ৰাতিপুৱাৰ কবিতা | Morning Poems In Assamese

ৰাতিপুৱাৰ কবিতা

কবিতাৰ শিৰোনামঃ নতুন পোহৰ

ৰাতিপুৱাৰ ৰঙা বেলি
যেতিয়া আকাশ ফুটি
ওলাই আহে,
ডাঠকুৱলি বোৰে তেতিয়া
ভয়তে পলাব ধৰে।
মোহনীয়া নিদ্ৰাত থকা
চকু দুটি মেল খায়,
সময়ৰ পলকত।
দিনটো সময়ৰ লগত 
খোজ মিলাই গৈ,
নানা ৰঙীন ফুলনীৰ দৰে 
সজাই পৰাই ৰাখি,
আকৌ এটি সেন্দুৰীয়া 
সূৰুযৰ কাৰণে মনে
পাখি মেলে।                     

    ✍ Nijara Das
        ১১. ১১. ১৯


কবিতাৰ শিৰোনামঃ ৰাতিপুৱাৰ কথন

ৰাতিপুৱা এটা
হেঙুলীয়া হোৱাৰ আগতেই
নি:শেষ হৈ যায় সকলো।

পৰিভ্ৰমী চৰাই এজাকে
পশ্চিম আকাশ ডেউকা মেলোতেই
পাখি ভাঙি নিথৰ হয়।

আৰাম্ভণিতেই শূণ্যৰ
জন্ম লয় জীৱন গোলকীয় ৰেখাৰ
আইয়ে আপডাল কৰা মমতাত।

দিঠক ঘন এন্ধাৰ
সপোন মায়া ভাৰা জোনাকীৰ মেলা
তাতে অৰুণ তৰাৰ খেলা।

আগবাঢ়ি এখুজি দুখজি
ভাৰিও জঠৰ নিয়তীৰ কোলাত
নিদাৰুণি জীৱনে খেলে উপহাৰ খেলা।

নিদ্ৰৰত ৰজনী
অলেখ চকুলো মলা গাঠি বিমূৰ্ত
সংগীতৰ আৰোহিত গানৰ নিপুণ ধাৰা।

ৰং তুলিকাত আকোঁ
মোৰেই অজেয় আকুল ছৱি
প্ৰাণৰ পূৰাণ লেখি দেখি।

কদাপিও নতশিৰ নোহোৱাকৈ
গৈ আছো গৈ আছো কৰুণ ঘাটত
আৰু নাপাব লগ বাটত।


কবিতাৰ শিৰোনামঃ ৰাতিপুৱাৰ বাহীঁৰ সুৰ

দোকমোকালি পুৱা
আৰু পুৱাৰ নিৰ্জনতাত
বৈ অহা
কোনো এটি শুললিত বাহীঁৰ
এটি কৰুণ মিঠা সুৰ
চৌদিশে কৰি সিচঁৰিত
সহস্ৰ প্ৰেৰণাৰ বীজ
আৰু হেপাঁহৰ আলোকিত মায়াচন্দৰ।

ৰাতিপুৱাৰ মৌনতাত
এটি মিঠা বাহীঁৰ সুৰ
আৰু সেই সুৰে
আন্দোলিত কৰা মোৰ হৃদয়ৰ
থৌকি বাথৌ স্বপ্নৰ পাপৰি
যি মই ৰাখো সাঁচি
মোৰ অন্তৰৰ নিশ্চুপ গভীৰতাত ৰন্ধ্ৰে ৰন্ধ্ৰে
প্ৰতিটো মৌন মুহুৰ্তত।

       ✍ বিদিশা ৰ্শমা


কবিতাৰ শিৰোনামঃ ৰাতিপুৱাৰ নিয়ৰ

ৰাতিপুৱাৰ নিয়ৰ জাকে
         দেহ মন পুলকিত কৰিছে
এটি কলা ৰাতিৰ পিছিত
       আলোকময় পূৱা
কিচিমিচি চৰাই মাতত
         ভাগিল মোৰ টোপনি
দূৱৰিত জিলিকি উঠা
         মুকুতা দুহাতে সাৱটি 
পোৱা নোপোৱাৰ হিচাপ কৰো
       জীৱনটো আগুৱাই নিৱলৈ 
বেলিটো নকৈ সাজো.....।
    
    ✍ দিচা
11.12.2017


কবিতাৰ শিৰোনামঃ ৰাতিপুৱাৰ ছবি

আজি এখন ছবি দেখিলোঁ ৷
পূবালী সুৰযৰ
উদিত আভাত 
নিজক দেখিলোঁ ৷
এন্ধাৰ আঁতৰাৰ দুৰ্লভ দৃশ্য!
সততে নিজকে বিলীন কৰাৰ !
এন্ধাৰৰো যে থাকে নিজাকৈ
দুখৰ প্ৰলেপ ?
এন্ধাৰত চকুৰ বিষণ্ণ আবেগ !
ৰাতি এৰি যোৱা সেই দুৱৰিত চকুলোত !
এটা পুৱাক যে জনম দিলে !
এচপৰা মেঘৰ ছায়াইয়ো 
মোক এপলক নিস্তব্ধ কৰিলে !
বাট হেৰোৱা পখীক
এখন্তেক জিৰাবলৈ দি
পৰাণৰ পাঠ আওৰালে ৷
হাতত মুঠিৰ থকা
শূণ্যতাখিনিয়ে 
মাথোন উচুপিলে ৷
এখন আজি ধুনীয়া ছবি দেখিলোঁ ৷


কবিতাৰ শিৰোনামঃ সূৰ্য্য অহা বাটেদি

সূৰ্য্য অহা বাটেদিয়েই 
নামি আহে  চিকুণ 
 পুৱা

চিকুণ টোপনিৰ চিফুঙ
সুৰ খিৰিকী ফাঁকৰ 
ৰ'দ জাকে আনিব

লিহিৰি আঙুলিৰ 
ফাঁকেৰেই নিমিষতেই 
শেষ হ'ৱ ৰ'দে পোৰা
দিনৰ  মায়া।
__××___

          ✍ সবিতা বৰুৱা
  ঘৰ__কমলপুৰ  (বৰুৱাজানী)



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ ৰাতিপুৱাৰ কবিতা যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু ৰাতিপুৱাৰ কবিতা সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

যদি আপোনালোকৰ কবিতা সমূহ আমাৰ Website ত প্রকাশ কৰি বিচাৰে তেনেহলে আমাক Email কৰিব পাৰে।

sofiqulalom898@gmail.com

বিঃদ্রিঃ কবিৰ নাম উল্লেখ নকৰাকৈ কপি-পেষ্টৰ পৰা বিৰত থাকে যেন।

Post a Comment

Previous Post Next Post