অসমীয়াত চিঠি লিখাৰ নিয়ম | অসমীয়া আবেদন লিখাৰ নিয়ম | Writing Letter In Assamese

0

চিঠি পত্র লিখাৰ নিয়ম

আজি এই আর্টিকেলটোৰ জড়িতে শিকিম অসমীয়াত চিঠি লিখাৰ নিয়ম বা আবেদন পত্ৰ লিখাৰ নিয়ম সমূহ জানিবলৈ এই আর্টিকেলটো সম্পূর্ণ পঢ়িব।

চিঠি পত্রৰ ভাগ সমূহ

  1. ব্যক্তিগত চিঠি পত্র।
  2. আবেদন পত্র।
  3. ব্যবসায়িক ভিত্তিক চিঠি পত্র।
  4. কার্য্যালয় ভিত্তিক চিঠি পত্র।

1/ ব্যক্তিগত চিঠি পত্র কি

ব্যক্তিগত চিঠি পত্র হ'ল, যদি আমি মা-দেউতাক চিঠি লিখো, বা ভাই-ভনীক চিঠি পত্র লিখো, বা ব্যক্তিগত প্রতিষ্ঠানত চাকৰিৰ বাবে আবেদন পত্র লিখো তাক কোৱা হ'ব ব্যক্তিগত চিঠি পত্র।


2/ আবেদন পত্র

আবেদন পত্র মানে হ'ল, এজন ছাত্র বা এজনী ছাত্রী যদি প্রধাব শিক্ষক বা শিক্ষয়িত্রীক চিঠি লিখে,
 বা কোনোবা এটা বস্তু বিচাৰি যেতিয়া চিঠি লিখে তাক কোৱা হ'ব আবেদন পত্র


3/ ব্যবসায়িক ভিত্তিক চিঠি পত্র

ব্যবসায়িক ভিত্তিক চিঠি পত্র ক'লে কি বুজো ?
ব্যবসায়িক ভিত্তিক চিঠি পত্র মানে হ'ল যেতিয়া কোনোবা সৰু দোকানীয়ে ডাঙ্গৰ দোকানীক মাল বিচাৰি চিঠি লিখে তাক ব্যবসায়িক ভিত্তিক চিঠি পত্র বুলি কোৱা হয়।


4/ কার্য্যালয় ভিত্তিক চিঠি পত্র

কার্য্যালয় ভিত্তিক চিঠি পত্র বুলি ক'লে কি বুজো ? কার্য্যালয় ভিত্তিক চিঠি পত্র হ'ল যেতিয়া আমি কোনো এটা কার্য্যালয়ত কিবা এটা বস্ত বিচাৰি চিঠি লিখো, যেনে ৰাস্তা বেয়া তাৰ বাবে চিঠি লিখো, বা কিবা এটা সহায় বিচাৰি কার্য্যালয়ত চিঠি লিখো তাক কার্য্যালয় ভিত্তিক চিঠি পত্র বুলি কোৱা হয়।


ব্যক্তিগত প্ৰতিষ্ঠানত চাকৰিৰ বাবে আবেদন পত্র 


প্ৰতি,
পৰিচালক মহোদয়
নিয়োগ বিভাগ __________
__________ প্ৰতিষ্ঠান
বিষয়ঃচাকৰিৰ বাবে আবেদন

মহাশয়/মহাশয়া
      যোৱা ইংৰাজী_______ তাৰিখৰ______ কাকতৰ বিজ্ঞাপনৰ পৰা আপােনাৰ/আপোনালোকৰ প্ৰতিষ্ঠানৰ _______ পদৰ বাবে এজন অভিজ্ঞ প্ৰাৰ্থীৰ আৱশ্যক বুলি জানিব পাৰি এই আবেদন পত্র প্রেৰণ কৰিলােঁ। মই উক্ত পদৰ বাবে উপযুক্ত বুলি ভাবি মোৰ প্ৰাৰ্থীত্ব আগবঢ়ালোঁ। যদি আপোনালোকে মোক উক্ত পদত নিযুক্তি প্ৰদান কৰে তেন্তে মই আপোনালোকৰ প্ৰতিষ্ঠানত অতি নিষ্ঠা সহকাৰে কাম কৰি আগুৱাই লৈ যাব পাৰিম বুলি মোৰ বিশ্বাস। মোৰ এই ক্ষেত্ৰত কাম কৰাৰ প্ৰায় তিনি বছৰৰ অভিজ্ঞতাৰ প্ৰমাণ পত্ৰ আৰু মোৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ ইয়াৰ লগত সংলগ্ন কৰি দিয়া হৈছে।
মোৰ শিক্ষাগত অৰ্হতা ________ বিভাগৰ স্নাতক আৰু কম্পিউটাৰত ১বছৰৰ পোষ্ট গ্ৰেজুৱেট পাঠ্যক্ৰম সমাপ্ত কৰিলোঁ। বৰ্তমান এটা ব্যক্তিগত কোম্পানীত _______ বিভাগত কাম কৰাৰ তিনিবছৰ অভিজ্ঞতা আছে। সেই প্ৰতিষ্ঠানত মই অতি নিষ্ঠা সহকাৰে কাম কৰাৰ পাছত যথেষ্ট অভিজ্ঞতা অৰ্জন কৰিলোঁ আৰু সেই অভিজ্ঞতাৰ জৰিয়তে আপোনালোকৰ প্ৰতিষ্ঠানত মোৰ ফালৰ পৰা উৎকৃষ্ঠ সেৱা আগবঢ়াবলৈ সক্ষম হম বুলি বিশ্বাস আছে।

 
     অনুগ্ৰহ কৰি আপোনালোকৰ মতামত জনাই তলত উল্লেখ কৰা ফোন নম্বৰত যোগাযোগ কৰি সাক্ষাৎকাৰৰ তাৰিখ আৰু সময় জনাই যেন। আপােনালােকৰ মতামত অতি সােনকালে জনাব বুলি আশা ৰাখিছোঁ।
                                       ধন্যবাদ।
 আপােনাৰ/আপোনালােকৰ বিশ্বাসী
       নাম____
       ফোন নম্বৰ____
       তাৰিখ____



প্রধান শিক্ষক শিক্ষয়িত্রী লৈ চিঠি 

মাননীয়,   প্ৰধান শিক্ষক /প্ৰধান শিক্ষয়িত্ৰী,       মহাশয়/মহাশয়া,
বিনীত নিবেদন এই যে, মোৰ পুত্ৰ/কন্যা ______ আপোনাৰ স্কুলৰ____শ্ৰেণীৰ___শাখাৰ ছাত্ৰ/ছাত্ৰী, ক্ৰমিক নং____তেওৰ অসুস্থতাৰ কাৰনে যোৱা ____ তাৰিখৰ পৰা ____তাৰিখলৈ তেওঁ শ্ৰেণীত উপস্থিত থাকিব নোৱাৰিলে।  সেয়েহে মহোদয়ক/মহোদয়াক অনুৰোধ জনাওঁ যে উক্ত দিনবোৰৰ ছুটি মঞ্জুৰ কৰি বাধিত কৰে যেন।   ধন্যবাদ
       তাৰিখ_____
       ঠিকানা____
       আপোনাৰ  বিশ্বাসী_____






চুটি বিচাৰি আবেদন পত্র 

প্ৰতি
মাননীয়
____বিদ্যালয়ৰ
প্ৰধান শিক্ষক মহোদয়।

বিষয়: হঠাতে গা বেয়া হোৱাৰ বাবে চুটি বিচাৰি আবেদন।
তাৰিখ:- ____ 

মহোদয়,

বিনীত সন্মান পূৰ্বক নিবেদন এই যে, আজি প্ৰথম/দ্বিতীয়/তৃতীয় পিৰিয়দৰ পিছত হঠাতে মোৰ গা বেয়া হোৱাৰ বাবে বিদ্যালয়ত উপস্থিত থাকিবলৈ অসমৰ্থ হৈ পৰিছোঁ।

গতিকে মহোদয়ে দয়া কৰি মোক ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰে যেন।
এয়াই দয়ালোঁ মহোদয়ৰ ওচৰত মোৰ সৰল প্ৰাৰ্থনা।

  ইতি 
   মহোদয়ৰ বিশ্বাসী শ্ৰী/শ্ৰীমতী_____
   শ্ৰেণী____
   ৰোল নং:____




চার্টিফিকেট বিচাৰি আবেদন | Assamese Application For Certificate

দিনাংক-10/06/2021

প্ৰতি
মাননীয়
প্ৰধান অধ্যাপক মহোদয়
মিলন হাইস্কুল আৰিকুছি
বিষয়- বিদ্যালয় ত্যাগৰ প্ৰমাণপত্ৰ বিচাৰি আবেদন
       

মহোদয়
বিনীত নিবেদন এই যে মই আপোনাৰ বিদ্যালয়ৰে এগৰাকী ছাত্ৰী হও॥ মই ইং 2017 বৰ্ষত আপোনাৰ বিদ্যালয়ত নামভৰ্তি কৰিছিলো... কিন্তু মোৰ ব্যক্তিগত সমস্যাৰ বাবে মই বিদ্যালয়ৰ আনুষ্ঠানিক শিক্ষা অষ্টম শ্ৰেণীৰ পৰা ত্যাগ কৰিব লগীয়া হল॥ মহোদয়, বৰ্তমানে মোক স্কুল এৰাৰ প্ৰমাণ পত্ৰ খনৰ আৱশ্যক॥ গতিকে মহোদয়ে মোৰ ভুল-ক্ৰুটি মাৰ্জনা কৰি মোক প্ৰমাণ পত্ৰ খন দিয়ে যেন॥
এয়ে মহোদয়ৰ ওচৰত মোৰ সৰল মিনতি॥
                         

    ইতি,
      আপোনাৰ একান্ত বিশ্বাসী ছাত্ৰী
      নাম_____
      শ্ৰেণী____
      ৰোল নং____           
শিক্ষা বৰ্ষ= 2018-2021
 অভিভাৱক/অভাৱিকাৰ চহী_____






চাকৰি এঠাইৰ পৰা আন ঠাইলৈ বদলিৰ কাৰণে আবেদন।

প্ৰতি
মাননীয়/ মাননীয়া
পার্চনেল মুভমেন্ট বিভাগ (হেড অফিচ)
আঞ্চলিক প্ৰবন্ধকৰ জৰিয়তে

বিষয়ঃ __________ স্থানলৈ স্থানান্তকৰণ

মহাশয়,
   সন্মান সহকাৰে আপোনাক জনাব বিচাৰো যে মই শ্ৰী/শ্ৰীমতী _______ এজন ________ পদৰ কৰ্মচাৰী হিচাপে _____ শাখাত সেৱা আগবঢ়াই আহিছোঁ। যোৱা ইং ________ তাৰিখে মোৰ তথা আমাৰ পৰিয়ালটো স্থায়ীভাৱে _________ অঞ্চলত থাকিবৰ বাবে ব্যবস্থা কৰা হল। মোৰ পৰিয়ালৰ সকলো সদস্য বৰ্তমান নতুনকৈ সজা স্থায়ী ঘৰটোত বাস কৰি আছে। সেয়েহে মহোদয়ক অনুৰোধ জনাওঁ যে আমাৰ বিভাগৰ ________ অঞ্চলৰ কাৰ্যালয়ত মোৰ চাকৰিটো স্থানান্তৰিত কৰি মোৰ তথা মোৰ পৰিয়ালক উপকৃত কৰি দিয়ে যেন। ধন্যবাদ
        আপােনাৰ বিশ্বাসী
                 শ্ৰী/ শ্ৰীমতী_____




জন্মৰ প্রমাণ পত্র বিচাৰি আবেদন পত্র 

প্ৰতি,
জন্ম পঞ্জীয়ক
পৌৰ নিগম/ চিকিৎসালয় কৰ্তৃপক্ষৰ

বিষয়ঃ জন্মৰ প্রমাণ পত্রৰ বাবে আবেদন

মহাশয়,
      যথাবিহিত সম্মানপূর্বক নিবেদন এই যে, মােৰ পুত্র/পুত্ৰী শ্রীমান/ শ্ৰীমতী__________ যোৱা ______ তাৰিখে এই চহৰৰ _____ অঞ্চলত জন্ম গ্রহণ কৰে। সেই মতে সেই সময়ত তাৰ জন্ম আপােনালােকৰ কাৰ্য্যলয়ত নথিভূক্ত কৰা হয়। এতিয়া তাক স্কুলত ভর্তি কৰিব লগা হােৱা বাবে জন্মৰ প্রমাণ পত্রৰ আৱশ্যক হৈছে।
সেয়েহে মহোদয়ৰ ওচৰত মােৰ অনুৰোধ, অনুগ্রহ কৰি তাৰ জন্মৰ প্রমাণ পত্রখন দিয়ে যেন।।
আশা কৰাে, মােৰ প্রয়ােজনৰ কথা বিবেচনা কৰি অবিলম্বে প্রয়ােজনীয় ব্যবস্থা গ্রহণ কৰিব।
           ধন্যবাদ

  আবেদনকাৰীৰ ঠিকনা______
  আপােনাৰ বিশ্বাসী____
  তাৰিখ_____





ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ আবেদন পত্র লিখাৰ নিয়ম যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু অসমীয়া আবেদন লিখাৰ নিয়ম সমূহ জানিবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !