নেতাজী সুভাষচন্দ্র বসু দেৱৰ জীৱনী | Netaji Subhas Chandra Bose Biography In Assamese

0
ভাৰত মাতাৰ এই পবিত্র ভূমিত বহু বীৰ আৰু মহান ব্যক্তিৰ জন্ম হৈছে তাৰে ভিতৰত অন্যতম এজন হ'ল নেতাজী সুভাষ চন্দ্র বসু আমাৰ স্বাধীনতাৰ বহু অৱদান আছে এই মহান মানুহজনৰ।
আজি আমি সেই মানুহজনৰ জীৱনী লিখিম আশা কৰো আপোনালোৰ ভাল লাগিব।


নেতাজী সুভাষচন্দ্র বসু দেৱৰ প্রথম জীৱন

সুভাষচন্দ্র বসু ১৮৯৭ খ্রিষ্টাব্দৰ ২৩ জানুৱাৰী ভাৰতৰ ওড়িশা ৰাজ্যৰ কটকে চহৰত জন্মগ্রহণ কৰিছিল।  তাৰ দেউতাৰ নাম জানকীনাথ বসু আৰু তেওঁৰ মাৰ নাম আছিল প্রভাবতী বসু।  তেওঁ আছিল মা-দেউতাৰ নৱম সন্তান।


নেতাজী সুভাষচন্দ্র বসু দেৱৰ শিক্ষা জীৱন

নেতাজী সুভাষচন্দ্র বসু পঢ়া-শুনাৰ দিশত বহুত ভাল আছিল।  ১৯০২ চনত কটক চহৰৰ প্রোটেষ্ট্যান্ট ইউৰোপীয় স্কুলত ষষ্ঠ শ্রেণী লৈকে শিক্ষা গ্রহণ কৰে।  আৰু তাৰ পাছত তেওঁ ১২ বছৰ বয়সত কটক চহৰৰ ৰাভেনশ কলেজিয়েট স্কুলত ভর্তি হয়।  তাৰ পাছত তেওঁ উচ্চ শিক্ষা অর্জনৰ বাবে ১৯১৩ চনত কলকাতাৰ প্রেসিডেন্সি ( Presidency University ) কলেজত ভর্তি হয়,  আৰু এই কলেজৰ পৰাই তেওঁ দর্শনে স্নাতক ডিগ্রি অর্জন কৰে।

ইয়াৰ বাহিৰেওঁ ইন্ডিয়াৰ Civil Services পৰীক্ষায় ভাল নম্বৰ পাই উত্তীর্ণ হৈছিল আৰু IAS হিচাপে নির্বাচিত হৈছিল।  কিন্তু জালিয়ানওয়ালাবাগ হত্যাকাণ্ড দেখি তাৰ মন বেয়া হৈ যায় আৰু তেওঁ ১৯২১ চনত এই চাকৰিৰ পৰা পদত্যাক কৰে।


নেতাজী সুভাষচন্দ্র বসু দেৱৰ ৰাজনৈতিক জীৱন

১৯২১ চনত নেতাজী গান্ধীজিৰ লগত সাক্ষাৎ কৰে আৰু গান্ধীজিৰ নির্দেশ অনুসৰি তেওঁ ভাৰতীয় জাতীয় কংগ্রেছৰ লগত এক হৈ দেশবন্ধু চিত্তৰঞ্জন দাসৰ লগত কাম আৰাম্ভ কৰে।
কিন্তু কিছুমান মতভেদৰ ফলত নেতাজী সুভাষচন্দ্র বসু ভাৰতীয় জাতীয় কংগ্রেছৰ বাহিৰেওঁ তেওঁ নিখিল ভাৰত ফৰওয়াৰ্ড ব্লক প্রতিষ্ঠিত কৰে।  কিন্তু কিছু দিন পিছত নেতাজী সুভাষচন্দ্র বসুক জাতীয় কংগ্রেছ দলৰ পৰা বহিস্কাৰ কৰাৰ ফলত ফৰওয়াৰ্ড ব্লক এটি স্বাধীন দল হয়।


স্বাধীনতা সংগ্রামত নেতাজী সুভাষচন্দ্র বসু দেৱৰ অৱদান

নিখিল ভাৰত ফৰওয়াৰ্ড ব্লকৰ জনপ্রিয়তা কমোৱাৰ বাবে ব্রিটিছ চৰকাৰ নেতাজী সুভাষচন্দ্র বসু দেৱৰ লগতে আৰু বহু সংগ্রামীক কাৰাবন্ধি কৰিছিল।  ব্রিটিছ চৰকাৰক মুক্তি দিবলৈ বাধ্য কৰাৰ বাবে নেতাজী জেলত অনশন আৰাম্ভ কৰে।  ফলত ব্রিটিছ চৰকাৰে তেওঁক গৃহবন্দী ৰখাৰ নির্দেশ দিয়ে।  তাৰ পাছত ১৯৪১ চনত সুভাষচন্দ্র বসু তাৰ ঘৰৰ পৰা পলাই আফগানিস্তান হৈ জার্মানিত যায়।  আৰু তাৰ পৰা তেওঁ জার্মানি ও জাপানৰ ওচৰত ভাৰতৰ পৰা ব্রিটিছ ৰাজ শেষ কৰাৰ বাবে সাহায্যৰ আবেদন কৰে।  তাৰ পিছত ১৯৪৩ চনত জার্মানিৰ পৰা ছিংগাপুৰ আহে আৰু আজাদ হিন্দ ফৌজ গঠন কৰে,  আৰু স্লোগান দিয়ে যে তোমালোকে মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম।


নেতাজী সুভাষচন্দ্র বসু দেৱৰ মৃত্যু

মন কৰা হয় তেওঁ ১৯৪৫ চনৰ ১৮ আগষ্ট তাৰিখে তাইওয়ানৰ এটা বিমান দুর্ঘটনাত মৃত্যু বৰণ কৰে,  কিন্তু তাৰ দুর্ঘটনাৰ কোনো প্রমাণ এতিয়া পোৱা নাই।
নেতাজী সুভাষচন্দ্র বসু দেৱৰ মৃত্যু এতিয়াওঁ বিতর্কৰ বিষয়।



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ নেতাজী সুভাষচন্দ্র বসু দেৱৰ জীৱনী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু মহৎ লোকৰ জীৱনী সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !