সন্দেহ অসমীয়া কবিতা | Poems Of Doubt In Assamese

0
সম্পর্ক যিয়েই নহওঁক, কিছুমান সম্পর্কত সন্দেহ থাকে সেই বাবে আমি আজি কেইটামান সন্দেহ অসমীয়া কবিতা লৈ আহিছো !  আশা কৰোঁ আপোনালোকৰ ভাল লাগিব।


সন্দেহ অসমীয়া কবিতা

তোমাৰ আৰু মোৰ মাজত
বিশ্বাসৰ বান্ধোনটো
 পলকতে চিঙি পেলাব পাৰে ই
ইয়াৰ এটা মাত্ৰ ইঙ্গিততে 
ঠান বান হব পাৰে
প্ৰত্যয় সিক্ত প্ৰতিশ্ৰুতি বোৰো
মিঠা মিঠা সপোন বোৰ
কলিতেই ই মুচৰি পেলাব পাৰে
এটা মাত্ৰ সুযোগ পালেই
সাতাম পুৰুষীয়া সম্প্ৰীতিৰ বান্ধোনটি
ভৰিৰে মোহাৰি নোহোৱাও কৰিব পাৰে

বিষাক্ত কীটাণু ৰ দৰে -
মাৰাত্মক বিষৰ  দৰে -
সোঁচৰা ৰোগৰ দৰে -
যি মুহূৰ্ততে ধ্বংস কৰিব পাৰে
 সমাজৰ মৰমৰ চেনেহবোৰ
উঁই পোকৰ দৰে কুটি কুটি
শেষ কৰি পেলাব পাৰে
আমাৰ আলফুলীয়া কলিজা বোৰো

আহাচোন -সকলোটি ওলাই
মাৰ বান্ধি ঠিয় দি আমি
নিঃশেষ কৰোঁ সমাজৰ পৰা
সন্দেহ নামৰ এই -
মাৰাত্মক ভাইৰাচ্ বিধক।

✍️ৰশ্মি ৰেখা চলিহা


শিৰোনামঃ সন্দেহ

কেতিয়াবা যদি প্ৰেমৰ ছন্দৰে
 এটি অনুভৱ মালা গাঠোঁ,,,
তেতিয়া বলি হ'ব লাগে তোমাৰ সন্দেহত
আকৌ কেতিয়াবা যদি বিষাদৰ ছন্দৰে
মালা গাঁঠো মনটো ফৰকাল হ'ব বুলি
তেতিয়াও হ'ব লগা হৈ তোমাৰ বিকৃত মস্তিষ্কত বলি,
সময়ৰ সৈতে মিলি আধুনিক হ'ব খুজিলেও ছদ্মনামবেশী নাম পাওঁ,
এয়াই সময়ৰ উপহাৰ হিচাপে বিশ্বাসৰ হাত,
কিন্তু কি জানা বিশ্বাসৰ গছজোপাত 
তুমিয়েই জুইৰ শিখা জ্বলাই দিলা,,
সেয়ে মই কওঁ শুনা তুমি,,,,
কবিতা মই ভাল পাওঁ,,
সাহিত্য মোৰ খুবেই প্ৰিয়
তুমি হাজাৰ বাধা দিলেওঁ 
চৰ্চা চলাই যাম জীৱন গ'লেও,,
মই মোৰ জীৱনটো ভাল পাওঁ
মোৰ জীৱনটোৱেই মোৰ প্ৰেম,,
প্ৰেমৰ দলিচাত মাথোঁ
 সংগ্ৰামী জীৱনৰ গান।

✍️ ৰাবিয়া বেগম


সন্দেহৰ অসমীয়া  কবিতা

কোনেও নেদেখে কাৰোৰে
বুকুত ওন্দোলাই থকা বিষাদৰ ঢৌ,
উমান নাপায় বুকুৰ তৃষানল 
সংগোপনে লুকাই থকা।

 মিছা অপবাদে জোৱাৰ তুলিলে
 দাহিমুহি চূচুৰ্মৈ কৰে 
 হেঁপাহৰ সেউজীয়া !
 বিনাশ হয় মনবৃন্দাবন।
 দুখৰ কুকুহা উৰি বতাহত 
 গোমা কৰে স্বপ্নৰ আকাশ।
 
সন্দিগ্ধ প্ৰাচীৰ ভাঙি
 সান্নিধ্যলৈ আহি
  লবা মনৰ খৱৰ,
পোহৰে পাতিব  সুখৰ মেলা,
আঁতৰি যাব অনুসন্ধিৎসু মনৰ
অহেতুক ভাৱৰ ডাৱৰীয়া।

✍️অঞ্জুমণি হাজৰিকা


Poems Of Doubt In Assamese

তুমি বাৰু মোৰ কবিতা হয়নে ?
মোৰ গোপন আশা।
মোৰ সন্দেহ হয় জানানে।
এই যে হাতত কলম লৈ, 
তুমি তুমি বুলি
তোমাৰ নামত তোমাৰ মৰমত
আঁক-বাক কৰি থাকো
বগা কাগজত,
তোমাক কবিতা বুলি।

সচাই তুমি কবিতা হয়নে ?
মোৰ কবিতা হ'বানে ? 
মোৰ কিন্তু সন্দেহ হয় জানা।
মইতো মোৰ কাপৰ পৰা
নিগৰিত শব্দত নেদেখো তোমাক।
নেদেখো সেই শব্দত 
তোমাৰ ৰূপ লাৱণ্য।

নকৰে মোৰ কবিতাই পৰিধান
কবিতাৰ অলংকাৰ।
শব্দত নেদেখো শব্দৰ মাধূৰ্য, 
ভাষাত নেদেখো কোনো
ভাষাৰ লালিত্য।

মোৰ কবিতা কবিতা হয় জানো ? 
মোৰ সন্দেহ হয় জানা।
মই তোমাক কবিতা নামেৰে 
যিমানেই নসজাঁও কিয় 
নেদেখোচোন তাত মই
ৰূপ,ৰস,গন্ধ স্পৰ্শৰ
কোনো‌ আভৰণ।

তথাপিও, হ'বানে তুমি বাৰু 
মোৰ প্ৰাণৰ কবিতা,
য'ত মই নিৰ্ভয়ে থ'ব পাৰো 
মোৰ হৃদয়ৰ ভাষা।

  ✍️ দুৰ্লভ নাথ



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ সন্দেহ অসমীয়া কবিতা যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু সন্দেহ অসমীয়া কবিতা সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

যদি আপোনালোকৰ কবিতা সমূহ আমাৰ Website ত প্রকাশ কৰি বিচাৰে তেনেহলে আমাক Email কৰিব পাৰে।

sofiqulalom898@gmail.com

বিঃদ্রিঃ কবিৰ নাম উল্লেখ নকৰাকৈ কপি-পেষ্টৰ পৰা বিৰত থাকে যেন।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !