জীৱনৰ কবিতা | Poems Of Life In Assamese

0
জীৱনত কিছুমান কথা থাকে যি ভাষাত প্রকাশ কৰা নাযায়।  কিন্তু সেই কথাবোৰ প্রকাশ কৰিব পাৰি কবিতাৰে,  আজি আমি কেইটামান জীৱনৰ কবিতা লিখিছো আশা কৰোঁ আপোনালোৰ ভাল লাগিব।

জীৱনৰ কবিতা

শিৰোনামঃ জীৱনৰ কবিতা

জীৱন
----------------
জীৱন এটি ক্ষন 
          কিছু সুখ 
          কিছু দুখ 
          কিছু পোহৰ 
          কিছু এন্ধাৰ 
          কিছু হাঁহি 
          কিছু কান্দোন 
আৰম্ভ হয় এক নতুন যাত্ৰা 
এনে কৈয়ে জীৱনে ঢ়াপলি মেলে 
জীৱনো এক সাঁথৰ।
আৰম্ভনি যিমানে মধুৰ 
জীৱনৰ শেষ সিমানে কঠোৰ।
তথাপিও কৰি যাওঁ নিতৌ 
বিশাল সংগ্ৰাম 
এয়াই জীৱন...
পোৱা নোপোৱাৰ।
 
 ✍️ জলি সভাপণ্ডিত


শিৰোনামঃ জীৱন সংগ্ৰাম


আই বোপাইক শৈশৱতে হেৰুৱালোঁ , 
চোতালত জোনাকবোৰ দেখা নাপালোঁ ,
আন্ধাৰে আৱৰি ধৰিলে মোৰ জীৱন ,
কলিতে মৰহি গল মোৰ সপোন ।

বস্ত্ৰ, বাসস্থানৰ বাবে হাহাকাৰ কৰোঁ ,
এমুঠি অন্নৰ বাবে ভিক্ষাৰী নাম পালোঁ ,
কত থাকোঁ, কেনি যাওঁ ঠিকনা নাই ,
কেতিয়াবা ফুটপাথ, কেতিয়াবা ষ্টেচনত
অনাহাৰে উজাগৰে ৰাতি কটাও ভাই ।

এমুঠি অন্নৰ বাবে বাচি লওঁ পথ এটি ,
ষ্টেচনতে গান গাই হওঁ ভিক্ষাৰী ।
কোনোৱে দিয়ে এটি, দুটি টকা 
কোনোৱে দিয়ে গালি, তথাপি আছোঁ জীয়াই 
জীয়াই থাকিবলৈ কিবা অলপ খাই ।

কেতিয়াবা পাওঁ যদি ভবাতকৈ বেচি, 
মাতি আনো এটা, দুটা সমনীয়া ভিক্ষাৰী 
একেলগে মিলি জুলি একেলগে খাওঁ 
সংগ্ৰামী জীৱনৰ তাতে স্ফূৰ্তি পাওঁ ।

এমুঠি অন্ন, এখন বস্ত্ৰৰ বাবে 
সংগ্ৰাম কৰোতে জীৱনটো গ'ল, 
হাঁহি বোৰ কেনি গুচি গ'ল 
দিনবোৰো ৰাতি যেন হ'ল ।

বস্ত্ৰ বিহীন ঠাণ্ডা, খাদ্য বিহীন ৰাতি 
নিজানত, অকলে অনুভৱ কৰিবচোন আপুনি,
আমাৰ কথা ভাবিলে সাহস পাব 
নিজৰ জীৱনৰ দুখ বোৰ উৰি গুছি যাব ।

জীৱন মানে সংগ্ৰাম, 
তাতো আছে সমাধান ,
জীৱন বৰ অনুপম, 
সংগ্ৰাম কৰিও আকাশ চুবৰ মন ,
নেচাওঁ মই পিছলৈ ঘূৰি ,
কিজানি কেতিয়াবা যাব পাৰোঁ ,
নীলাবোৰ ধৰিবলৈ আকাশলৈ উৰি ।

=========
✍️ কল্যাণী ডেকা । গুৱাহাটী ২৮
০৮|১২|২০২১


শিৰোনামঃ জীৱন


নুসুধিবা  মোক  
জীৱনৰ  কথা....;
জীৱন মানে  কি...? 
এখন   কাগজ মাথো  উকা !
লিখা যে নহল  তাত কেতিয়াও  
কাৰোৰে  নাম   ঠিকনা ।
সপোনৰ  পাছত   দৌৰা   
ভাগৰুৱা    প্রাণ  
হৃদয়ৰ মন্দিৰ তো  বাজে দেখো

বিষাদ ৰাগিনীৰ  শূণ্যতা ভৰা গান ! 
ক্ষনিকৰ এই জীৱন !

কিনো আছে, কিনো দিম......! 
শুভাশীষ চেনেহৰ, 
কিছু সান্তনা, সাহস, অটুট মনোবল;
শেতাপৰা মুখখনিত কিঞ্চিত হাঁহিৰ ৰেঙণি;
সঁচাঅন্তৰৰ পৰা আশীষ নিৰ্মালী......! 
মন আকাশত নিজিলিকে   আজি 
জোন  জোনালী   
সকলোতে মাথোঁ বিষাদৰ ছাঁ !
অৱশেষত মৃত্যু য়ে দেখোন কৰুণ পৰিনতি। 
তেনে, অহংকাৰ কিয় বন্ধু....? 
তুমি নহলেও কাৰো একোৱেই নহয় ! 
প্রিয়জনে  চকুলো ৰে বাট হেৰুৱাব,
জগত খন জানা একেই থাকিব;
সোঁৱৰণি ও বিলিন হব  পাহৰনিৰ বুকুত ! 
জীৱন নামৰ কাগজ খনত..,
কাৰোৰে নাথাকে  প্রকৃত ঠিকনা.....!
মৰুভূমিত  মৰীচিকা বিচাৰি 
পাই  মাথো  যাতনা !
সেয়ে.....?
নুসুধিবা মোক জীৱনৰ কথা...! 
জীৱন এখনি কাগজ  মাথো 
উকা..!
লিখা নহল কাৰোৰে..? 
নাম..!
ঠিকনা....।

(মামণি বৰঠাকুৰ/মৰাণ/ডিব্ৰুগড়)


শিৰোনামঃ জীৱন

জীৱন বৰ অনুপম 
সুখ-দুখৰ  লগৰী ।
হে বন্ধু শুনা কাণপাতি
হেনজানি নকৰিৱা আক্ষেপ
জীৱন পথত যি পাইছা
আনন্দ মনেৰে বুটলি যোৱা ।
কৰ্মই ধৰ্ম  মানি
নিজমনে কৰ্ম কৰা
ফল নিশ্চিত পাবা ।
জীৱন যাপন  কৰিবলৈ
কচৰৎ কৰা সততাৰ,
দেখিবা এদিন  তোমাৰ হাতত
সৰি পৰিছে সৰগৰ মণি মুকুতা ।
জীৱন তোমাৰ পুতলা
সময়ৰ সুতত উটি গলেও
হাতৰ মুঠিৰ পৰা 
জৰীডাল খুলিব নিদিবা ।
বন্ধু এই জীৱন
তোমাৰ  আপোন জীৱন
তুমিয়ে গঢ়িব লাগিব
তুমিয়ে পালিব লাগিব
সময়ৰ সতে 
তুমিয়ে যুঁজিব লাগিব ।
বন্ধু পুনৰাই কওঁ
এই জীৱন বৰ অনুপম ।

   ✍️ প্ৰদীপ  ।  ২৯/১১/২০২১


শিৰোনামঃ জীৱন আৰু কবিতা

             জীৱন এক অভিনয়
             ৰহস্যময় পৰিছয়
      আশা নিৰাশাৰে মেটমৰা এটি কবিতা
           দুৰ্বোধ্য অৱসাদৰ এটি গান ।
      
       জীৱন হেনো দৃশ্যমান হয় কবিতাত
             শব্দবোৰ ৰূপকাৰ,
             অনুভূতি বোৰ সুৰকাৰ,
       জীৱন যুঁজ চলাই নিয়াৰ অঙ্গীকাৰ;

       দেশ, স্বজাতি আৰু জনজীৱনৰ
       সমাজ, সংস্কৃতি নৱ প্ৰজন্মৰ
                উন্নতিৰ মূলমন্ত্ৰ কৰ্ম,
                মানৱী জীৱনৰ ধৰ্ম ।

       জীৱন এক কবিতা
                          নিৰৱ সাধনা,
       অনুশীলন জীয়াই থকাৰ
                          নিৰৱ সংগ্ৰাম,
        জীৱনৰ স'তে সংপৃক্ত
        এক অভিনৱ মাদকতা।

      জীৱন হ'ব পাৰে প্ৰিয় অপ্ৰিয়তাৰ কাৰক,
       কবিতাও বোধ হয় কাৰোবাৰ
       প্ৰিয় অপ্ৰিয়তাৰ নিদৰ্শন;
      আজি উপলদ্ধিৰ শিখৰত বগাইছোঁ
      অজান অবুজ ভাষাৰ শিকিছো
                  গভীৰ অৰ্থবহ সৰলতা;
      জীৱন আৰু কবিতাত আছে তীব্ৰ সংগ্ৰাম,
      প্ৰতিদ্বন্দিতা আৰু কতযে দীঘল হমুনিয়াহ !


শিৰোনামঃ জীৱন এক জীৱন্ত কবিতা

জীৱন বৰ অনুপম
ইয়াত মৃত্যুক আগত ৰাখি
সকলোৱে জীৱন উপভোগ কৰে।
সুখ-দুখ, হাঁহি-কান্দোন
এই সমলবোৰৰ ফাঁকেদিয়েই
মানুহে জীয়াই থকাৰ কবিতা ৰচে!
কাৰোৰেই যেন জীৱন নাটৰ কবিতাটো লিখি
তৃপ্তি নুফুৰাই,,,
কোনোবাই আকৌ আধা কবিতা নৌহওঁতেই সংসাৰৰ মায়া এৰি থৈ যাবলৈ বাধ্য হয়,
কোনোবাই লিখিম লিখিম বুলি
কবিতাৰ ছন্দবোৰ সাঁচি থয়,
কিন্তু জীৱন নাটৰ মেৰপাকত পৰি
কবিতাৰ পংক্তিবোৰ মনতেই সামৰি
অপ্ৰকাশ্য কৰি থয়।।
যেতিয়ালৈকে চলিব সংসাৰ সোত,
যেতিয়ালৈ চলিব জীৱন ঘড়ী
তেতিয়ালৈকে এনেকৈয়ে ৰচিত হৈ যাব
জীৱন নামৰ জীৱন্ত কবিতা।
এই জীৱন নামৰ জীৱন্ত কবিতাটো
সকলোৱেই নিজৰ মতেই সজাব বিচাৰে,
সেয়ে সকলোৱে আশাবাদী ৰূপে
কবিতা ৰচে।
কিন্তু ইয়াৰ গতিবিধি সলনি কৰাৰ
ক্ষমতা যে কাৰোৰেই নাই......!
এজনৰ হাততেই বিচাৰৰ ভাৰ
যিজনে নামাকৰণ কৰিছে
এই কবিতাৰ নাম.....
সেয়ে আমি একাগ্ৰতাৰে
লিখি যাব লাগিব
এটি এটি জীৱন্ত কবিতা,
যদি জীৱন গঢ়োতাজন সন্তুষ্ট হয়
আমাৰ কৰ্মত...........
তেতিয়াই আমাৰ জীৱন সাৰ্থক হ'ব
তেতিয়াই পুৰ্ণাংগ ৰূপ পাব
জীৱন নামৰ জীৱন্ত কবিতাটিৰ।।

✍️মাৰজিয়া আহমেদ
     ২৯/০৮/২১
       নগাঁও



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ জীৱনৰ কবিতা যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু জীৱনৰ কবিতা সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

যদি আপোনালোকৰ কবিতা সমূহ আমাৰ Website ত প্রকাশ কৰি বিচাৰে তেনেহলে আমাক Email কৰিব পাৰে।

sofiqulalom898@gmail.com

বিঃদ্রিঃ কবিৰ নাম উল্লেখ নকৰাকৈ কপি-পেষ্টৰ পৰা বিৰত থাকে যেন।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !