চানক্য বাণী অসমীয়া | Acharga Chanakya Best Quotes In Assamese


মহৎ লোকৰ বাণী
মহৎ লোকৰ বাণী

বন্ধু সকল আজি আমি Acharga Chanakya চাহাবৰ কেইটামান বাণী লিখিলো এই চানক্য বাণী যদি আপোনালোকৰ ভাল লাগে তেনেহলে শেষলৈকে পঢ়িব।

চানক্য বাণী


মূর্খ লােকৰ কাৰণে সমাজ নষ্ট নহয়, 
সমাজ নষ্ট হয় শিক্ষিত লােকৰ
মূর্খ স্বভাৱৰ কাৰণে।







ব্যৱহাৰ এনেকুৱা এটা বস্তু যিটোৱে 
মূহুর্ততে পৰক আপােন আৰু আপােনক
পৰ কৰিব পাৰে।







পাপ শৰীৰৰ পৰা নহয় 
মনৰ পৰা সৃষ্টি হয়,
যিমানেই গঙ্গা স্নান নকৰা কিয় 
গঙ্গাৰ পানীয়ে শৰীৰহে পৰিষ্কাৰ কৰে
মানসিকতা নহয়।







শৰীৰ আৰু সম্পত্তিক লৈ
কেতিয়াও অহংকাৰ নকৰিব,
অসুস্থতা আৰু দৰিদ্রতা কেতিয়াও 
কাকো কৈ নাহে।






দেউতাৰ হাতত ধৰি থাকা, 
মানুহৰ ভৰিত ধৰাৰ প্রয়োজন নপৰে।







আটাইতকৈ মুল্যবান সম্পদ হৈছে জ্ঞান, 
আটাইতকৈ শক্তিশালী অস্ত্র হৈছে ধৈৰ্য্য,
আটাইতকৈ ভাল ঔষধ হৈছে হাঁহি,
আটাইতকৈ শ্রেষ্ঠ নিৰাপত্তা হৈছে বিশ্বাস।





মহৎ বাণী


শিয়ালৰ দৰে
এশবছৰ জীয়াই থকাতকৈ 
সিংহৰ দৰে এদিন জীয়াই থকাই ভাল।







যিখন দেশৰ ৰজা বেপাৰী 
সেইখন দেশৰ প্রজা ভিক্ষাৰী।





চানক্য বাণী অসমীয়া


যিটো কর্ম এতিয়া কৰিব,
সেইটোৰ ওপৰতহে আপােনাৰ 
ভৱিষ্যত নিৰ্ভৰ কৰিব।






সম্পত্তি যিমানেই নাথাকক
স্বামী যদি চৰিত্রহীন হয়, ঘৈণীৰ
সুখ শান্তি নাথাকে।


 





আপােনাৰ চিন্তাধাৰাই
আপােনাৰ পৰিচয়।








শক্তিশালী হােৱা কিন্তু অহংকাৰী নহবা, 
দয়ালু হােৱা কিন্তু দুর্বল নহবা।
কাৰণ অহংকাৰ আৰু দুর্বলতাই হ’ল
ধংসৰ মূল কাৰণ।








এখন দেশক যদি ধংস কৰিব বিচৰা
তেন্তে মানুহৰ মাজত ধৰ্মৰ নামত যুঁজ লগাই দিয়া 
দেশী এনেই ধংস হৈ যাব।








ভাগ্য কেতিয়াও হাতৰ ৰেখাত নাথাকে 
সিদ্ধান্তহে নিজৰ হাতত থাকে।






এজন গুণী ব্যক্তি এশজন দাম্ভিক
মূৰ্খতকৈ উত্তম।








মুখত হাঁহি,
অন্তৰত হিংসা লৈ থকা বন্ধুতকৈ 
দহজন শত্রু থকাই ভাল।








টকাৰে সম্পত্তিহে কিনিব পাৰি
জ্ঞান কিনিব নােৱাৰি।






ধর্ম যিয়েই নহওক ভাল মানুহ হওক, 
হিচাপ কৰ্মৰ হ'ব ধৰ্মৰ নহয়।








ধনৰ অহংকাৰ কৰাজন হৈছে মূৰ্খ, কাৰন 
ধনে বাহ্যিক সুখ দিব পাৰে কিন্তু
মনৰ সুখ দিব নোৱাৰে।








