হৃদয় কবিতা অসমীয়া | Heart Poems In Assamese

0
হৃদয় কবিতা অসমীয়া


কবিতাৰ শিৰোনামঃ হৃদয় সাগৰ

অশান্ত সাগৰত
প্ৰশান্ত মনৰ
অলেখ ঢৌৱে
কৰিছে খেলা
জোৱাৰ ভাটাৰ
অহা যোৱা বাটেৰে
ছুনামীৰ ঝংকাৰ তুলি
তাৰ মাজতে উটি উটি
ভাহিঁ ভাহিঁ আহিছে
তোমাৰ হৃদয় সাগৰৰ পৰা
অমৃত ভৰা এটি কবিতাৰ ঢৌ
তুমি কবি,তোমাৰ ভাৱনাৰে
হৃদয় সাগৰত তুলিবা
অবুজ প্ৰেমৰ খলকনিৰে
যুগমীয়া বিশ্বাসৰ শান্তি
মনে মনে গোপনে গোপনে
সংগোপনে চুই যোৱা
মনটি মাথোঁ এটিবাৰ
কৈ যোৱা খেপিয়াই খেপিয়াই
তুমি মোৰ,মই তোমাৰ
অপূৰ্ব অলেখ জিকমিক
সুখৰ অনুভৱৰ টুকুৰা ৷৷

✍️ আব্দুল কাদিৰ খান
  বৰপেটা ৰোড
১৬-১১-২০২১ ইং


কবিতাৰ শিৰোনামঃ মাতৃৰ হৃদয়

মাতৃৰ হৃদয় মমতাময়ী,
মাতৃয়েই হৈছে জীৱনৰ শ্রেষ্ঠ নাৰী,
মাতৃক নকৰিবা লাঞ্চনা নকৰা বঞ্চনা।
মাতৃৰ হৃদয় বৰ আলসুৱা,
সন্তানৰ সুখতেই সুখী,
সন্তানৰ দুখতেই দুখী
মাতৃৰ হৃদয় মমতাময়ী।
নিজে ভোকত থাকি খুৱাই সন্তানক,
নিজে নিপিন্ধি পিন্ধায় সন্তানক,
মাথোঁ মৰম বিচাৰে সন্তানৰ
মাতৃ হৃদয় মমতাময়ী।
সন্তানৰ দুখত বোৱাই চকুলো,
সন্তানৰ সুখত বিৰিঙে হাঁহি,
সমভাৱে চাই সহোদৰক
মাতৃৰ হৃদয় মমতাময়ী।
সন্তান হৈ যদি কৰে মাতৃক নিন্দা,
তেনে সন্তানে নাপায় ক'তো সুখ,
মাতৃ দোষে হয় তাৰ দুখ,
তথাপি মাতৃয়ে নিদিয়ে কাকো দোষ,
মাতৃৰ হৃদয় মমতাময়ী।

কবিতাৰ শিৰোনামঃ হৃদয়

কৈছিলা তুমি
আচলতে কি জানা? তোমাক 
মোৰ কিবা এটা ভাল লাগে। 
ময়ো কৈছিলো
সঁচাকৈয়ে, নাজানো কিয়
তোমাকো মোৰ খুউব ভাল লাগে। 
তোমাৰ কজলা চকুত
                         ফুটি উঠিছিল
                                      পৰম তৃপ্তি। 
শাওঁণৰ নৈ খনিৰ দৰে
তোমালৈ চাই চাই
সপোন ৰচিছিলো মই। 
স্নেহেৰে ভালপোৱাৰে, 
বাখৰুৱা হৈ উঠিছিল, মোৰ হৃদয়। 
            কেতিয়াবা ভাবো, 
গুচিযাওঁ নেকি, প্ৰেমৰ সিটো পাৰে
একেবাৰে তোমাৰ কাষলে?
মাত্ৰা পাৰ হৈ যাব মই নোৱাৰো
তুমি মোক ভৰাই দিছা মন
কাষলে টানিছা সপোনে-দিঠকে, 
ইমান খিনি প্ৰাপ্য
আছিল জানো মোৰ? 

✍️ ডালিমী দেৱী  ১৫। ১২। ২১


কবিতাৰ শিৰোনামঃ লুপ্তপ্ৰায় হৃদয়

ভাবিছিলো গোপনে গোপনে 
হৃদয়ৰ গোপন কক্ষত আসন সাজি
জনমে জনমে ৰওঁ যেন মাথোঁ তোমাৰেই হৈ।
ৰচিছিলো তাৰ বাবে
কল্পনাৰ সাগৰত সাঁতুৰি সাঁতুৰি 
বুটা বচা ৰঙীণ সপোনবোৰ।
কিন্তু দুভৰিত থিয় হৈ দেখিলো 
সাগৰখনচোন শুকাই গ'ল;
ৰসাল ধৰাখনোচোন
উতপ্ত বালিৰে পূৰ্ণ হ'ল।
সপোনবোৰো ছেদেলি ভেদেলি হ'ল,
এতিয়া সহজ নহয় তাত
হৃদয়হীন সাগৰত সাঁতুৰি সাঁতুৰি 
বুটা বচা সপোন ৰচা।
ৰৌদ্ৰোজ্বল তপ্ত মৰুৰ মৰিচিকাত প্ৰগলভতাৰে
বিচাৰি ফুৰিছো তোমাৰ সুকোমল হৃদয়।
লুকুৱাই ৰাখিছানেকি বাৰু তুমি
তোমাৰ হৃদয় খনি
উতপ্ত মৰুৰ বালিৰে পুতি?
পামনে বাৰু বিচাৰি মই
তোমাৰ হৃদয় খনি?
ৰৈ যাব নেকি মোৰ হৃদয়ত
মাথোঁ তোমাৰ হৈ ৰোৱাৰ 
গভীৰতা পূৰ্ণ গোপন আশাবোৰ?

                ✍️ দুৰ্লভ নাথ।
                (১৫/১২/২০২১)।


কবিতাৰ শিৰোনামঃ হৃদয় ভগাৰ যন্ত্ৰনা

হৃদয় ভগাৰ যন্ত্ৰনা পাইছানে কেতিয়াবা!
কিমান ভাল পালেনো তুমি মোক ভাল পাবা?
তুমি যদি কোৱা মই মৰিবও পাৰিম
আপোন সকলো এৰি হাঁহি হাঁহি...।
কিমান ভাল পালে তুমি মোৰ আপোন হ'বা?
নিজৰ বুলি যত্ন ল'বা?
আনি দিব নোৱাৰোঁ সচাঁ আকাশৰ তৰা
ভালপাব পাৰোঁ নিজতকৈও জানা,
সেয়ে হাঁহি হাঁহি সাজু জীৱন দিবলৈও ।
জোখিব নোৱাৰি ভালপোৱা
ইযে নহয় তুলাচনী
মোৰ হৃদয়ৰ ই গভীৰ অনুভূতি।
আছে সকলো মোৰ...
তথাপিও মই ক'ৰবাত থমকি ৰওঁ,
তোমাৰ এধানিমান মৰমৰ বাবেই 
মই যেন হাবাথুৰি খাওঁ।
তুমিটো নুবুজা,
নুবুজা, ক'তনো বুজিবা
হৃদয় ভগাৰ যন্ত্ৰনা তুমি জানো ভুগিছা?
যদি কেতিয়াবা আহে এনে দিন
বুজিবা তেতিয়া
হৃদয় ভগাৰ যন্ত্ৰনা....।
বুকু কপি উঠে কেতিয়াবা
তোমাক হেৰুৱাৰ ভয়ত...
তুমিটো নুবুজিবা
ক'বওঁ নোৱাৰোঁ তোমাক
সহ্য কৰিছোঁ নিৰবে...
হৃদয় ভগাৰ যন্ত্ৰনা...।।



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ হৃদয় কবিতা যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু হৃদয় কবিতা সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

যদি আপোনালোকৰ কবিতা সমূহ আমাৰ Website ত প্রকাশ কৰি বিচাৰে তেনেহলে আমাক Email কৰিব পাৰে।

sofiqulalom898@gmail.com

বিঃদ্রিঃ কবিৰ নাম উল্লেখ নকৰাকৈ কপি-পেষ্টৰ পৰা বিৰত থাকে যেন।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !