কবিতা নং-১ শিৰোনামঃ আবেগ
লিখি লিখি ভাগৰি পৰিলো জীৱনৰ কাহিনী মোৰ,
তথাপি কিয় নহয় দুখৰ শেষ?
কিবা হ'ব জানো দুখৰ কবিতা লিখি,
শূন্যতাই হ'ব মোৰ অৱশেষ।
ভালপোৱাই যেতিয়া কৰিছিল মোৰ হৃদয় ৰাঙলী,
ফুৰিছিলো অকলেই অনাই বনাই।
এজন দৰদী বন্ধু আহি ক'লে থাকিম মই চিৰদিন তোমাৰ লগত।
সময় বৰ নিষ্ঠুৰ জানা বন্ধু!
চিঙি থৈ গ'ল সময়ৰ সুযোগ বুজি সেই বন্ধুৱেই মোক আজি দুখৰ দিনত।
মৰম এনাজৰী বন্ধুৰ নাৱঁতে বান্ধি উটি গ'লো কবিতাৰ সোঁতত।
না গতি আছে,না পাৰ। আৰু নাই কতো বালিচৰ।
অকলশৰীয়া জীৱন পথত বুকুৰ তেজেৰেই জ্বলালো কবিতাৰ চাকি গছি।
যিদিনা হ'ব মোৰ মৃত্যুৰে সৈতে দেখা দেখি,
তেতিয়াহে দেখা পাবা তেজে লিখা কৰুণ কবিতা।
নেলাগে বন্ধু তোমাৰ কোনো সঁহাৰি মোক,
জীৱন্তে নেপালো যাৰ সান্তনাৰ বাণী।
মৰাৰ পাছতো নোটোকা যেন বন্ধু বুলি চিঞৰি মিছা চকুপানী।
✍️ Dipanjali Kalita
কবিতা নং-২ শিৰোনামঃ দুখৰ কবিতা
দুখবোৰ লিপিবদ্ধ কৰি
থ'ম বুলি ভাবিয়েই
মোৰ কবিতা বহী খন লৈ
কলমটোকে লগত লৈ বহিলো।।
টোপ টোপ অশ্ৰু নিগৰি
মোৰ উকা বহী খনত
অশ্ৰুৰ টোপালৰে উপঙি পৰিলে।।
ভাৱিচিলো মাথো তোমাৰ মোৰ
পাৰ কৰি অহা অতীত বোৰ
সচাঁই ভাল লগা সেই অতীত
আজি তাকে বিছাৰি হাবাঠুৰি
যেনি চাওঁ মাথো অমাবস্যা পাঁও
কেনেকৈ দূৰ কৰিম সেই এন্ধাৰ
তোমাৰ অবিহনে জানো পাৰিম ।।
✍️ ৰাজীৱ মহন্ত
কবিতা নং-৩ শিৰোনামঃ যন্ত্ৰণা
হৃদয়ৰ সেউজ উপত্যকাৰ
যন্ত্ৰণাৰ ৰূপালী নদীয়েদি
স্মৃতিবোৰ বাগৰি আহে লাহে লাহে
বেদনাৰে উপচি পৰে
নিজান ৰাতিৰ বাঁহীৰ সুৰবোৰ
কাৰ দুখৰ কবিতা পঢ়ি
কাৰ বেদনাৰ গীত গাই
উচুপি ৰয় আকাশ ওৰেনিশা
সৰা ফুলৰ পাপৰিবোৰে সাবটি থাকে মোৰ
ঠিকনা হেৰুওৱা হৃদয়ক
কেনেকৈ সহো মই
আলফুল হৃদয়খন মোৰ আজি
দুখৰ তেজেৰে লুটুৰি পুটুৰি
কেনেকৈ চাওঁ মই
নীলা আকাশখন চোন আজি
বেদনাৰ অশ্ৰুৰে জুৰুলি জুপুৰি।
✍️ Plabita
কবিতা নং-৪ শিৰোনামঃ দুখৰ এটি নিশা
বিদায় মুহুৰ্ত্ত
নিশাৰ এটি দুঃসংবাদ
হঠাৎ কাণত পৰিল
নিঃশেষ হৈ যোৱা
এটি অবাস্তৱ শব্দ
আজি যে মোৰ
"মা" নাই
নিষ্ঠুৰ নিয়তিয়ে নিঃশেষ
কৰিলে এটি জীৱন
জন্ম মানেই মৃত্যু
তাক কৰিব নোৱাৰে ৰোধ
হেৰাই গ'ল গভীৰ স্বপ্ন
বিলীন হৈ গ'ল ধৰাৰ বুকুত
স্মৃতি বোৰ থৈ গ'লা
কিছু ৰসাল মাতেৰে
দেৱী ৰূপে কৰিছিলা
নাম ঘোষা বন্দনা
সহিছিলা নীৰবে
বুকু পাতি লৈছিলা
সংসাৰৰ মোহ
য'ত থাকা শান্তিত থাকা
তাকে কৰিছো আৰাধনা
✍️ভাৰতী দেৱী
কবিতা নং-৫ শিৰোনামঃ দিয়াচোন ঢালি হাঁহিৰ ৰঙা জোন এটি
মোৰ দুখৰ সেওঁতাত
দিয়াচোন ঢালি অকণ অকণকৈ
হাঁহিৰ ৰঙা জোন এটি ।
থাকিবলৈ সকলো বিষাদ
সকলো অৱসাদ পাহৰি ।
ক্ষন্তেকীয়া মৰমত হওঁ যে মই
ক্ষণে -ক্ষণে পলে - পলে
সপোন বিচ্যুতা
তথাপিও হৃদয়ৰ পলসুৱা
মাটি ডৰাত তুমিয়েই
এটা বিক্ষিপ্ত আকাংক্ষাৰ
আলি বান্ধা।
জীৱনৰ বিচিত্ৰ কাৰেঙত
তুমি সদায়েই পাহি মেলি বহি আছা।
মনৰ অগা - দেৱা চাকনৈয়াত
সঘনে কিয়নো হাবু - ডুবু খোৱাইছা।
তুমিটো জানাই কিমান স্বপ্নাতুৰা এই দুচকুৰ সীমনা !
তথাপিও বাট চাওঁ দগ্মগীয়া তোমাৰ
হেঁপাহ ঢালি বোৱাই থকা
এটি ৰঙীণ দিনৰ আকুল অভিলাষা সুৰৰ মূচ্ছৰ্নাৰ।
✍️ Krishna বরাহ
ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ দুখৰ কবিতা যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।
আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক
অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়,
সেই বাবে আৰু দুখৰ কবিতা সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।
যদি আপোনালোকৰ কবিতা সমূহ আমাৰ Website ত প্রকাশ কৰি বিচাৰে তেনেহলে আমাক Email কৰিব পাৰে।
sofiqulalom898@gmail.com
সচাঁই ভাল হৈছে গোটেই কেইটাই... আপোনাৰ এই কবিতা কেইটাত মই কন্ঠ নিগৰাব বিচাৰো. যদি আপোনালোকৰ অনুমতি পাওঁ.
ReplyDelete