অসমীয়াত নামাজ শিক্ষা | Namaz Shikkha Assamese

0
নির্দিষ্ট নামাজৰ নির্দিষ্ট সময়মতে আদায় কৰা প্রতিজন মুছলমানৰ বাবে ফৰজ,  নামাজ ইছলাম ধর্মৰ পঞ্চস্তম্ভৰ এটা শাহাদাহ বা বিশ্বাসৰ পাছত নামাজেই হৈছে ইছলাম ধর্মৰ গুৰুত্বপূর্ণ স্তম্ভ।
সেই বাবে আজি আমি নামাজ শিক্ষাৰ বিষয়ে লিখিম আশা কৰোঁ আপোনালোকে উপকৃত হ'ব,  ( অসমীয়াত নামাজ শিক্ষা )

অসমীয়াত নামাজ শিক্ষা

নামাজৰ ফৰজ সমূহ কি ?

নামাজৰ ফৰজ মুট ১৩ টা, আহকাম ৬ টা। আৰকান ৭ টা। নামাজৰ বাহিৰৰ কাম সমূহক আহকাম কোৱা হয়।  আৰু নামাজৰ ভিতৰৰ কাম সমূহক আৰকান কোৱা হয়।

আহকাম সমূহ কি ?

১. শৰীৰ পবিত্র কৰা।
২. কাপোৰ বা বস্র পবিত্র কৰা।
৩. নামাজ পঢ়াৰ ঠাই পবিত্র কৰা।
৪. ছতৰ ঢাকা।
৫. কেবলামুখী হওৱা।
৬. নামাজৰ নিয়ত কৰা।

আৰকান সমূহ কি ?

১. তাকবীৰ ( আল্লাহু আকবাৰ ) দি নামাজ আৰাম্ভ কৰা।
২. থিয় হৈ নামাজ পঢ়া।
৩. আলহামদু ( ছুৰা ফাতিহা ) লগত কোৰআনৰ আন এটা ছুৰা পঢ়া।
৪. ৰুকু কৰা।
৫. সিজদা কৰা।
৬. শেষ বৈঠক কৰা।
৭. নামাজ শেষ হ'লে কোনো কাম বা কথা কৈ নামাজ শেষ কৰা।

নামাজৰ নিয়ম।

নামাজ থিয় হৈ পঢ়িব লাগে।  কিন্তু যদি শৰীৰ অসুস্থ থাকে তেনেহলে বহি, শুই, আৰু ইংগিতত  নামাজ পঢ়িব পাৰি।  সর্বপ্রথম নামাজৰ নিয়ত কৰিব লাগে।  নামাজৰ ধাপ বা অংশক ৰাকাত কোৱা হয়।
প্রতি ৰাকাতৰ আৰাম্ভণিতে ছুৰা ফাতিহাৰ লগত অন্য এটা ছুৰা পাঠ কৰি ৰুকু কৰিব লাগে।  ৰুকুৰ পৰা থিয় হৈ তাৰ পাছত ছিজদা দিব লাগে।  ৰাছুলুল্লাহ ( ছাঃ ) কৈছে তোমালোকে ছালাত আদায় কৰা তেনেকৈ, যেনেকৈ মই ছালাত আদায় কৰোঁ।

নামাজৰ ওয়াক্ত।

১. ফজৰ।
২. জহৰ।
৩. আছৰ।
৪. মাগৰিব। 
৫. ইশা।

ৰাকাত সমূহ

ফজৰ  
 ৰাকাত ছুন্নাতে মুয়াক্কেদা।  ২ ৰাকাত ফৰজ।
জহৰ 
 ৰাকাত ছুন্নাতে মুয়াক্কেদা।  ৪ ৰাকাত ফৰজ। ২ ৰাকাত ছুন্নাতে মুয়াক্কেদা।
আছৰ
৪ ৰাকাত ছুন্নাতে আগৰ মুয়াক্কেদা। ৪ ৰাকাত ফৰজ।
মাগৰিব 
৩ ৰাকাত ফৰজ।  ২ ৰাকাত ছুন্নাতে মুয়াক্কেদা।
ইশা 
৪ ৰাকাত ছুন্নাতে আগৰ মুয়াক্কেদা।  ৪ ৰাকাত ফৰজ।  ২ ৰাকাত ছুন্নাতে মুয়াক্কেদা।
বিতৰ 
৩ বা ৫ বা ৭ বা ৯ বা ১১ বা ১৩ ৰাকাত।

শর্ত সমূহ কি ?

  • মুছলমান হ'ব লাগিব।
  • ৭ বছৰৰ ওপৰত হ'ব লাগিব।
  • সুস্থমুস্তিস্কৰ হ'ব লাগিব।

নামাজৰ শর্ত সমূহ কি ?

  • নামাজৰ অয়াক্ত সম্পর্কে নিশ্চিত হওয়া। অনিশ্চিত হ'লে নামাজ নহব, যদিও সেয়া সঠিক অয়াক্তেও হয়।
  • কাবামুখি হৈ থিয় হওয়া। কিন্তু যদি শৰীৰ অসুস্থ থাকে তেনেহলে এই নিয়ম তাৰ বাবে প্রযোজ্য নহব।
  • ছতৰ ঢাকিব লাগিব।
  • নামাজৰ স্থান পবিত্র হ'ব লাগিব।
  • গা ধুৱা, অযু, বা তায়াম্মুম, কৰি পবিত্রতা অর্জন কৰিব লাগিব।

ছালাতৰ ওৱাজিবসমূহ

ছালাতৰ ওৱাজিব ৮ টা সেইকেইটাৰ যি কোনো এটা ইচ্ছাকৃতভাৱে এৰি দিলে ছালাত বাতিল হয়,  কিন্তু ভুলক্ৰমে এৰিলে ‘ছহু ছিজদা’ দিব লাগে।  ওৱাজিব ৮ টা এনে ধৰণৰ-
  • ১/ "তকবীৰে তহৰিমা"  বাদে আন তাকবীৰসমূহ কোৱা।  (বুখাৰী, মুছলিম ও অন্যান্য, মিচকাত হাদিছ /৭৯৯, ৮০১, ফিক্কহুচ ছুন্নাহ ১/১২০)।
  • ২/ ৰুকুত তচবীহ পঢ়া।  (নাছাঈ, আবু দাউদ তিৰমিযী, মিচকাত হাদিছ /৮৮১)।
  • ৩/ ৰুকুৰ পৰা উঠোতে  ''চামি আল্লাহু লিমান হামিদাহ্'' কোৱা।  (বুখাৰী, মুছলিম, মিচকাত হাদিছ / ৮৭০, ৮৭৪, ৮৭৫, ৮৭৭)।
  • ৪/ ৰুকুৰ পৰা উঠাৰ পিছত ''ৰাব্বানা লাকাল হামদ'' বা আল্লাহুম্মা ৰাব্বানা লাকাল হামদ পঢ়া। (বুখাৰী হাদিছ/৭৩২-৭৩৫, ৭৩৮, মুছলিম হাদিছ/৮৬৮,৯০৪, ৯১৩)।
  • ৫/ ছিজদাত তচবীহ পঢ়া। (নাছাঈ, আবু দাউদ, তিৰমিযী, মিচকাত হাদিছ /৮৮১)।
  • ৬/ দুই ছিজদাৰ মাজত স্থিৰ হৈ বহি দুয়া পঢ়া। (ইবনু মাজাহ হাদিছ /৮৯৭, আবু দাউদ হাদিছ /৮৫০, তিৰমিযী হা/২৮৪; নাছাঈ হাদিছ /১১৪৫, মিচকাত হাদিছ /৯০০, ৯০১)।
  • ৭/ প্ৰথম বৈঠকত বহি তাশ্বাহহুদ পঢ়া। (আহমাদ, নাছাঈ, নায়ল ৩/১৪০; মুত্তাফাক্ক ‘আলাইহ, মিচকাত হাদিছ /৯০৯)।
  • ৮/ ছালামৰ মাধ্যমত ছালাত শেষ কৰা। (আবু দাউদ, তিৰমিযী, মিচকাত হাদিছ /৩১২)।


ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ অসমীয়াত নামাজ শিক্ষা যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু অসমীয়াত নামাজ শিক্ষা সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !