প্ৰেমৰ চিঠি | Love Letter In Assamese

0
প্ৰেমৰ চিঠি

বন্ধু বান্ধবী সকল আজি আমি প্রেমৰ চিঠি লিখিম, বহুতেই তাৰ প্রেমিক বা প্রেমিকাক প্রেমৰ চিঠি লিখিব বিচাৰে। কিন্তু কেনেকৈ প্রেমৰ চিঠি লিখিব লাগে সেইটো নাজানে, সেই বাবে আজি আপোনালোকৰ বাবে  আমি কেইটামান প্রেমৰ চিঠি লৈ আহিছো আশা কৰোঁ এই  প্রেমৰ চিঠি কেইটা আপোনালোকৰ ভাল লাগিব।

প্রেমৰ চিঠি লিখাৰ নিয়ম

যেতিয়া প্রেমৰ চিঠি এখন লিখিবলে লোৱা হয়, এই বিলাক কথাৰ প্রতি লক্ষ্য ৰাখিব লাগে...
১/ সি যি ধৰণৰ কথা ভাল পায় সেই ধৰণৰ কথা ক'ব লাগে।
২/ যিমান পাৰে সদায় তাৰ ভাল গুণ, গাবলে চেষ্টা কৰিব লাগে।
৩/ এইটো দেখুৱাব পাৰিব লাগিব তুমি যে বহুত ভাল পোৱা আৰু সদায় মিচ কৰা।


Love Letter In Assamese 

Hi...! 
কি খবৰ ভাল নে...?
আশা কৰোঁ নিশ্চয় ভালেই চাগৈ
মই তোমাক বহুত দিনৰ পৰা
কথা এটা ক'ম বুলি ভাবি আছোঁ
কিন্তু সুযোগ সুবিধা পোৱা নাই
অৱশ্য তোমাৰ সন্মুখত ক'বলৈ
মোৰ সাহসো নাই বাৰু
নহ'লে জানো চিঠি লিখো
তোমাক দেখিবৰ পৰা মই
পাগল হৈ গৈছোঁ 'অ'...
প্রতিটো সময়তে তোমাৰ কথা
মনলে আহি থাকে
কটোৱেই মন নব'হে
যেনি চালেও দুচকুৰে কেৱল তোমাৰ ছবি কল্পনা কৰে
কি কৰোঁ, কি নকৰো বুজি পোৱা নাই।
সচাকৈ মই তোমাক বহুত ভাল পাওঁ...
I Love You
মোৰ মনৰ কথাবোৰ তোমাক ক'লো
তুমি মোক ভালপোৱা নোপোৱা সেইটো তোমাৰ হাতত
মই ক'বহে পাৰো তাতকে বেছি একু কৰিব নোৱাৰু
আজি কালি তুমি অৱশ্য বহুত
বেস্ত থাকা,
তাৰ মাজতে মই কোৱা কথাবোৰ ভাবিবা
যদি তুমি মোৰ ভালপোৱাক সঁহাৰি দিয়া
হয়তো এই পৃথিৱীৰ কোনো শক্তিয়ে
আমাৰ মিলনত বাধা দিব নোৱাৰে
Please আকৌ কৈছো...
I Love You
মই তোমাৰ উত্তৰটোলে বাট চাম
আজি আৰু নিলিখো Bye।
                            ইতি _______।



Propose Letter In Assamese

কেনেকৈ আৰাম্ভ কৰোঁ...
ধৰিব পৰা নাই,
তথাপি লিখিব চেষ্টা কৰিছো
মোৰ বুকুৰ মাজত তোমাৰ বাবে থকা
মৰমবোৰৰ কথা
এতিয়া মোৰ চিন্তা-ভাৱনাত
কেৱল তুমি আহা জানানে...?
দিনটোত তোমাক এবাৰ
নেদেখিলে একেবাৰে ভাল নালাগে
ঔ... কিয় নেজানো,
মই তোমাক বহুত ভালপাওঁ চাগে
অতিত, বর্তমান, ভৱিষ্যত সকলো সময়তেই তুমি মোৰ জোন...
Please মোক নিৰাশা নকৰিবা
I Love You
মই জনম জনমলৈ তোমাৰ হ'ব বিচাৰিছো
ব্যস্ততাৰ জীৱনৰ মাজতো
মোৰ চিঠিৰ উত্তৰ সোনকালে দিবা বুলি
আশাৰে বাট চাম...



Love Letter In Assamese

মৰম____।
তুমি কেনে আছা?
বালে আছা নে?
আজি কালি দেখাই নিদিয়া হ'লা
কিবা বেয়া পাইছা নেকি?
বহু দিন হ'ল তোমাক দেখা এতিয়াতো পাহৰা যেন হৈছো, 
আমাৰ প্রথম দেখা আগতেতো প্রতিদিন দেখা দিছিলা
এতিয়া বাৰু কিয়নো সলনি হ'লা ?
প্রথম প্রেমৰ প্রস্তাৱ দিবৰ দিনা দেখোন
তুমিচোন বোৰকৈ কৈছিলা
সদায়ে লগ দিবা।
এতিয়ানো কি হ'ল?
তুমি এনেকুৱা কৰিলে অকণো ভাল নালাগে জানা ?
এতিয়া যদি ভাল নাপাওঁ বুলি কোৱা
চাবা কিন্তু হেৰাই যাম কৰবাত
আৰু ঘুৰি নাহো তোমাৰ জীৱনত
তুমি জানো পাৰিবা মোৰ অবিহনে থাকিব ?
যদিহে নোৱাৰা অতি সোনকালে দেখা কৰা মোৰ লগত,
নহলে কিন্তু চাবা ?
মোক বিচাৰি নাপাবা
এতিয়া অতিসোনকালে এই চিঠিৰ উত্তৰ দিবা 
নহলে ভাবিম তুমি মোক ভালে নোপোৱা।
আজিলৈ এৰিলো
 I Love You
                   ইতি________|



Love Letter In Assamese

Hi...
কেনেকৈ আৰাম্ভ কৰোঁ ধৰিব পৰা নাই 'অ'...
যেতিয়াই তোমাৰ কথা ভাবো
মোৰ বুকুখন কিবা কঁপিব ধৰে কিয় তেনেকুৱা হয়,
মই নিজেই নাজানো ?
তোমাক মই যেতিয়াৰ পৰা দেখিছো, 
মোৰ তোমাক তেতিয়াৰ পৰা ভাল লাগি আহিছে...
আৰু আজিও মই তোমাক বহুত ভাল পাওঁ
কিন্তু মোৰ মনত কথাবোৰে খুলি ক'বলৈ তোমাৰ সন্মুখত সাহস নহয়...
তোমাক দেখিবলৈ কিবা লাজ-লাজ, ভয়-ভয় লাগে...
এইয়া চাগে প্রকৃত ভালপোৱাৰ চিন
নাজানো সময়ে কলৈ লৈ যায়,
কিন্তু মই যিমান পাৰো সদায়েই তোমাৰ কাষলৈ যাবলে চেষ্টা কৰো
  Please তুমি মাত্র এবাৰ মোৰ কাষলে আহি চোৱা...
তেতিয়া জানিবা হয়তো,
তোমাৰ প্রতি মোৰ ভালপোৱা কিমান...
গণিব নোৱাৰিও বুজিব পাৰিবা 
সঁচাকৈ মই তোমাক
         বহুত
         বহুত
         বহুত ভাল পাওঁ
Please তুমি মোক নিৰাশা নকৰিবা
অধিক আগ্রহেৰে তোমাৰ উত্তৰটোলে বাট চাই ৰম...
আজি আৰু লিখিবৰ মন নাই Bye
                       ইতি_____|


Love Letter In Assamese

Hi...
কৰ পৰা বাৰু আৰাম্ভ কৰোঁ
অন্ধকোঠাত বহিলৈ
জীৱনৱ প্রথম চিঠি লখিব লৈছো...
কি ? যে লিখিম একোধৰিব পৰা নাই
তোমাৰ কথা ভাবিলে এনে বুকুখন কঁপে
আচলতে কি জানা যেতিয়াৰ পৰা তোমাক দেখিলো
ভালকে খাব পাৰিছো নে ? শুব পাৰিছো
মোৰ মন, প্রান সকলোতে চোন তুমি...
প্রকৃত কথা কবলৈ গ'লে
মই তোমাক Like কৰোঁ আৰু ভাল পাব বিচাৰো,
So.. যদি তোমাৰ কোনো আপত্তি নাই
মই তোমাৰ উত্তৰটো জানিব বিচাৰো।
তুমি যদি মোক ভাল নাপাওঁ বুলি কোৱা তথাপিও
তোমাৰ প্রতি মোৰ কোনোধৰণৰ আক্ষেপ নাথাকে
কাৰণ মই কাকোৱে যোৰ কৰি ভাল পোৱাব নিবিচাৰো,
কিন্তু এটা কথা সত্য যে, 
মই তোমাক আজিও ভাল পাওঁ
আৰু তেনেদৰে সদায় ভাল পাই থাকিম।
জীৱনৰ শেষ দিনটোলৈকে,
উফ্  তোমাৰ সেই কাজল লোৱা চকুযুৰি দেখিলে
মোৰ গলি যাবৰ মন যায়
এটুকুৰা বৰফৰ দৰে,
মোৰ প্রতিটো কবিতাৰ শিৰোনামা যেন তোমাকে ৰাখিম
সঁচাকে মই তোমাক বহুত ভাল পাওঁ।
মই আকৌ কৈছো তোমাৰ যদি কোনো আপত্তি নাই
মই তোমাৰ উত্তৰটো জানিব বিচাৰো
মই অধিক আগ্রহেৰে তোমাৰ উত্তৰটো  পোৱালৈ অপেক্ষা কৰিম ৰম...
আজি আৰু নিলিখো,
Bye 
                                 ইতি_______|





ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ প্রেমৰ চিঠি যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু প্রেমৰ চিঠি সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !