মৃত্যুৰ এক ঘণ্টা সময়ৰ ভিতৰত আত্মাৰ কি কি হয় জানো আহক | What Happens An Hour After People Die In Assamese

0
জীৱন এক মাটিৰ চাকিৰ দৰে,  যত তেল শেষ মানে সকলো শেষ।  কিন্তু জীৱন এৰি যোৱা,  আত্মীয় স্বজনক এৰি যোৱা প্রিয়জনক এৰি যোৱাৰ বেদনা আৰু মৃত্যুৰ যন্ত্রণা কেনে হয় সেইজনৰ আত্মাই মৃত্যুৰ এক ঘন্টা ভিতৰতহে অনুভৱ কৰিব পাৰে।  মৃত্যুৰ এক ঘন্টা ভিতৰত আত্মা আৰু নশ্বৰ দেহৰ সৈতে কিছু আচৰিত ঘটনা প্রবাহ সংঘটিত হয়,  তাৰ বৰ্ণনা দিব পাৰে যিয়ে মৃত্যুৰ দুৱাৰৰ পৰা পুনৰ জীৱন লাভ কৰে।  মৃত্যুৰ এক ঘণ্টা ভিতৰত এক অদ্ভুত কিছু ঘটনা ঘটে যি পৰিঘটনা সেই ব্যক্তিৰ ওচৰে পাজৰে থকা আত্মীয় লোকে নেদেখে।

What Happens An Hour After People Die In Assamese

মানৱ জীৱনৰ আটাইতকৈ ডাঙৰ সত্য হৈছে মৃত্যু,  যি সত্য কোনেও এৰাই চলিব নোৱাৰে।  আৰু মৃত্যু জগতত প্ৰৱেশ কৰা সময় কাৰো হাতত নাথাকে।  যাৰ প্ৰাণ আছে তেওঁ এদিন এই প্রাণ ত্যাগ কৰিবই

বিশেষজ্ঞৰ মতে - আত্মাই শৰীৰ ত্যাগ কৰাৰ লগতে শৰীৰ অচেতন হৈ পৰে।  আৰু শৰীৰ ত্যাগ কৰিয়ে কিছু ক্ষণৰ বাবে আত্মা অচেতন হৈ পৰে।  পুনৰ কিছু মুহূর্ততে আত্মা সচেতন হৈ পৰি আৰু ভয় খাই উঠে।  লগে লগে আত্মাই নিজৰ আত্মীয় আৰু প্ৰিয়জনক চিঞৰি চিঞৰি আকুল ব্যাকুল হৈ মাতিবলৈ আৰম্ভ কৰে যি কথা নশ্বৰ দেহৰ ওচৰত থকা লোকে নেদেখে নুশুনে।  আত্মাই পুনৰ নশ্বৰ দেহত সোমাব প্রয়াস কৰে কিন্তু বাৰে বাৰে ব্যর্থ হয়।  বহু প্রচেষ্টা কৰিও যেতিয়া সফল হ’ব নোৱাৰে তেতিয়া তেতিয়া হাৰ মানে আৰু বুজি উঠে যে তাৰ উভটি যোৱাৰ সময় হৈছে।  কোনো ব্যক্তিৰ শৰীৰৰ পৰা আত্মা পৃথক হৈ পৰিলে তাৎক্ষণিক ভাৱে আত্মাই বুজি নাপায় যে তেওঁ পৃথক হৈছে,  সেয়ে জীৱিত অৱস্থাত যি আচৰণ কৰে সেই আচৰণকে কৰি থাকে আত্মাই।  আৰু প্রায় এক ঘণ্টা সময় আত্মা নশ্বৰ দেহৰ ওচৰে পাজৰে থাকে,  এই আত্মাই সকলোকে দেখি থাকে আৰু সকলোৰে কথা শুনি থাকে।  এই চিৰসত্য মৃত্যুৰ দিনা,  আত্মাই এক বিশেষ সময় পাৰ কৰিবলগীয়া হয় যি সময় অতি নিষ্ঠুৰ আৰু বেদনাদায়ক।


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ তথ্য সমূহ জানি যদি আপোনাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু এনেকুৱা ধৰণৰ পোষ্ট পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !