বেদনাৰ কবিতা | Sad Poem In Assamese

বেদনাৰ কবিতা

কবিতাৰ শিৰোনামঃ বেদনাৰ নীলা

মই তোমাক বেয়া পাব নোৱাৰোঁ অ'
কৰাই লাগিলে হাজাৰ উপেক্ষা
কলিজাৰ শিৰাই শিৰাই শিপাই আছে
এআকাশ ভালপোৱাৰ যাতনা

খং উঠিছে ন কথাবোৰ শুনি
দিয়ানা অভিশাপ হিয়া উজাৰি
সাহস নহ'ল অ' উদঙাবলৈ গোপন বেদনা
নিৰব উচুপনি আৰু চকুলোত
উটাই দিছিলোঁ সেই আশা
যদি ভুল বুজি আঁতৰি যোৱা
তাৰ ভয়তেই ছটফটাইছিল হিয়া

একো নাই একো নাই বেয়া নাপাওঁ দিয়া
মাত্ৰ কামনা কৰোঁ তুমি যেন সুখী হোৱা
অনুভবে কন্দুৱাই জানা
উশাহে সহে নিৰব যন্ত্ৰণা 

 দুটি সুঁতি  একেখন নদীৰেই জানো নহয়
মিলিবৰ আশাৰে বয় সাগৰতে এক হৈ
জীৱন নদীৰ সিপাৰে ৰৈ থাকিম গৈ...

মোৰ পৰা আঁতৰি থাকিব জানো পাৰিবা
আকাশৰ বিশালতাহে যে মোৰ সীমনা।

✍ বেবী সোনোৱাল হাজৰিকা 


কবিতাৰ শিৰোনামঃ অভিমান

তুমি হেৰাই যোৱাৰ বেদনাত
সেউজীয়া উপত্যকাৰ
ৰঙা ফুলপাহ
সৰি পৰিল..., 
পুৱতি নিশা
আকাশৰ বুকুৰ পৰা
তৰা বোৰ সৰি পৰাৰ দৰে... ।
উপত্যকা ফালি বৈ থাকিল
এখন দুখৰ নৈ...,
এবুকু অভিমান 
বুকুত সামৰি লৈ...
পাহাৰৰ বুকু ভাঙি বৈ অহা নিজৰাৰ দৰে... ।
মৃত্যুৰ সিটো পাৰে
ৰৈ থাকিম তোমালৈ...
আতুৰ অপেক্ষাৰে,
কেৱল মাত্ৰ তোমাৰ বাবে।

 ভুমিকা লহকৰ, গুৱাহাটী


কবিতাৰ শিৰোনামঃ বেদনা

কবিতা লিখাৰ
অসীম হেঁপাহ মোৰ। 

নাজানোঁ, 
হৃদয়ৰ খৰাং পথাৰত
শব্দৰ সেউজীয়া বীজ সিচিবলে'
আৰু এয়াও নাজানোঁ
শব্দৰ ভাঁজত
ছন্দালঙ্কাৰ অথবা
উপমা অনুপ্ৰাসৰ ৰহন বোলাবলে'। 

শব্দৰ ৰসাল ব্যঞ্জনবোৰে
লুকা-ভাকু খেলে
মোৰ সৈতে.... 
"মই ব্যৰ্থ।"

জীৱন বৰ জটিল
মৌনতাই হ'ল মোৰ
জীৱন সঙ্গী.... 

এতিয়া, 
বেদনাৰ কীটে
মোক, 
কুটি কুটি খায়
প্ৰতিপল
প্ৰশিক্ষণ
লৈ দুৰ্বলতাৰ সুযোগ....!!

মন্তোষ শুক্ল বৈদ্য



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ বেদনাৰ কবিতা যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু বেদনাৰ কবিতা সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

যদি আপোনালোকৰ কবিতা সমূহ আমাৰ Website ত প্রকাশ কৰি বিচাৰে তেনেহলে আমাক Email কৰিব পাৰে।

sofiqulalom898@gmail.com

বিঃদ্রিঃ কবিৰ নাম উল্লেখ নকৰাকৈ কপি-পেষ্টৰ পৰা বিৰত থাকে যেন।

Post a Comment

Previous Post Next Post