শিল্পী দিৱসৰ শুভেচ্ছা বাণী | Shilpi Dibosh Wishes In Assamese

0
আমাৰ সমাজত শিল্পী সকল ভূমিকা অতি গৰুত্বপূর্ণ সেই বাবে আজি আমি এই আর্টিকেলতো শিল্পী দিৱসৰ শুভেচ্ছা বাণী বা শিল্পী দিৱসৰ শুভেচ্ছা বার্তা লিখিম আশা কৰোঁ আপোনালোকৰ ভাল লাগিব।


শিল্পী দিৱস কেতিয়া পালন কৰা হয় ?

শিল্পী দিৱস প্ৰতি বছৰে ১৭ জানুৱাৰী তাৰিখে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি দিৱস হিচাপে উদযাপন কৰা হয়।  এই দিনটোতে মহান শিল্পীজনৰ পৰলোকপ্ৰাপ্তি ঘটিছিল।  ১৯৫৩ চনৰ ১৭ জানুৱাৰী তাৰিখে প্ৰথম বাৰৰ বাবে শিল্পীজনাক সোঁৱৰি এই দিৱস উদযাপন কৰা হৈছিল।  প্ৰথম অৱস্থাত এই দিনটো  ‘জ্যোতি দিৱস’  হিচাপে পালন কৰা হৈছিল।  পৰৱৰ্তী সময়ত জ্যোতি দিৱসক শিল্পী দিৱস হিচাপে নামকৰণ কৰা হয়।  ১৯৫৩ চনত প্ৰথম বাৰৰ বাবে আয়োজিত এই দিৱস গুৱাহাটী আৰু বৰপেটাত পালন কৰা হৈছিল।  সেই সময়ত এই শিল্পীজনাৰ স্মৃতি জীয়াই ৰাখিবৰ হকে এই প্ৰচেষ্টাৰ বাবে আগভাগ লৈছিল ড° ভূপেন হাজৰিকা আৰু হেমাংগ বিশ্বাসে। ভাৰতীয় গণ নাট্য সংঘৰ উদ্যোগত গুৱাহাটীৰ নবীন চন্দ্ৰ হলত এই অনুষ্ঠানটো আয়োজন কৰা হৈছিল।  প্ৰথম বছৰৰ সেই অনুষ্ঠানত গুৱাহাটীত ৪০ জনমান লোক উপস্থিত আছিল।  সেইসকলৰ ভিতৰত অন্যতম আছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ কন্যা জয়শ্ৰী আগৰৱালা (চলিহা), ড° মহেশ্বৰ নেওগ, অধ্যাপক ভৱানন্দ দত্ত ইত্যাদি।  একেদিনাই বৰপেটাত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল শিল্পী দিলীপ দত্তই।

শিল্পী দিৱসৰ শুভেচ্ছা বাণী | Shilpi Dibosh Wishes In Assamese

১/
সকলো শিল্পীক
শিল্পী দিৱসৰ শুভেচ্ছা জনালো।


২/
সকলো শিল্পীক
www.AssameseStatus.com ৰ তৰফৰ পৰা
শিল্পী দিৱসৰ শুভেচ্ছা জনালো।


৩/
শিল্পী মই তিনি কালৰ
বর্তমানৰ আৰু অনাগত ভৱিষ্যতৰ,
শিল্পী দিৱসৰ শুভেচ্ছা জনালো।



৪/
শিল্পী দিৱসৰ পৱিত্র ক্ষণত
ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাদেৱক
গভীৰ শ্রদ্ধাৰে স্মৰণ কৰিছোঁ।


৫/
শিল্পী দিৱসৰ পৱিত্র দিনটোত
মহান শিল্পীগৰকীলৈ প্রণাম যাচিলো।



৬/
আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক
তেখেতৰ মৃত্যু তিথিত গৌৰৱেৰে সুৱৰিছোঁ।
আৰু সকলোলৈ শিল্পী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছো।



৭/
শক্তিপুত্ৰ মই
ভক্তি বুকুত লই
মুক্তিপ্রয়াসী মই
অৰ্জুন মই,
গাণ্ডীৱী মই
ময়েই ধনঞ্জয়
মৃত্যুক কৰিছো জয়,
ময়ে অসমৰ
ময়ে ভাৰতৰ
ময়ে ডেকা ল'ৰা
অগ্নিময় .......”
শিল্পী দিৱসৰ শুভেচ্ছা যাচিলো।



৮/
নাট্যকাৰ, গীতিকাৰ, সুৰকাৰ,
অসমীয়া চলচ্চিত্ৰৰ পিতৃ
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু বার্ষিকী।
মৃত্যু বার্ষিকীত তেখেতলৈ সশ্রদ্ধ প্রণাম।



৯/
কত পৰ্বতৰ
কত ভৈয়ামৰ
শত নিজৰাৰ ধাৰ,
হিলদল ভাঙি
বৈ আহি আহি
বৰলুইতত হৈ যাওঁ একাকাৰ।
শিল্পী দিৱসৰ শুভেচ্ছা যাচিলো।



১০/
কোন ক’ত আছ
আহ অ’ সমনীয়া
তই সমুখত হ থিয়
মাতৃ পূজাৰ ভাগ ল’বলৈ
বেলি কৰ কিয় ?
শিল্পী দিৱসত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ
আগৰৱালা দেৱক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।


শিল্পী দিৱসৰ ভাষণ।

আজি শিল্পী দিৱস গীতিকাৰ নাট্যকাৰ লেখক আৰু প্ৰথম অসমীয়া বোলছবি নিৰ্মাতা ''জ্যোতিপ্ৰসাদ আগৰৱালা'' দেৱৰ মৃত্যু তিথি ১৭ জানুৱাৰীক ''শিল্পী দিৱস'' হিচাপে পালন কৰা হয় ৷  জ্যোতিপ্ৰসাদে প্ৰায় ৩০০ মান গীত ৰচনা কৰি নিজে সুৰ দিছিল।  সেইবোৰক "জ্যোতি সংগীত" বুলি কোৱা হয়।  জ্যোতিপ্ৰসাদ আগৰৱালাক অসমীয়া চলচ্চিত্ৰৰ জনক বুলি অভিহিত কৰা হয়৷  তেখেতে একক প্ৰচেষ্টাৰে প্ৰথম আৰু দ্বিতীয়খন অসমীয়া বোলছবি নিৰ্মাণ কৰিছিল।  জয়মতী (১৯৩৫) ইন্দ্ৰমালতী (১৯৩৯) আমি ''ৰূপকোঁৱৰ''ক তেখেতৰ মৃত্যু তিথিত শ্ৰদ্ধাৰে সোৱৰিছো।




ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ শিল্পী দিৱসৰ শুভেচ্ছা বাণী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু এনে ধৰণৰ পোষ্ট সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !