যদি এই অসমীয়া ডাইলগ বা অসমীয়া কমেন্ট সমূহ ভাল লাগে তেনেহলে তলত এটা কমেন্ট কৰিব।
অসমীয়া ডাইলগ
বেয়া সময় বোৰকো ধন্যবাদ দিছো,
কাৰণ নেলেগ একো নহলেও মানুহ চিনি
পোৱাত সহায় কৰিছে।
Also Read. দূর্গা পূজাৰ শুভেচ্ছা বাণী
না মান ডাঙৰ
না ধর্ম ডাঙৰ
না স্বার্থ ডাঙৰ
না অর্থ ডাঙৰ
আচল কথাটো হ'ল
বিপদৰ সময়ত যিয়ে আপোনাক
কাষত থিয় দিয়ে তেওঁৱেই
সকলোতকৈ ডাঙৰ।
জন্ম হৈছো অকলে,
মৰিব লাগিব অকলে গতিকে
জীৱাই থকা দিন কেইটা বিন্দাছ
নিজৰ মতে চলিম।
সময়ে শিকাই
আমি আপোন বুলি ভাবি থকা
সকলো মানুহ আচলতে আমাৰ
আপোন নহয়।
কোনেও কাকো পাহৰি নাযায়,
আচল কথাটো হ'ল প্রয়োজন নহ'লে
কোনেও কাকো মনত নেপেলায়।
কাৰো ওপৰত বেছিকৈ ভৰষা নকৰিব,
কাৰণ আন্ধাৰ হ'লে নিজৰ
ছাঁটোও আঁতৰি যায়।
আজিৰ দিনত
ডাঙৰ পদবীত বা ধন নাথাকিলে
আপোন মানুহবোৰেও আপোনাক
চিনাকি দিবলৈ টান পায়।
আনৰ দোষ খুঁচৰি
সময় অপচয় কাৰাতকৈ
নিজৰ সুখখিনিক লৈ জীৱনটো
অপভোগ কৰা বেছি ভাল।
Assamese Dialog
যেতিয়ালৈকে তোমাৰ টকা থাকিব,
তেতিয়ালৈকে মানুহে তোমাক
পাত্তা দিব।
আনৰ অপকাৰ কৰি
মানুহ সুখেৰে কেতিয়াও জীয়াই
থাকিব নোৱাৰে,
আনৰ যিমান অপকাৰ কৰিব
তাতকৈ বহুগুনে বেছি এদিন
নিজৰো ক্ষতি হ'ব।
আজিৰ দিনত যোগ্যতা বুলি
ক'লে দুটা বস্তুয়ে বিজে
সৌন্দর্য আৰু টকা।
বাস্তৱতা কেতিয়াও গল্পৰ দৰে
সুন্দৰ নহয়,
আৰু সুন্দৰ গল্প কেতিয়াও
বাস্তৱতাৰ দৰে নহয়।
মানুহে সন্মুখৰ জনক
আর্থিকভাৱে দুর্বল যেন দেখিলেই
ব্যৱহাৰ আৰু কথাৰ সুৰ
সলনি কৰি পেলাই।
সুখে মানুহৰ
অহংকাৰৰ পৰীক্ষা লয়,
দুখে মানুহৰ ধৈর্য্যৰ পৰীক্ষা লয়।
বহু মধ্যবিত্ত দুখীয়া পৰিয়ালৰ
লৰা-ছোৱালীবোৰ জীয়াই আছে
চাকৰিটো পালেই নিজৰ ইচ্ছা,
সপোনবোৰ পূৰণ কৰিম বুলি।
অহংকাৰী নহ'ব
কিন্তু নিজৰ স্বভিমান কেতিয়াও
ত্যাগ নকৰিব।
এই পৃথিৱৰত আপোনাৰ বাবে
আটাইতকৈ মূল্যৱান বস্তুটো হ'ল
আপোনাৰ সুস্থ শৰীৰটো,
যিদিনা শৰীৰে আপোনাক সঙ্গ এৰিব
সেইদিনাৰ পৰাই সকলোৱে
আপোনাক সঙ্গ এৰিব।
অধিক তেলযুক্ত খাদ্য আৰু কথা
দুয়োটাৰেই সোৱাদ বহুত বেছি,
কিন্তু দুয়োটাই মানুহৰ বাবে বেয়া
প্রথমটোৱে ধ্বংস শৰীৰ
আৰু দ্বিতীয়টোৱে ধ্বংস কৰে মন।
মানুহ মাত্রই ভুল কৰে
কিন্তু প্রকৃত মানুহ সেইজনেই
যিয়ে নিজৰ ভুল স্বীকাৰ কৰে।
ভাল বেয়া বিচাৰ কৰাৰ আগত
মানুহৰ মনবোৰ বুজিব চেষ্টা কৰিবা
তেতিয়া নিজেই বুজি পাবা,
কোন ভাল আৰু কোন বেয়া।
আমাৰ দৰে দুখীয়া ঘৰৰ
ল'ৰা-ছোৱালী বোৰে যেতিয়া নিজে উপার্জন
কৰি কেৰিয়াৰ গঢ়ব লগা হয়,
তেতিয়াই আমাৰ জীৱনৰ পৰা প্রেম
নামৰ কলম ডালৰ চিয়াঁহী শেষ হৈ যায়।
হিংসা কৰাতকৈ
মানুহজনক অনুসৰণ কৰিব,
আপোনাৰ বহুখিনি ভাল হ'ব
তেওঁৰ দৰে হুবহু কৰিব নোৱাৰিলেও
অন্ততঃ অকমান শিকিব পাৰিব।
বেয়া সময় সদায় নাথাকে
কিন্তু বেয়া সময়ত মানুহে কৰা
ব্যৱহাৰ সদায় মনত থাকে।
কিছুমান মানুহৰ লগত তর্ক কৰাতকৈ
মনে মনে তেওঁৰ কথা শুনি থকাই ভাল,কাৰণ
যিয়ে একমাত্র নিজৰ কথাটোকেই
শুদ্ধ বুলি ভাবে,
তেওঁ কেতিয়াও কোনোপধ্যেই আনৰ
কথা সত্য বুলি মানি নলয়।
কি আচৰিত
জীয়াই থকা দিনত কোনেওঁ এবাৰ
নুসুধে কেনেকৈ জীয়াই আছে,
কিন্তু মৰিলে সকলোৱে সুধে
কেনেকৈ মৰিল।
মানুহৰ জীৱনটো গছৰ দৰে
তোমাৰ পৰা ফলো খাব
ডালো বাঙিব আৰু তোমাৰ গালৈ
শিলগুটিও দলিয়াব।
ধুনীয়া বুলি কোনো বস্তু নাই
তুমি যিমানেই ভাল পাবা সিমানেই
ধুনীয়া দেখিবা।
ভগৱানে আমাক সেইবোৰ
বস্তু নিদিয়ে
যিবোৰ আমাৰ ভাল লাগে,
আমাক সেইবোৰ বস্তুহে দিয়ে
যিবোৰ আমাৰ বাবে ভাল।
সুবিধাবাদী মানুহ
কেতিয়াও বেছিদিন কাৰোবাৰ
প্রিয়জন হৈ থাকিব নোৱাৰে।
কাৰোবাৰ বাবে নিজকে পৰিৰ্ৱতন
কৰিব নোৱাৰো,
কাৰণ মই নিজকে বহুত
বেছি ভালপাওঁ।
ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ অসমীয়া ডাইলগ বা অসমীয়া কমেন্ট যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।
আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক
অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়,
সেই বাবে আৰু অসমীয়া ডাইলগ বা অসমীয়া কমেন্ট পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।
English To Assamese Translation
ReplyDeleteAre you having trouble translating English to Assamese or Assamese to English?