মাঘ বিহুৰ শুভেচ্ছা বাণী | ভোগালী বিহুৰ শুভেচ্ছা বাণী l Happy Magh Bihu Wishes, SMS, Status, Quotes In Assamese

0
বন্ধু বান্ধৱী সকল মাঘ বিহু আহিল,  আপুনি যদি মাঘ বিহুৰ বাবে মাঘ বিহুৰ শুভেচ্ছা বাণী বা মাঘ বিহুৰ শুভেচ্ছা বার্তা বিচাৰি আছে তেনেহলে আপুনি ঠিক জাঘাত আহিছে।  আপোনালোৰ বাবে কেইটামান Happy Magh Bihu Wishes, SMS, Status, Quotes লৈ আহিছো এই মাঘ বিহুৰ শুভেচ্ছা বাণী সমূহ আপুনি আপোনাৰ বন্ধু, বান্ধৱী, ভাইসুভন্টি, মা, দেউতাৰ লগত শ্বেয়াৰ কৰিব পাৰিব।  লগতে কেইটামান তলত মাঘ বিহুৰ শুভেচ্ছা বাণী ফটো দিয়া হ'ল ফটো সমূহ Download কৰিব পাৰিব।
Happy Magh Bihu Wishes, SMS, Status, Quotes In Assamese

মাঘ বিহু

মাঘ বিহুৰ শুভেচ্ছা বাণী

১/
এই বিহুই যাতে কঢ়িয়াই আনে
আপোনাৰ জীৱনত সুখ-সান্তি বতৰা।
Happy Magh Bihu



২/
মেজিৰ পবিত্র জুইয়ে তোমাৰ হৃদয় উমাল কৰি তোলক।
ভোগালী মাঘৰ মেজি পিঠা-পনা আৰু
অনেক সুখৰ বতৰাই তোমাৰ জীৱন ৰঙীন কৰি তোলক।
মাঘ বিহুৰ শুভেচ্ছা



৩/
ভোগালীৰ ভেলাঘৰ, উৰুকাৰ ভোজ আৰু
মেজিৰ জুইৰ পৱিত্ৰ উমেৰে তোমাৰ লগতে
পৰিয়ালৰ সকলোৰে জীৱন সুখময় হওঁক।
ভোগালীৰ উলগ জনালোঁ তোমাৰ আৰু তোমাৰ
পৰিয়ালৰ সকলোলৈকে।



৪/
বিহুৰে বিৰিণা পাতে সমনীয়া বিহুৰে বিৰিণা পাত,
বিহু থাকে মানে বিহুকে বিনাবি বিহু গ'লে বিনাবি কাক।
আপোনাৰ ঘৰত ভোগালী বিহুৱে ভোগৰ
অৱতাৰণা বৃদ্ধি কৰে যেন।



৫/
আপোনাৰ লগতে ঘৰৰ প্ৰতিজন সদস্যৰে
জীৱনটো সর্বাংগ সুন্দৰ হয়,
তাৰ কৃপা ৰাখিলোঁ। আশা কৰিম ভেলা ঘৰৰ মেজিৰ
অগ্নিয়ে মনৰ থকা সকলোবোৰ দু-কাৰ্য, দু-আচাৰৰ দহন কৰে যেন,
ভোগালী ও মাঘ বিহুৰ শুভেচ্ছাৰে।



৬/
আপোনাক লগতে আপোনাৰ পৰিয়ালৰ
সকলো সদস্যক
মাঘ বিহুৰ শুভেচ্ছা জনালো।



৭/
সকলোলৈকে মাঘ বিহুৰ শুভেচ্ছা জনাইছো।
অনাগত সময়বোৰ আনন্দেৰে ভৰি পৰক।
ঈশ্বৰৰ আশীৰ্বাদত চৌদিশে ভাতৃত্ববোধ আৰু
কল্যাণ বিৰাজ কৰক।



৮/
নিয়ৰ সৰা গধূলি
মাঘ বিহুৰ জাননী
মেজি তলৰ ধেমালি
চোৱা আহি পালে ভোগালী
ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো।



৯/
মেজিৰ জুইত জাহ যাওঁক
দুখ, হিংসা, দুর্নীতি আৰু ঘূৰি আহক
সুখ, শান্তি সমৃদ্ধি।
মাঘ বিহুৰ শুভেচ্ছা থাকিল



১০/
ভোগালীয়ে সকলোৰে মনবোৰ
সমৃদ্ধ কৰক,
কঢ়িয়াই আনক জীৱনলৈ
আনন্দ আৰু উল্লাস।
মাঘ বিহুৰ শুভেচ্ছা জনালো।



১১/
Big Big খৰি
Pis Pis কৰি,
Morning To চিৰা পিঠা
Evening To মুৰি,
Fight To ম'হৰযুঁজ
Night To হাঁহৰ ভোজ,
Enjoy To Happy Bhogali Bihu In Advance



১২/
সকলো বন্ধ বান্ধৱীলৈ
ভোগালী বিহুৰ হিয়াভৰা ওলগ
যাচিলো।



১৩/
সকলোলৈকে উৰুকা
আৰু ভোগালী বিহুৰ শুভেচ্ছা জনালো।



১৪/
আপোনাৰ লগতে
আপোনাৰ পৰিয়ালটিৰ প্রতিজন
সদস্যলৈ মাঘ বিহুৰ
হিয়াভৰা শুভেচ্ছা যাচিলো।



Happy Magh Bihu Wishes, SMS, Status, Quotes

১৫/
সকলোলৈ ভোগালী বিহুৰ হিয়াভৰা ওলগ জনালোঁ।
মেজিৰ উত্তাপে সমাজৰপৰা অসূয়া-অপ্ৰীতিৰ ভাৱ
আঁতৰাই আমাৰ সাতামপুৰুষীয়া সম্প্ৰীতিৰ
বান্ধোন শক্তিশালী কৰি তোলক.
Happy Magh Bihu



১৬/
মাটি মাহৰ সুৱাদেৰে,
বৰা চাউলৰ সুগন্ধৰে, জীৱন ভোগালী হৈ পৰক।
মাঘ বিহুৰ শুভেচ্ছা জনালো।



১৭/
সোনগুটি চপাই লখিমী আদৰি অনা উত্তৰায়ণ
সুৰুজে যিদৰে পোহৰৰ আশাবোৰ দীঘলীয়া কৰি আনে,
সেইদৰে ভোগালীৰ সুৰুজে সকলোৰে জীৱনলৈ
সুখৰ অমীয়া কঢ়িয়াই আনক !
সকলোলৈকে মাঘবিহুৰ শুভেচ্ছা থাকিল।



১৮/
এইবেলি মাঘ বিহুত,
মেজিৰ জুইকুৰাই দহন কৰিব বিষাদ-গধুৰ হৃদয়ৰ যন্ত্ৰণা,
জুহালৰ উত্তাপত উমাল হৈ ৰ'ব পৰিয়ালৰ চেনেহৰ বান্ধোন।
সকলোতে হাঁহি বিয়পিব, ভোগালী সোনালী হ'ব,
তাৰেই কামনাৰে
সকলোলৈ ভোগালী বিহুৰ ওলগ জনালোঁ।



১৯/
চ'ৰ দিন বাগৰি বহাগৰ পদুলি পালেহি ৷
অসমবাসীৰ গা সাতখন আঠখন।
ৰঙালীৰ ৰঙত মতলীয়া হ'বলৈ সাজু সকলো।
সকলোৰে জীৱনলৈ কঢ়িয়াই আনক অলেখ সুখৰ বতৰা।
ৰামধেনুৰ সাতোৰঙৰ দৰে ৰঙীন হৈ পৰক সকলো
তাৰে কামনাৰে...
ভোগালী বিহুৰ ওলগ জনালোঁ।



২০/
বিহু উপলক্ষে অসমৰ লগতে
বিশ্বৰ বিভিন্ন প্ৰান্তত থকা অসমীয়া ভাতৃ ভগ্নীসকললৈ
আন্তৰিক ওলগ জনালোঁ।
এই উৎসৱে প্ৰতিটো পৰিয়াললৈ কঢ়িয়াই আনক
সুখ, শান্তি, সমৃদ্ধি আৰু আনন্দৰ বতৰা।
ভোগালী বিহুৰ ওলগ জনালোঁ।



২১/
মোৰ ৰ তৰফৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা
আৰু শুভকামনা জনালো।
সকলোৰে আহি থকা দিন বোৰ সুখ সমৃদ্ধি,
শান্তি আৰু ভোগালীৰ ভোগেৰে উপচি পৰক
তাৰেই শুভকামনাৰে।



২২/
ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছাৰে
সুপ্ৰভাত ( অসম। )



২৩/
ভোগালী বিহুৰ শুভেচ্ছা যাচিলো।



২৪/
মাছক English ত কয় fish 🐟
মই তোমাক কৰো বহুত Miss😌
মই থাকতে তোমাক আগতিয়াকৈ কোনেওঁ নকৰে যে Wish😘
সেই কাৰনে মই Advance কৰিলো wish😍
Happy Bhogali Bihu



২৫/
ভোগালী বিহুৰ শুভেচ্ছাৰে।
সকলোয়ে মিলা প্ৰিতিৰে আজি ভোগালী বিহুৰ ভোজ খাওঁক।
ভোগালী বিহুৰ ওলগ জনালোঁ।



২৬/
জীৱনৰ ৰং গ্ৰুপৰ সকলোলৈ ভোগালী বিহুৰ শুভেচ্ছা জনালো।
সকলোৰে পেটবোৰ ভালে থাকে যেন যাতে বাহঁনি,
ঘাহঁনি আদিলৈ দৌৰিব লগা নহয়।



২৭/
সুপ্ৰভাত সকলোলৈকে,
লগতে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ।



২৮/
সুপ্ৰভাত মোৰ সমূহ বন্ধু, বান্ধৱীলৈ
ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ।



২৯/
সকলোকে ভোগালী বিহুৰ ওলগ
জনালো আগতীয়াকৈ।



৩০/
মোৰ তৰফৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা,
আৰু শুভকামনা জনালো।
সকলোৰে আহি থকা দিন বোৰ সুখ সমৃদ্ধি, শান্তি আৰু
ভোগালীৰ ভোগেৰে উপচি পৰক তাৰেই
শুভ কামনাৰে..
ভোগালী বিহুৰ ওলগ জনালোঁ।


মাঘ বিহুৰ কবিতা

ভেলাঘৰ

শীতত কঁপি কঁপি  নিশাৰ তৰাৰ স'তে মই 
লুকা ভাকু খেলো,
বিনিদ্ৰ ৰজনীত মাঘৰ উত্তাপ
বুকুৱে বুকুৱে দি যাওঁ ।

এজাক কিৰিলি 
মোৰ বুকুত শুৱে,
খিল খিল নাভাগৰা হাঁহিয়ে
ইপাৰ সিপাৰকৈ ছৈ দিয়ে,

তমসাবোৰ আঁতৰাই ৰাখো 
এদিন এনিশা।

হিমচেঁচা সমীৰত গা ধুই 
আজিও তোমাক পাহৰিবলৈ
নাম সলোৱা নাই,
আন্ধাৰবোৰ ঢাকিবলৈও 
পাহৰা নাই।
 
জ্বলি জ্বলি ছাঁই হৈ মই দি যাম
তোমাৰ অসুখীয়া শীত নাশি
উজ্জীৱিত সুখৰ উত্তাপ,
ফেঁহুজালিৰ আগে আগে 
তোমাৰ আশাৰ পলাশ ফুলাম
আকাশৰ শেষ সীমনাত।

✍️ গীতাঞ্জলি দেৱী ।


মাঘ বিহুৰ শুভেচ্ছা বাণী ফটো




ভোগালী বিহুৰ শুভেচ্ছা বাণী














ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ মাঘ বিহুৰ শুভেচ্ছা বাণী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু এনেকুৱা ধৰণৰ পোষ্ট সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !