মহৎ লোকৰ বাণী
১/
মূর্খ লােকৰ কাৰণে সমাজ নষ্ট নহয়,
সমাজ নষ্ট হয় শিক্ষিত লােকৰ
মূর্খ স্বভাৱৰ কাৰণে।
( চানক্য )
২/
পাপ শৰীৰৰ পৰা নহয়
মনৰ পৰা সৃষ্টি হয়,
যিমানেই গঙ্গা স্নান নকৰা কিয়
গঙ্গাৰ পানীয়ে শৰীৰহে পৰিষ্কাৰ কৰে
মানসিকতা নহয়।
( চানক্য )
৩/
শৰীৰ আৰু সম্পত্তিক লৈ
কেতিয়াও অহংকাৰ নকৰিব,
অসুস্থতা আৰু দৰিদ্রতা কেতিয়াও
কাকো কৈ নাহে।
( চানক্য )
৪/
আটাইতকৈ মুল্যবান সম্পদ হৈছে জ্ঞান,
আটাইতকৈ শক্তিশালী অস্ত্র হৈছে ধৈৰ্য্য,
আটাইতকৈ ভাল ঔষধ হৈছে হাঁহি,
আটাইতকৈ শ্রেষ্ঠ নিৰাপত্তা হৈছে বিশ্বাস।
( চানক্য )
৫/
শিয়ালৰ দৰে
এশবছৰ জীয়াই থকাতকৈ
সিংহৰ দৰে এদিন জীয়াই থকাই ভাল।
( চানক্য )
৬/
যিটো কর্ম এতিয়া কৰিব,
সেইটোৰ ওপৰতহে আপােনাৰ
ভৱিষ্যত নিৰ্ভৰ কৰিব।
( চানক্য )
৭/
ম্পত্তি যিমানেই নাথাকক
স্বামী যদি চৰিত্রহীন হয়, ঘৈণীৰ
সুখ শান্তি নাথাকে।
( চানক্য )
৮/
শক্তিশালী হােৱা কিন্তু অহংকাৰী নহবা,
দয়ালু হােৱা কিন্তু দুর্বল নহবা।
কাৰণ অহংকাৰ আৰু দুর্বলতাই হ’ল
ধংসৰ মূল কাৰণ।
( চানক্য )
৯/
এখন দেশক যদি ধংস কৰিব বিচৰা
তেন্তে মানুহৰ মাজত ধৰ্মৰ নামত যুঁজ লগাই দিয়া
দেশী এনেই ধংস হৈ যাব।
( চানক্য )
১০/
মহিলাৰ বয়স আৰু
পুৰুষৰ উপাৰ্জনৰ বিষয়ে কেতিয়াও
সুধিব নালাগে,
মহিলাই সদায় আনৰ বাবে জীয়াই
আনহাতে পুৰুষে কেতিয়াও নিজৰ
বাবে উপার্জন নকৰে।
( চানক্য )
১১/
কাকো সৰু বুলি নাহাহিব,
কাৰণ ভৰিৰ তলৰ দুৱৰী বন হে পূজাত লাগে
মুৰৰ ওপৰৰ বৰগছ নহয়।
( চানক্য )
মহৎ লোকৰ মহান বাণী
১২/
অতিৰিক্ত অহংকাৰ পতনৰ লক্ষণ
আৰু অতিৰিক্ত সৰলতা ঠগ
খােৱাৰ লক্ষণ।
( চানক্য )
১৩/
সূৰ্যৰ তাপ আৰু পিতৃৰ ক্রোধ,
দুয়ােটাই সহ্য কৰিব শিকক কাৰণ সূর্য
ডুবিলে পৃথিৱী অন্ধকাৰ
আৰু পিতৃ নহলে জীৱন অন্ধকাৰ হৈ যায়।
( চানক্য )
১৪/
মাটিত পৰা চেনী পিপৰাই হে উঠাব পাৰে
হাতীয়ে নােৱাৰে,
সৰু বুলি কাকো উপলুঙা নকৰিব,
কেতিয়াবা সৰু মানুহেই বহুত ডাঙৰ
কাম কৰিব পাৰে।
( চানক্য )
১৫/
অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ ভয় নকৰিবা,
মনত ৰাখিবা ইতিহাসত অকল
বিপ্লৱীবােৰৰ নাম হে লিখা থাকে
ভৰি চেলেকাবােৰৰ নহয়।
( চানক্য )
১৬/
কৃপণ কেতিয়াও ধন
সম্পত্তিৰ মালিক হ'ব নােৱাৰে
ধন সম্পত্তিয়েই কৃপণৰ মালিক হয়।
( চানক্য )
১৭/
জীৱনত ডাঙৰ কিবা পালে
সৰু বােৰক পাহৰি নাযাব, এটা সৰু
বেজীয়ে যি কৰিব পাৰে এখন তৰােৱালে
সেইটো কাম কৰিব নােৱাৰে।
( চানক্য )
১৮/
ঠাণ্ডাৰ দিনত যি ৰ’দক মানুহে ভাল পাই ,
গৰম দিনত সেই ৰ’দকে মানুহে তিৰস্কাৰ কৰে
মানুহে তােমাক মূল্য সিমানদিনেই দিব,
যিমানদিন মানুহক তােমাৰ প্রয়ােজন হ'ব।
( চানক্য )
১৯/
সপোন সেইটো
নহয় যিটো টোপনিত দেখে
সপোন হ'ল সেইটো যি সপোনৰ
পূৰণৰ বাবে টোপনি নাহে।
( আব্দুল কালাম )
২০/
তুমি যদি তোমাৰ কামক চেলুট কৰা
তেনেহলে কাকো তোমাৰ চেলুট কৰিব নালাগে,
আৰু যদি তুমি তোমাৰ
কামক অসন্মান কৰা তেনেহলে
সকলোকে চেলুট কৰিব লাগিব।
( আব্দুল কালাম )
Also Read.
২১/
জীৱন আৰু সময়
পৃথিৱীৰ শ্রেষ্ঠ শিক্ষক
জীৱন শিকাই সময়ক সঠিক ভাবে
ব্যৱহাৰ কৰিবলৈ,
আৰু সময় শিকাই জীৱনৰ
মূল্য দিবলৈ।
( আব্দুল কালাম )
২২/
সফলতাৰ কাহিনী নপঢ়িবা
কাৰণ তাৰ পৰা অকল কাহিনীটোই পাবা,
ব্যর্থতাৰ কাহিনী পঢ়িবা তেনেহলে
সফল হোৱাৰ উপায় পাবা।
( আব্দুল কালাম )
২৩/
কঠিন কামত বেছি আনন্দ পোৱা যায়
সেই বাবে সফলতাৰ আনন্দ
পোৱাৰ বাবে
মানুহক কঠিন কাম কৰা উচিত।
( আব্দুল কালাম )
মহৎ লোকৰ বাণী
২৪/
তিনি জন মানুহে পাৰে
এটা দেশ বা এটা জাতিক পৰিবর্তন কৰিব
তেওঁলোক হ'ল
মা, দেউতা, আৰু শিক্ষক।
( আব্দুল কালাম )
২৫/
ফেল কৰি হতাহ নহবা
ইংৰাজীত ফেল সব্দৰ অর্থ হ'ল
First Attempt In Learning
তাৰ মানে শিকাৰ প্রথম ধাপ,
বিফলতাই তোমাক সফল হোৱাৰ
ৰাস্তা দেখুৱাই দিব।
( আব্দুল কালাম )
২৬/
কোনো এটা প্রশ্নৰ উত্তৰ বিচাৰি পোৱা নাই
চিন্তা নকৰিবা,
চিন্তা নকৰিবা,
No সব্দৰ অর্থ হ'ল Next Opportunily
অর্থাৎ পৰবর্তী সুযোগ।
( আব্দুল কালাম )
২৭/
প্রতিদিন এই চাৰিটা লাইন ক'ব,
১/ মই শ্রেষ্ঠ
২/ মই কৰিব পাৰো
৩/ ঈশ্বৰ মোৰ লগত আছে
৪/ মই জয়ী
( আব্দুল কালাম )
২৮/
চকুৰে নেদেখাজনক অন্ধ বুলিব নােৱাৰি,
নিজৰ দোষ ত্রুটিবােৰ লুকাই ৰখা
জনহে প্ৰকৃতাৰ্থত অন্ধ।
( মহাত্মা গান্ধী )
২৯/
লােকৰ দোষ ধৰাটো বুদ্ধিমানৰ কাম,
কিন্তু নিজক নির্দোষী কৰাটো
তাতােকৈ বুদ্ধিমানৰ কাম।
( মহাত্মা গান্ধী )
৩০/
মানুহৰ সেৱাৰ মাজেদিহে মই
ঈশ্বৰক লগ পাবলৈ বিছাৰোঁ। কাৰণ
ঈশ্বৰ আছে মানুহৰ অন্তৰত।
( মহাত্মা গান্ধী )
৩১/
মদপী স্বামী থকা স্ত্রীয়েহে জানে
তেওঁৰ সংসাৰত কেনে অশান্তি, আৰু
ধ্বংসলীলা চলি থাকে।
( মহাত্মা গান্ধী )
৩২/
তুমি যি ভাবা, যি কোৱা আৰু যি কৰা
সেইবােৰৰ মাজত যেতিয়া সমন্বয় থাকে,
সেয়াই সুখ।
( মহাত্মা গান্ধী )
৩৩/
তুমি কি কৰিছা সেইটো তাৎপর্যপূর্ণ কথা নহয়,
কিন্তু তুমি যে কিবা কৰিছা
সেইটোহে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা।
( মহাত্মা গান্ধী )
৩৪
সকলোতকৈ ডাঙৰ ধর্ম হ'ল
নিজৰ স্বভাবৰ প্রতি নির্ভূল হোৱা
নিজৰ ওপৰত বিশ্বাস কৰা।
( স্বামী বিবেকানন্দ )
৩৫/
এটা সময়ত এটা কাম হে কৰিবা,
আৰু সেই সময়ত সেই কামটিত নিজৰ
মন প্রাণ সপি দিবা আৰু বাকি
সকলো পাহৰি যাবা।
( স্বামী বিবেকানন্দ )
৩৬/
ব্রহ্মাণ্ডৰ সকলো শক্তিয়েই
আমাৰ তাত নিহিত হৈ থাকে
সেই সকল আমিয়েই যিয়ে নিজৰ
চকু জুৰি ঢাকি ধৰো আৰু
কান্দিব ধৰো যে কিমান অন্ধকাৰ।
( স্বামী বিবেকানন্দ )
৩৭/
যি অগ্নিয়ে জাৰত আমাক উত্তাপ দিয়ে
সেই অগ্নিয়েই আকৌ ধ্বংসও
কৰিব পাৰে!
সেইটো অগ্নিৰ দোষ নহয়।
( স্বামী বিবেকানন্দ )
৩৮/
তুমি যি ভাবা সেয়াই হ'ব,
যদিহে তুমি নিজকে কমজুৰি বুলি
ভাবিছা তেনেহলে তুমি কমজুৰি হৈ যাবা!
যদি তুমি নিজকে বলী বুলি ভাবিছা
তেনেহলে শক্তিশালী হৈ যাবা।
( স্বামী বিবেকানন্দ )
৩৯/
এক উচিত বিচাৰ লোৱা আৰু
সেই বিচাৰটোকেই নিজৰ জীৱন কৰি লোৱা,
মন-মগজু সপি দিয়া তাত
আৰু বাকি সকলো কিনাৰত থৈ দিয়া!
এয়াই হৈছে সফলতাৰ প্রাপ্তিৰ উৎকৃষ্ট উপায়।
( স্বামী বিবেকানন্দ )
৪০/
যিজনে তােমাক সহায় কৰে,
সেইজনক কেতিয়াও পাহৰি নাযাব!
যিজনে তােমাক ভাল পায়,
সেইজনক কেতিয়াও ঘৃণা নকৰিব,
যিজনে তােমাক বিশ্বাস কৰে,
সেইজনক কেতিয়াও নঠগাব।
( স্বামী বিবেকানন্দ )
মহৎ লোকৰ বাণী
৪১/
সত্যৰ কাৰণে সকলো ত্যাগ কৰিব,
কিন্তু কোনো কাৰণতে সত্যক
ত্যাগ কৰিব নালাগে।
( স্বামী বিবেকানন্দ )
৪২/
যি পাৰ হৈ গ'ল সেই অতীতলৈ আৰু
উভতি নাচাবা,
কেৱল আগলৈ চোৱা আৰু অসীম শক্তিৰে
আদম্য উৎসাহেৰে তথা দুর্জয়
সাহসেৰে আগবাঢ়া।
তেতিয়াহে মহৎ লক্ষ্যত উপনীত হ'ব পাৰিবা।
( স্বামী বিবেকানন্দ )
৪৩/
ভাগ্যক কাহানিও বিশ্বাস নকৰিবা,
বিশ্বাস কৰিবা শক্তিক।
( লক্ষ্মীনাথ বেজবৰুৱা )
৪৪/
জীৱনৰ অর্থ লুকাই থাকে
আশাৰ মাজত।
( লক্ষ্মীনাথ বেজবৰুৱা )
৪৫/
তোমাক নিজকে
প্রথমে ভালকৈ চলাবলৈ শিকা,
তেতিয়াহে আনক চলাব পাৰিবা।
( লক্ষ্মীনাথ বেজবৰুৱা )
৪৬/
পাঁচি সজা,
কামি চাঁছা সন্মানৰ কাম,
নীচ মাথোঁ এলেহুৱা।
( লক্ষ্মীনাথ বেজবৰুৱা )
৪৭/
বিশ্ব মানৱৰ অসংখ্য তাঁৰৰ
এডালো তাঁৰ যি সাহিত্যিকে কঁপাব পাৰিব,
তেওঁৱেই প্রকৃত সাহিত্যিক।
( লক্ষ্মীনাথ বেজবৰুৱা )
৪৮/
লোকৰ কথা মন দি শুনিবা,
ভাল কিতাব মন দি পঢ়িবা আৰু
তাত অসাৰুৱা কথাভাগ বাদ দি সাৰুৱা
ভাগ জুকিয়াই মনত থ'বা।
( লক্ষ্মীনাথ বেজবৰুৱা )
৪৯/
মানুহৰ অহংকাৰে
কেতিয়াও সত্যক গ্রহণ কৰিব নিদিয়ে,
সেইবাবে অহংকাৰ কৰা
উচিত নহয়।
( গৌতম বুদ্ধ )
৫০/
ভাল কামৰ বাবে কিছু বিশেষ
মুহূর্ত শান্ত আৰু হাঁহি মুখে পৰিস্থিতি
নিয়ন্ত্রণ কৰিবলৈ শিকা উচিত।
( গৌতম বুদ্ধ )
৫১/
আনৰ আচণে
যাতে কেতিয়াও আমাৰ ভিতৰৰ
শান্তি নষ্ট কৰিব নোৱাৰে তালৈ
লক্ষ্য ৰাখিব লাগে।
( গৌতম বুদ্ধ )
৫২/
জীৱনত যদি আমি
ভাল কথা ভাবো তেনেহলে আমাৰ
জীৱনত ভালেই হয়।
সেইদৰে বেয়া কথা চিন্তা
কৰিলে বেয়াই হয়।
( গৌতম বুদ্ধ )
৫৩/
জীৱনৰ নিয়ম হ'ল
সদায় ভুল মানুহবোৰে আপোনাক
সঠিক শিক্ষা দিব, আৰু
তাক আপুনি গ্রহণ কৰিব লাগিব।
( গৌতম বুদ্ধ )
৫৪/
জীৱনৰ সকলো বস্তুৰ বাবে
এক নির্দিষ্ট সময় আছে,
সেয়ে ধৈর্য ধৰা আৰু জীৱনৰ প্রতি
কৃতজ্ঞ হোৱা।
( গৌতম বুদ্ধ )
৫৫/
জীৱনত যিজনে তোমাক বিশ্বাস কৰে
তেওঁক কেতিয়াও মিছা নকবা,
আৰু যিজনে মিছা কয়
তেওঁক বিশ্বাস নকৰিবা।
( গৌতম বুদ্ধ )
৫৬/
তুমি যদি আনৰ জীৱনত
আশাৰ বন্তি জ্বলোৱা তেনেহলে
সেই পোহৰে তোমাৰ
অহা যোৱা কৰা পথকেই আলোকিত কৰিব।
( গৌতম বুদ্ধ )
৫৭/
য'ত সকলো আশা
আকাংক্ষাৰ পৰিসমাপ্তি ঘটে
তাৰ পৰাই জীৱনৰ শান্তি
আৰম্ভ হয়।
( গৌতম বুদ্ধ )
৫৮/
যদি কাৰোবাৰ ওচৰত সম্পূর্ণ
পৰিয়াল থাকে,
ভোজনৰ বাবে পর্যাপ্ত খাদ্য থাকে
আৰু বাসস্থান থাকে
তেনেহলে সেই মানুহজন কেতিয়াও
দুখীয়া নহয়।
( গৌতম বুদ্ধ )
৫৯/
পৃথিৱীত কোনো বিষ নাই যিয়ে
যোগাত্মক বা পজিটিব মানুহৰ ক্ষতি কৰিব পাৰে,
পৃথিৱীত এনে কোনো অমৃত নাই
যিয়ে কোনো ঋণাত্মক বা
নিগিটিভ মানুহক সুস্থ কৰি তুলিব পাৰে।
( গৌতম বুদ্ধ )
৬০/
জীৱনট পোৱা কষ্টবোৰেই
হ'ল আমাৰ বাবে শ্রেষ্ঠ উপহাৰ,
যিবোৰৰ পৰা শিকিব পাৰো।
( গৌতম বুদ্ধ )
মহৎ লোকৰ বাণী
৬১/
এটা মুহূর্ত এটা দিন সলনি
কৰি দিব পাৰে,
এটা দিনে এটা জীৱন সলনি কৰি
দিব পাৰে,
এটা জীৱনে গোটেই বিশ্বকে
সলনি কৰি দিব পাৰে।
( গৌতম বুদ্ধ )
৬২/
জীৱনত কিবা এটা লক্ষ্য বা উদ্দেশ্যত
উপনীত হোৱাতকৈ,
সেই লক্ষ্যৰ উদ্দেশ্য কৰা যাত্রা ভালদৰে
সম্পূর্ণ কৰাটো বেছি মহত্বপূর্ণ।
( গৌতম বুদ্ধ )
৬৩/
ভৱিষ্যতৰ সপোতন হেৰাই নাযাবা,
অতীতত হেৰাই নাযাবা,
কেৱল বর্তমানত মনোযোগ দিয়া।
( গৌতম বুদ্ধ )
৬৪/
গৌতম বুদ্ধক কোনোবাই শুধিছিল
মানুহৰ ভুল ধাৰণা কি ?
গৌতম বুদ্ধে উত্তৰ দিছিল যে
মানুহে ভাবে তেওঁলোৰ হাতত বহুত সময় আছে
কিন্তু সেয়া তেওঁলোকৰ ভুল ধাৰণা।
( গৌতম বুদ্ধ )
৬৫/
মানুহ স্বার্থপৰ, যুক্তিহীন আৰু
অবিবেচক হ'ব পাৰে,
তৎসত্ত্বেও তেওঁলোকক ভাল পাই থাকিবা।
( মাদাৰ টেৰেছা )
৬৬/
তুমি যদি নিঃস্বার্থভাৱে কিবা ভাল কাম
কৰি আছা,
মানুহে তেতিয়াও তোমাৰ কামত
স্বার্থৰ গোন্ধ পাব।
তথাপিও ভাল কাম কৰিবলৈ নেৰিবা।
( মাদাৰ টেৰেছা )
৬৭/
তুমি যদি সফল হোৱা,
বহুত মিছা বন্ধু আৰু সঁচা শত্ৰুৰ
সন্মুখীন হ'বা,
তথাপিও সফলতাৰ জখলাৰে উঠি
যাবলৈ নেৰিবা।
( মাদাৰ টেৰেছা )
৬৮/
সততা আৰু স্পষ্টবাদিতাৰ বাবে
বহু সময়ত তুমি হয়তো আঘাত পাবা,
তথাপিও সৎ আৰু স্পষ্টবাদী হ'বা।
( মাদাৰ টেৰেছা )
৬৯/
তোমাৰ বহু বছৰৰ সাধনাৰ অন্তত গঢ়ি
উঠা এটা কাম বা প্রতিষ্ঠা
খন্তেকতে তচনচ হ'ব পাৰে,
তথাপিও গঢ়াৰ সাধনা নেৰিবা।
( মাদাৰ টেৰেছা )
৭০/
কাৰোবাক আঘাত দি নাভাবিবা
যে তেওঁ অবুজ বা দুর্বল
মনত ৰাখিবা তেওঁ তোমাক বিশ্বাস কৰিছিল
যাৰ তুমি যোগ্য নাছিলা।
( মাদাৰ টেৰেছা )
৭১/
খং, হিংসা, লোভ এই তিনিতা হ'ল
মানুহৰ ডাঙৰ ৰোগ,
এই তিনিতা কেতিয়াওঁ আহিব নিদিব।
( ছাই বাবা )
৭২/
যদি মোৰ কোনো ভক্তই পঢ়িবলৈ
আৰাম্ভ কৰে,
তেওঁক মই হাত আগুৱাই দি
সহায় কৰোঁ।
( ছাই বাবা )
৭৩/
যদি কোনোবাই মোক সময় দিয়ে,
আৰু মোৰ ওচৰত আহে
তেনেহলে তাৰ মৃৰ্ত্যক লৈ কোনো ভয়
পোৱা উচিত নহয়।
( ছাই বাবা )
৭৪/
মই কাৰো ওপৰত ৰাগ নকৰো,
কোনো মা কি তাৰ
সন্তানৰ ওপৰত ৰাগ কৰিব পাৰে ?
সাগৰ কি তাৰ পানী নদীত
এৰি দিব পাৰে।
( ছাই বাবা )
৭৫/
অন্ধ তেওঁ নহয় যিয়ে চকুত
দেখা নাপায়,
অন্ধ তেওঁ যিয়ে নিজৰ দোষ
দেখা নাপায়।
( ছাই বাবা )
৭৬/
ভোগ লগা মানুহক অন্ন দিয়া,
পিয়াহ লগা মানুহক পানী দিয়া,
বস্র নথকা মানুহক বস্র দিয়া,
তেনেহলেই ভগৱান সন্তুষ্ট হ'ব।
( ছাই বাবা )
৭৭/
যদি কোনো ঘটনাত মানুহ ভয়প্রাপ্ত হয়
তেনেহলে পৰাজয় হয়,
আৰু যিজন ছব হেৰাইও শান্ত থাকে
তেওঁ হ'ল বিজয়ী।
( শ্রী কৃষ্ণ )
৭৮/
সময় কেতিয়াও মানুহৰ নির্দেশত নচলে
মানুহক সময়ৰ নির্দেশিত
পথত চলিব লাগে।
( শ্রী কৃষ্ণ )
৭৯/
যি বেলেগৰ খানা কাঢ়ি খায়
তেওঁৰ কোনোদিনেই পেট নভৰে,
যে পাচজনক দি খায়
তেওঁ কোনোদিনেই ভোখা নাথাকে।
( শ্রী কৃষ্ণ )
৮০/
জীৱনত চলাৰ পথত বাধা আহিব
কিন্তু সেই পৰিস্থিত ধর্মৰ লগত থাকা,
মনত ৰাখিবা
জয় কিন্তু সত্যৰই হয়।
( শ্রী কৃষ্ণ )
৮১/
জীৱনলৈ চিন্তা কৰিবলৈ গৈ
সকলো সময়ত মনত ৰাখিবা
দোষ ধৰি ৰাখি অতীতৰ সমস্যা
সমাধান নহ'ব,
আৰু দুৰচিন্তা কৰি ভবিষ্যত
পৰিবর্তন নহ'ব।
( শ্রী কৃষ্ণ )
৮২/
পৰুষ নিজকে যিমানেই মহান
নাভাবক কিয়, তাৰ জন্ম নাৰীৰ গর্ভতেই হৈছে।
কোনো নাৰী নিজকে যিমানেই
আধুনিকা গঢ়ি নতুলক কিয়
তাৰ পূর্ণতা দান কোনো পৰুষেই কৰিছে।
( শ্রী কৃষ্ণ )
৮৩/
লোভি মানুহ কোনো দিনেই
দুখৰ ভাগ নলয়,
তেওঁলোক সকলো সময়ত সুখৰ ভাগ
লোৱাৰ বাবে বহি থাকে।
( শ্রী কৃষ্ণ )
৮৪/
পলম কৰি হ'ব কিন্তু হ'ব
তুমি যি চোৱা সেয়াই হ'ব।
মনত ৰাখিবা তোমাৰ সময় বেয়া
তোমাৰ জীৱন নহয়,
অপেক্ষা কৰা সকলো হ'ব।
( শ্রী কৃষ্ণ )
৮৫/
বিবেক মানুহৰ প্রধান বিচাৰ
যি ব্যক্তি নিজৰ বিবেকক ওচৰত
প্রশ্ন কৰিব জানে,
তেওঁক কোনোদিন কোনো বিচাৰৰ সন্মুখিন
হ'ব লগা নহয়।
( শ্রী কৃষ্ণ )
৮৬/
ব্যৱসাৰ ক্ষেত্রত পৰিকল্পনাৰ আগত
হৈ যোৱা ভুলবোৰৰ পৰা
শিক্ষা লোৱা বেছি জৰুৰী।
( ওয়াৰেন বাফেট )
৮৭/
মই সকলো সময়তে জানিছিলো
যে মই এদিন ধনী হ'ম,
জীৱনত এক মিনিটৰ বাবেও
এই বিষয়ে সন্দেহ নাছিল।
( ওয়াৰেন বাফেট )
৮৮/
যদি তুমি পৃথিৱীৰ ১% ভাগ্যৱান ভিতৰত
এজনো হোৱা,
তেতিয়াও ৯৯% মানুহৰ উন্নতিৰ কথা
চিন্তা কৰা তোমাৰ দায়িত্ব।
( ওয়াৰেন বাফেট )
৮৯/
যদি কোনো কাম ১০ বছৰ লৈকে
কৰিবলৈ ইচ্ছা নহয়,
তেনেহলে সেই কাম ১০ মিনিট কৰাই মূর্খামি।
( ওয়াৰেন বাফেট )
৯০/
নিজক কাৰোবাৰ লগত তুলনা নকৰিব,
যদি কৰা,
তেনেহলে আপুনি নিজেই নিজক
অপমান কৰিব।
( বিলগেট )
মহৎ লোকৰ বাণী
৯১/
আপুনি যদি ভুল কৰে
সেয়া আপোনাৰ মা-দেউতাৰ ভুল নহয়,
সেয়েহে ভুল কৰাৰ বাবে
দুখ নকৰিবা
ভুলৰ পৰা শিক্ষা লোৱা।
( বিলগেট )
৯২/
মানুহ পৰিৱর্তনক ভয় পায়
যেতিয়া বিদ্যুৎ আবিস্কাৰ হৈছিল
তেতিয়াও মানুহে ভয় পাইছিল।
( বিলগেট )
৯৩/
পৃথিৱীৰ কোনো মানুহেই
আপোনাৰ মূল্য লৈ নাভাবে,
সকলোয়ে আপোনাৰ পৰা কিবা এটা
আশা কৰে।
( বিলগেট )
৯৪/
যদি তোমাৰ সপোন দেখাৰ সাহস থাকে,
আৰু সেই সপোনৰ বাবে যদি তুমি
মৰিবলৈ সাজো থাকা
তেনেহলে টকাৰ অভাৱ কোনো
বাধাই নহব।
( জ্যাক'মা )
৯৫/
যদি চেষ্টা নকৰা
তেনেহলে কেনেকৈ বুজিবা
যে পাৰিবা নে নোৱাৰিবা।
( জ্যাক'মা )
৯৬/
আপোনাৰ মাজত যি বস্তুটো থকা
সকলো সময়ত জৰুৰী
সেয়া হৈছে ধৈর্য।
( জ্যাক'মা )
৯৭/
৩০ বছৰৰ আগত এটা সৰু
কোম্পানীত কাম কৰক, তাত আপুনি
ধৈর্য ধৰা আৰু সপোন দেখা
শিকিব পাৰিব।
( জ্যাক'মা )
৯৮/
তুমি কি কৈছা সেয়া পৃথিৱী মনত নাৰাখে,
কিন্তু তোমাৰ কামক পৃথিৱী থকা
লৈকে মনত ৰাখিব।
( জ্যাক'মা )
৯৯/
জীৱনত যদি কিবা কৰিব বিচৰা
তেনেহলে অকলে কেনেকৈ
যুঁজিব লাগে সেয়া শিকি লোৱা।
( নেলছন মেণ্ডেলা )
১০০/
মোক মোৰ সফলতা দি বিচাৰ নকৰিবা,
ব্যর্থতাৰ পৰা কিমান বাৰ ঘূৰি
থিয় হৈছো, সেইটোলৈ বিচাৰ কৰিবা।
( নেলছন মেণ্ডেলা )
মহৎ লোকৰ বাণী অকল পঢ়িলেই নহব, এই মহৎ লোকৰ মহান বাণী সমূহ নিজৰ জীৱনত কামত লগাব লাগিব। আৰু এই মহৎ লোকৰ বাণী পৰা প্ৰেৰণা লৈ জীৱনত আগবাঢ়িব লাগিব।
মহৎ লোকৰ মহান বাণী
১০১/
তুমি যিমান মূল্যবান হ'বা,
সিমানেই সমালোচনাৰ
সন্মুখিন হ'বা।
( নেলছন মেণ্ডেলা )
১০২/
স্বাধীন মনৰ অধিকাৰী বন্ধুসকলক
মই পছন্দ কৰোঁ, কাৰণ
সিহঁত বিভিন্ন সমস্যাক সকলো দৃষ্টিকোণৰ
পৰা চাবলৈ আপোনাক সহায় কৰে।
( নেলছন মেণ্ডেলা )
১০৩/
জনগণৰ মুক্তিৰ বাবে
অৱশ্যই সকলোবোৰ ত্যাগৰ বাবে
প্রকৃত নেতাসকলে প্রস্তত
থাকিব লাগিব।
( নেলছন মেণ্ডেলা )
১০৪/
আপুনি আপোনাৰ
বন্ধু সলাব পাৰে, কিন্তু
ওচৰ চুবুৰীয়া নহয়।
( অটল বিহাৰী বাজপেয়ী )
১০৫/
চৰকাৰৰ পৰা
সেৱা মূলক কামৰ আশা কৰিব নোৱাৰি,
তাৰ বাবে অকল সমাজ সেৱা মূলক প্রতিষ্ঠান বোৰ
আগুৱাই আহিব লাগিব।
( অটল বিহাৰী বাজপেয়ী )
১০৬/
মই হিন্দু পৰম্পৰাৰ ওচৰত
গর্ব কৰো, কিন্তু ভাৰতীয় পৰম্পৰাৰ ওচৰত
আৰু অধিক গর্ব কৰোঁ।
( অটল বিহাৰী বাজপেয়ী )
১০৭/
এতিয়া আগতে হৈ যোৱা
ভুলৰ প্রতিশোধৰ সময় নহয়,
কিন্তু সেই ভালটো ঠিক কৰাহে সময়।
( অটল বিহাৰী বাজপেয়ী )
১০৮/
কিছুমান সাধু কবিয়ে কৈছে,
যে কোনেও মানুহৰ ওপৰত নহয়!
মই ভাবো তেওঁৰ মন মানুহৰ ওপৰত।
( অটল বিহাৰী বাজপেয়ী )
১০৯/
মানুহ আৰু মানুহৰ মাজত
পার্থক্যৰ বেৰ ভাঙিব লাগিব,
তাৰ বাবে এটা জাতিৰ
( অটল বিহাৰী বাজপেয়ী )
১১০/
এনেকুৱা সুখ সদায়ে
আমাৰ লগত থাকিব লাগে,
যিটো কেতিয়াওঁ নাছিল
কেতিয়াওঁ নাই আৰু কেতিয়াওঁ
নাথাকিব।
( অটল বিহাৰী বাজপেয়ী )
১১১/
মানুহে পৰিস্থিতিৰ লগত যুদ্ধ
কৰিব লাগে, এবাৰ যদি
সপোন ভাঙি যায়,
দ্বিতীয়বাৰ পূনৰ গঢ় লৈ উঠিব।
( অটল বিহাৰী বাজপেয়ী )
১১২/
সৰু মনৰ দ্বাৰা
কোনো ডাঙৰ হ'ব নোৱাৰে,
এবাৰ মন ভাঙি গ'লে কোনেও সফল
হ'ব নোৱাৰে।
( অটল বিহাৰী বাজপেয়ী )
১১৩/
ঈশ্বৰৰ বাবে খুশিৰ গান গোৱা,
প্রভুৰ নামৰ সেৱা কৰা, আৰু তাৰ
সেৱকৰ সেৱক হৈ যোৱা।
( গুৰু নানক )
১১৪/
যাৰ নিজৰ ওপৰত
বিশ্বাস নাই, তেওঁ কেতিয়াওঁ
ভগৱানক বিশ্বাস নকৰে।
( গুৰু নানক )
১১৫/
বন্ধু সকল আমি কেতিয়াওঁ
মৃত্যুক বেয়া বুলি নকলো হেঁতেন,
যদি জানিলোঁ হেঁতেন যে
বাস্তৱত কেনেকৈ মৰিব পাৰি।
( গুৰু নানক )
১১৬/
কেতিয়াবা কেতিয়াবা
জীৱন আপোনাৰ মূৰত ইটা দি
আঘাত কৰিব,
তেতিয়া বিশ্বাস হেৰাই নেপেলাব।
( ষ্টিভ জবছ )
১১৭/
মোৰ ওচৰত
কম্পিউটাৰ হ'ল এনেকুৱা এটা
অসাধাৰণ টোল যি আমি বনাইছো,
এইটো মনৰ বাইছেকেলেৰ
সমতুল্য ক'লেও ভুল নহ'ব।
( ষ্টিভ জবছ )
১১৮/
বিশ্বৰ সেৰা ধনী হোৱা
মোৰ ওচৰত মূল বিষয় নহয়,
কিন্তু ৰাতি টোপনি যোৱাৰ সময়ত
যাতে ক'ব পাৰোঁ,
হয় মই অসাধাৰণ কিবা কৰিছোঁ।
( ষ্টিভ জবছ )
mohot lukor bani
১১৯/
মানুহৰ লগত সহজ সৰল
ব্যৱহাৰ কৰা মোৰ কাম নহয়,
মোৰ কাম হ'ল
মানুহক দি আৰু ভাল
কিবা কৰোৱা।
( ষ্টিভ জবছ )
১২০/
যি মানুহবোৰে ভাবে
যে তেওলোকে পৃথিৱী সলনি কৰি
দিব পাৰে, সেই সকলে
সেইটোৱেই কৰি দেখুৱাই।
( ষ্টিভ জবছ )
১২১/
আপোনাৰ জীৱনৰ
প্রতিটো মুহূ্র্তই আপোনাৰ
ভবিষ্যতক গঢ়িবলৈ কাম কৰে,
সেই বাবে প্রতিটো মুহূ্র্তকেই
কামত লগাব চেষ্টা কৰক।
( ষ্টিভ জবছ )
১২২/
যিকনো সময়ত মৰি যাব পাৰো,
এই চিন্তাই আমাক সকলোতকৈ ডাঙৰৰ
সিন্ধান্তবোৰ নিবলৈ সাহায্য কৰে।
( ষ্টিভ জবছ )
১২৩/
ধনৰ অহংকাৰ কৰাজন হৈছে মূৰ্খ, কাৰন
ধনে বাহ্যিক সুখ দিব পাৰে কিন্তু
মনৰ সুখ দিব নোৱাৰে।
( চানক্য )
১২৪/
কর্মৰে উপাৰ্জন কৰাজনৰ
ইচ্ছা পূৰণ নহব পাৰে, কিন্তু
ৰাতি টোপনি ভালকৈ মাৰিব পাৰে।
( চানক্য )
১২৫/
কাৰােবাক বেয়া বুলি
কোৱাৰ আগতে এবাৰ ভাবি চাবা
তুমি নিজে কিমান ভাল।
( চানক্য )
১২৬/
তিনিটা বস্তুত কেতিয়াও লাজ নকৰিবা,
পুৰণি পােছাক বৃদ্ধ মা-দেউতা
সৰল জীৱন যাপন।
( চানক্য )
১২৭/
সময় হ'ল জীৱনৰ মুদ্রা,
ইয়াক কেৱল মূল্যৱান বস্তু ক্রয় কৰাতহে
ব্যৱহাৰ কৰিবা।
( চানক্য )
১২৮/
কেতিয়াও বয়স আৰু টকাক লৈ
অহংকাৰ নকৰিবা,
কাৰণ গণনা কৰিব পৰা বস্তুবােৰ এদিন
শেষ হৈ যায়।
( চানক্য )
১২৯/
আপােন-পৰ বিচাৰি মন্তব্য দিয়াজন
ভদ্র মানুহ নহয়, প্রকৃত ভদ্র সেইজন
যিয়ে ভালটোক ভাল আৰু বেয়াটোক বেয়া বুলি
সাহসেৰে ক'ব পাৰে।
( চানক্য )
১৩০/
জীৱনটো সেইটো পুখুৰীৰ দৰে
গঢ় দিয়া য’ত সিংহয়েও পানী খাব
ছাগলীয়েও পানী খাব।
কিন্তু মূৰটো তললৈ কৰি।
( চানক্য )
মহৎ লোকৰ বাণী
১৩১/
মােৰ ধৰ্ম ভাল, তােমাৰ ধর্ম বেয়া বুলি যুদ্ধ তর্ক কৰি
তােমাৰ ধর্মক শ্রেষ্ঠ কৰিব নােৱাৰা,
তুমি যদি তােমাৰ ধৰ্মক সচাঁই ভালপােৱা তুমি সৎ কর্মৰে
তােমাৰ ধৰ্মক সন্মান দিব লাগিব।
( চানক্য )
১৩২/
কল্পনাৰ সাগৰত ডুবি নহয়
বাস্তৱতাৰ নৈত সাতুৰিব শিকক
তেহে জীৱনৰ লক্ষ্যত উপনীত
হ'ব পাৰিবা।
( আব্দুল কালাম )
১৩৩/
জীৱনত কিবা
এটা উন্নতি কৰিবলৈ হ'লে
জ্ঞানীৰ লগত ঘুৰিবা মূ্র্খৰ
লগত নহয়।
( আব্দুল কালাম )
১৩৪/
তুমি তোমাৰ ভবিষ্যত
সলনি কৰিব নোৱাৰা, কিন্তু
তোমাৰ অভ্যাসক সলনি কৰিব পাৰা
আৰু অভ্যাসে তোমাৰ ভবিষ্যত
সলনি কৰিবব।
( আব্দুল কালাম )
১৩৫/
যদি তুমি
পৃথিৱীখন সলনি কৰিব বিচৰা
প্রথমে তোমাৰ পৰিয়ালটোৰ পৰাই
আৰাম্ভ কৰা।
( আব্দুল কালাম )
১৩৬/
ধৈর্য দুর্বলতাৰ প্রতীক নহয়
দুর্বলতাৰ প্রতীক হ'ল খং
ধৈর্য হ'ল শক্তিৰ প্রতীক।
( আব্দুল কালাম )
১৩৭/
আমি যদি প্রবল ধুমুহা কঢ়িয়াই অনা
আগন্তুক বিপদৰ পৰা ৰক্ষা পাবলৈ বিচাৰাে
তেতিয়া ধুমুহাৰ আগে আগেই আমাৰ নাওখন
এৰি দিব লাগিব।
( মহাত্মা গান্ধী )
১৩৮/
মানুহৰ সেৱাৰ মাজেদি মই ইশ্বৰক
লগ পাবলৈ বিচাৰে,
কাৰণ ঈশ্বৰ স্বর্গ বা পাতালত নাই,
আছে মানুহৰ অন্তৰত।
( মহাত্মা গান্ধী )
১৩৯/
অহিংসা কেৱল ঋষি মনিৰ বাবেই নহয়,
ই সর্ব-সাধাৰনৰ বাবেও।
অহিংসা মানৱীয় ধর্ম আৰু সিংসা
হৈছে পশুৰ ধর্ম।
( মহাত্মা গান্ধী )
১৪০/
অসিংসাৰ পূজাৰী
সকল ভয়াতুৰ লোক নহয়,
তেওঁলোক হ'ল মানৱ জাতিৰ ত্রাণকর্তা।
( মহাত্মা গান্ধী )
১৪১/
মই একেৰাহে কেবাদিনো উপবাসে
থাকিব পাৰোঁ,
কিন্তু ভগৱানক প্রার্থনা নকৰাকৈ এদিনো
থাকিব নোৱাৰো।
( মহাত্মা গান্ধী )
১৪২/
এদিনো যদি আপোনাৰ সমস্যা অহা নাই
তেনেহলে সুনিশ্চিত যে আপুনি
ভুল পথে গতি কৰিছে।
( স্বামী বিবেকানন্দ )
১৪৩/
দুর্বলতাক কেতিয়াওঁ
ঠাই নিদিবা আৰু ইয়াক
বাঢ়িবলৈ নিদিবা।
( স্বামী বিবেকানন্দ )
১৪৪/
যি সত্য তাক নির্ভয়ে
সমাজৰ আগত কোৱা,
এদিন নহয় এদিন সমাজে
স্বীকাৰ কৰিবই।
( স্বামী বিবেকানন্দ )
১৪৫/
যিজনে এই জনমতেই
মুক্তি লাভ কৰিব বিচাৰে,
তেন্তে তেওঁ এই জনমতেই
হাজাৰ বছৰৰ কাম কৰিব লাগিব।
( স্বামী বিবেকানন্দ )
১৪৬/
উঠা আৰু জাগ্রত হোৱা
যেতিয়ালৈ তুমি তোমাৰ লক্ষ্যত
উপনিত হ'ব নোৱাৰা।
( স্বামী বিবেকানন্দ )
১৪৭/
কেৱল সেইজনেই জীয়াই থাকে,
যিজন কেৱল আনৰ বাবে
জীয়াই থাকে।
( স্বামী বিবেকানন্দ )
১৪৮/
আমি সেইজনেই
যাক আমাৰ চিন্তা-ধাৰাই সৃষ্টি কৰিছে,
গতিকে মনত ৰাখিব যে আপুনি
কি ভাবিছে।
( স্বামী বিবেকানন্দ )
১৪৯/
বেদনাৰ পৰা যি আনন্দৰ উৎপত্তি হয়,
সেই আনন্দৰ তুলনা নাই।
( ৰবীন্দ্ৰনাথ ঠাকুৰ )
১৫০/
আনন্দ ভাগ কৰিলে,
দুটা বস্তু পোৱা যায়। এটা হৈছে জ্ঞান,
আনটো হৈছে ভালপোৱা।
( ৰবীন্দ্ৰনাথ ঠাকুৰ )
১৫১/
ভালপোৱাৰ আনন্দ থাকে অলপ সময়,
কিন্তু বেদনা থাকে গোটেই জীৱন।
( ৰবীন্দ্ৰনাথ ঠাকুৰ )
১৫২/
আমি বন্ধুৰ পৰা
ভালপোৱা বিচাৰো,
সমবেদনা বিচাৰো,
সাহায্য বিচাৰো,
সেই বাবেই তো বন্ধুক ভালপাওঁ।
( ৰবীন্দ্ৰনাথ ঠাকুৰ )
১৫৩/
নিন্দা কৰিবলৈ হ'লে বাহিৰৰ পৰা
কৰিব পাৰি।
কিন্তু বিচাৰ কৰিবলৈ হ'লে ভিতৰত
সোমাব লাগে।
( ৰবীন্দ্ৰনাথ ঠাকুৰ )
১৫৪/
সহায়ৰ প্রয়োজন হোৱা লোকক
সহায়ৰ হাত আগবঢ়াবলৈ যাওঁতে তেওঁলোকে
তোমাক আক্রমন কৰিব পাৰে,
তথাপিও তুমি তেওঁলোকক সহায় কৰিবা।
( মাদাৰ টেৰেছা )
১৫৫/
মই অকলে পৃথিৱীখন সলাব নোৱাৰো,
কিন্তু এটা শিলগুতি দলিয়াই মই পানীত বহুতো
তৰঙ্গৰ সৃষ্টি কৰিব পাৰোঁ।
( মাদাৰ টেৰেছা )
১৫৬/
জীৱনত কিছুমান মানুহ আহে
আশির্বাদ হৈ,
আৰু কিছুমান মানুহ আহে শিক্ষা হৈ।
( মাদাৰ টেৰেছা )
১৫৭/
আপুনি যদি মানুহক বিচাৰ
কৰিব বিচাৰে,
তেনেহলে ভালপোৱাৰ সময় নাপাব।
( মাদাৰ টেৰেছা )
১৫৮/
আমাৰ মনত যদি শান্তি নাথাকে,
তেতিয়া হ'লে আমি পাহৰি গৈছো যে আমি
এক পথৰ পথিক।
( মাদাৰ টেৰেছা )
১৫৯/
তুমি জোতেই যাবা তাতেই ভালপোৱা
বিতৰণ কৰা, এজন মানুহকো
এনেই উবতাই নিদিবা।
( মাদাৰ টেৰেছা )
১৬০/
যদি তুমি দৃশ্যমান মানুহকে
ভাল পাব নোৱাৰা
তেন্তে অদৃশ্য ইশ্বৰক কেনেকৈ
ভাল পাবা।
( মাদাৰ টেৰেছা )
১৬১/
ধর্মৰ উপদেশ দিব পাৰি,
কিন্তু নির্দেশ দিব নোৱাৰি।
সকলোকে নিজৰ ধর্মক নিজেই নিচ্চিত
কৰিব লাগে।
( শ্রী কৃষ্ণ )
১৬২/
যিকোনো ব্যক্তি যি বিচাৰে
সেয়াই হ'ব পাৰে,
যদি সেই বিষয়েৰ ওপৰত বিশ্বাস
ৰাখি চিন্তা কৰে।
( শ্রী কৃষ্ণ )
১৬৩/
আজি যি তোমাৰ আছে
সেয়া আগত কাৰোবাৰ আছিল,
আৰু ভবিষ্যতে বেলেগ কাৰোবাৰ হৈ যাব
এয়াই সংসাৰৰ নিয়ম।
( শ্রী কৃষ্ণ )
১৬৪/
জোন আৰু সূর্য
যেনে তুলনা নহয়, ঠিক তেনেকৈ
তোমাৰ জীৱনটো বেলেগৰ
তুলনা নকৰিবা,
যাৰ যেতিয়া সময় আহিব
তেওঁ তেতিয়াই উজ্বলিব।
( শ্রী কৃষ্ণ )
১৬৫/
কাৰোবাৰ ওপৰত ৰাগ কৰি থকা
অর্থ হ'ল, যে
নিজে বিষ খাই বেলেগগক মৰাৰ
আশা কৰা,
ক্ষতি কিন্তু তোমাৰ হ'ব।
( শ্রী কৃষ্ণ )
১৬৬/
পৃথিৱীতকৈ ডাঙৰ হ'ল মা,
স্বর্গতকৈ উখ হ'ল দেউতা,
বায়ুতকৈ দ্রুতগামী হ'ল মন,
পৃথিৱীত ঘাসতকৈ সংখ্যাত বেছি
হ'ল দুৰচিন্তা।
( শ্রী কৃষ্ণ )
১৬৭/
জীৱনক এক দীঘল যাত্রা পথত মন
কৰি আগুৱাই যোৱা,
তোমাৰ উদেশ্য ঠিক থাকিলে
এদিন সঠিক পথৰ সন্ধান পাবা।
( শ্রী কৃষ্ণ )
১৬৮/
যদি এনেকুৱা এটা পদ্ধতি উলাব নোৱাৰা
যে তুমি টোপনিত থাকিলেও
টকা উপার্জন হয়,
তেনেহলে মৰাৰ মুহূর্তলৈকে তোমাৰ
কাম কৰি যাব লাগিব।
( ওয়াৰেন বাফেট )
১৬৯/
মই ১১ বছৰ বয়সত প্রথম বিনিয়োগ কৰো,
তাৰ আগ মুহূর্তলৈকে মই অকল
সময় নষ্ট কৰিছো।
( ওয়াৰেন বাফেট )
১৭০/
যদি তুমি অপ্রয়োজনীয় বস্তু ক্রয় কৰি থাকা,
তেনেহলে অতি সোনকালে
তোমাৰ প্রয়োজনীয় বস্তুবোৰ বিক্রি
কৰিব লাগিব।
( ওয়াৰেন বাফেট )
মহৎ লোকৰ বাণী
১৭১/
সকলোতকৈ সুখী মানুহৰ ওচৰত
সকলোবোৰ নাই, তেওঁলোকৰ ওচৰত
যি আছে সেইখিনি লৈ তেওঁলোক সুখী।
( ওয়াৰেন বাফেট )
১৭২/
মোৰ জীৱনৰ সকলোতকৈ ভাল
কামটো আছিল,
সঠিক মানুহবোৰক আদর্শ হিচাবে
বাচি লোৱা।
( ওয়াৰেন বাফেট )
১৭৩/
যদি তুমি তোমাৰ ব্যৱসায়ৰ দুর্বলতাৰ
বিষয়ে জানা, তেনেহলে ভয় নাই।
আৰু যদি নাজানা তেতিয়ায়া হ'লে বহুত
বিপদত আছা।
( ওয়াৰেন বাফেট )
১৭৪/
যদি তুমি আৱেক নিয়ন্ত্রণ কৰিব নোৱাৰা
তেনেহলে আর্থিক অবস্থাও
নিয়ন্ত্রণ কৰিব নোৱাৰিব।
( ওয়াৰেন বাফেট )
১৭৫/
সাফল্য এটা পৰিপূর্ণ শিক্ষক,
এইটো স্মার্ট মানুহৰ চিন্তাৰ মাজত
সোমাই দিলে কেতিয়াও বিফল নহব।
( বিলগেট )
১৭৬/
যদি মই পৰৱর্তী প্রজন্মক দেখো
তেনেহলে লিডাৰ সেই জন হ'ব
যিয়ে বেলেগক সক্ষম বনাব পাৰে।
( বিলগেট )
১৭৭/
আমাৰ প্রত্যেকৰে
এনেকুৱা এজন মানুহৰ প্রয়োজন
যিয়ে আমাৰ কামৰ বিষয়ে
মতামত দিব,
তেনেহলে জীৱনত সফল হ'ব পাৰিম।
( বিলগেট )
১৭৮/
যেতিয়া তোমাৰ পকেটত টকা থাকিব
তেতিয়া তুমি পাহৰি যাবা
পৃথিৱীৰ মানুহ বোৰক,
কিন্তু যেতিয়া তোমাৰ পকেট খালি থাকিব
তেতিয়া মানুহে পাহৰি যাব
তুমি কোন।
( বিলগেট )
১৭৯/
এবাৰ মই কেইটামান
Subject ত ফেল কৰিছিলো,
কিন্তু মোৰ বন্ধু সকলে পাচ কৰিছিল
এতিয়া তেওঁলোক মাইক্রোছফটৰ ইঞ্জিনিয়াৰ
আৰু মই মাইক্রোছফটৰ প্রতিষ্ঠাতা।
( বিলগেট )
১৮০/
আপুনি যদি গৰিৱ হৈ জন্ম লয় সেয়া
আপোনাৰ দোষ নহয়,
কিন্তু যদি গৰিৱ হৈয়েই মৃর্ত্যু বৰন কৰে
সেয়া আপোনাৰ দোষ।
( বিলগেট )
১৮১/
অতীতৰ সাফল্য হয়তো তোমাক
ব্যর্থতা লৈ যাব,
কিন্তু যদি তুমি প্রতিটো ব্যর্থতাৰ পৰা
শিক্ষা ল'ব পাৰা
তেনেহলে দিনৰ শেষত তুমি এজন
সফল মানুহ হ'বা।
( জ্যাক'মা )
১৮২/
তেওঁলোকে মোৰ নাম দিছে
পাগল জ্যাক,
মই মন কৰোঁ পাগল বেয়া নহয়
আমি পাগল কিন্তু আমি বর্বক নহয়।
( জ্যাক'মা )
১৮৩/
সকলোয়ে তোমাক পছন্দ কৰিব
সেয়া অসম্ভৱ, কিন্তু
এইটো সম্ভৱ, যে সকলোয়ে সন্মান কৰিব।
( জ্যাক'মা )
১৮৪/
যদি তুমি আকাৰত সৰু
তেনেহলে শৰীৰৰ শক্তিৰ সলনি
মগজুৰ শক্তিৰ ওপৰত ভৰষা
কৰা উচিত।
( জ্যাক'মা )
১৮৫/
মই ব্যর্থ হ'লেও কোনো সমস্যা নাছিল,
অন্তত মোৰ আইডিয়াটো মানুহে
জানিলে হেতেন,
মই সফল নহলেও বেলেগে নিচ্ছয়
হ'ল হেতেন।
( জ্যাক'মা )
১৮৬/
৫০ বছৰ বয়স হোৱাৰ পিছত
তোমাৰ জ্ঞান আৰু সম্পদক নতুন বোৰক
সাহায্যৰ কামত লগাওক,
কাৰণ তেওঁলোকে যি কোনো কাম
তোমাতকৈ ভালকৈ কৰিব পাৰিব।
( জ্যাক'মা )
১৮৭/
তোমাৰ কামত যেন
তোমাৰ ভয়বোৰৰ সলনি
আশাবোৰ প্রকাশ পায়।
( নেলছন মেণ্ডেলা )
১৮৮/
যেতিয়া এজন মানুহে
বিবেচনা কৰে যে নিজ জাতি আৰু
দেশৰ প্রতি তেওঁ দায়িত্ব পালন
কৰিছে, তেতিয়া তেওঁ শান্তিতে
মৃত্যু বৰণ কৰিব পাৰে।
( নেলছন মেণ্ডেলা )
১৮৯/
কোৱা হয় যে
কোনেও এটা জাতিক জানিব নোৱাৰে,
যেতিয়ালৈকে কোনোবাই
কাৰাবন্দি নাথাকে।
( নেলছন মেণ্ডেলা )
১৯০/
পিছফালৰ পৰা নেতৃত্ব দিয়া
আৰু লগৰিয়াক বিশ্বাস দিয়া যে
নেতা আছে আগত।
( নেলছন মেণ্ডেলা )
১৯১/
শিক্ষা হৈছে সকলোতকৈ
শক্তিশালী অস্র,
যাৰ মাধ্যমত পৃথিৱী সলনি
কৰিব পাৰোঁ।
( নেলছন মেণ্ডেলা )
১৯২/
চিৰকালৰ বাবে তুমি জীয়াই থাকিবা
সেই ভাবি শিকিবা,
আৰু কাইলৈকে তোমাৰ মৃত্যু ঘটিব,
সেই ভাবি জীয়াই থাকিবা।
(মহাত্ম গান্ধী)
১৯৩/
চোৱা, এটা সমাধিয়ে আজি তেওঁৰ কাৰণে পৰ্যাপ্ত,
অথচ জীয়াই থাকোঁতে তেওঁক
গোটেই জগতখনেও অটা নাছিল।
( মহামতি আলেকজেণ্ডাৰ )
১৯৪/
চিৰদিন জীয়াই থাকিবা বুলি ভাবি
তুমি সপোন দেখিবা।
কাইলৈৰ দিনটোৱেই তোমাৰ শেষ দিন
এই ভাবি জীয়াই থাকিবা।
( জেমছ ডিন )
১৯৫/
চিঞৰ-বাখৰ একো প্ৰমাণ নকৰে।
কুকুৰাই কণী এটা পাৰিবৰ সময়ত
এনে চিঞৰ-বাখৰ কৰে,
যেন তাই গোটেই পৃথিৱীখনকে প্ৰসৱ কৰিব।
( মাৰ্ক টোৱেইন )
মহান লোকৰ বাণী
১৯৬/
চকুলো দেখিলে আচৰিত নহ'বা।
হাঁহি-চকুলোত থাকে প্ৰত্যাশা আৰু
কান্দোনৰ চকুপানীত থাকে প্ৰতিশোধ পৰায়ণতা।
( অজ্ঞাত )
১৯৭/
জনমত এনেকুৱা এটা বস্তু
যাক দুৰ্বলীয়ে ভয় কৰে,
মূৰ্খই উলংঘা কৰে, জ্ঞানীয়ে বিচাৰ কৰে
আৰু বুদ্ধিমানে নিয়ন্ত্ৰণ কৰে।
( জ্যাঁ ৰোঁলা )
১৯৮/
জন্ম আৰু মৃত্যুৰ
একমাত্ৰ চিকিৎসা হৈছে দুয়োটাৰ মাজৰ
সময়খিনি হাঁহিৰে উপভোগ কৰা।
( জৰ্জ ছণ্টিয়ানা )
১৯৯/
জ্ঞানী মানুহে নাৰীৰ সংস্পৰ্শলৈ
অহাটোৱেই উচিত নহয়।
( টলষ্টয় )
২০০/
এবাৰ মই কেইটামান
Subject ত ফেল কৰিছিলো,
কিন্তু মোৰ বন্ধু সকলে পাচ কৰিছিল
এতিয়া তেওঁলোক মাইক্রোছফটৰ ইঞ্জিনিয়াৰ
আৰু মই মাইক্রোছফটৰ প্রতিষ্ঠাতা।
( বিলগেট )
মহৎ লোকৰ বাণী অকল পঢ়িলেই নহব, এই মহৎ লোকৰ মহান বাণী সমূহ নিজৰ জীৱনত কামত লগাব লাগিব। আৰু এই মহৎ লোকৰ বাণী পৰা প্ৰেৰণা লৈ জীৱনত আগবাঢ়িব লাগিব।
২০১/
কৰ্মশক্তিয়ে আমাক তিনিটা
অতি ভয়ঙ্কৰ অনিষ্টকাৰী শক্তিৰ পৰা ৰক্ষা কৰিব পাৰে্আ
লস্য, বদ অভ্যাস আৰু অভাৱ ৷
( ফৰাচী দাৰ্শনিক ভল্টেয়াৰ )
২০২/
আমি চৰাইৰ দৰে উৰিবলৈ শিকিছো,
মাছৰ দৰে সাঁতুৰিবলৈ শিকিছো সঁচা,
কিন্তু এই পৃথিৱীত পৰস্পৰৰ স’তে
ভাতৃৰ দৰে বসবাস কৰিবলৈ শিকা নাই ৷
( মাৰ্টিন লুথাৰ )
২০৩/
জীৱনৰ অন্য নাম সংগ্ৰাম ৷
সংগ্ৰাম অবিহনে জীৱন জীৱনেই হ'ব নোৱাৰে ৷
সংগ্ৰাম বা সংঘাতৰ স'তে যুঁজি যুঁজি মানুহে যি সাহস,
মনোবল তথা প্ৰেৰণা লাভ কৰে,
সি তেওঁক অসাধ্য সাধন কৰাত শক্তি দিয়ে ৷
( নেপোলেয়ঁ বোনাপাৰ্ট )
২০৪/
প্ৰেম হৈছে এনে এক জীৱনপুষ্প
যি প্ৰস্ফুটিত হয় অভাৱনীয়,
অপৰিকল্পিতভাৱে, কোনোৱে নজনাকৈয়ে,
প্ৰকৃতিৰ সকলো নিয়ম উলংঘা কৰি ৷
( ডি এইছ লৰেঞ্চ )
২০৫/
এগৰাকী সফল আৰু এগৰাকী
অসফল ব্যক্তিৰ মাজত থকা মূল পাৰ্থক্যটো হ'ল
সফল ব্যক্তিগৰাকীয়ে তেওঁৰ ভূলৰ পৰাই
সদায়েই শিক্ষা লৈ আগবাঢ়ে।
( ডেল কাৰ্নেগী )
২০৬/
সফলতাৰ পিছে পিছে দৌৰি নুফুৰিবা,
যদি তুমি সচাঁকৈয়ে সফল হ'ব বিচাৰিছা
তেন্তে ক্ষন্তেক জিৰণি লোৱা আৰু ভাবা
তুমি কি কৰি ভাল পোৱা আৰু কিহত বিশ্বাস কৰা ৷
দেখিবা এইবেলি সফলতাই তোমাক খেদি ফুৰিছে ৷
( ডেভিদ ফ্ৰষ্ট )
২০৭/
পৰিস্থিতি যিমানেই ভয়লগা নহওক কিয়,
দৃঢ়তা আৰু আত্মবিশ্বাস থাকিলে জয়লাভ সুনিশ্চিত ৷
( পিয়েৰ টেলহাৰ্ড )
২০৮/
এলেহুৱা মানুহৰ শৰীৰ পেলাই থোৱা চাবিৰ নিচিনা ৷
ব্যৱহাৰ নকৰা চাবিত যেনেকৈ মামৰে ধৰে,
কামত নলগোৱা শৰীৰতো সেইদৰে ৰোগ হয় ৷
ব্যৱহাৰ কৰা চাবি যেনে চকচকীয়া,
শ্ৰম কৰা শৰীৰো তেনে কটকটীয়া ৷
তুমি যদি সৰহদিন জীয়াই থাকিবলৈ মন কৰা তেন্তে
বহি সময় নষ্ট নকৰিবা ৷
( ৰিচাৰ্ড )
২০৯/
আমি যি জানো সি অতি সামান্য ৷
আমি যি নাজানো তাৰ সীমা নাই ৷
( পাৰলেচ )
২১০/
মানুহে যিমান কিতাপ পঢ়িবলৈ শিকে
সিমানে ভাবিবলৈ শিকে।
( জৱাহৰলাল নেহৰু )
২১১/
আনক সমালোচনা কৰিবলৈ যোৱাৰ আগতে
নিজক সমালোচনা কৰা ৷
নিজে শুদ্ধ আৰু পবিত্ৰ হ’ব পাৰিলেহে
আনৰ বিষয়ে মতামত দিয়াৰ যোগ্যতা অৰ্জন কৰিব পাৰিবা ৷
( চক্ৰেটিচ )
২১২/
যি মানুহৰ ধৈৰ্য শক্তি আছে,
তেওঁৰ অসাধ্য একোৱে নাই ৷
( বেঞ্জামিন ফ্ৰেংকলিন )
২১৩/
নিজক সদায় আনন্দত ৰাখিবা ৷
আনন্দময়, উৎসাহী আৰু শক্তিমানৰ কাৰণেহে জগতখন,
দুৰ্বল, নিৰুৎসাহী মানুহৰ বাবে নহয় ৷
( ওমাৰ্চন )
২১৪/
তোমাৰ লক্ষ্য স্থান ক’ত ?
সেইটো যদি ঠিক কৰিব নোৱাৰা,
তেন্তে কোন পথে খোজ দিবা কেনেকৈ জানিবা ৷
তোমাৰ লক্ষ্যই তোমাৰ পথ নিৰ্ধাৰণ কৰিব ৷
( লিটন )
মহান লোকৰ বাণী
২১৫/
প্ৰতিদিনে জীৱনটো উপভোগ কৰা,
তেতিয়াহে ইয়াৰ আচল সোৱাদ পাবা।
( মাৰ্গাৰেট বুনেন )
২১৬/
স্বীকাৰ কৰাত মোৰ লজ্জা নাই
যে অন্য কোনো দৰিদ্ৰ লোকৰ সন্তানৰ দৰেই মোৰ শৈশৱ,
আৰু কৈশোৰৰ সময়ছোৱা পাৰ হৈছে ৷
কেতিয়াবা মই মজদুৰৰ কাম কৰিছো,
কেতিয়াবা কাঠফলা কাম,
কেতিয়াবা আকৌ মালবাহী নাৱৰ নাৱৰীয়াৰ কাম।
অতীত যিয়েই নহওক লাগি থকাৰ শক্তি থাকিলে
মানুহৰ ভৱিষ্যত সুন্দৰ হৈ উঠে ৷
( অৰ্বাহম লিংকন )
২১৭/
বিশ্বাসৰ ফল প্ৰেম,
প্ৰেমৰ ফল সেৱা,
সেৱাৰ ফল শান্তি ৷
( মাদাৰ টেৰেছা )
২১৮/
মহৎ কাৰ্য সমাধা কৰা ব্যক্তিসকলৰ ফালে এবাৰ চোৱাচোন।
দেখিবা তেওঁলোকে দুডাল লাখুটিৰ সহায়ত
আগবাঢ়ি গৈছে এডাল হ'ল উদ্যোগী মন
আৰু আনডাল আদৰ্শ ৷
( ছেমুৱেল বাটলাৰ )
২১৯/
কৰ্মত সাফল্য লাভ কৰিবলৈ যি সকলে আগ্ৰহী
তেওঁলোকে ইচ্ছাকৃতভাৱে হওক বা অনিচ্ছাকৃতভাৱে হওক,
পুৱাৰ পৰা গধুলিলৈকে একেৰাহে নিজৰ কামত লাগি থাকিব লাগিব ৷
( ছাৰ জছুৱা )
২২০/
এটা কথা মনত ৰাখিবা
তুমি কি বা তোমাৰ কি আছে,
তাৰ ওপৰত তোমাৰ সুখ নিৰ্ভৰ নকৰে ৷
তোমাৰ সুখ নিৰ্ভৰ কৰে তুমি কি চিন্তা কৰা
তাৰ ওপৰতহে ৷
( ডেল কৰ্নেগী )
২২১/
ভালভাৱে জীৱন যাপন কৰিব বিচাৰিছা যদি
সত্যক আকোঁৱালি লোৱা ৷
( প্লুটো )
২২২/
অকণমান সাহসৰ অভাৱতেই
পৃথিবীৰ বহুতো প্রতিভাৰ অপচয় ঘটে।
( চিডনী স্মিথ )
২২৩/
প্ৰেম হৈছে এনে এক জীৱনপুষ্প
যি প্ৰস্ফুটিত হয় অভাৱনীয়,
অপৰিকল্পিত ভাৱে, কোনোৱে নজনাকৈয়ে,
প্ৰকৃতিৰ সকলো নিয়ম উলংঘা কৰি ৷
( ডি এইছ লৰেঞ্চ )
২২৪/
জ্ঞানীলোকৰ কেতিয়াবা কিবা ক্ষতি হ'লেও
অদৃষ্টক ধিয়াই হাত সাৱটি বহি নাথাকে।
বৰং আগতকৈ বিপুল উৎসাহেৰে সেই ক্ষতি
পূৰণৰ অৰ্থেহে চেষ্টা কৰে।
( শ্বেক্সপীয়েৰ )
২২৫/
হাঁহি হ'ল দেহ-মনক প্ৰশান্ত কৰিব পৰা এটা মহৌষধ,
আৰু তাৰ কোনো পা্বক্ৰিয়া নাই।
( কালাৰ্ইল )
২২৬/
জ্ঞান দুইপ্ৰকাৰৰ, একোটা বিষয় সম্পৰ্কে হয়
আমি নিজে জাঁনো, অথবা সেই বিষয়ে যাৱতীয় তথ্য
ক'ত পোৱা যাব পাৰে, সেই কথা আমি জানোঁ।
( ছেমুৱেল জনছন )
২২৭/
যিটো শক্তিয়ে পৃথিৱীখন শাসন কৰে,
সেইটো হ'ল মানুহৰ আচৰণ।
সেই আচৰণ নৈতিক আৰু অনৈতিক
দুয়োটাই হ'ব পাৰে।
( নিকোলাছ মূৰে বাটলাৰ )
২২৮/
তুচ্ছ আৰু গুৰুত্বহীন কথাবোৰত
অতিশয় ব্যস্ত হৈ থকাটোৱেই হ'
পুখী হোৱাৰ প্ৰধান উপায়।
( এডৱাৰ্ড নিউটন )
২২৯/
সৰ্বসাধাৰণ জনতাৰ সহ্য গুণ অসাধাৰণ।
জনতাই সকলোকে ক্ষমা কৰি দিয়ে
প্ৰতিভাশালী বা মহতজনক কোনো দিনে ক্ষমা নকৰে।
( অস্কাৰ ৱাইল্ড )
২৩০/
সময়ৰ সদ্ব্যব্যৱহাৰৰ অৰ্থ হ'ল
আটাইতকৈ গুৰুত্বপূৰ্ণ কামখিনি বাছি উলিওৱা
উচিত মতে কাম কৰি যোৱা।
( লী ইয়াকুকা )
২৩১/
কাইলৈৰ কথা নাভাবিবা,
দৃষ্টি নিবদ্ধ কৰা কেৱল আজিৰ দিনটোৰ ওপৰত।
আজিৰ দিনটোৰ পৰম বিস্ময়েই তোমাৰ কাৰণে যথেষ্ট।
( খলিল জিব্ৰান )
২৩২/
বৰ বেছি হুলস্থুল কৰা মানুহে জীৱনত
একো কৰিব নোৱাৰে।
( হেম বৰুৱা )
২৩৩/
মহৎ মন এটাই নাৰীক সুন্দৰী কৰি তোলে
আৰু প্ৰতিহিংসাই কৰি তোলে অন্ধ।
( ফ্লেচাৰ )
মহান লোকৰ বাণী
২৩৪/
মানুহৰ ভূল-ভ্ৰান্তিৰ পৰা চৰিত্ৰ জানিব পাৰি।
( কনফুচিয়াচ )
২৩৫/
ইতিহাসৰ পুনৰাবৃত্তি ঘটে।
ইতিহাসত থকা খেলিমেলিবােৰৰ ভিতৰত
এইটোও এটা।
( ক্লেৰেন্স ডেৰো )
২৩৬/
যিয়ে কোনাে দিনে ভুল কৰা নাই,
তেওঁ কোনাে দিনে নতুন কামত হাত দিয়াও নাই।
( আলবার্ট আইনষ্টাইন )
২৩৭/
প্রেম যে আচৰিত আৰু দৰকাৰী বস্তু
সেই কথা সকলােৱে স্বীকাৰ কৰে।
কিন্তু প্রেম কি সেই কথাত কাৰাে মন নিমিলে।
( ডায়েন একাৰমেন )
২৩৮/
মহিলাক ভুল নুবুজিব,
মহিলাই সকলোকে ক্ষমা কৰি দিয়ে।
অন্যথা মানৱ জাতি কাহানিবাই
নিঃশেষ হৈ গ'লহেঁতেন।
( ৰবাৰ্ট এ. হেইনলেন )
২৩৯/
হতাশাগ্ৰস্ত লোকক প্ৰলোভিত
কৰিবলৈ কেতিয়াও আগ নাবাঢ়িবা।
( শ্বেক্সপীয়েৰ )
২৪০/
আনৰ দোষ-গুণ বা আনে কি কৰিলে,
কি নকৰিলে, তালৈ চকু নিদি,
নিজে কি কৰিছে বা কৰা নাই তালৈহে চকু দিয়া উচিত।
( বুদ্ধদেৱ )
২৪১/
আনক সমালােচনা কৰিবলৈ যােৱাৰ আগতে
নিজকে সমালােচনা কৰা। নিজে শুদ্ধ আৰু
পৱিত্ৰ হ'ব পাৰিলেহে আনৰ বিষয়ে মতামত দিয়াৰ
যােগ্যতা অর্জন কৰিব পাৰিবা।
( চক্রেটিছ )
২৪২/
আমি যি জানাে সি অতি নগণ্য।
আমি যি নাজানাে তাৰ সীমা নাই।
এতেকে নিজক জ্ঞানী বুলি ভবা অনুচিত।
( পাপলেচ )
২৪৩/
এশজন শিক্ষকে কৰিব নােৱাৰা কাম
এগৰাকী আদর্শ মাতৃয়ে অকলেই কৰিব পাৰে।
( জর্জ হাবার্ট )
২৪৪/
মানুহৰ সাহস অনুপাতে
জীৱনৰ বিস্তৃতি ঘটে বা জীৱন সংকুচিত হয়।
সাহসেই সফলতাৰ চাবি-কাঠী।
( এনিছ নিন্ )
২৪৫/
মানুহৰ মন পেৰাচুটৰ দৰেই,
খােল খালেহে সি ক্রিয়াশীল হয়।
( থমাচ দেবাৰ )
২৪৬/
প্রতিভাৰ নিৰানব্বৈ ভাগেই হ’ল অধ্যৱসায়।
( থমাছআলভা এডিছ )
২৪৭/
নম্ৰতা সজ ব্যৱহাৰৰ অনুপান।
( সত্যনাথ বৰা )
২৪৮/
যৌৱনত আমি শিকো,
বয়স কালত হৃদয়ঙ্গম কৰাে।
( এম. ই. ইচেনবেচ )
২৪৯/
আৱিষ্কাৰ কৰি যােৱা ব্যাখ্যাৰ পৰা আঁতৰি থাকা।
( জর্জব্রাকে )
২৫০/
যিজন মানুহক তুমি ভাল নােপােৱা
তেওঁৰ বিষয়ে ভাৱি এক মিনিট সময়াে খৰচ নকৰিবা।
( আইছেন হাৱাৰ )
২৫১/
আনে তােমাৰ গালৈ দলিওৱা ইটা শিলগুটিৰে
তুমি এটা সুস্থিৰ ভেটি গঢ়িবলৈ যত্ন কৰা, সফল হ’বা।
( ডেভিড ব্রিকলি )
২৫২/
শিক্ষাৰ ক্ষেত্ৰত পাঠ্য-পুথিৰ জ্ঞানতকৈ
বাস্তব অভিজ্ঞতাৰ জ্ঞান বেছি মূল্যবান।
( জে. এইচ. ব্রিকলি )
২৫৩/
অতি সাধাৰণ শ্ৰেণীৰ মানুহ হ'লেও
জ্ঞানীজনে অতিথি সৎকাৰ কৰে।
( বাল্মীকি )
২৫৪/
যি নিজকে চিনি পায় তেওঁ ভগৱানকো চিনি পায়।
( আবুল কালাম )
২৫৫/
কোনেও সমস্যা সম্পর্কে বুজিবলৈ যত্ন নকৰে।
যেতিয়া ই বীভৎস ৰূপ লয় তেতিয়া ন্যায়িক তদন্তৰ দাবী জনায়।
কাৰ বিৰুদ্ধে এই তদন্ত চৰকাৰৰ নে আন্দোলনকাৰীৰ ?
যিবােৰ কাৰকে ঘটনা ঘটায় তাৰ বিৰুদ্ধে এই তদন্তৰ
নীতিয়ে একো কাম কৰিব নােৱাৰে।
( গিয়ানী জাইল সিং )
২৫৬/
এটিকেট’ তথা শিষ্টাচাৰে একে সময়তে দুটা উদ্দেশ্য সাধন কৰে।
তাৰ সহায়েৰে আপুনি মানুহৰ ওচৰ চাপি যাব পাৰে
আৰু তাৰ সহায়েৰেই আপুনি মানুহক
বহুত দূৰত ৰাখিব পাৰে।
( ডেভিদ ৰাইজমেন )
২৫৭/
কাপুৰুষে যাত্ৰা আৰম্ভ নকৰেই,
নিশকটীয়াবােৰে আধাবাটতে মৰে।
( ব্ৰূচ কেটন )
২৫৮/
শিক্ষা হ'ল জীৱন ব্যাপী চলা এক বিকাশমুখী প্রক্রিয়া।
( শিক্ষাবিদ ডিউই )
২৫৯/
ব্যক্তিৰ জীৱনক বঢ়াই সর্বব্যাপক শক্তিৰে সৈতে সংযুক্ত কৰা,
মানুহ আৰু প্ৰকৃতিৰ মাজত এক শক্তি বিৰাজ কৰা
আৰু এককে উপলব্ধি কৰাই শিক্ষাৰ লক্ষ্য।
( ফ্ৰৱেল )
২৬০/
সুস্বাস্থ্য তথা পৰমায়ুৰ বাবে নিৰামিষ আহাৰেই শ্রেষ্ঠ।
( মনুসংহিতা )
২৬১/
গৃহ হ'ল শিক্ষাৰ আৰম্ভণি বিন্দু।
( ৰোচেন ক্ৰেজ )
মহান লোকৰ বাণী
২৬২/
ৰুটি আৰু মদ শেষ হৈ যায়,
প্ৰিয়াৰ চকু ঘোলা হৈ পৰিব কিন্তু কিতাপ হ'ল অনন্ত যৌৱন
ৰূপে থাকি যাব যদিহে এখন মহৎ কিতাপ হয়।
( ওমৰ খায়াম )
২৬৩/
ভাল সঙ্গ আৰু ভাল কথোপকথন বৰ সৰল গুণ
( ৱালটন )
২৬৪/
মানুহৰ মাজত দেৱতা আছে ।
সেই দেৱতাক কামেৰে আৰু বিশ্বাসেৰে পাব পাৰি।
( চক্ৰেটিছ )
২৬৫/
পাপ আমাৰ শত্ৰু, পূণ্য ইয়াৰ বন্ধু।
( মহাবীৰ )
২৬৬/
তুমি যিদৰে আনৰ ব্যৱহাৰ আশা কৰা
আনকো তুমি তেনে ব্যৱহাৰ কৰিবা।
( কনফুচিয়াচ )
২৬৭/
মৰমে মৰম জন্ম দিয়ে।
( ছফোপল )
২৬৮/
জীৱনৰ বহু সমস্যাৰ সমাধান হয় নিদ্ৰা
আৰু প্ৰত্যাশাৰ মাজেৰে।
এই দুয়োটাই দৈৱৰ বিৰল অৱদান।
( ভল্টেয়াৰ )
২৬৯/
নাৰী আৰু পূৰুষে অপলক দৃষ্টিৰে পৰস্পৰলৈ চাই থকাতো প্ৰেম নহয়।
দুয়োজনে একেতা দিশলৈ চাই থকাটোৱেই প্ৰেম।
( ফ্ৰাচোঁৱা ছাৰ্গা )