এবাৰ এজন লোকে বিশ্বৰ সকলোতকৈ ধনী ব্যক্তি বিল গেটছক প্ৰশ্ন কৰিছিল, পৃথিৱীত আপোনাতকৈও ধনী কোনোবা আছেনে ?
বিল গেটচে উত্তৰ দিছিল, হয়, এনে এজন আছে যিজন মোতকৈও ধনী।
তাৰপিছত তেওঁ এটি গল্প ক'লে।
এই সময় তেতিয়াৰ যেতিয়া মই ধনাঢ্য বা বিখ্যাত নাছিলো
এবাৰ নিউয়ৰ্ক বিমান বন্দৰত এজন সংবাদপত্ৰ বিক্ৰেতাৰ সৈতে মোৰ সাক্ষাৎ হল।
মই এখন সংবাদপত্ৰ কিনিবলৈ বিচাৰিছিলো কিন্তু দেখিলো মোৰ ওচৰত যথেষ্ট টকা নাই। সেয়ে মই পেপাৰখন কিনাৰ সিদ্ধান্ত এৰি বিক্ৰেতাক ওভোটাই দিলো।
মই তেওঁক মোৰ অৱস্থাৰ কথা ক'লো। বিক্ৰেতাজনে ক'লে, লওঁক মই আপোনাক বিনামূল্যে দিছো। মই পেপাৰখন ললো।
দুই তিনি মাহ মান পিছত, মই সেই বিমান বন্দৰত এবাৰ অবতৰণ কৰিছো কিন্তু কাকতালীয়ভাবে সেইবাৰো সেই পত্ৰিকা বিক্ৰেতাৰ সৈতে দেখা হ'ল। বিক্ৰেতাজনে মোক সিদিনাও এখন পত্ৰিকা দিলে। মই অপাৰগতা প্ৰকাশ কৰি কৈছিলো যে মই নলও কিয়নো এতিয়াও মোৰ পৰিবৰ্তন হোৱা নাই। তেওঁ ক'লে, ‘আপুনি ল'ব পাৰে, মই এইখন মোৰ লাভৰ অংশৰ পৰা আপোনাক দিছো, ইয়াত মোৰ ক্ষতি নহয়। বিক্ৰেতাৰ আগ্ৰহত মই এইবাৰো পত্ৰিকাখন ললো।
ঘটনাটোৰ ১৯ বছৰ পিছত মই মানুহৰ মাজত বিখ্যাত আৰু পৰিচিত হ'লো। হঠাৎ এদিন মনত পৰিল সেই পত্ৰিকা বিক্ৰেতাৰ কথা। তেওঁক মই বিচাৰিবলৈ আৰম্ভ কৰিলো আৰু এনেদৰে প্ৰায় দেৰ মাহ অনুসন্ধানৰ পিছত মই তেওঁক পালো ।
মই তেওঁক প্ৰশ্ন কৰিলো, আপুনি মোক চিনি পাইছেনে ? তেও ক'লে "অ" আপুনি বিল গেটচ।
মই তেওঁক আকৌ প্ৰশ্ন কৰিলো, আপোনাৰ মনত পৰিছেনে আপুনি যে এবাৰ মোক বিনামূল্যে এখন পত্ৰিকা দিছিল ?
বিক্ৰেতাজনে ক'লে, হয়, মনত আছে। আপোনাক দুবাৰ দিছিলো।
মই কলো, আপুনি যে মোক বিনামূল্যে পত্ৰিকা দিছিল সেয়া মই ওভোতাই দিব খোজো। আপুনি আপোনাৰ নিজৰ বাবে যি বিছাৰে কওঁক ? মই সেয়া পূৰণ কৰিম।
বিক্ৰেতাজনে ক'লে, ছাৰ, আপুনি এনেকুৱা একো দিব নোৱাৰে যিখিনি মোৰ সহায়ৰ সমান হ'ব।
মই প্ৰশ্ন কৰিলো, কিয় ?
তেওঁ ক'লে, মই আপোনাক মোৰ দৰিদ্ৰ অৱস্থাত থকাৰ পিছতো বিনামূলীয়াকৈ সংবাদপত্ৰ দিছিলো। আৰু আপুনি এতিয়া বিশ্বৰ সকলোতকৈ ধনী ব্যক্তি হোৱাৰ পিছত হে মোক সহায় কৰাৰ চেষ্টা কৰিছে। আপোনাৰ সহায় কিদৰে মোৰ সহায়ৰ সমান হ'ব ?
সেইদিনা মই বুজিব পাৰিছিলো যে সংবাদপত্ৰ বিক্ৰেতাজন মোতকৈও বেছি ধনী, কাৰণ তেওঁ কাৰোবাক সহায় কৰাৰ বাবে ধনী হোৱালৈ অপেক্ষা কৰা নাই।
মানুহে বুজা উচিত যে সঁচা ধনী ব্যক্তি হ'ল সিহত যাৰ প্ৰচুৰ টকাতকৈ প্ৰাচুৰ্যপূৰ্ণ হৃদয় আছে। সঁচা ধনী হোৱা খুব গুৰুত্বপূৰ্ণ।
ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ তথ্য সমূহ জানি যদি আপোনাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।
আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক
অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়,
সেই বাবে আৰু এনেকুৱা ধৰণৰ পোষ্ট পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।
Post a Comment