কর্মৰে উপাৰ্জন কৰাজনৰ
ইচ্ছা পূৰণ নহব পাৰে, কিন্তু 
ৰাতি টোপনি ভালকৈ মাৰিব পাৰে।







ব্যৱহাৰ আৰু চৰিত্ৰই
বংশৰ পৰিচয়।








কাৰােবাক বেয়া বুলি
কোৱাৰ আগতে এবাৰ ভাবি চাবা 
তুমি নিজে কিমান ভাল।






শিক্ষাই তােমাক শক্তি দিব,
চৰিত্ৰই তােমাক সন্মান দিব।








তিনিটা বস্তুত কেতিয়াও লাজ নকৰিবা, 
পুৰণি পােছাক বৃদ্ধ মা-দেউতা
সৰল জীৱন যাপন।








বজাৰত চব বস্তু কিনিব পাবা, 
কিন্তু সন্মান কিনিব নাপাবা।








সময় হ'ল জীৱনৰ মুদ্রা,
ইয়াক কেৱল মূল্যৱান বস্তু ক্রয় কৰাতহে
ব্যৱহাৰ কৰিবা।








কেতিয়াও বয়স আৰু টকাক লৈ
অহংকাৰ নকৰিবা, 
কাৰণ গণনা কৰিব পৰা বস্তুবােৰ এদিন 
শেষ হৈ যায়।








আপােন-পৰ বিচাৰি মন্তব্য দিয়াজন
ভদ্র মানুহ নহয়, প্রকৃত ভদ্র সেইজন
যিয়ে ভালটোক ভাল আৰু বেয়াটোক বেয়া বুলি
সাহসেৰে ক'ব পাৰে।








যাৰ দেহ আৰু মন অপবিত্র 
তেওঁ মন্দিৰলৈ গৈ ভগৱানকা
পূজা কৰাটো ব্যর্থ।








জীৱনটো সেইটো পুখুৰীৰ দৰে 
গঢ় দিয়া য’ত সিংহয়েও পানী খাব
ছাগলীয়েও পানী খাব। 
কিন্তু মূৰটো তললৈ কৰি।









কেতিয়াও নিজৰ শক্তিক লৈ অহংকাৰ নকৰিবা, 
যেতিয়া এটা শিল পানীত পৰি যায় 
নিজৰ ওজনৰ কাৰণে পানীত ডুবি যায়।






চানক্য বাণী


যােগ্য মানুহে আনৰ সমালােচনা নকৰে। 
যােগ্যতাহীন মানুহেই আনৰ
সমালােচনা কৰে।








সন্তোষৰ দৰে কোনাে সুখ নাই 
লােভৰ দৰে কোনাে বেমাৰ নাই।






মােৰ ধৰ্ম ভাল, তােমাৰ ধর্ম বেয়া বুলি যুদ্ধ তর্ক কৰি 
তােমাৰ ধর্মক শ্রেষ্ঠ কৰিব নােৱাৰা, 
তুমি যদি তােমাৰ ধৰ্মক সচাঁই ভালপােৱা তুমি সৎ কর্মৰে 
তােমাৰ ধৰ্মক সন্মান দিব লাগিব।








যি লােক সচেতন নহয় 
তেওঁক মৃত্যুৰ পৰা ভগৱানেও
বচাব নােৱাৰে।








মহিলাৰ বয়স আৰু 
পুৰুষৰ উপাৰ্জনৰ বিষয়ে কেতিয়াও
সুধিব নালাগে, 
মহিলাই সদায় আনৰ বাবে জীয়াই
আনহাতে পুৰুষে কেতিয়াও নিজৰ
বাবে উপার্জন নকৰে।








দুখীয়া হ'ল বুলিয়ে কাৰাে লগত
সম্বন্ধ নাভাঙিব, যিমান সন্মান দুখীয়াৰ ঘৰত
গ'লে পাব ধনীৰ ঘৰত সিমান নাপায়।







চানক্য বাণী অসমীয়া


কাকো সৰু বুলি নাহাহিব,
 কাৰণ ভৰিৰ তলৰ দুৱৰী বন হে পূজাত লাগে
মুৰৰ ওপৰৰ বৰগছ নহয়।








অহংকাৰে কয় – টকা কিমান আছে। 
সংস্কাৰে কয় - পৰিয়াল কেনেকুৱা। 
মুখৰ ভাষাই কয় - মানুহজন কেনেকুৱা। 
নজৰে কয় - মান কতা কেনেকুৱা। 
স্পর্শই কয় স্বভাব - কেনেকুৱা। 
পচন্দই কয় - ভৱিষ্যত কেনেকুৱা।








অতিৰিক্ত অহংকাৰ পতনৰ লক্ষণ 
আৰু অতিৰিক্ত সৰলতা ঠগ
খােৱাৰ লক্ষণ।









শিক্ষিত হৈ যদি ভুলক ভুল 
আৰু শুদ্ধক শুদ্ধ বুলি কোৱাৰ সাহস নাথাকে, 
তেন্তে আপুনি সমাজৰ বােজাৰ
বাহিৰে একো নহয়।








দেউতাৰ হাতত ধৰি থাকা 
তেতিয়া কাৰাে ভৰিত ধৰিবলগীয়া নহয়।








সূৰ্যৰ তাপ আৰু পিতৃৰ ক্রোধ, 
দুয়ােটাই সহ্য কৰিব শিকক কাৰণ সূর্য
ডুবিলে পৃথিৱী অন্ধকাৰ 
আৰু পিতৃ নহলে জীৱন অন্ধকাৰ হৈ যায়।






মাটিত পৰা চেনী পিপৰাই হে উঠাব পাৰে
হাতীয়ে নােৱাৰে,
সৰু বুলি কাকো উপলুঙা নকৰিব, 
কেতিয়াবা সৰু মানুহেই বহুত ডাঙৰ
কাম কৰিব পাৰে।






চানক্য বাণী অসমীয়া


অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ ভয় নকৰিবা, 
মনত ৰাখিবা ইতিহাসত অকল
বিপ্লৱীবােৰৰ নাম হে লিখা থাকে 
ভৰি চেলেকাবােৰৰ নহয়।








কৃপণ কেতিয়াও ধন
সম্পত্তিৰ মালিক হ'ব নােৱাৰে 
ধন সম্পত্তিয়েই কৃপণৰ মালিক হয়।








সম্পদক তুমি পহৰা দি ৰাখিব লগা হয়, কিন্তু 
জ্ঞানে তােমাক পহৰা দিব।








জীৱনত ডাঙৰ কিবা পালে
সৰু বােৰক পাহৰি নাযাব, এটা সৰু
বেজীয়ে যি কৰিব পাৰে এখন তৰােৱালে 
সেইটো কাম কৰিব নােৱাৰে।






ঠাণ্ডাৰ দিনত যি ৰ’দক মানুহে ভাল পাই , 
গৰম দিনত সেই ৰ’দকে মানুহে তিৰস্কাৰ কৰে 
মানুহে তােমাক মূল্য সিমানদিনেই দিব, 
যিমানদিন মানুহক তােমাৰ প্রয়ােজন হ'ব।



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ চানক্য বাণী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু চানক্য বাণী সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

Previous Post Next Post