শিক্ষক দিৱসৰ শুভেচ্ছা বাণী | Happy Teacher Day In Assamese

0
বন্ধু বান্ধৱী সকল আজি আমি কেইটামান শিক্ষক দিৱসৰ কেইটামান শুভেচ্ছা বাণী, লগতে শিক্ষক দিৱসৰ ভাষণ। লিখি আপোনালোকৰ মাজত লৈ আহিছো আশা কৰোঁ আপোনালোকৰ ভাল লাগিব।

Teacher Day In Assamese


সমুহ শিক্ষাগুৰুকে, শিক্ষক দিৱস'ৰ
আন্তৰিক শুভেচ্ছা ও শ্রদ্ধা
জ্ঞাপন কৰিলোঁ।






শুভ শিক্ষক দিৱস।
শিক্ষক দিৱসৰ এই প্রকিতি মেৰি শ্ৰদ্ধাৰ
শিক্ষাগুৰু সকললৈ সশ্রদ্ধ
প্রণমি যাচিলোঁ।






গুৰু ব্ৰক্ষ্মা, গুৰু বিষ্ণু, গুৰু দেৱ মহেশ্বৰ 
গুৰু সাক্ষাৎ পৰমব্রক্ষ্ম তস্মৈশ্রী
গুৰুৱে নম।
শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা
জ্ঞাপন কৰিলোঁ ।






শিক্ষক হৈছে মমবাতিৰ দৰে যিয়ে
জ্বলি আনক পোহৰাই।
শিক্ষক দিৱসৰ শুভেচ্ছা জনালো।






এজন শিক্ষকৰ প্রচেষ্টা আৰু
চৰিত্রৰ উপৰত কোনো দেশৰ ভবিষ্যত
নির্ভৰ কৰে।
শিক্ষক দিৱসৰ শুভেচ্ছা জনালো।






শিক্ষা সকলোতকৈ শক্তিশালী অস্র,
যাক ব্যৱহাৰ কৰি গোটেই পৃথিৱী
সলনি কৰিব পাৰি।
শিক্ষক দিৱসৰ শুভেচ্ছা জনালো।






এজন শ্রেষ্ঠ শিক্ষক
আমাৰ সমগ্র প্রশ্নৰ উত্তৰ নিদিব,
কিন্তু আমাৰ মনত প্রশ্ন বিচৰি
উলোৱাৰ জুই লগাব।
শিক্ষক দিৱসৰ শুভেচ্ছা জনালো।






যিখন দেশত
আপোনালোৰ দৰে শিক্ষক আছে,
সেই দেশৰ ল'ৰা ছোৱালীৰ
ভবিষ্যত উজ্জ্বল হ'বই।
শিক্ষক দিৱসৰ শুভেচ্ছা জনালো।



শিক্ষক দিৱসৰ ভাষণ...

শিক্ষক দিৱসৰ দিনা ছাত্ৰ ছাত্ৰীয়ে ক’ব পৰাকৈ শিক্ষক দিৱসৰ ভাষণ শ্ৰদ্ধাৰ শিক্ষাগুৰু সকল, মৰমৰ ভাই ভনী, বন্ধু বান্ধৱী সকল, মই শিক্ষক দিৱস উপলক্ষে একাষাৰ ক’ব বিচাৰিছোঁ৷ ভুল হ’লে গুৰু সকলে শুধৰাই দিয়ে যেন৷     

আমাৰ দেশৰ মহান চিন্তাবিদ, দাৰ্শনিক তথা মহান শিক্ষক ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱৰ জন্ম হৈছিল ১৮৮৮ চনৰ ৫ চেপ্তেম্বৰ তাৰিখে মাদ্ৰাজৰ তিৰুটানি নামে ঠাইত৷ পিতৃ বীৰ চমাইয়া আৰু মাতৃৰ নাম আছিল সীতাম্মা৷ তেখেতে ৮ বছৰ বয়স লৈকে ঘৰতেই শিক্ষা গ্ৰহণ কৰিছিল৷ ৯ বছৰ বয়সত তিৰুপতিৰ লুথেৰেণ মিছন স্কুলত নাম লগাইছিল ১৮৯৬ চনত৷ তাৰ পাছত ভেলুৰ কলেজ আৰু ১৯০৮ চনলৈকে মাদ্ৰাজৰ খ্ৰীষ্টিয়ান কলেজত শিক্ষা গ্ৰহন কৰে৷ তেখেতে ২০ বছৰ বয়সত থেচিচ লিখি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল৷ তেখেতে বক্তৃতাৰে সকলোকে বিমুগ্ধ কৰিব পাৰিছিল৷ তেখেতক কলিকতা বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ সৰ্ব্বোচ্চ পদ " সম্ৰাট পঞ্চম জৰ্জ আসন" ৰ বাবে মনোনিত কৰা হৈছিল৷ 

 ৰাধাকৃষ্ণ ১৯৫২ চনৰ পৰা ১৯৫৬ চনলৈ আৰু ১৯৫৭ চনৰ পৰা ১৯৬২ চনলৈকে দুবাৰকৈ ভাৰতৰ উপৰাষ্ট্ৰপতিৰ আসন অলংকৃত কৰে৷ ১৯৬২ চনতেই তেখেতে ৰাষ্ট্ৰপতিৰ আসনো অলংকৃত কৰে৷ সেই সময়তেই তেখেতৰ অগাধ পাণ্ডিত্যৰ বাবে বিশ্বই তেখেতক দাৰ্শনিক আখ্যা দিয়ে৷         ড° ৰাধাকৃষ্ণণে অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক, মানচেষ্টাৰ কলেজৰ অধ্যক্ষৰ পদ অলংকৃত কৰাৰ উপৰিও মহিসুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক, অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য, বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ উপৰিও UNESCO ৰ Chairman তথা ১৯৫২ চনত UNESCO ৰ President ৰ পদ অলংকৃত কৰে৷       

  ড° ৰাধাকৃষ্ণণে ভাৰতৰ শিক্ষা ব্যৱস্থাৰ আমোল পৰিবৰ্তন কৰিবলৈ সক্ষম হোৱা বাবে শিক্ষা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি দিয়া হয়৷ তেখেতক ১৯৫৪ চনত " ভাৰত ৰত্ন " সন্মান প্ৰদান কৰা হয়৷         ৰাধাকৃষ্ণণে ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পাছত তেওঁৰ কেইজনমান বন্ধু আৰু ছাত্ৰই তেওঁৰ জন্মদিন পালনৰ অনুমতি বিছাৰিলে৷ তেতিয়া তেওঁ ক’লে যে তেওঁ নিজকে ৰাষ্ট্ৰপতি, দাৰ্শনিক, ৰাজনীতিবিদ হিচাপে পৰিচয় দিয়াতকৈ শিক্ষক হিচাপে পৰিচয় দিবলৈ বেছি ভাল পায়৷ সেইবাবে তেওঁৰ জন্মদিনটো ব্যক্তিগত জন্মদিন হিচাপে পালন নকৰি সমগ্ৰ শিক্ষক সকলৰ প্ৰতি সন্মান আৰু কৃতজ্ঞতা স্বৰূপে শিক্ষক দিৱস হিচাপে উদ্যাপন কৰিলে তেওঁ সুখী হ’ব৷ তেতিয়াৰ পৰাই ৫ চেপ্তেম্বৰ তাৰিখে শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে৷ এই সম্পৰ্কে তেখেতে কোৱা বক্তব্যটো উল্লেখ কৰা হ’ল __ Instead of celebrating my birth day, separately, it would be my proud privilege if September 5th is observed as “ teacher's day” .       ১৯৭৫ চনৰ ১৭ এপ্ৰিল তাৰিখে মহান দাৰ্শনিক, শিক্ষক ড° ৰাধাকৃষ্ণণে ইহ লীলা সম্বৰণ কৰে৷



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ শিক্ষক দিৱসৰ শুভেচ্ছা বাণী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু শিক্ষক দিৱসৰ শুভেচ্ছা বাণী সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !