এ.পি.জে আব্দুল কালামৰ জীৱনী | Biography Of APJ Abdul Kalam In Assamese

বন্ধু বান্ধৱী সকল আজি আমি লিখিম আমাৰ ভাৰতৰ এজন মহান মানুহৰ জীৱনী, আৰু মহান মানুহ জন হ'ল এ পি জে আব্দুল কালাম।  আশা কৰোঁ আপোনালোকৰ ভাল লাগিব।

এ.পি.জে আব্দুল কালাম

এ.পি.জে আব্দুল কালামৰ জন্ম।

এ.পি.জে আব্দুল কালামৰ জন্ম হৈছিল ১৯৩১ চনৰ, ১৫ অক্টোবৰ ৰামেশ্বৰম তামিলনাডুত।


এ.পি.জে আব্দুল কালামৰ শিক্ষা।

তেখেতে ৰামেশ্বৰম প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা আৰু ৰামনাথপুৰম শ্বাৰ্টজ হাইস্কুলত হাইস্কুলীয়া শিক্ষা লাভ কৰিছিল।  কলেজীয়া শিক্ষা  লাভ কৰিছিল ছেইন্ট জোচেফ কলেজ  (ত্ৰিচিনপোল্লী) ত।  তেখেতে মাদ্ৰাজ এম. আই. টিৰ পৰা বিমান-বিদ্যা বিষয়ত আভিযান্ত্ৰিকৰ ডিপ্লমা আৰু বাঙ্গালোৰ হিন্দুস্তান এৰনেটিকচ লিমিটেডৰ পৰা বিমান-বিদ্যা বিষয়ত আভিযান্ত্ৰিকৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল।


এ.পি.জে আব্দুল কালামৰ কৰ্ম জীৱন।

জ্যেষ্ঠ বিজ্ঞানী সহায়ক, পতিৰক্ষা মন্ত্ৰালয় ভাৰত চৰকাৰ (১৯৫৮ চন) । এ.ডি.এ বৈমানিক উন্নয়ন প্ৰতিষ্ঠান (১৯৬২ চন) । সঞ্চালক প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ প্ৰতিষ্ঠান (১৯৮২ চন)  বিজ্ঞান উপদেষ্টা ভাৰত চৰকাৰ (১৯৯৮ চন) । ভাৰতৰ ৰাষ্টপতি (২০০২- ২০০৭ চনলৈ।


এ.পি.জে আব্দুল কালামে লিখা পুথিসমূহ।

আব্দুল কালামৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হৈছে-  চিল্ডৰেণ আস্ক কালাম, মিচন ইগিুয়া, উইংচ অৱ ফায়াৰ আৰু ইগনাইটেড মাইগু।  উল্লিখিত গ্ৰন্থকেইখনৰ অসমীয়ালৈ অনূদিত গ্ৰন্থকেইখন হ'ল- আমাৰ সপোন, মিছন ইগিুয়া, অগ্নিৰ ডেউকা আৰু তেজস্বী মন। 


এ.পি.জে আব্দুল কালামে পোৱা বঁটা আৰু সন্মান।

ভাৰতৰ ভালেমান বিশ্ববিদ্যালয় তথা শৈক্ষিক প্ৰতিষ্ঠানৰ দ্বাৰা সন্মাসূচক ডক্টৰেট ডিগ্ৰী প্ৰদান। জাতীয় নেহৰু বঁটা, বীৰ ছাভাৰকাৰ বঁটা, ইন্দিয়া গান্ধী জাতীয় সংহতি বঁটা প্ৰভূতি ভালেমান উল্লেখযোগ্য বঁটাৰে সন্মানিত।  ভাৰত চৰকাৰৰ দ্বাৰা পদ্মভূষণ, আৰু সৰ্বোচ্চ অসামৰিক ভাৰত ৰত্ন সন্মানেৰে সন্মানিত হৈছিল।


এ.পি.জে আব্দুল কালামৰ মৃত্যু।

২৭ জুলাই ২০১৫ ( বয়স ৮৩ ) স্থান. শিলং, মেঘালয় (ভাৰত)




ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ মহৎ লোকৰ জীৱনী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু মহৎ লোকৰ জীৱনী সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

Previous Post Next Post