বন্ধু বান্ধৱী সকল নতুন বছৰৰ বাবে আপোনালোকৰ কাৰণে লৈ আহিছো কেইটামান নৱবর্ষৰ শুভেচ্ছা বাণী অসমীয়া, এই নতুন বছৰৰ শুভেচ্ছা বাণী সমূহ আপুনি আপোনালোকৰ বন্ধু, বান্ধৱী, ভাই, ভনী, ককা, দাদা, মামা, মা, দেউতা, লগত শ্বেয়াৰ কৰিব পাৰিব।
লগতে কেইটামান 2023 Happy New Year Wishes Images In Assamese দিইয়া হৈছে বিচাৰিলে Download কৰিব পাৰিব। লগতে বার্ষিক ৰাশিফল 2023 চাব পাৰে।
২০২৩ নতুন বছৰৰ শুভেচ্ছা বাণী | Happy New Year Wishes In Assamese
১/
অনাগত দিনবোৰ যেন
সুমৃদ্বিৰে পৰিপূর্ণ হৈ পৰক
তাৰে কামনাৰে ভগৱানৰ ওচৰত
প্রার্থনা জনাইছোঁ।
২০২৩ নতুন বছৰৰ শুভেচ্ছা থাকিল।
২/
নতুন বৰ্ষৰ শুভেচ্ছা জনালোঁ।
আশা কৰোঁ নৱবৰ্ষৰ প্ৰতিটো দিনেই
স্মৰণীয় হৈ ৰওঁক।
৩/
নিৰাশা বোৰ নাইকিয়া হৈ আশা বোৰ পূৰণ হওঁক,
সাঁচি থোৱা প্রতিটো সপোন পলকতে বাস্তৱ ৰুপ হওঁক,
আৰু এই নতুন বছৰটিয়ে আপোনাৰ বাবে কঢ়িয়াই আনক
আনন্দ আৰু সুখৰ বন্য তাৰেই কামনাৰে
আপোনাক লগতে আপোনাৰ পৰিয়াললৈ নৱবষৰ শুভেচ্ছা জনালো।
নৱবর্ষৰ শুভেচ্ছা জনালো।
৪/
নতুন বছৰ নতুন চিন্তাৰে
নতুন উদ্যমেৰে সকলো বাধা নিউচি
আগুৱাই যাওঁক সকলো। তাৰেই কামনা কৰি
সকলোলৈ নৱ বৰ্ষৰ শুভেচ্ছা জনালোঁ।
৫/
২০২৩ নতুন বছৰৰ নতুন দিন
আপোনালোকক জনাওঁ স্বাগতম,
নতুন বছৰৰ শুভেচ্ছা থাকিল।
৬/
সকলোলৈকে ২০২৩
নতুন বছৰৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা থাকিল,
সকলোৰে আহিব লগীয়া দিনবোৰ
যেন মধুময়।
৭/
এটা সম্পূর্ণ নতুন বছৰৰ
বহুত বহুত শুভেচ্ছা জনাওঁ তোমাক
লগতে তোমাৰ পৰিয়ালক।
৮/
বিগত বছৰটোত কৰা ভূলবোৰ
শুধৰণি কৰাৰ সময় আহিছে।
আহিছে এটা নতুন বছৰ।
গুচি যোৱা সময়ক কাহানিওঁ উভতাই আনিব নোৱাৰি।
কিন্তু আহিবলগীয়া সময়খিনিত আমাৰ নতুন
কর্মসূচী ঠিক কৰিব পাৰি।
৯/
নতুন বছৰ আপোনাৰ বাবে
যেন হয় সুখ-সান্তি এই আশাৰে জনাওঁ
নতুন বছৰৰ শুভেচ্ছা।
১০/
কিছু দুখ কিছু সুখ ২০২২ ত আছিল।
আজি সেয়া অতীত, তাৰ ঠাই পূৰাব আহিছে ২০২৩ য়ে।
যিটো তোমাৰ পচন্দ তাক মন দি কৰা।
ধ্যান ৰাখিবা যাতে তাত কাৰো ক্ষতি নহয়।
মন দি কাম কৰি যোৱা তেতিয়া তোমাৰ সপোন তোমাৰ কাষলৈ
নিজেই আহিব।
Happy New Year 2022
১১/
মোৰ তৰফৰ পৰা
আপোনালোকক নতুন বছৰৰ
বহুত বহুত শুভেচ্ছা জনালো।
নৱবর্ষৰ শুভেচ্ছা জনালো।
১২/
নতুন বছৰৰ প্ৰতিদিনে সুখ, আনন্দৰে
ভৰি পৰক আৰু সাফল্যৰ বাৰ্তা আনি
জীৱনটো ৰঙীন আৰু সুন্দৰ কৰি তোলক
তাৰেই কামনাৰে নতুন বছৰৰ শুভেচ্ছা যাচিলোঁ
১৩/
আমাৰ www.AssameseStatus.com ৰ
তৰফৰ পৰা আপোনাক লগতে
আপোনাৰ পৰিয়লক নতুন বছৰৰ
বহুত বহুত শুভেচ্ছা জনালো।
১৪/
কষ্ট দুখ ভয় এইবোৰ পাহৰি যোৱা।
নতুন বছৰটোত প্ৰাণখুলি হাঁহা আনন্দৰে থাকা।
নতুন বছৰৰ বহুত বহুত শুভেচ্ছা জনালোঁ।
১৫/
বিগত বৰ্ষৰ মধুৰ মূহুৰ্ত বোৰ
স্মৃতিৰ মণিকুঠত ৰাখি নৱবৰ্ষত নতুন আশাৰে
নতুন উদ্যমেৰে আগবঢ়াৰ হেঁপাহেৰে নতুন বছৰৰ
হিয়াভৰা শুভ কামনা জনালোঁ।
নৱবর্ষৰ শুভেচ্ছা জনালো।
১৬/
অনেক ব্যস্ততাৰ মাজতো মোৰ হৃদয়েৰে আজি
মই তোমাক শুভেচ্ছা জনাইছোঁ, কাৰণ
তুমি মোৰ বন্ধু। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো
যাতে তোমাৰ জীৱনৰ সপোনবোৰ এপাহ
ৰক্ত গোলাপৰ দৰে উজ্জ্বলি উঠে।
১৭/
পাৰ হৈ যোৱা বৰ্ষলৈ
উভতি চাই আৰু নতুন বৰ্ষত ভৰি দিওতে
দিয়া খোজটোয়ে সপোন বোৰ পূৰণ কৰোঁতে
আগবাঢ়ি যাবলৈ সাজু হৈছোঁ।
নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ।
১৮/
টকা পইচা শেষ হৈ যাব,
কিন্তু বন্ধুত্বৰ স্মৃতি চিৰযুগমীয়া হৈ থাকি যাব।
নৱবৰ্ষৰ নৱ আলোকেৰে ন ৰূপত
মানৱতাৰ সম্প্ৰীতিৰ এনাজৰীডাল আৰু
অধিক শক্তিশালী হওঁক।
নতুন বছৰৰ শুভেচ্ছা জনালোঁ।
১৯/
এই নতুন বছৰত
তোমাৰ সকলোবোৰ জীৱনৰ লক্ষ্যত
উপনীত হ'ব পাৰিবলৈ
শুভ কামনা জনালোঁ।
২০/
নতুন বৰ্ষত নতুন উদ্যমেৰে
নতুন জীৱনৰ কৰ্ম কৰি যাওঁ আঁহক।
নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
২১/
নতুন আশা নতুন প্রাণ,
নহুত হাঁহি নতুন গান,
নতুন পুৱা নতুন পোহৰ,
তোমাৰ নতুন দিন সুখৰ হওঁক,
নতুন বছৰৰ শুভেচ্ছা থাকিল।
২২/
নতুন বছৰটিয়ে তোমালৈ লৈ আনক
অনেক সুখৰ আৰু আনন্দৰ বতৰা ৷
দুখবোৰ আঁতৰি, সুখেৰে ভৰি পৰক
তোমাৰ জীৱনত।
২৩/
দুঃখদায়ক অতীতক
যোৱা পাহৰি নতুনক লোৱা আদৰি,
ইংৰাজী নৱবর্ষৰ শুভেচ্ছা থাকিল।
২৪/
নতুন বছৰটো নিজৰ বাবে
একো নহলেওঁ মা-দেউতাক যেন
সদাই সুখত ৰাখিব পাৰো তাৰেই কামনা কৰিলোঁ।
২৫/
নবৱর্ষৰ প্রতিটো দিন
হাঁহি আনন্দত জোৱাৰ আৰু
সফলতাৰ ফাকু চটিয়াই
ৰঙীন কৰি তোলক
নতুন বছৰৰ শুভেচ্ছা থাকিল।
২৬/
নতুন বছৰৰ নতুন কিৰণ।
এই কিৰণৰ প্ৰতিটো স্পৰ্শই জী তোলক
আপোনাৰ জীৱন, তাৰেই কামনাৰে
ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ।
২৭/
আপোনাৰ প্রতিটো ক্ষণ
প্রতিটো পল এই নতুন বর্ষত
নতুন সপোন নতুন আশা, নতুন পৰিকল্পনা
আৰু সুখ সমৃদ্বিৰে সৃষ্টি হওঁক
নতুন বছৰৰ শুভেচ্ছা থাকিল।
২৮/
আপোনাৰ মাজত
সফলতাৰ অন্য এক যাত্রা,
আৰু এই নতুন বর্ষতে জাতি, ধর্ম নির্বিষেশে
ভেদ ভাৱ তথা শত্রুতাক নেওচি
আহক আমি সুন্দৰ ভাৱে
গঢ়ি তোলো এখন নিকা আৰু সুস্থ সমাজ
নতুন বছৰৰ শুভেচ্ছা থাকিল।
২৯/
আপোনালোক সকলোৰে বাবে থাকিল
২০২৩ নতুন বছৰৰ শুভেচ্ছা।
৩০/
আপোনালৈ আৰু পৰিয়ালৰ প্ৰতিজন সদস্যলৈ
ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা মৰম আৰু
শুভেচ্ছা জ্ঞাপন কৰিছো
happy new year 2023
৩১/
এই নৱবৰ্ষৰ বিশেষ দিনটোত
মোৰ বিশেষ বন্ধুলৈ বিশেষভাৱে মোৰ ফালৰ পৰা
উপহাৰ আগবঢ়াব বিচাৰোঁ। সেয়া হৈছে মোৰ
চৰ্তহীন আজীৱন বন্ধুত্ব আৰু মৰম।
৩২/
তোমালৈ নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা যাছিলোঁ।
এই কৰণা দিনাত ভালে থাকা আৰু
জীৱনটো আগুৱাই যোৱা।
৩৩/
বিশ্বৰ বিভিন্ন প্ৰান্তত নৱবৰ্ষটোক আদৰাৰ বাবে
বিভিন্ন ধৰনে আৰম্ভ হৈছে জাক জমকীয়া আয়োজন।
সমানে আৰম্ভ হৈছে নৱবৰ্ষৰ শুভেচ্ছা জনোৱাৰ উৎসাহ উদ্দীপনা।
মইওঁ মোৰ সকলো বন্ধু-বান্ধৱীলৈ নৱবৰ্ষৰ আন্তৰিক
হিয়াভৰা শুভেচ্ছা জনালোঁ।
৩৪/
সকলো বন্ধু-বান্ধৱী, দাদা, বাইদেউ, ভাইটি ভন্টি
আৰু সমূহ অসমবাসীলৈ নৱবৰ্ষৰ
হিয়াভৰা শুভেচ্ছা জনালো।
৩৫/
নৱবৰ্ষটো মানৱ জাতিৰ বাবে দুখৰ সময় যদিও
আমাৰ বাবে এক বিশেষ বছৰ হৈ ৰব, কাৰণ
এই বছৰটোতে আমি একেলগে অধিক
সময় পাৰ কৰিলোঁ।
৩৬/
যোৱা বৰ্ষটোত আপোনাৰ যি হ'ল
তাক লৈ দুখ নকৰিব, মাত্ৰ ভাবি লোৱা
নতুন বৰ্ষটো আপোনাৰ আৰু আপোনাৰ বাবেই আহিছে।
শুভ নৱবৰ্ষ ২০২৩
৩৭/
নৱবৰ্ষৰ আন্তৰিক হিয়াভৰা শুভকামনা জনালোঁ।
আশা কৰোঁ নতুন বছৰটোত সকলোৰে দিনবোৰ
ভালে ভালে পাৰ হয় যেন।
Happy New Year 2023
৩৮/
যোৱা বছৰৰ মধুৰ মূহুৰ্ত্তবোৰ
স্মৃতিৰ মণিকুঠত ৰাখি নতুন বছৰত নতুন আশাৰে
নতুন ঊদ্যমেৰে আগবঢ়াৰ হেঁপাহেৰে নতুন বছৰৰ
হিয়াভৰা কমনা জনালোঁ।
৩৯/
2022 চনৰ পৰা এটাই শিক্ষা পালো
মানুহৰ ওচৰৰ পৰা যিমান দূৰত থাকিবা সিমান ভাল।
৪০/
এখন কিতাপ
১২ টা অধ্যায়
৩৬৫ টা পৃষ্ঠা
হৈ উঠক অসাধাৰণ
Happy New Year 2023
৪১/
2023 ৰ বাবে সৰু এটা “ৰিমাইন্ডাৰ“
কেবল মাত্ৰ কেলেণ্ডাৰখনহে সলনি হৈছে,
তোমাৰ কাম আৰু লক্ষ্যবোৰ একেই আছে।
২০২৩ নতুন বছৰৰ শুভেচ্ছা যাচিলোঁ।
৪২/
মই মনৰ পৰা প্ৰাৰ্থনা কৰিছো যে
মোৰ সকলো বন্ধুৰ যেন এই নতুন বছৰটো খুব ভাল ভাবে পাৰ হয়,
কিন্তু বন্ধুবোৰে মোকো যেন পাহৰি নাযায়।
৪৩/
কষ্ট দুখ ভয় এইবোৰ পাহৰি যোৱা।
নতুন বছৰটোত প্ৰাণখুলি হাঁহা আনন্দৰে থাকা।
নতুন বছৰৰ বহুত বহুত শুভেচ্ছা ২০২৩
৪৪/
নতুন বৰ্ষৰ শুভেচ্ছা জনালো।
আশা কৰোঁ নৱবৰ্ষৰ প্ৰতিটো দিনেই স্মৰণীয় হৈ ৰওক।
৪৫/
পাৰ হৈ যোৱা বৰ্ষলৈ উভতি চাই আৰু
নতুন বৰ্ষত ভৰি দিওতে দিয়া খোজটোয়ে সপোন বোৰ পূৰণ কৰোঁতে
আগবাঢ়ি যাবলৈ সাজু হৈছোঁ।
২০২৩ নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ।
৪৬/
এই নতুন বছৰত তোমাৰ সকলোবোৰ জীৱনৰ লক্ষ্যত
উপনীত হ'ব পাৰিবলৈ শুভ কামনা জনালোঁ।
Happy New Year 2023
৪৭/
কেৱল নতুন বছৰটো ভাল হওঁক বুলি আশা কৰিলে নহব,
ভাল হোৱাৰ চেষ্টা কৰি এটা জীৱনৰ অন্যতম বৰ্ষ হিচাপে গঢ়ি তুলিব লাগিব।
নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
৪৮/
নতুন বৰ্ষৰ নতুন সংকল্প মই লৈছোঁ।
নতুন সংকল্প বোৰ পূৰণ কৰাত আপোনালোকৰ আশীৰ্বাদ আৰু
মৰম অত্যন্ত প্ৰয়োজন। Happy New Year 2023
৪৯/
নতুন শব্দই হৈছে এটা আশা, এটা উৎসুকতা।
নতুন বৰ্ষৰ সেই আশা আৰু উৎসুকতা জীয়াই ৰাখক।
৫০/
জানুৱাৰীৱে সপোন দেখাই, আৰু
ডিচেম্বৰে বাস্তৱতা কি সেইয়া
শিকাই থৈ যায়।
২০২৩ নতুন বছৰৰ শুভেচ্ছা যাচিলোঁ।
৫১/
সকলোলৈ ইংৰাজী নৱবৰ্ষ ২০২৩ ৰ শুভেচ্ছা জনালোঁ
ধন-সম্পত্তিতকৈ মানুহে মানুহৰ মনটোক বুজি পাওক,
কাৰো আপোন মানুহ হেৰাই নাযাওঁক,
এই বছৰটো সকলোৰে প্ৰিয় বছৰ হওঁক।
৫২/
বছৰৰ শেষত তোমালৈ বুলি মোৰ ফালৰ পৰা
এশাৰী ভূলবোৰ ক্ষমা কৰিবা নুবুজিলে বুজাই দিবা
আৰু ভালকৈ থাকিবা,
২০২৩ নতুন বছৰৰ শুভেচ্ছা
৫৩/
2022 চনত যদি মই কাৰোবাক বেয়াকৈ কৈছিলো,
হয়তো আগলৈও ক'ব পাৰোঁ বেয়া নাপাব
কাৰণ 2023 ত কেলেণ্ডাৰহে সলনি হ'ব মই নহওঁ।
😍😍😍
৫৪/
নতুন বছৰ, নতুন সংগ্রাম
পুৰণিৰ সৈতে আহিবলগা নতুন হতাশাৰ লগত
যুঁজিবলৈ বুকুৰ সমস্ত সাহস একগোট কৰি আকৌ এবাৰ যুঁজিবলৈ ল'লো।
আশা বিশেষ নাই একো, মাথোঁ ইমানেই জানোঁ
কেলেণ্ডাৰ সলনি হ'লেও মই যুঁজি থাকিবই লাগিব।
আৰু মই এনেদৰে যুঁজিবলৈ সদায়েই সাঁজু।
নতুন বছৰৰ শুভেচ্ছা
৫৫/
নতুন বছৰ বুলি বৰ বেছি আনন্দ কৰি একো লাভ নাই,
কাৰণ কেৱল কেলেণ্ডাৰখনহে সলনি হ'ব
আপোনাৰ ভাগ্য, সমস্যা, দায়িত্ব, দুখ কষ্ট
সকলো আগৰ দৰেই থাকিব।
৫৬/
ভাল লগা সময় বোৰ এদিন স্মৃতি হৈ যায়,
আৰু প্ৰতিজন মানুহে এটা এটা শিকনি দি যায়
হয় সেইটোৱেই জীৱন।
২০২৩ নতুন বছৰৰ শুভেচ্ছা
৫৭/
নতুন বছৰ, নতুন মাহ,
নতুন দিন, নতুন আশা,
নতুন কিছু সপোনলৈ নতুন বছৰৰ
শুভেচ্ছা জনালোঁ।
৫৮/
নতুন বছৰ আহিছে বুলি আমাৰ দৰে মানুহৰ মনত
কোনো ধৰণৰ ফূৰ্তী নাই! কাৰণ আমাৰ দৰে মানুহৰ বাবে
বছৰটোহে সলনি হয় আমাৰ জীৱনৰ দুখ কষ্ট সংগ্ৰাম বোৰ একেই থাকে!
সেইবাবে নতুন বছৰ বুলি একো বিচৰা নাই মাত্র বিচাৰিছো
সকলোকে ভগৱানে ভালকৈ ৰাখক সকলোৰে জীৱন
সুখৰ আৰু শান্তিৰ হওক !
৫৯/
নতুন বছৰ আহিছে বুলি
অকল ফুর্তি কৰিলে নহব! জীৱনত
আগুৱাই যাবলৈ সংগ্রাম কৰিব লাগিব, তেনেহলেহে
বছৰটো আপোনাৰ বাবে কামত আহিব।
৬০/
নতুন সূর্য, নতুন প্রাণ।
নতুন সুৰ, নতুন গান।
নতুন পোহৰ, নতুন প্রভাত।
নতুন বছৰ হওঁক ভাল।
শেষ হওঁক বিষাদ,
আহক হৰ্ষ। শুভ হওঁক নৱবৰ্ষ,
নতুন বছৰৰ শুভেচ্ছা
২০২৩ নতুন বছৰৰ কবিতা
নতুন বছৰ আহিল আকৌ
নতুন আশা লৈ,
আমি সৱে ৰৈ আছো
নতুনক আদৰিবলৈ।
যোৱাটো বছৰত কভিড মহামাৰীয়ে
আমাক কৰিলে কোঙা,
ঘৰৰ ভিতৰতে সোমাই থাকি
আমি হ'লো দিশহাৰা।
পুৰণি দিনৰ বিষাদ পাহৰি
নতুনক আদৰি লওঁ,
নতুন বছৰত নতুন কাম কৰিবলৈ
আমি স্ংকল্প লওঁ।
নতুন বছৰত আমি সকলোৱে
ভাল কাম কৰিম,
পঢ়া-শুনা ভালকৈ কৰি
আমাৰ জীৱন গঢ়িম।
প্ৰকৃতিৰ সতে সম্পৰ্ক ৰাখিম
জীৱ -জন্তক কৰিম দয়া,
আমাৰ বাবে পৃথিৱীখন হ'ব
প্ৰেম প্ৰীতিৰে ভৰা।
হে নৱবৰ্ষ,
আমাক আশীষ দিয়া,
বিগত দিনৰ দুখ-বেদনা
ইমানতে অন্ত কৰা।
নতুন বছৰত আমি যেন
সকলোৱে একেলগে থাকো,
আগৰ দৰে সময় কটাই
লগে-ভাগে খেলিব পাৰো।
মুখত পিন্ধা বন্ধনী যেন
খুলি পেলাব পাৰো,
হাঁহি মাতি সকলোৱে যেন
মৰম যাচিব পাৰো।
✍️ Parul Boruah
২০২৩ নতুন বছৰৰ কবিতা
পুৰণি বাগৰি নতুন আহিছে
দেখিছোঁ দুৰৈৰ পৰা
আমালৈনো বাৰু আনে কি বতৰা
ভাবিছোঁ আজিৰ পৰা
সদায়ে আহিছে আঁতৰিও গৈছে
নতুন বছৰবোৰ
আমিও আদৰোঁ ৰঙীন আশাৰে
মনটোত বান্ধি জোৰ
ইংৰাজী বছৰ অতি আদৰৰ
আশা কৰি আমি ৰওঁ
ওচৰ চাপিলে বন্ধু সকলক
সুখী হ'বলৈকো কওঁ
তাতোকৈ আগত পুৰণিৰ শেষ
থাৰ্টিফাৰ্ষ্টটোক পাওঁ
বিদায় বেলাত হাঁহি ফুৰ্তি কৰি
আনন্দৰ গীত গাঁও
কিনো পালোঁ বাৰু কিনো হেৰুৱালোঁ
হিচাব যদিহে কৰোঁ
কোনোৱে কান্দিব কোনোৱে হাঁহিব
কাক এৰোঁ কাক ধৰোঁ
গুচি যোৱাবোৰ পাহৰি থাকিলে
মনটো পৰিব জুৰ
পাৰ হোৱা কথা পুণৰ ভাৱিলে
পাম বিষাদৰ সুৰ
ঐশ্বৰ্য্য বিভূতি ক্ষন্তেকৰ বাবে
বছৰত লীন যাব
মনৰ পোহৰ বিলাব জানিলে
আশা কৰাবোৰ পাব
আহক নতুন আমাৰ বাবেও
মিলি জুলি আমি থাকোঁ
পোৱা নোপোৱাৰ হিচাব নকৰি
শান্তিৰ কথাটো ভাৱোঁ
দুদিন পাছতে নতুন বছৰ
আবেগেও স্থান পাব
মনৰ বাতৰি ভাৱ বিনিময়
কবিতা আকাৰে ৰ'ব
ৰঙা নীলা ফুল হাতে হাতে ৰ'ব
মৰমে আদৰি ল'ব
হিয়া দিয়া নিয়া শুভেচ্ছা মৰম
যুগমীয়া হৈও ৰ'ব
কবিতাৰ ভাষা একেবাৰে কেঁচা
ভাষাও হেৰাই যায়
বন্ধু বান্ধবীলৈ ইয়েই শুভেচ্ছা
জনালোঁ সময় পাই।
✍️ নলিন মহন্ত
Related Searches.
2023 Happy New Year Wishes In Assamese, ইংৰাজী নৱবর্ষৰ শুভেচ্ছা, অসমীয়া নৱবর্ষৰ শুভেচ্ছা, নতুন বছৰৰ শুভেচ্ছা বাণী, 2023 Happy New Year Wishes In Assamese, নতুন বছৰৰ কবিতা,
ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ ২০২৩ নতুন বছৰৰ শুভেচ্ছা বাণী বা Happy New Year Wishes যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।
আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক
অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়,
সেই বাবে আৰু এনেকুৱা ধৰণৰ পোষ্ট সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।