বন্ধু সকল আজি আমি কেইটামান কোৰআনৰ বাণী লিখিম অসমীয়াত আশা কৰোঁ এই কোৰআনৰ বাণী সমূহ আপোনালোকৰ ভাল লাগিব।
কোৰআনৰ বাণী
আল্লাহক বাদ দি তোমালোকে যিবিলাকক মাতা,
সেইবিলাকো তোমালোকৰ দৰে আল্লাহৰ দাসহে।
(কোৰআনঃ ৭:১৯৪)
মহান আল্লাহক এৰি আনৰ ইবাদত কৰা তথা পীৰ-ফকীৰ, কবৰ, মাজাৰৰ ওচৰৰ পৰা
কিবা বিচৰা, মান্নাত মাগা মহাপাপ অৰ্থাত্ শ্বিৰ্ক।
শ্বির্ক সম্পর্কে আল্লাহে কয়,
আল্লাহে তেওঁৰ লগত আনক অংশী কৰাৰ(শ্বীর্ক) গুণাহ(পাপ) ক্ষমা নকৰে। ইয়াৰ বাহিৰে আন যিকোনো গুণাহ যাক ইচ্ছা ক্ষমা কৰি দিয়ে। (কোৰআন ৪:৪৮); (৪:১১৬)
আল্লাহে কয়,
হে মানৱ! তোমালোকৰ বাবে এটা উপমা দিয়া হ'ল-মনোযোগ দি শুনা।
আল্লাহক বাদ দি তোমালোকে যিবোৰক উপাস্যৰূপে মাতিবলৈ লৈছা সিহঁত আটায়ে লগ লাগি কেতিয়াও মাখি এটাও সৃষ্টি কৰিব নোৱাৰে। বৰং মাখিটোৱে যদি সিহঁতৰ পৰা কোনো বস্তু কাঢ়ি নিয়ে তাকো সিহঁতে তাৰ পৰা এৰুৱাইও আনিব নোৱাৰে। প্রার্থনাকাৰীয়ো দুর্বল আৰু যাক প্রার্থনা কৰা হয় সিয়ো দুর্বল। এই মানুহবিলাকে আল্লাহৰ মর্যদা যেনেদৰে বুজিব লাগে তেনেদৰে নুবুজিলে।আচলতে আল্লাহ মহা শক্তিমান,মর্যদাশালী। (কোৰআন ২২:৭৩-৭৪)
আল্লাহে আৰু কয়,
আল্লাহক এৰি সেইবোৰক আহ্বান নকৰিবা যি বোৰে তোমাৰ উপকাৰো কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে। এইটোৱেই হ'ল চৰম পথভ্ৰষ্টতা" (কোৰআন ২২:১২)
সেই মানুহজনতকৈ অধিক বিভ্রান্ত আন কোন হ'ব পাৰে,যিয়ে আল্লাহৰ পৰিবর্তে এনে কিছুমান সত্তাক প্রার্থনা কৰে যিবিলাকক কিয়ামতলৈকে প্রার্থনা কৰি থাকিলেও সিহঁতে সঁহাৰি জনাব নোৱাৰে? আনকি মানুহবিলাকে যে সিহঁতক প্রার্থনা কৰি আছে সেয়াও সিহঁতে গমকেই নাপায়।যেতিয়া সকলো মানুহক সমবেত কৰা হ'ব তেতিয়া(উপাস্যবিলাক)সিহঁতৰ উপাসকবিলাক শত্রু হৈ পৰিব আৰু সিহঁতক যে উপসনা কৰা হৈছিল সেয়া সিহঁতে অস্বীকাৰ কৰিব।"
(কোৰআনঃ ৪৬:৫-৬)
তুমি কেতিয়াও মৃতবিলাকক কথা শুনাব নোৱাৰা আৰু(বধিৰ বিলাককো) তোমাৰ আহ্বাণ শুনাব নোৱাৰা যেতিয়া সিহঁতে পিছ দি গুছি যায়।" (কোৰআনঃ ২৭:৮০)
জীৱিত আৰু মৃতও একে নহয়। আল্লাহে যাক ইচ্ছা কৰে তাকে শ্রৱণ কৰায়;কিন্তু (হে নবী ছাঃ) তুমি সমাধিস্থ মানুহবিলাকক শুনাব নোৱাৰা।" (কোআনঃ ৩৫:২২)
জানি থোৱা,বিশুদ্ধ আন্তৰিক উপাসনা কেৱল আল্লাহৰহে প্রাপ্য। যিবিলাকক তেওঁৰ পৰিবর্তে আনক পৃষ্টপোষক কৰি লৈছে সিহঁতে(নিজৰ এনে কার্যৰ কাৰণ দর্শাই)কয়- আমি এওঁলোকৰ উপসনা এইবাবে কৰো যে এওঁলোকে আমাক আল্লাহৰ সান্নিধ্য লাভ কৰাই দিব।" (কোৰআনঃ৩৯:৩)
সিহঁতে আল্লাহৰ বাহিৰে সেইবোৰক উপসনা কৰে যিবোৰে সিহঁতৰ অপকাৰো কৰিব নোৱাৰে,উপকাৰো কৰিব নোৱাৰে। সিহঁতে কয়- 'এওঁলোক আল্লাহৰ ওচৰত আমাৰ মধ্যস্ততাকাৰী। (হে মুহাম্মদ ছাঃ) সিহঁতক কোৱা- 'তোমালোকে আল্লাহক আকাশমন্ডল আৰু পৃথিৱীৰ এনে কোনো সংবাদ দিবা নেকি যিবিষয়ে তেওঁ নাজানে? তেওঁ অতি মহান,পৱিত্র। সিহঁতে যিবোৰৰ লগত তেওঁক অংশী কৰিছে তাতকৈ তেওঁ বহু উর্দ্ধত।" (কোৰআনঃ ১০:১৮)
ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ কোৰআনৰ বাণী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।
আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক
অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়,
সেই বাবে আৰু কোৰআনৰ বাণী সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।
Post a Comment