জীৱনৰ উক্তি | Life Quotes & Status In Assamese

0

বন্ধু বান্ধুৱী সকল আমাৰ জীৱনক লৈ কিছুমান কথা থাকে যি প্রায়ে অনুভৱ কৰোঁ, সেই বাবে আজি আমি কেইটামান জীৱনৰ উক্তি লিখিম যি আপোনালোকৰ ভাল লাগিব। আৰু এই জীৱনৰ বাণী সমূহ হয়তো আপোনাৰ জীৱনত হৈ যোৱা ঘটনাৰ লগত মিলি যাব,
সেই বাবে জীৱনৰ উক্তি সমূহ সম্পূর্ণ পঢ়িব।




জীৱনৰ আটাইকৈ ডাঙৰ শিক্ষক হৈছে সময়,
যিয়ে ক্ষণে ক্ষণে শিক্ষা দি যায়।







বেয়া সময় জীৱনত সদায় নাথাকে,
কিন্তু বেয়া সময়ত মানুহে কৰা বেয়া ব্যৱহাৰবোৰ
সদায় মনত থাকে।








মনত ৰাখিবা যেl
যেতিয়া তোমাৰ বেয়া সময় আহিব
তেতিয়া মানুহে তোমাক সহায় নকৰে।
মাত্র তোমাৰ পৰা আঁতৰি থাকিব।









কবলৈহে ভাল
টকা পইচাই সকলো নহয় বুলি,
কিন্তু জীৱনত টকা নাথাকিলে গ'ম পোৱা যায়
জীৱনতটো কিমান কঠিন।






জীৱনৰ দীঘ আৰু বাণী


জীৱনত আগুৱাই যাবলৈ হ'লে
আনৰ কথাবোৰত গুৰুত্ব নিদিয়াই ভাল,
কাৰণ আজিকালি মানুহৰ
কথাবোৰে উৎসাহ দিয়াৰ সলনি মনবোৰ
দুর্বলহে কৰি তুলে।








তুমিও মোৰ দৰে হ'ব নোৱাৰা,
মইও তোমাৰ দৰে হ'ব নোৱাৰো।
সেয়ে আনৰ লগত তুলনা কৰি 
নিজক দুখ দিব বাদ দিয়া,
সকলোৱে নিজৰ স্থানত শ্রেষ্ঠ।








 চিনতাই মৃত মানুহক জ্বলাই,
কিন্তু চিন্তাই জীয়াই থকা মানুহক জ্বলাই!

চিতাই মানুহক এদিন জ্বলাই কিন্তু
চিন্তাই মানুহক সদায় জ্বলাই!

চিতাই মানুহক মুক্তি দিয়ে কিন্তু
চিন্তাই মানুহক জীয়াই জীয়াই খুলি খায়।








ক'বলৈ গ'লে চিন্তা আৰু আশাবোৰ
লৈয়েইটো আমি জীয়াই আছো,
এইবোৰ বাদ দিলে চোন জীৱনটো
জীৱন হৈয়ে নাথাকিব।








 কেতিয়াও আনৰ মনত দুখ নিদিবা,
কাৰণ দেহৰ আঘাত পাহৰি যাব পাৰে
কিন্তু মনত লগা আঘাতবোৰ
জীৱনলৈ মনত ৰাখে।









কাৰো লগত মোৰ মতলব নাই,
জীৱনটো নিজৰ
নিজৰ মতেই চলিম।








জীৱনত কেতিয়াওঁ মূর্খৰ লগত তর্ক নকৰিব,
কাৰণ আপুনি মূর্খৰ লগত তর্ক কৰি
জিকিবতো নোৱাৰিবই একো শিকিবও নোৱাৰিব
ওলোটাই সন্মানহে যাব।








বয়সৰ লগত আগ বাঢ়োঁতে
জীৱনত কেতিয়াবা বহুতো বস্তুৱেই
পিছ পৰি ৰৈ যায়।








যেতিয়ালৈকে আমি
অলপ অলপ বুজিব ধৰো যে, জীৱনটো কি?
তেতিয়ালৈকে আমাৰ জীৱনৰ
আধা পাৰ হৈ যায়।




ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ জীৱনৰ উক্তি আৰু বাণী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু জীৱনৰ উক্তি আৰু বাণী পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !