বিষ্ণুপ্ৰসাদ ৰাভাৰ কবিতা | Bishnu Prasad Rabha Poem In Assamese


কবিতাৰ শিৰোনামঃ ভাং ভাং

ভাং ভাং ভাং কবিতা Lyrics

ভাং ভাং ভাং ভাং
ভাং ভাং ভাং ভাং
লোহাৰ শিকলি ভাং
ছিং ছিং ছিং ছিং
দাসৰ বান্ধোন ছিং।

খোল খোল খোল খোল
কাৰাৰ ফাটক খোল,
ভাং ভাং
দুৱাৰৰ দাং।

শুন সৌৱা শুন শুন
ঘোষিছে ৰণ বিষাণ,
মুক্ত আকাশে উৰে
দীপ্ত ৰঙা নিচান,
ৰক্তেৰে ৰঞ্জিত
সূৰুয উদীয়মান
শুন মুকুতিৰ সূৰুযৰ আহ্বান
হালোৱা হজুৱা হেৰ’ মজুৰ কিচান।
মুক্তিমান মুক্তিমান মুক্তিমান!

শোষকৰ দল আজি হ’ব অৱসান
পেষকৰ সঁচ কৰ সাং।

( বিষ্ণুপ্ৰসাদ ৰাভাৰ কবিতা )

কবিতাৰ শিৰোনামঃ ধ্ৰুৱ

তেওঁ ৰজা আছিল
ৰাজ নথকা দেশ এখনৰ ৰজা
আৰু তেওঁৰ প্ৰজা
তেওঁৰেই বহু দীনতাৰ পোছাক
কি খাইছিল তেওঁ
কি পিন্ধিছিল তেওঁ
তেওঁৰ পত্নীয়ে নাজানিছিল কোনোদিনে
যিহেতু তেওঁৰ পত্নী ৰাণী নাছিল
তেওঁ সুখী আছিল নে
দুখী আছিল
শব্দই ক'ব নোৱাৰিছিল সেয়া
আছিল জানোঁ তেওঁৰ
শিলত কটা এটা প্ৰেম কাহানী
আছিল জানোঁ তেওঁৰ
নৈশব্দই চুব নোৱাৰা অসীমৰ স্বপ্ন
তেওঁ কোন
যি আহিলেই জিলিকি উঠে বহুজনৰ আশা
আৰু তেওঁৰ আখলত শেঁতা পৰি যায়
ক্ৰমশঃ কাৰোবাৰ হতাশা
বৰ আপোনভোলা মানুহ চাগে
নিজৰ কামিজৰ সিয়নিৰো খবৰ নাৰাখে
কি ভাল পায় তেওঁ
সংগ্ৰাম নে মানুহ
দৰিদ্ৰতা তেওঁৰ অপৰিচিত আলহী
সঠিক জানে তেওঁ
দুখীয়াৰ আত্মকথন
স্বাধীনতা তেওঁৰ প্ৰিয় ভাষা
আৰু দুখ তেওঁৰ আবেগ
তেওঁ কোন
যি আহিলেই জিলিকি উঠে
বহুজনৰ আশা
আৰু তেওঁৰ আখলত শেঁতা পৰি যায়
ক্ৰমশঃ কাৰোবাৰ হতাশা।



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ কবিতা যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কবিতা সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

যদি আপোনালোকৰ কবিতা সমূহ আমাৰ Website ত প্রকাশ কৰি বিচাৰে তেনেহলে আমাক Email কৰিব পাৰে।

sofiqulalom898@gmail.com

বিঃদ্রিঃ কবিৰ নাম উল্লেখ নকৰাকৈ কপি-পেষ্টৰ পৰা বিৰত থাকে যেন।

Post a Comment

Previous Post Next Post