নষ্টালজিয়া কবিতা | Assamese Poems

0
নষ্টালজিয়া কবিতা

কবিতাৰ শিৰোনামঃ নষ্টালজিয়া

ৰচনা কাল: ১৪-০৩-২০২৩

    #নষ্টালজিয়া 

জোনাক ৰাতি চোতালত বহি
মায়ে কোৱা সাধুকথাবোৰ
অযান্ত্ৰিকতাৰ অকৃত্ৰিম মৰমবোৰ
আজি নষ্টালজিয়া,
কহুঁৱা বনত জিঞাৰ পিঠিত উঠি
চন্দ্ৰযাত্ৰাৰ সপোন ৰচা
মানসপটত সজীৱ হৈ থকা
টুকুৰা টুকুৰ স্মৃতিবোৰ
আজি নষ্টালজিয়া,
শেৱালীৰ মনোমোহা সুবাহ
শীতৰ কোমল ৰদালি
শৈশৱৰ স্বপ্ন আৰু কল্পনা বিলাসী
মনটোৰ অনুভৱ বোৰ
আজি নষ্টালজিয়া।
কাহিলি পুৱাতে দুৱৰি বনৰ
মুকুতা গছকি মন-প্ৰান সজীৱ কৰা
শৈশৱৰ পবিত্ৰ সময়বোৰ
আজি নষ্টালজিয়া।।

✍️ এহিয়া আহমেদ, মৈৰাবাৰী
    ফোন নং- ৮৮৭৬১২৩১২৪


কবিতাৰ শিৰোনামঃ অনুভূতি 

ফাগুন মাহৰ এটি পছোৱা সন্ধিয়া 
আহিবাচোন তুমি মোৰ কাষলৈ.
পদূলিৰ মূৰত থকা  
সেই পুৰণা নাহৰ জুপিও,
আজিও ছাগে আমালৈ 
আশাৰে বাট চাই আছে. 

তোমাৰ জানো আজিও 
নপৰেনে মনত.....
হাতত ধৰা ধৰি কৰি 
কত সন্ধিয়া পাৰ কৰিছিলো.

মোৰ কাণত আজিও ভাহি থাকে 
তোমাৰ প্ৰতিটো শব্দ.
মোৰ দেহৰ ৰক্ত সিৰে  সিৰে 
বৈ আছে তোমাৰ,
মৰম আৰু ভালপোৱা.

ৰাখিব নোৱাৰিলো মই 
তোমাৰ সেই প্ৰতিশ্ৰুতি, 
পাহৰিবও নোৱাৰো মই 
তোমাৰ প্ৰতিটো সচাঁ অনুভূতি.

✍ উন্মনা


কবিতাৰ শিৰোনামঃ মোৰ অনুভূতি

হৃদয়ৰ অব্যক্ত অনুভূতিক
আতোলতোল শব্দৰ মণিৰে মালা গাঁথি
মোৰ কাপেৰে নিগৰোৱাৰ
প্ৰয়াসত ৰত মই
এক চাতক পক্ষী !

মোৰ শৰীৰৰ কোঁহে কোঁহে
ৰক্তধাৰাৰ সোঁতত বিয়পি থাকে
এক অনামী চেতনাবোধ 
প্ৰত্যয়দীপ্ত শব্দৰ ঝংকাৰ !

উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা
অনুভূতিপ্ৰৱণতাৰ সংপৃক্ততাত
কাতৰ হৈ
শব্দৰ যাদুকৰী স্পৰ্শৰে
মই অন্তৰৰ ভাৱৰ চিত্ৰ অঙ্কণ কৰোঁ !

কেতিয়াবা 
প্ৰকাশভংগীৰ অস্পষ্টতাই 
মোৰ সত্তাক ক্লান্ত কৰে
অথবা
বাঙ্ময় অভিব্যক্তিয়ে 
মোক এক 
অনন্য আবেগেৰে
সঞ্জীৱিত কৰি তোলে !

সেই আবেগৰ বন্যাৰ জোৱাৰে
মোৰ আলসুৱা পৰাণত
বিৰাজ কৰায় এক তেজস্বী জ্যোতি !
অনন্য সম্ভাৱনাময় প্ৰতিশ্ৰুতি !!

            ✍ ড. আৰাধনা বৰুৱা
                    যোৰহাট
                    19.12.21


কবিতাৰ শিৰোনামঃ মানৱ আত্মাৰ অনুভূতি

মানুহৰ গান বোৰ গান হৈয়ে থাকক,
নিদিবা তাক কাহানিওঁ আৰ্তনাদ হ'বলৈ।
দুখৰ দিনত মানুহবোৰে
মানুহৰ গান গাওঁক।
নীলিম-আকাশ,
শুভ্ৰ-ডাৱঁৰৰ কচৰৎত
বেদনাবোৰ বহু দূৰ
বহু নিলগত থিতাপি ল্ওঁক।
হাঁহি - কান্দোনৰ জীৱন
সদা-সৰ্বদা হাঁহিয়ে পুলকিত কৰক।
পুঁজিবাদে গ্ৰাস কৰা
 কৰাল বসুন্ধৰা খনক
শোষিত-নিস্পেষিত,
ক্ষুধাৰ্ত জনৰ বাবে তুমি আমি
সৱে-মিলি দিব লাগিব
এষাৰ চিনাকি মৰমৰ মাত।
তেতিয়াই প্ৰতিষ্ঠা হ'ব সাম্যবাদ
পৃথিৱীয়ে হাঁহিব প্ৰাপ্তিৰ আনন্দত।
আঁউসী নিশা-
স্নিগ্ধ সনা জোঁনাকত
কেতিয়াবা সময় পালে
নিশ্চয় জিৰণি লম
তোমাৰ আলসুঁৱা হিয়াৰ পৰশত।
জোনবাইৰ দেশত সাজিম এখনি
ধুনীয়া ধৰণী এয়া যে মোৰ
ৰঙীণ মনৰ ৰঙীণ সপোন।
পৰ্বতৰ ওখোৰা-মোখোৰা
বাটেদি নিগৰি অহা
হিমচেচা পানীৰ কুলু-কুলু শব্দই
কাঢ়ি নিয়ে মন-প্ৰাণ,
কঢ়িয়াই আনে অনাবিল শান্তিৰ বতৰা।
দুখে ভৰা জীৱনে মাধুৰ্য্যতা পাব
দাঁত নিকটাই হাঁহিব,
যেতিয়া মানুহবোৰে মানুহৰ হৈ কান্দিব
হাটে-ঘাটে বহিব প্ৰীতিৰ মহামেলা।
নৱ-নৱ ৰূপে গুঞ্জৰিত হ'ব
বহুজনৰ হৃদয় ভগা ক্ৰন্দনৰ বেহুঁৰা।

         ✍ মহিদুল ইছলাম
খন্দকাৰ পাৰা  ( বৰপেটা )
               ১০/১/২০২২



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ নষ্টালজিয়া কবিতা যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু নষ্টালজিয়া কবিতা সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

যদি আপোনালোকৰ কবিতা সমূহ আমাৰ Website ত প্রকাশ কৰি বিচাৰে তেনেহলে আমাক Email কৰিব পাৰে।

sofiqulalom898@gmail.com

বিঃদ্রিঃ কবিৰ নাম উল্লেখ নকৰাকৈ কপি-পেষ্টৰ পৰা বিৰত থাকে যেন।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !