হাদিছৰ বাণী | Hadis words in Assamese

1

হাদিছৰ বাণী

বন্ধু সকল আজি আমি কেইটামান হাদিছৰ বাণী লিখিম অসমীয়াত আশা কৰোঁ এই হাদিছৰ বাণী সমূহ আপোনালোকৰ ভাল লাগিব।

হাদিছৰ বাণী

"তৌবা কৰক"
নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে-
আদমৰ সকলো সন্তান গুণাহগাৰ।
তাৰে মাজত উত্তম গুণাহগাৰ হৈছে সোনকালে তৌবা কৰাজন।
( তিৰমিজি ২৪৯৯ )




নেকিৰ কোনো কামকেই তুচ্ছজ্ঞান নকৰিবা।
( মুছলিম্‌ হাদিছ ৬৬৯০ )





আল্লাহৰ ওচৰত
সর্বাধিক মর্যাদাপূর্ণ দিন হৈছে
কোৰবাণীৰ দিন।
( আবু দাউদ ১৭৫৬ )





ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে
কেতিয়াও নিজ স্ত্রীসকলক মাৰধৰ কৰা নাছিল।
( ইবনে মাজাহ ১৯৮৪ )






পাঁচ ৱাক্ত ছলাত ( নামাজ )
আদায় কৰিলে পঞ্চাশ ৱাক্ত ছলাত আদায়ৰ
ছাৱাব পোৱা যায়।
( তিৰমিজি ২১৩ )





যদি তোমালোকৰ কাৰোবাৰ মনত
হঠাৎ কোনো বেগানা মহিলাক দেখাৰ কাৰণে
কামভাৱ জাগ্রত হয়,
তেনেহলে তৎক্ষণাত তেওঁ যেন নিজ স্ত্রীৰ
ওচৰত গৈ নিজৰ প্রয়োজন পূর্ণ কৰি লয়।
( আবু দাউদ ২১৫১ )





যিজনৰ অন্তৰত অণুপৰিমাণ অহংকাৰ থাকিব,
সেইজনে জান্নাতত প্রবেশ নকৰিব।
( মুছলিম ২৬৫ )





অবৈধভাৱে আর্জিত ধন-সম্পতৰ ছদক্বাহ
আল্লাহে কবুল (গ্রহণ) নকৰে।
( ছুনান নাছায়ী ১৩৯ )





ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে
সুতদাতা, গ্রহীতা আৰু তাৰ লেখক ও সাক্ষীদ্বয়ৰ ওপৰত
লা'নত (অভিশাপ) কৰিছে।
(মুছলিম ৪০৯২ )





যেতিয়া তোমালোকৰ সন্তান সকলৰ
বয়স সাত বছৰ হয়,
তেতিয়া তোমালোকে সিহতক
ছালাত (নামাজ) আদায়ৰ বাবে হুকুম কৰিবা।
( আবু দাউদ ৪৯৫ )





যেতিয়া কোনো বেগানা পুৰুষে
কোনো বেগানা মহিলাৰ সৈতে নির্জ্জনত মিলিত হয়,
তেতিয়া সিহঁতৰ লগত তৃতীয়জন হ'ল
ছয়তান।
( তিৰমিজি ২১৬৫ ) 





যিজনে ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ওপৰত
এবাৰ দৰুদ পাঠ কৰে,
সেইজনৰ ওপৰত আল্লাহে দহবাৰ ৰহমত বর্ষণ কৰে।
( আবু দাউদ ৫২৩ )





যিজনে আল্লাহ আৰু আখিৰাতৰ দিনৰ ওপৰত ইমান ৰাখে,
সেইজনে যেন ভাল কথা কয়
নাইবা চুপ থাকে।
( বুখাৰী ৬৪৭৫ )





ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে,
যিজনে মোৰ কোনো চাহাবাক গালি দিব,
সেইজনৰ ওপৰত আল্লাহৰ ফিৰিস্তা সকল,
আৰু সকলো মানুহৰ লা'নত হওঁক।
( চিলচিলাতুল আহাদিচুছ ছহীহাহ ২৩৪০ )





মুছলিম ব্যক্তিৰ ওপৰত
যি দুখ-কষ্ট পেৰেচানী আপতিত হয়,
তাৰ মাধ্যমে আল্লাহে ব্যক্তিৰ দ্বাৰা হোৱা 
সৰু গুনাহ সমূহ মাফ কৰি দিয়ে।
( বুখাৰী ৫৬৪১ )





স্বামী-স্ত্রীৰ মাজত
কাজিয়াৰ সৃষ্টি কৰা, চয়তানৰ খুবেই
পচন্দনীয় কাম হয়।।
( মুছলিম ৭১০৬ )





আল্লাহৰ ওচৰত সেইজন ব্যক্তি
সর্বাধিক উত্তম, যিজনে আগে ছালাম দিয়ে।
( আবু দাউদ ৫১৯৭ )





মানুহে তাৰ বন্ধুৰ ৰীতি-নিতিৰ অনুসাৰী হয়,
সেয়েহে তোমালোকৰ প্রত্যেকেই যেন লক্ষ্য কৰে,
সি কাৰ সৈতে বন্ধুত্ব ৰাখিছে।
( আবু দাউদ ৪৮৩৩ )





দুনিয়াৰ জুইৰ তাপ
জাহান্নামৰ জুইৰ তাপৰ তুলনাত
মাত্র সত্তৰ ভাগৰ এক ভাগ।
( তিৰমিজি ২৫৯০ )





আল্লাহে সেইজনৰ ওপৰত
দয়া নকৰে, যিজনে মানুহৰ ওপৰত দয়া নকৰে।
( বুখাৰী ৭৩৭৩ )



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ হাদিছৰ বাণী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু হাদিছৰ বাণী সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

1Comments
  1. ভাল লাগিল।আৰু কেইটামান দিলে ভাল পাম

    ReplyDelete
Post a Comment

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !