ফাগুণৰ কবিতা | Assamese Poems

0

কবিতাৰ শিৰোনামঃ  ফাগুণৰ কবিতা

ফাগুণ মাহতো মোৰ বৰ প্ৰিয় আছিল !!
 কিন্তু সেই মাটি কতা টেক্ট্ৰৰ আৰু জে চি বি কেইখনৰ উতপাতত কিবা ভাল নলগা হ'ল ...
ফাগুণৰ পচোৱা যাকো মোৰ বৰ প্ৰিয় আছিল !!
 কিন্তু সেই ধুলিৰ উতপাতত কিবা ভাল নলগা হ'ল ...
ফাগুণৰ পচোৱা বতাহত দিগন্তত দিশহাৰা হৈ ফুৰিছিল মোৰ মনতো !!
কিন্তু মোৰ সেই আলসুৱা মনটোক 
ধুলিয়ে লেতেৰা কৰি পেলাইছিল ..
মৰমৰ অভাৱত প্ৰেমৰ নৈ খনো তাহানিতে শুকাই গ'ল !!
মই বাৰে বাৰে বৰষুণ জাকক আমন্ত্ৰন জনাইছিলো !!!
কিন্তু সেই একেই বৰষুণ নিদিয়ে 
পচোৱা বলাই হৃদয়ৰ থাল থেঙুলি বোৰহে ভাগে ..
ভেকুলী বোৰেও আজি কালি ইংৰাজী কবিতা নমতা হ'ল !!
সিহতৰ কবিতা শুনিলে মনতো কিবা ভাল লাগি জাই 
কিজানিবা বৰষুণ দিয়েই !!!!
কিন্তু নাই সেই একেই …....
কেতিয়াবা কেতিয়াবা ভাবো 
গছৰ পাতৰ দৰে নিজকে সলাই পেলাও নেকি  !!!!
কিন্তু নোৱাৰো !!
মমতাৰ মায়া জালে আবৰি থকা সেই পথাৰ খন, আকাশ খনি ,  মৰমৰ জোনবাইতোৰ মই বিশ্বাস ভাগিব নোৱাৰো ...
সেই বাবে অপেক্ষা মাথো বহাগৰ !!
ধোল, পেপাৰ মাতত আনন্দিত হৈ পৰক দুখী আত্মাৰ মন।
 
✍🏼 কন্দৰ্প নাথ 
১৫/২/২০১৯



কবিতাৰ শিৰোনামঃ  বলিয়া ফাগুণ

আবেলিৰ, ফাগুণৰ বতাহ জাক !
মোৰ বৰ প্ৰিয়, কিমান যে' ভাল আছিল !
সেই, দিন বোৰ !  ফাগুণৰ এৰি অহা,
দিন বোৰ, মনত পেলাই দিয়ে !
      
              ফাগুণৰ, ফিৰ ফিৰয়া বতাহ জাকে !
              লৈ আহে, উতলোঁৱা ফাগুণ জাকে
                তোমাৰ স্মৃতি, দি যাই,
              বহুতো বতৰা ।  মনটো, উৰি গুচি যায়!!
              এৰি অহা মিঠা- মিঠা লগা !

অনুভৃতি বোৰ লৈ।  মোৰ, জীৱনৰ 
জোঁনাক  বোৰ, কৰ বাত, যেন বিলিন
হৈ গল।  সৌ,  নীল আকাশত' সতে,
মিলি গল,  আশাৰ সপোন বোঁৰ !

              এতিয়া, কেৱল ধুৱা- ধুৱা চাৰিও ফালে ! 
              কেৱল, চুই জোঁৱা বতাহ, জাক বৰবিষৰ
             পানচৈ ।  দেহৰ ,শীতল বতাহ জাকতো,
             শব্দৰ মৌনতাত আকুল কৰি থৈ যায় !
    
নিৰৱ এলানি, শণ্যৰ  মনৰ ঢ়ৌৰ !
লহৰ ভাঁহি  আহে, হ্নদয়ৰ ভাজে ভাজে।  
সৌ    বিষাদৰ' দুখ  বোঁৰ নিৰৱে  নিৰলে !
আহি থাকে , নিমাতে নীৰৱে ।
সপোনৰ প্ৰত্যাশাৰ মাজত !

        জী, উঠা এটি ছায়া,ৰিব্‌ -ৰিব্‌ বতাহ জাকত!
         মোৰ মনৰ , বতৰা বোৰোঁ !
         আবেগিক হৈ পৰে। বলিয়া, ফাগুণৰ
        পচোঁৱা বতাহ জাকেও !

 খাওঁ - খাওঁ কৈ আহিছে । যৌৱন, চঞ্চলা
ফাগুণ হৈ। চঞ্চলা, বৰ দৈচিলা জনীও !!
দেখোন , মাকৰ  ঘৰলৈ  আহিব হল।
এবুকু প্ৰেমৰ  বতৰা লৈ !

             এইয়া যৌৱন  হেঁপাহৰ বলিয়া  ফাগুণ!
             হ্নদয়ৰ কোণে - কোণে ভৰি আছে !!
           ইটো পিছত সৌ টো  দুখৰ  নৈ !

ফাগুণৰ, বলিয়া বতাহ  জাকেও !  
মনটো  নিৰিবিলি কৰি থৈ য়ায় !

✍🏼 অলিনা সোনোৱাল



কবিতাৰ শিৰোনামঃ  ফাগুণ আহিছে

ফাগুণ আহিছে মনৰ মাজত
হৃদয়ত দোলা দিছে
পূৰ্ণ শৰীৰত জোৱাৰ উঠিছে
সকলো দৰজা খুলা আছে 

বন্ধু/ বান্ধৱীৰ চিঞৰ বাষৰ
বাঢ়িছে দেঁহত দুই গুণ  জ্বালা 
ফাগুণৰ ৰদে দেঁহত পুৰিছ 
কটোনো কিমান জ্বলা

সকলে কয় আহিছে দুষ্ট বতাহ
প্ৰেম প্ৰীতি অকণো নাই
পৃথিৱীত দিছে প্ৰকাণ্ড ধুমুহা 
ধূলি মাকতি উৰুৱাই

তোমাৰ প্ৰেমৰ পৰশ পাই ফুলিছে
ফাগুণৰ শিমলু পলাশ মদাৰৰ
ফুলিছে পৃকৃতিৰ নিভাঁজ বুকুত

নুবুজেও নামানে  এই দুষ্ট বতাহ
সেই বাবে লিখিছো 
প্ৰীতি প্ৰেমৰ এই কবিতা
-----------------------------------
          ✍🏼 হবিবুৰ
            ১৭/০২/২০২২ইং চন



কবিতাৰ শিৰোনামঃ  ফাগুণৰ আগমন

ফাগুণৰ আগমন 
শীতৰ সেমেকা বাটেদি 
নিঃ শব্দে নিৰৱে 
ফাগুণ আকৌ আহিল ।
বতাহত বিয়পিছে সৰাপাতৰ ঝন-ঝননি 
চঞ্চলা। ফাগুণৰ চুমাৰ পৰশত 
ধুলিয়ৰি ধৰিত্ৰী ব্যাকুল হয়,
প্ৰকৃতিৰ অলংকাৰ 
শিমলু,মডাৰ,পলাশৰ ৰঙত
প্ৰকৃতি ৰঙীণ হয় ।
ফাগুনি বতাহ জাকে 
চাদৰৰ আচল উৰুৱাই 
আউলি বাউলি চুলি টাৰিৰে 
উন্মনা মনে 
ভাৱনাৰ সাগৰত ডুব মাৰে ।
ৰঙৰ উৎসৱৰ বতৰা লৈ অহা 
ফাগুণৰ বতাহ জাকে 
প্ৰকৃতিক ন-ৰূপত সজাই তোলে ।
আলি-আই-লৃগাঙে 
মিছিং ডেকা-গাভৰুৰ 
হৃদয়ত প্ৰেমৰ জোৱাৰ তোলে ।
লঠঙা গছৰ ডালত 
ন-কুঁহিপাতে বসন্ত অহাৰ 
বাতৰি বিলাই ।
      ✍🏼 কুইন মহন্ত




ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ বেদনাৰ কবিতা যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু বেদনাৰ কবিতা সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

যদি আপোনালোকৰ কবিতা সমূহ আমাৰ Website ত প্রকাশ কৰি বিচাৰে তেনেহলে আমাক Email কৰিব পাৰে।

sofiqulalom898@gmail.com

বিঃদ্রিঃ কবিৰ নাম উল্লেখ নকৰাকৈ কপি-পেষ্টৰ পৰা বিৰত থাকে যেন।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !