Axomiya Quotes, Status, SMS, Message

0
বন্ধু বান্ধুৱী সকল আজিৰ এই আর্টিকেলটোৰ জড়িয়তে কেইটামান Axomiya Quotes & Status বা Assamese Quotes লিখিম আশা কৰো এই Axomiya Quotes & Status বা Assamese Quotes সমূহ আপোনালোকৰ ভাল লাগিব। আর্টিকেলটো সম্পূর্ণ পঢ়াৰ পাছত এটা কমেন্ট কৰিব।

Axomiya Quotes & Status


পানীত ননমাকৈ যিদৰে সাঁতোৰ
শিকিব নোৱাৰি,
ঠিক তেনেকৈ জীৱনলৈ বেয়া দিন
নাহিলে মানুহ চিনিব নোৱাৰি।






সন্মান যদি কৰিব বিচৰা তেনেহলে 
গুণ চাই কৰা,
ধন সম্পত্তি চাই নহয়।

বিশ্বাস যদি কৰিব নিচৰা তেনেহলে
নিজৰ কৰা আনৰ ওপৰত নহয়।

বিবাহ যদি কৰিব বিচৰা
তেনেহলে চৰিত্র চাই কৰা, ৰূপ
চাই নহয়।






জীৱন হেৰাই যায় মৃত্যুৰ ওচৰত,
সুখ হেৰাই যায় দুখৰ ওচৰত,
ভালপোৱা হেৰাই যায় অভিনয়ৰ ওচৰত,
বন্ধুত্ব হেৰাই যায় স্বার্থ, অহংকাৰৰ ওচৰত।






মানুহবোৰ কি আচৰিত নহয়নে ?
জীয়াই থাকোতে শান্তি নিদিয়ে আৰু
মৃত্যুৰ পিছত আত্মাৰ শান্তি
কামনা কৰে।






মনত ৰাখিবা ভাল সময়বোৰত
তোমাৰ কাষত সকলো থাকিব,
কিন্তু বেয়া সময়বোৰত মা-দেউতাৰ বাদে
আন কোনো কাষত নাপাব।






আজিকালি মানুহবোৰ 
টকা পইচা সা সম্পত্তিৰ মায়াত
ইমানেই অহংকাৰী হৈ গৈছে যে, দৰকাৰ
হ'লে সম্পর্ক এৰিব তথাপিওঁ
অহংকাৰ এৰি নিদিয়ে।






পিছফালৰ পৰা কোনে কি কয় ক'বলৈ দবা,
গুৰুত্ব নিদবা, কিয়নো পিছফালৰ পৰা
তেওঁলোকেহে কয় যিয়ে সন্মুখত
ক'বলৈ সাহস নকৰে।






এয়াই জীৱন হয়
ইয়াত মানুহে মানুহৰ মন নুবুজে
কেৱল স্বার্থৰ বাবে কাষ চাপি আহে।






মানুহে তোমাৰ বিষয়ে ভাল বেয়া কিবা কলেও
সেইবোৰত গুৰুত্ব নিদিবা,
কাৰণ আজিকালি মানুহৰৰ চকুত
মৃত্যুৰ আগমুহূর্তলৈকে মানুহ বেয়াই হৈ থাকে
মাত্র মৃত্যুৰ পিছতহে হয়
মানুহজন ভাল আছিল।




Axomiya Quotes & Status


জীৱনত যিটো কৰিব মন যায়,
যিটো ভাল লাগে সেইটোকে কৰা
কাৰণ জীৱনটো তোমাৰ নিজৰ হয়
কাৰো বাপেকৰ নহয়।






পৃথিৱীখন কি আচৰিত
দুখীয়াই খোজ কাঢ়ে খাদ্য যোগাৰ
কৰিবৰ বাবে, কিন্তু
ধনীয়ে খোজ কাঢ়ে খাদ্য হজম
কৰিবৰ বাবে।






আনৰ চৰিত্র বিচাৰ কৰিবলৈ
যোৱাৰ আগত নিজৰ চৰিত্র কেনেকোৱা
সেইটো বিচাৰ কৰক,
মনত ৰাখিব ভাল চৰিত্রৰ মানুহ
আনৰ চৰিত্র খুচৰি নুফুৰে।






পৃথিৱীত সকলোতকৈ কঠিন কাম হ'ল
মানুহৰ মন জয়ী কৰা,
যদি আপুনি আপোনাৰ কলিজাখন
কাটি ৰান্ধিও খাবলৈ দিয়ে
তথাপিও মানুহে ক'ব ধেৎ নিমখ কম হৈছে।






আপোন হোৱাৰ অভিনয়
কৰা মানুহবোৰতকৈ শত্রুবোৰেই
বহুত ভাল।






বাস্তৱত বিজয়ী সেইজন মানুহ,
যিজনে জয় আৰু
পৰাজয় দুয়োটাই সাদৰে গ্রহণ
কৰিব পাৰে।






এটা কথা মনত ৰাখিব যে,
সঠিক পথত আগবঢ়াই দিয়া
এটা মাত্র খোজেই আমাৰ জীৱনটো
সুন্দৰ কৰি তুলিব পাৰে।






যিটো পথত বাধা বেছি
লক্ষ্যত উপনীত হ'বলৈ সেইটোৱেই
সঠিক পথ।






বহুত বেছি ভাবি সময় নষ্ট নকৰিব
যি কৰিলে সুখী অনুভৱ কৰে
সেইয়াই কৰক।






পৰাপক্ষত সেইবোৰ মানুহৰ পৰা
আঁতৰি থাকিব যিবোৰ মানুহে আপোনাক
কেৱল নিজৰ প্রয়োজনতহে বিচাৰে।






যিবোৰ মানুহে আপোনাৰ আগত
আনৰ বিষয়ে বেয়াকৈ কয়
মনত ৰাখিব যে, সেইবোৰ মানুহে আপোনাৰ
বিষয়েও আনৰ আগত বেয়াকৈ কয়।




Axomiya Quotes


সকলোৰে বাবে সকলো সময়তে
উপলব্ধ নহ'ব অন্যথা আপোনাৰ গুৰুত্ব আৰু
মূল্য দুয়োটাই কমি আহিব।






আপুনি দেখিবলৈ যেনেকুৱাই নহওক কিয়,
আপোনাৰ মাজত থকা অনুকম্পা
আৰু সংস্কাৰেহে আপোনাক
সকলোতকৈ ধুনীয়া কৰি তোলে।






যিবোৰ মানুহ বিশ্বাসহীন
সেইবোৰ মানুহক গুৰুত্ব দি সময়
নষ্ট নকৰিব।






কেৱল পৰিশ্রম কৰিলে যে ভাগৰ লাগে
তেনে নহয়, জীৱনত বাঢ়ি অহা তায়িত্ব আৰু
ভাবনাৰ বোজাৰ বাবেও ভাগৰি
পৰোঁ কেতিয়াবা।






জীৱনটো সেইদিনাৰ পৰাই
সুন্দৰ হৈ পৰিব
যিদিনাৰ পৰা আপুনি আনতকৈ নিজক
ভাল পাব আৰু গুৰুত্ব দিব।






সুখী হ'বলৈ জীৱনে আমাক
বহুতো দিয়ে কিন্তু আমি সদায়
নোপোৱাখিনিক লৈ দুখ কৰি থাকো,
সেইয়াই আমাৰ দোষ।






আনে আপোনাৰ বিষয়ে কি কয়
কৈ থাকিবলৈ দিয়ক,
আপুনি মাথোঁ নিজৰ বাটত আগুৱাই
যাওক সময় এদিন আহিবই।






কেতিয়াও বেছিকৈ চিন্তা নকৰিবা,
কাৰণ বেছি চিন্তাই
জীৱনৰ সুখ শান্তি বোৰ কাঢ়ি লৈ যায়।

Related Search. অসমীয়া quotes, 


 

ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ Axomiya Quotes যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু Axomiya Quotes পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !