সুখৰ কবিতা | Happiness Poems In Assamese

সুখৰ কবিতা


সুখ সুখ বুলি মানুহ বলীয়া
নেদেখে সুখৰ মুখ,
সুখ বিচাৰোঁতে পায় সংসাৰত
দুখৰ উপৰি দুখ।

দেখিও নেদেখা কিয় দিনকণা
সুখ যে হাততে আছে,
যিটো দিব পাৰে স্বার্থ বলিদান
সুখ ফুৰে পাছে পাছে।

অকল নিজৰ নিমিত্তে নহয়
আমাৰ জীৱন ভাই,
পৰৰ কাৰণে খাটিব পাৰিলে
সংসাৰ সুখৰ ঠাই।

পৰৰ অভাৱ পৰৰ দুখত
হিয়া যদি পমি যায়,
পৰক আপোন কৰিব পাৰিলে
সংসাৰত দুখ নাই।

শক্তি সামর্থ পৰৰ সুখত
বিলা পাৰিলে ভাই,
পৰৰ কাৰণে কান্দিব জানিলে
কান্দোনতো সুখ পায়।

সকলো আপোন যত নৰ-নাৰী
কাকনো বুলিম পৰ ?
পৰমপিতাৰ সকলো সন্তান
পৃথিৱী আমাৰ ঘৰৰ।

গাই-গোট-পেটে ভঁৰাল নহ'বা
লোকৰ দুখলৈ চোৱা,
মানুহৰ সেৱা মানুহৰ পূজা
পৱিত্র বৰত লোৱা।

সুখৰ সুখৰ মনেই কাৰণ
মনক কৰিবা থিত,
ত্যাগত লভিবা পৰম সন্তোষ
সাধিবা লোকৰ হিত।

স্বার্থৰ বাটত দুখৰ কাঁইট
খোজে পতি বিন্ধে হুলে,
নিঃস্বার্থ বাট সেন্দুৰীয়া আলি
সুগন্ধি কুসুম ফুলে।

যথার্থ নিঃস্বার্থ ধৰমী জীৱন
বিশ্বপ্রেমে ভৰপূৰ,
বিশ্বৰ সকলো ভাই-ভনী তাৰ
সুখৰ নপৰে ওৰ।


ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ সুখৰ কবিতা যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু সুখৰ কবিতা সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

যদি আপোনালোকৰ কবিতা সমূহ আমাৰ Website ত প্রকাশ কৰি বিচাৰে তেনেহলে আমাক Email কৰিব পাৰে।

sofiqulalom898@gmail.com

Post a Comment

Previous Post Next Post