নাৰী দিৱসৰ শুভেচ্ছা বাণী | International Women's Day In Assamese

0
আন্তর্জাতিক নাৰী দিৱস উপলক্ষে সকলো নাৰী জাতিক www.AssameseStatus.com ৰ তৰফৰ পৰা নাৰী দিৱসৰ বহুত বহুত শুভেচ্ছা ও অভিনন্দন জনালো।  আমি ভাবো নাৰী সমাজৰ ওচৰত এই দিনটো অতি ইস্পেচাল সেই বাবে আজি আমি কেইটামান আন্তর্জাতিক নাৰী দিৱসৰ শুভেচ্ছা বার্তা লৈ আহিছো আশা কৰোঁ আপোনালোকৰ ভাল লাগিব।


নাৰী দিৱস কেতিয়া পালন কৰা হয় ?

নাৰীৰ স্বাধিকাৰ আৰু মৰ্যাদা প্ৰতিষ্ঠাৰ ইতিহাসত ৮ মাৰ্চ তাৰিখটো এক ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি।  সমাজ এখন সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক আৰু অৰ্থনৈতিকভাৱে আগবাঢ়ি যাবলৈ হ’লে নাৰী-পুৰুষ নিৰ্বিশেষে সকলো ব্যক্তি সমানে আগবাঢ়ি যোৱাটো অপৰিহাৰ্য যদিও মানৱ সভ্যতাৰ বিকাশৰ ইতিহাসত এই ধাৰাবাহিকতা ৰক্ষা কৰা দেখা নাযায়।  নাৰীৰ অনগ্ৰসৰতাই সমাজক পশ্চাদমুখী কৰাটো ইতিহাসে প্ৰতীয়মান কৰিছে।  কৃষিভিত্তিক সমাজ ব্যৱস্থাৰ পৰা মধ্যযুগৰ সাম্ৰাজ্যবাদৰ উত্থান, সামন্ত প্ৰথাৰ প্ৰসাৰ, শিল্প উদ্যোগৰ মাজেদি আজিৰ একবিংশ শতিকাৰ তথ্য-প্ৰযুক্তিৰ বিস্ফোৰণৰ যুগলৈকে সমাজত নাৰী-পুৰুষৰ লিংগভিত্তিক বিভাজনে নাৰীৰ মৰ্যাদাৰ ক্ষেত্ৰত যথেষ্ট উত্থান-পতন আৰু পৰিৱৰ্তন আনিছে।  নাৰীৰ অধিকাৰ আৰু মৰ্যাদা প্ৰতিষ্ঠাৰ সুদীৰ্ঘ সংগ্ৰামৰ বুৰঞ্জীত যুগান্তকাৰী স্মাৰক হিচাপে ৮ মাৰ্চ তাৰিখটো এটা উল্লেখযোগ্য দিন।  সমগ্ৰ পৃথিৱীত যোৱা এক শতিকাৰ ওপৰকাল এই দিনটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰা হৈ আহিছে।

নাৰী দিৱসৰ শুভেচ্ছা বাণী | International Women's Day In Assamese

১/
যিদিনাখন নাৰী এজনী সমাজত ধৰ্ষণৰ বলি নহ'ব,
যৌতুকৰ বাবে নাৰীক অত্যাচাৰ কৰা বন্ধ হ’ব,
যিদিনা খন নাৰী এজনীয়ে মূৰ তুলি ভদ্ৰতাৰ মুখা পিন্ধা সমাজত
কোনো ভয় নোহোৱাকৈ নিজৰ মতে জীয়াই থাকিবলৈ শিকিব,
হয়টো সেইদিনাই সার্থক হ’ব
আন্তর্জাতিক নাৰী দিৱসৰ শুভেচ্ছা থাকিল।



২/
নিজ মাতৃক বৃদ্ধাশ্ৰমত ৰাখি
নাৰী দিৱসৰ শুভেচ্ছা দিলে সোভা নাপাই।



৩/
W- Wonderful wife
O- Outstanding friend
M- Marvelous daughter
A- Adorable sister
N- Nurturing mother
HAPPY Women's Day



৪/
আজি বিশ্ব নাৰী দিৱস।
এই শুভ ক্ষণত মোৰ ফালৰ পৰা সকলোকে
আন্তৰিক শুভেচ্ছা জ্ঞ্যাপন কৰিলো।
নাৰী সকল সজাগ হলেহে এই নাৰী দিৱস সফল হ'ব।



৫/
নাৰীক প্রিয়জন হিচাপে ব্যৱহাৰ কৰক,
প্রয়োজন হিচাপে নহয়।
নাৰী দিৱসৰ শুভেচ্ছা থাকিল।



৬/
নাৰী দিৱসৰ শুভেচ্ছা থাকিল,
মোৰ ভন্টি, বাইদেউ, বান্ধৱী কেইজনী লৈ।



৭/
এগৰাকী প্ৰকৃত নাৰীৰ,
আপোনাৰ টকা-সম্পত্তিৰ ওপৰত
এক শতাংশ ও আশা নাথাকে।
এগৰাকী প্ৰকৃত নাৰীয়ে আপোনাৰ পৰা মাথোঁ,
সচাঁ মৰম, সময় আৰু বিশ্বাস বিচাৰে।
সেইবাবে, টকা সম্পত্তিৰে ধনী হোৱাৰ আগত
এজন প্ৰকৃত পুৰুষ হ’ব চেষ্টা কৰক।
আন্তর্জাতিক নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলো।



৮/
নাৰীক কেতিয়াও নকবা যে তেওঁৰ সাহস নাই,
নাৰী হৈ জীয়াই থকাটোৱেই তেওঁৰ সাহসৰ পৰিচয়।
নাৰী তুমি অনন্যা।



৯/
আমাৰো অধিকাৰ আছে সপোন দেখাৰ,
আমাৰো সামৰ্থ আছে আকাশ চোৱাৰ,
আমাৰো স্বাধীনতা আছে জীৱন গঢ়াৰ,
দিৱসৰ শুভেচ্ছা জনালো।



১০/
প্ৰতিটো সফল কামৰ অন্তৰালত
এগৰাকী নাৰীৰ আন্তৰিকতা আৰু উৎসাহৰ অৱদান
সদায়ে নিহিত হৈ থাকে।
সেই নাৰী হয় প্ৰেৰণাৰ এক উৎস।



১১/
নাৰী দিৱসৰ মূল উদ্দেশ্য হ’ল
লিংগ বৈষম্য আতৰাই সমতাৰ অধিকাৰ প্ৰদান কৰা,
নাৰী সকলৰ সকলো শোষণৰ পৰা মুক্ত কৰা।



১২/
যিদিনা কন্যা সন্তানৰ ভ্ৰণ নষ্ট কৰিবলৈ
কোনো মাতৃকেই অত্যাচাৰ নকৰিব,
সেই দিনা পালন কৰিম নাৰী দিৱস।



১৩/
নাৰী দিৱস সফল হ'ব তেতিয়াহে যেতিয়া
সকলো পত্নীয়ে স্বামীৰ চৰ-লাঠি গুৰ নহয়,
তেওঁৰ হৃদয়ৰ মৰম আৰু সন্মান লাভ কৰিব।



১৪/
নাৰী তুমি জগতৰ অৰ্ধশক্তি তুমিয়ে সৃষ্টি
জগত অন্যতম তুমি বিহীন পুৰুষ তান্ত্রিক ক্ষীণ।
সকলোলৈ আন্তর্জাতিক নাৰী দিৱসৰ
আন্তৰিক শুভেচ্ছা জনালো।



১৫/
যিদিনা ৰাতিৰ আন্ধাৰত এগৰাকী নাৰীয়ে
নিৰ্ভয়ে ফুৰিব পাৰিব সেই দিনাই
উৎযাপন কৰিম নাৰী দিৱস।


নাৰী দিৱসৰ কবিতা

কবিতাৰ শিৰোনামঃ নাৰী
হয়, নাৰী মই।
কিন্তু শোষণ জৰ্জৰিত হৈ
এটি চুকত পৰি থাকি
আনৰ সহানুভূতি বিচৰা
নাৰী নহয় মই।

লক্ষী হয় নে নহয় সেইটো
সময়ৰ প্ৰবাহত।
কিন্তু ???
পৰিয়ালৰ ৰক্ষা কবচ হবৰ বাবে
দুর্গা কালী অবশ্যেই মই।
হয়, নাৰী মই।

পুৰুষৰ তোষামোদত জৰ্জৰ হৈ
দাদৰি খোৱা ভয়ত
নিশ্চুপ হৈ বহি থকা নাৰী
নহওঁ মই।।।
কিন্তু সম্পূৰ্ণ নাৰী মই।।।

PuspaLata Baishya



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ নাৰী দিৱসৰ শুভেচ্ছা বাণী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু এনে ধৰণৰ পোষ্ট সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !