সময়ৰ কবিতা | Poems Of The Time In Assamese

সময়ৰ কবিতা

কবিতাৰ শিৰোনামঃ সময়ৰ কবিতা

দুই নাৱত দুই ভৰি থৈ
কিমাননো ভাঙিবি আৰু
বুকুৰ তেজেৰে লিখা
জীৱনৰ জিয়া সপোনবোৰ ।।

দুহাতত ধনু শৰ লৈ 
কিমাননো চিঙিবি
হেঁপাহেৰে গঠা
একতাৰ এই সুগন্ধি মালাধাৰ।।

সোণ গুটিৰ সঁচ টোমত ৰখাদি
এতিয়া সাঁচি থবৰ হল নেকি
আমাৰ সুৱদি অমিয়া ভৰা
আইৰ মুখৰ মৌ সনা মাত ।।

দেশ গ'ল,জাতি গ'ল বুলি
কত বেলি কান্দিম আৰু হিয়া ধাকুৰি
থাকিবনে চিন-চাব ইতিহাসত
এই মুলুকত ইয়াত এটি
অসমীয়া জাতি আছিল বুলি!!!


কবিতাৰ শিৰোনামঃ ক্লান্ত সময়ৰ গতি 

যান্ত্ৰিকতাৰ মাজেৰে যাত্ৰা জীৱনৰ 
কঢ়িয়াই মেটমৰা ভাৰ কৰ্তব্যৰ
উৰুৱাই ধূলি সুখ-দুখৰ
জীৱন নাটৰ ভাওনাত বিচাৰিলো
সোণোৱালী ৰ'দালি নৱ প্ৰভাতৰ ।

জীৱনৰ কলাজ আঁকি আঁকি 
ভাগৰুৱা হয় কলমৰ গতি
সোঁৱৰণিৰ নাওৰে যায় ভটিয়াই
ৰিণিকি বজা চিনাকী গানৰ কলিটি
বিস্মৃতিৰ অটল গৰ্ভলৈ বুলি ।

ঘৰমুৱা পখীয়ে আঁকে শূণ্যত কিবা ছবি 
পদুলীত থকা বকুল জোপাত ভৰ দি
নি:শব্দে নীৰৱে পাৰ হয় তৰুণ সময় খিনি
যান্ত্ৰিকতাৰ মাজত হয় জীৱন বন্দী
মনৰ আকাশত জ্বলে ৰামধেনুৰ সাতোৰঙী ছবি ।

দুখৰ হুমুনিয়াহ নিয়ৰ হৈ জ্বলে দূবৰিত
তৰাবোৰে লুকাই বেদনাৰ নদীত
বতাহে কয় এতিয়া যেধূসৰ আবেলি
ক্লান্ত হয় সময়ৰ গতি ।

✍️ নিজৰা বৰ্মন ডেকা


কবিতাৰ শিৰোনামঃ দুখৰ সময়

           সময়ে সময়ৰ আহ্বানত
           আমাক পুতলা সজাই                                                 
           নচুৱাই,
           পুতলা নাচ নাচি আমি যান্ত্ৰিক হওঁ,
           চাবিত চলে হাত আৰু ভৰি,
           চাবিতে বন্ধ হয় মন আৰু মগজু।
           সময়  নিদাৰুণ হ'লে
           বোৱতী নৈ  হৈপৰে এৰা সুতি ,
           পথাৰৰ চিৰাল ফাটত 
           উজুটিয়াই বাগৰে 
           খেতিয়কৰ সপোন,
           আলচা কথা আলচতে ৰয় 
           বিনা মেঘত হয় বজ্ৰপাত,
           সময়ত সময়ে 
           নমাই আনে দুৰ্ভিক্ষ,
           মাৰি মৰকে পোহাৰ মেলে 
           সময়ে যেন  ধৈৰ্য্যৰ পৰীক্ষাহে পাতে।
           সময়ৰো নিজৰ বুলিবলৈ 
           নাথাকে মৰ্জি,
           সময়ৰো অসুখ  হয়,
           সময়ৰো বেয়া দিন আহে  
            সম‌য়ো হ'ব লগাত পৰে 
            চাবি দিয়া পুতলা 
            আৰু  সময় তেতিয়া 
            হৈ পৰে দুঃসময়।
                       
                 ✍️ অঞ্জন ফুকন


কবিতাৰ শিৰোনামঃ সময়ৰ সেঁতু

কবিতা শিৰোনামা--------
 সেলেঙী বোৱা আইতাৰ মুখৰ 
পাগলগা তামোলৰ ৰাগীত
অকস্মাতে সাৰ পাই উঠে,
তাহানিৰ কোনোবা সাধুৰ পৰী
তেজিমলা, চম্পাৱতী,তুলা- আৰু তেজা
সঘনাই থাকে অহা-যোৱা কৰি
কেতিয়াবা এনে লাগে যেন
আইতাৰ আচঁলত লুকুৱাই থ'ম
একুৰি বসন্ত 
মূহুৰ্তৰ বাবে শৈশৱৰ বোকোচাত উঠি
হাঁহি ৰ ৰঙবোৰ সিঁচি সিঁচি
সন্ধিয়াৰ আকাশৰ তৰা গণিম
মুনিচুনি পোহৰত অল‍ং- দলং খেলিম
আকৌ ক,খ,গ,ঘফলিত লিখিম
ইংৰাজী ফলা মুখস্থ কৰিম
চিঞৰি চিঞৰি আওৰাই থাকিম
একৰ এক গ' ল থাকিল শূণ্য----
পাখি ৰগা কাড়ঁৰ পিঠিত উঠি
সময়বোৰ গৈ থাকে আগলৈ
শৈশৱে গোপনে বাগৰ সলাই
শৰীৰ আৰু মনৰ মাজত
যৌৱনে তাঁত-বাতি কাঢ়ে সঘনাই
যৌৱনে আনি দিয়া চঞ্চলাতাই
অজানিতে সকলোকে কোবাই
সেয়েহে চাগে'তোমাক
ইমান মৰম লাগি যায়
গুণগুণাই থাকোঁ মাথোন
তুমি ভালপোৱা সুমধুৰ গীত
এয়াই চাগে' জীৱন- যৌৱনৰ সূঘ্ৰাণ।

✍️ মামনি বড়া



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ সময়ৰ কবিতা যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু সময়ৰ কবিতা সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

যদি আপোনালোকৰ কবিতা সমূহ আমাৰ Website ত প্রকাশ কৰি বিচাৰে তেনেহলে আমাক Email কৰিব পাৰে।

sofiqulalom898@gmail.com

বিঃদ্রিঃ কবিৰ নাম উল্লেখ নকৰাকৈ কপি-পেষ্টৰ পৰা বিৰত থাকে যেন।

Post a Comment

Previous Post Next Post