অসমীয়া নীতি বচন

0

অসমীয়া নীতি বচন

বন্ধু বান্ধুৱী সকল আজি আমি কেইটামান অসমীয়া নীতি বচন লিখিম, আশা কৰোঁ  অসমীয়া নীতি বচন সমূহ ভাল লাগিব।

এই ৬ টা কথা সদায় মনত ৰাখিব

১/ প্রার্থনাৰ আগত - বিশ্বাস কৰক।
২/ কথা কোৱাৰ আগত - শুনক ৷
৩/ খৰচ কৰাৰ আগতে - উপাৰ্জন কৰক।
৪/ কিবা এটা লিখাৰ আগতে - চিন্তা কৰক।
৫/ হাৰ মানি লোৱাৰ আগতে - চেষ্টা কৰক।
৬/ মৃত্যুৰ আগতে - জীয়াই থাকিবলৈ শিকক।

     অসমীয়া নীতি বচন

প্রতিদিনে কাৰোবাৰ লগত কথা পতাৰ অভ্যাস কৰি নল'ব।

আপুনি যে দুর্বল সেই কথা আনক জানিব নিদিব।

নিসংগতাৰ মাজত থাকি সংগী পোৱাৰ হেপাঁহ নজন্মাব।

যিমান দুখ থাকিলেও আনৰ আগত প্রকাশ নকৰিব।

বেয়া পোৱা মানহৰ সন্মুখত নিজকে হহুৱাৰ চেষ্টা কৰিব বা দেখুৱাই নিদিব যে আপুনি দুর্বল।

নিজৰ ভাললগাবোৰ কৰি যাওঁক তাত আনৰ পৰামর্শ নিবিচাৰিব।

মানুহক ৰাখি থ'ব চেষ্টা নকৰিব, যদি বিছাৰে তেওঁ এনেও থাকি যাব।

নিজক শুদ্ধ বুলি দেখুৱাই দিবৰ বাবে কাৰো লগত তর্ক নকৰিব।

প্রমাণ নিদিব যে আপোনাৰ একো দোষ নাই, মৌন হৈ থাকক।

খং উঠিলে অকলে নাথাকি মাঁৰ সৈতে কথা পাতিব নহ'লে সৰু ল'ৰা-ছোৱালীৰ লগত সময় অতিবাহিত কৰিব।

মানুহক ক্ষমা কৰি দিব, লাগিলে ভুল যাৰে নহওঁক কিয়।

মানুহক বুজাবলৈ চেষ্টা নকৰিব, সাহস দিব।

মানুহৰ পৰা সমানে গুৰুত্ব পাম বুলি নাভাবিব।


অসমীয়া নীতি বচন সমূহ শুনিবলৈ বেয়া হ'লেও কথা কেইটা কিন্তু সত্য, এবাৰ পঢ়ি চাব নিচ্ছয় ভাল লাগিব।


   পুত্র চিনি পাবা বিয়াৰ পিছত।
   জীয়ৰী চিনি পাবা যৌৱনত।
   স্বামী চিনিব পাৰি পত্নীৰ অসুখত।
   পত্নী চিনিব পাৰি স্বামীৰ দৰিদ্রতাত।
   বন্ধু চিনিব পাৰি বিপদৰ সময়ত।
   ভাই চিনিব পাৰি কাজীয়াৰ সময়ত।
   ভনী চিনিব পাৰি সম্পত্তিৰ ক্ষেত্রত।
   সন্তান চিনিব পাৰি বৃদ্ধা বয়সত।
   দেউতাক চিনিব পাৰি মা মৰাৰ পিছত।
   কিন্তু, মা'ক চিনিব নালাগে মা সদায় মায়েই।


অসমীয়া নীতি বচন

বিয়া যদি পাতিব লগা হয়, তেন্তে চৰিত্র দেখি পাতা ৰূপ দেখি নহয়।

বিশ্বাস যদি ৰাখিব লগা হয়, তেন্তে নিজৰ ওপৰত ৰাখা আনৰ ওপৰত নহয়।

দান যদি কৰিব লগা হয়, তেন্তে অসহায় জনক কৰা, মন্দিৰ অথবা মছজিদদ নহয়।

সন্মান যদি কৰিব লগা হয়, তেন্তে গুণ দেখি কৰা ধন-সম্পত্তি দেখি নহয়।

ভাল যদি পাব লগা হয়, তেন্তে নিস্বার্থভাৱে ভালপোৱা স্বার্থৰ বাবে নহয়।

পঢ়িব লগা যদি হয়। তেন্তে জ্ঞানৰ বাবে পঢ়া চার্টিফিকেটৰ বাবে নহয়।

কিছুমান মানুহৰ অনুভৱ, আজি কালিৰ কিছুমান মানুহ আছে যি সকল মানুহে মুখেদি কয় এটা, আৰু হাতে কামে কৰে আন এটা। সেই সকল মানুহক লৈ কেইটামান কথা লিখিছো আশা কৰো আপোনালোকৰ ভাল লাগিব।


মানুহে প্রার্থনা কৰাৰ সময়ত ভাবে যে ভগৱানে সকলো দেখি আছে, কিন্তু নিন্দা কৰাৰ সময়ত সেয়া পাহৰি যায়।

মানুহে পুণ্য কৰাৰ সময়ত ভাবে যে ভগৱানে সকলো দেখি আছে, কিন্তু পাপ কৰাৰ সময়ত সেয়া পাহৰি যায়।

মানুহে দান কৰাৰ সময়ত ভাবে যে ভগৱানে সকলো দেখি আছে, কিন্তু চুৰ কৰাৰ সময়ত সেয়া পাহৰি যায়।

মানুহে পাৰোবাক সেৱা কৰাৰ সময়ত ভাবে যে ভগৱান সকলোৰে মাজত আছে, কিন্তু কাৰোবাক আঘাত কৰাৰ সময়ত সেয়া পাহৰি যায়।


বন্ধু সকল শেষত সুখী থকাৰ কেইটামান উপায় ক'ম, যদি আপুনি এই কাম সমূহ কৰে তেনেহলে আপুনি সুখী হ'ব, আৰু সদায় সুখী থাকিব।


   আনন্দত থাকিলে,  কথা নিদিব।
   খঙত থাকিলে,  উত্তৰ নিদিব।
   বিশ্লেষণ কৰক,  জ্ঞান পাব।
   ভক্তি কৰক,  মুক্তি পাব।
   দুখত থাকিলে,  সিদ্ধান্ত নলব।
   লাহেকৈ কথা ক'ব,  শান্তি পাব।
   শান্ত হওঁক,  সুখ পাব।

মিঠা মুখৰ মিছা কথা বেছি !

• মিছলীয়াসকলে হাঁহে বেছি !
• সৰল মানুহে প্ৰতাৰিত হয় বেছি !
• মূৰ্খবোৰে  ভাল পায় বেছি !
• মধ্যবিত্ত শ্ৰেণীয়ে সপোন দেখে বেছি !
• ডাঙৰ মানুহৰ চাহিদা বেছি !
• দুখীয়াৰ দুখ বেছি !


টকা

টকাৰে ঘড়ী কিনিব পাৰি কিন্তু সময় কিনিব নোৱাৰি।
টকাৰে কিতাপ কিনিব পাৰি কিন্তু বিদ্যা বা জ্ঞান কিনিব নোৱাৰি।
টকাৰে ৰক্ত কিনিব পাৰি, কিন্তু কাৰো জীৱন কিনিব নোৱাৰি।


  

ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ অসমীয়া নীতি বচন যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু অসমীয়া নীতি বচন সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !