জৱাহৰলাল নেহৰু জীৱনী | Jawaharlal Nehru Biography In Assamese

0
বিশ্বৰ শান্তি-প্ৰয়াসী মানৱৰ আশাৰ প্ৰতিমূর্তি জৱাহৰলাল নেহৰু ভাৰতৰ জাগ্রত ন-পুৰুষ সকলৰ কৰ্মপ্ৰেৰণাৰ চিৰন্তন প্রতীক।  জাতিৰ জনক বাপুজীৰ অহিংসা, প্রেম আৰু বিশ্বভ্রাতৃত্বৰ মহান আদর্শ ৰূপায়ণৰ সব্যসাচী নেহৰু বিশ্বৰ এক অসম্মানী ৰাজনীতি বিশাৰদ, মানৱ-প্রেমী আৰু প্ৰগতিৰ জীৱন্ত আদর্শ।  স্বাধীন ভাৰতৰ প্ৰাণ প্রতিষ্ঠাতা, শান্তি প্রগতিৰ বাটকটীয়া নেহৰুৱে বিশ্ব দৰবাৰত ভাৰতক মর্যাদাৰে মহিমামণ্ডিত ৰূপে প্রতিষ্ঠা কৰি থৈ গৈছে।  উদাৰ, বিশাল, আৰু প্রগতিশীল দৃষ্টিভংগীৰ অধিকাৰী নেহৰু কর্ম প্রেৰণাৰাে মূর্ত প্রতীক।

জৱাহৰলাল নেহৰু জীৱনী

জন্ম আৰু বংশ পৰিচয়

জৱাহৰলাল নেহৰু জীৱনী
১৮৮৯ চনৰ ১৪ নৱেম্বৰ তাৰিখে এলাহাবাদ নগৰত নেহৰুৱে সােণৰ চামুচ মুখত লৈ জন্মগ্রহণ কৰিছিল।  দেউতাক মতিলাল নেহৰু আছিল লব্ধ প্রতিষ্ঠ আইনজ্ঞ আৰু বিখ্যাত ৰাজনীতিবিদ! মাতৃ স্বৰূপৰাণী নেহৰু আছিল এগৰাকী মহাধর্মপৰায়ণা মহিলা।  নেহৰুৱে পিতৃৰ পৰা দুৰ্বাৰ সাহসিকতা, স্পষ্টবাদিতা, সত্যপৰায়ণতা আৰু দেশপ্রেম, আৰু মাতৃৰ পৰা দয়া, ক্ষমা, শান্তি, স্নেহ-প্রীতি আদি সুকুমাৰ গুণৰাজি লাভ কৰিছিল।


শিক্ষা

দেউতাকৰ ইচ্ছানুসৰি মাত্র ১৫ বছৰ বয়সতে উচ্চ শিক্ষা লাভৰ কাৰণে নেহৰু বিলাতলৈ যাত্রা কৰে আৰু “হেৰাে” বিদ্যালয়ত ভর্তি হয়।  তাৰ পাছত ১৯০৭ চনত কেম্ব্রিজ “ট্রিনিটি” কলেজত ভর্তি হয় আৰু ১৯১০ চনত ৰসায়ন, ভূ-তত্ত্ব আৰু উদ্ভিদ বিদ্যাত অনাছ সহ ডিগ্রী লাভ কৰে।  সেই সময়তে তেওঁ ফ্রান্স আৰু জাৰ্মানীও ভ্ৰমণ কৰে আৰু পাছত “ইনাৰ টেস্পল”ৰ বেৰিষ্টাৰী ডিগ্রী লৈ ১৯১২ চনত সগৌৰৱে স্বদেশলৈ প্রত্যাৱর্তন কৰে।


কর্মজীৱন

Jawaharlal Nehru Biography In Assamese
স্বদেশলৈ ঘূৰি আহি সেই বছৰেই তেওঁ এলাহাবাদ হাইকোর্ট আইন ব্যৱসায় আৰম্ভ কৰে।  কিন্তু যাৰ শৰীৰৰ প্রতি শিৰাই স্বাধীনতাৰ তপ্ত ৰুধিৰ চিৰ প্রৱাহমান, যাৰ হৃদয়ৰ মর্মে মর্মে স্বদেশ প্ৰেমৰ আকুল আৱেগ উচ্ছল স্রোতস্বিনীৰ দৰেই মূর্ত প্ৰৱাহিত, তেওঁক আইন ব্যৱসায়ে বন্দী কৰি ৰাখিব পাৰে কেনেকৈ?  নেহৰুৱে ১৯১২ চনত বাকীপুৰ কংগ্ৰেছ অধিবেশনত আৰু পিছত উত্তৰ প্রদেশ কংগ্রেছ অধিৱেশনত যােগদান কৰি ভাৰতীয় জাতীয় সংগ্রামত প্রৱেশ কৰে। ১৯১৫ চনত ইংৰাজ চৰকাৰৰ সংবাদপত্ৰৰ ওপৰত দমননীতিৰ প্রতিবাদ কৰি এলাহাবাদৰ এক জনসভাত তেওঁ জীৱনৰ প্রথম বক্তৃতা প্রদান কৰে।

প্রধানমন্ত্রীৰ দায়িত্বত নেহৰু

বৃটিছৰ দুশ বছৰীয়া শশাষণে গৰকি ৰাজহাড় বেঁকা কৰা আৰু সাম্প্রদায়িকতাৰ মহা বিদ্বেষেৰে দ্বিখণ্ডিত হােৱা ভাৰতৰ প্ৰধানমন্ত্রী এজনৰ সন্মুখত পৰ্বত প্রমাণ হৈ থিয় হৈ থকা সমস্যাবােৰ সমাধান কৰিবলৈ নেহৰুৱে যি কঠোৰ পৰিশ্ৰম কৰিব লগা হৈছিল, তাৰ তুলনা নাই।  দৰিদ্ৰতা, খাদ্যাভাৱ, সাম্প্রদায়িক সংঘর্ষ, নিৰক্ষৰতা, নিবনুৱা সমস্যা, বৈদেশিক দায়িত্ব নেহৰু সমস্যা, আভ্যন্তৰীণ নানা সমস্যা আদি এশ এবুবি সমস্যাত জৰ্জৰিত ভাৰতক সুস্থিৰ অৱস্থালৈ আনিবলৈ তেওঁ অশেষ কষ্ট স্বীকাৰ কৰিব লগা হৈছিল।  সুবিশাল ভাৰতৰ সহস্ৰ সমস্যাৰ সন্মুখীন হৈও অলপো বিচলিত নহৈ প্রতি সমস্যাৰ সমাধানৰ উপায় অৱলম্বন কৰি, দেশত শান্তি প্রতিষ্ঠা কৰি প্ৰগতিৰ বিপুল আঁচনিৰে নৱ ভাৰত গঢ়াত নেহৰুৰ কৃতিত্ব অসীম।  প্রতিজন ভাৰতবাসীৰ হৃদয়ৰ অনুভূতিক বিপুল প্ৰেৰণাৰে ৰঞ্জিত কবি, প্রত্যেকৰে মন-দিগন্তত শান্তি আৰু প্ৰগতিব দেদীপ্যমান জ্যোতিৰ ৰেঙণি বােলাই দি নেহৰুৱে ভাৰতত ৰচনা কৰিলে এক মহামিলনৰ বংগভূমি।  তদুপৰি দেশৰ আৰু বিশ্বৰ কোটি কোটি সদ্যপ্রস্ফুটিত কমল-সদৃশ, নির্দোষ, নিটোল বিশাল প্রতিভাৰ সম্ভাৱনাময় শিশুৰ মংগলৰ কাৰণে নেহৰুৱে যি অৱদান আগবঢ়ালে, তাৰ বাবে তেওঁ চিৰকালৰ কাৰণে হৈ ৰ’ল তেওঁলােকৰ নেহৰু খুৰা।


জৱাহৰলাল নেহৰু মৃত্যু

জেল জীৱনৰ নিঃসংগতাই কোনােকালেই তেওঁৰ মন-দিগন্তৰ পৰিধিত ক’লাডাৱৰৰ সৃষ্টি কৰিব পৰা নাছিল,  বৰঞ্চ তাৰ পৰিৱর্তে সৃষ্টি কৰিছিল বিশাল আৱেগ আৰু অনুভূতিৰ জীৱন্ত প্রকাশ।  সেয়েহে তেখেতৰ সকলােখিনি গ্রন্থই জেল জীৱনতে ৰচিত হৈছিল।  প্রতিখন গ্ৰন্থই এফালে সাহিত্যৰ অক্ষয় কীর্তি আৰু নেহেৰুৰ সুকুমাৰ মনৰ ভাস্বৰ প্রতিফলন,  আৰু আনফালে তেওঁৰ ঐতিহাসিক চেতনা আৰু দার্শনিক গভীৰ জ্ঞানৰ জীৱন্ত নিদর্শন।  ১৯৬৪ চনৰ ২৭ মে’ৰ দিনা এইজনা জাতীয় জীৱন নিৰ্মই সমগ্র বিশ্বতে শােকৰ ছাঁ পেলাই ইহলীলা সম্বৰণ কৰে।



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ জৱাহৰলাল নেহৰু জীৱনী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু মহৎ লোকৰ জীৱনী সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !