গান্ধী জয়ন্তীৰ বিষয়ে কিছু কথা | Gandhi Jayanti Quotes In Assamese

0

মহাত্মা গান্ধী

বন্ধু বান্ধৱী সকল আজি গান্ধী জয়ন্তী। গান্ধী জয়ন্তী উপলক্ষে আজিৰ এই আর্টিকেলটোত কথা পাতিম গান্ধী জয়ন্তী কিয় পালন কৰা হয়, মহাত্মা গান্ধীৰ জন্ম মৃত্যু, মহাত্মা গান্ধীৰ কর্ম শিক্ষা, মহাত্মা গান্ধীৰ হত্যাকাণ্ড, লগতে কেইটামান মহাত্মা গান্ধীৰ বাণী। সেই বাবে এই আর্টিকেলটো সম্পূর্ণ পঢ়িব।

গান্ধী জয়ন্তী কিয় পালন কৰা হয়।

মহাত্মা গান্ধীৰ অবদানক মনত ৰাখি গোটেই বিশ্বত পালন কৰা হয় ( গান্ধী জয়ন্তী ) জাতি ধর্ম নির্বিশেষে ২ অক্টবৰত পালন কৰা হয় এই ( গান্ধী জয়ন্তী )

মহাত্মা গান্ধীৰ জন্ম মৃত্যু।

জন্ম - ২ অক্টবৰ ১৮৬৯ পোৰবন্দৰ (গুজৰাটত)
মৃত্যু - ৩০ জানুৱাৰী ১৯৪৮ নতুন দিল্লী (ভাৰত)

মহাত্মা গান্ধীৰ কর্ম শিক্ষা

মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত থকাৰ সময়ত ১৮৯৯ চনত এজন স্বাস্থ্য কৰ্মী হিচাপে সেৱা আগবঢ়াইছিল আৰু তাতে ব্ৰিটিছ আৰু নিগ্ৰ’সকলৰ মাজত বৰ্ণবিবাদ আৰু যুদ্ধৰ বিভীষিকা দেখিছিল যিয়ে তেওঁক প্ৰথম অসিংহ  নীতি গ্ৰহণ কৰাৰ বাবে অণুপ্ৰেৰণা পাইছিল ৷

মহাত্মা গান্ধীৰ চিভিল ৰাইটছ্ মানে নাগৰিকৰ অধিকাৰ আন্দোলন চাৰি মহাদ্বীপৰ ১২ খন দেশলৈকে বিয়পি পৰিছিল ৷

বিশ্ব জনসমাজে মহাত্মা গান্ধীক কিমান আদৰ বা সন্মান কৰে এই কথা ইয়াৰ পৰাই বুজিব পাৰি ভাৰত বৰ্ষৰ স্বাধীনতাৰ বাবে যি দেশৰ লগত অহিংস নীতিৰে যুদ্ধ কৰিলে সেই দেশে মহাত্মা গান্ধীৰ  সন্মানৰ বাবে তেওঁৰ মৃত্যুৰ ২১ বছৰৰ পাছত দেশত তেওঁৰ নামত ডাক টিকটৰ প্ৰচলন কৰিলে ৷

ভাৰত বৰ্ষৰ সৰু সুৰা পথ বোৰ বাদ দিও মাহত্মা গান্ধীৰ নামত দেশত ৫৩ টা আৰু বিদেশত ৪৮ টা পথ আছে ৷

মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত  থাকোতে ডাৰ্বাণ, প্ৰিট’ৰিয়া আৰু জোহানছ্‌বাৰ্গ এই তিনি ঠাইত ফুটবলৰ ক্লাব স্থাপনত সহায় কৰিছিল ৷

১৩ বছৰ বয়সতে মাহাত্মা গান্ধীৰ বিবাহ তেওঁতকৈ এবছৰৰ ডাঙৰ কস্তুৰী বাঈৰ লগত কৰি দিয়া হৈছিল৷ এই বৈবাহিক নীতি নিয়ম সম্পূৰ্ণ কৰাৰ বাবে তেওঁ এটা বছৰ বিদ্যালয়লৈ যাব পৰা নাছিল ৷

এই কথাই মোক সদায় আচৰিত কৰে যি জন মাহাত্মা গান্ধীয়ে আজীৱন শান্তিৰ পক্ষত থিয় দিলে সেইজনা মহামানৱে আজিও শান্তিৰ ন’বেল বঁটা নাপালে ৷ এই বঁটা পাবৰ বাবে এতিয়ালৈকে পাঁচ বাৰ মহাত্মা গান্ধীৰ নাম নামাংকন হ’ল কিন্তু শান্তিৰ ন’বেল বটা পাবলৈ যোগ্য বুলিহে বিবেচিত ন’হ’ল ৷

✍️ পঙ্কজ বৰুৱা

মহাত্মা গান্ধীৰ হত্যাকাণ্ড

১৯৪৮ চনৰ ৩০ জানুৱাৰীত নতুন দিল্লীৰ বিড়লা হাউছৰ প্রাংগনত হত্যা কৰা হৈছিল।
তেওঁৰ হত্যাকাৰী আছিল নাথুৰাম গডছে, নাথুৰাম গডছে আছিল হিন্দু ৰাষ্ট্ৰীয়তাবাদৰ অধিবক্তা, হিন্দু মহাসভাৰ সদস্য, আৰু হিন্দু ৰাষ্ট্ৰীয়তাবাদী অর্ধস্বেচ্ছানসেৱী সংগঠন ৰাষ্ট্ৰীয়ী স্বয়ংসেৱক সংঘৰ ( আৰ এছ এছ ) এজন পূর্বসদস্য আছিল। গডছে চিন্তা কৰিছিল যে ১৯৪৭ চনত ভাৰত বিভাজনৰ সময়ত গান্ধীজীয়ে মুছলমানক যথেষ্ট সমর্থন কৰিছিল।
সাক্ষীসকলৰ মতে গান্ধীয়ে ৫ বজালৈ ঘৰৰ পিছফালে লনৰ ওপৰলৈ উপনীত হয়। তেতিয়া তেওঁ প্রতি সন্ধিয়া সকলো ধর্মৰ প্রার্থনা সভা অনুষ্ঠিত কৰি আছিল। গান্ধীয়ে বেদি লৈ খোজ কাঢ়িবলৈ আৰাম্ভ কৰাৰ লগে লগে গডছে ভীৰৰ পৰা ওলাই আহি গান্ধীৰ সন্মুখত থিয় হয়, আৰু শূন্য পৰিসৰৰ পৰা গান্ধীৰ বুকুত আৰু পেটত তিনিটা গুলি নিক্ষেপ কৰে, গান্ধী মাটিত পৰি যায়। তেওঁক বিড়লা হাউছৰ পৰা তেওঁৰ ঘৰলৈ ঘূৰাই লৈ যোৱা হৈছিল, তাৰ কিছুসময়ৰ পিছত এজন প্রতিনিধি আহি তেওঁৰ মৃত্যুৰ কথা ঘোষোণা কৰে।
Source Link.  https://bit.ly/3jQezGL

মহাত্মা গান্ধীৰ বাণী

অহিংসা কেৱল ঋষি মনিৰ বাবেই নহয়,
ই সর্ব-সাধাৰনৰ বাবেও।
অহিংসা মানৱীয় ধর্ম আৰু সিংসা
হৈছে পশুৰ ধর্ম।



দেশৰ হকে প্রান দিবা কিন্তু
কাৰো প্রানত আঘাত নিদিবা।



অসিংসাৰ পূজাৰী সকল ভয়াতুৰ লোক নহয়,
তেওঁলোক হ'ল মানৱ জাতিৰ ত্রাণকর্তা।



সত্যক আন্ধাৰে ধাকি ৰাখিব নোৱেৰে,
সত্যৰ সদায় জয়।



মই একেৰাহে কেবাদিনো উপবাসে
থাকিব পাৰোঁ,
কিন্তু ভগৱানক প্রার্থনা নকৰাকৈ এদিনো
থাকিব নোৱাৰো।



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ গান্ধী জয়ন্তীৰ বিষয়ে পঢ়ি যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু এনে ধৰণৰ পোষ্ট সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !