নৈ পৰীয়া কবিতা | নদীৰ কবিতা | Assamese Poems

নৈ পৰীয়া কবিতা

কবিতাৰ শিৰোনামঃ নৈ পৰীয়া

নৈৰ বুকুৰ উম পাই, গঢ়ি উঠা
এক যুগান্তকাৰী সত্তা- 
নৈ- পৰীয়া,নৈ- পৰীয়া মানুহ
নৈ- পৰীয়া মানুহৰ সংগ্ৰামী জীৱনৰ
ৰাগিণীয়ে হৃদয় চুই যায়... 
অলঙে- দলঙে পতা
কতো ৰঙৰ মেলাই
উদ্ভাসিত কৰে
সপোনৰ কাৰেংঘৰ... 
সময় বালিৰ খোজৰ
সেন্দুৰীয়া আলিয়ে
সংগপোনে বিলাই যায়
হেঙুলীয়া আভা... 
নিখুঁত চিত্ৰকৰৰ নিভাজ প্ৰেমৰ
উজ্বলতাই বিচাৰি পায়
সেউজীয়া উপত্যকা-
মুক্ত আকাশৰ প্ৰভাতী কিৰণে
প্ৰাণত অনুৰণিত কৰে
প্ৰাপ্তিৰ আনন্দ... 
উটি- বুৰি ভাহি অহা পলসৰ উদাৰতাই
স্বাগত জনায়
নিঃসৰিত ঘামৰ টোপালবোৰক... 
নৈৰ বুকুতেই গজে
প্ৰেমৰ সঁফুৰাৰ বীজ আৰু
মনৰ মণিকোঠাত সজাই ৰখা
বাখৰুৱা শব্দবোৰ... 
বাঁহ জুপিৰ পাতৰ মাজেৰে ওলাই অহা
পূৰ্ণিমাৰ জোনে মিতিৰালি পাতে
ইয়াতেই- 
মানুহবোৰৰ সতে
দোভাগ ৰাতিলৈ
হাতত সাৰে ভৰিত সাৰে
ফেঁচাই ৰঙতে কুৰুলিয়ায়- 
সময় বোৰ পাৰ হয়
হৃদয়ে হৃদয়ৰ বতৰা দি লৈ আহে
অমিয়া মাধুৰী
আঁহতৰ কোমল কুঁহিপাতত
শুকুলা ডাৱৰৰ মাজেৰে সাৰেংজাক
এই বাটেদিয়েই কিৰিলি পাৰি
অহা- যোৱা কৰে- 
মাৰিছৰ ছালনাই নীৰৱতাৰ এঙামুৰিত
সন্মোহিত কৰিব নোৱাৰে
তেলীয়া সাৰেংজাকক... 
নৈ- পৰীয়া মানুহে নাজানে
বিবেকক আঘাত কৰিব পৰা
সংহাৰী শব্দ! 
বুজি নাপায়
প্ৰতিবাদী দাবাণলৰ ৰূদ্ধ কণ্ঠস্বৰ- 
কেৱল বুজি পায়
সোণাৰু ফুলৰ হালধীয়া জুই
বুজি পায় নঙলামুখত
জকমকাই ফুলি থকা গধূলিগোপালৰ ৰং
আৰু- 
তুলসীতলত নিঃশঙ্কাচিত্তে
জ্বলি থকা অনঘ চাকি- 
এক জঞ্জালবিহিন প্ৰশান্তিৰ
নিৰৱচ্ছিন্ন গতিধাৰা...


কবিতাৰ শিৰোনামঃ নৈ পৰীয়া বতাহ জাকে

পূৱৰ পৰা পশ্চিমলৈ
উত্তৰৰ  পৰা দক্ষিণলৈ
নিৰ্মল বতাহ,
নৈৰ ঘাটত কোনে সুহুৰিয়াই
মথাউৰি খহিছে চপৰা চপৰি
বতাহ জাক বৈ যায় আপোন মনে
মোৰ বুকুতে আছে উশাহ
ভৰি দুখন পখালি যোৱা ।
তড়িৎ গতিৰে বৈ যায় নৈ খন
নাই কোনো অভিমান,
ভগা পতা ৰাইজে কৰে
ইতিবাচক নীতিবাচক ।
মহৌষধি গুণবোৰো লুকাই থাকে
ৰন্ধে ৰন্ধে প্ৰবাহিত,
জনতাৰ কোলাহলত নৈ পৰীয়া
বতাহ জাক থমকি নৰয়---
আলি বাটেৰে ক'লৈ যাবা ?
তাত থকা চিকুণ মৰমবোৰ
জানো বিচাৰি পাবা  !
বাৰিষা নৈৰ বাঢ়নি পানীত উটি
শৰালিলৈ বুলি আহিব জানো ঘূৰি ?
পানী যুৱলিলৈ চাই
আপোন পাহৰা এচাটি নিৰ্মল বতাহ
মোৰ গাতে কোবাই যায় ।

✍️ ৰম্ভা দেৱী
   নুনমাটি
   ০৯/১০/২০২১



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ নৈ পৰীয়া কবিতা যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু নৈ পৰীয়া কবিতা সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

যদি আপোনালোকৰ কবিতা সমূহ আমাৰ Website ত প্রকাশ কৰি বিচাৰে তেনেহলে আমাক Email কৰিব পাৰে।

sofiqulalom898@gmail.com

বিঃদ্রিঃ কবিৰ নাম উল্লেখ নকৰাকৈ কপি-পেষ্টৰ পৰা বিৰত থাকে যেন।

Post a Comment

Previous Post Next Post