ সীমা
থাকে সদায় মৰম ভাল পোৱা,
দুদিনৰ পাছত পালে পুনৰ দেখা
হৃদয় খন হয় আনন্দৰে ভৰা।

      ✍️ শংকৰ দেৱ
         দেৰগাঁও, গোলাঘাট
           ৭০০২৭৮১৮৪১



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ বন্ধুত্বৰ কবিতা যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু বন্ধুত্বৰ কবিতা সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

যদি আপোনালোকৰ কবিতা সমূহ আমাৰ Website ত প্রকাশ কৰি বিচাৰে তেনেহলে আমাক Email কৰিব পাৰে।

sofiqulalom898@gmail.com

বিঃদ্রিঃ কবিৰ নাম উল্লেখ নকৰাকৈ কপি-পেষ্টৰ পৰা বিৰত থাকে যেন।

Post a Comment

Previous Post Next Post