জীৱন কোনো খেল নহয়

1. কবিতাৰ শিৰোনামঃ জীৱন কোনো খেল নহয়



হিন্দু ,ইচলাম ,খ্ৰীষ্টান ,শিখ
যিয়েই নোহোৱা তুমি
হোৱাতো এজন মানৱ ,
বিভেদৰ বীজ সিঁচি কিয়
পৰস্পৰ যুদ্ধ কৰি সৱে
গোটাইছা কুটুম্বৰ শৱ ৷
জীৱন তো কোনো খেল নহয় !
ধনী ,দুখীয়া , বা উচ্চ নীচ
মনত কিয় এই ভাৱ তোমাৰ,
দুদিনৰ জীৱনত কিনো হ’ব
মিছাই কৰি এনুৱা অহংকাৰ ৷
সুন্দৰ বিচাৰেৰে কৰি সৎ কৰ্ম
সাৰ্থক কৰিব লাগে মানৱ ধৰ্ম
অবাবত নকৰিবা সময় অপচয় ,
জানাই জীৱন তো কোনো খেল নহয় ৷ 

গীতাশ্ৰী শৰ্মা
সাপেখাতী , চৰাইদেউ
ফোন নং-৭০০২৮২৫৬৮৩



2. কবিতাৰ শিৰোনামঃ জীৱন কোনো খেল নহয়




জীৱন মানেই সংগ্ৰাম 
মৃত্যুৰ বিপৰীত ধাৰণা ,
এক নষ্টালজিক অনুভৱ
জীৱনৰ ৰঙীন উজ্বল বাসনাবোৰ
নিৰবধি জানো বয় শান্তিৰ এক নিজৰালৈ .........!!
কদাপিও নবয় ।

জীৱন এক যাত্ৰা , এটা দৌৰ 
এই যাত্ৰাত আমি সকলোৱে একেখন নাৱেৰে যাত্ৰী
কেতিয়াবা প্ৰতিপদৰ কাঁচিজোনটোৰ দৰে
আমি আশাত আগবাঢ়ি যাওঁ
কেতিয়াবা পোৱাৰ উল্লাহত ‌হাঁহো
নোপোৱাৰ ‌বেদনাত কান্দো ।

নিষ্ঠুৰতাৰে ভৰা ‌এই মায়াময়ী পৃথিৱীৰ 
জীৱনৰ জখলাডাল চুটিকৈ বগাব চেষ্টা কৰোঁ
হয়তো সেইকাৰণেই বহু পায়ো থমকিব ধৰোঁ
জীৱন বাটৰ সকলো লগৰী দুদিনীয়া
তথাপিও জানোঁ আমি আশা এৰিব লাগে ...!!
কদাপিও ‌নালাগে ।

প্ৰতিজন মানুহৰে অন্তৰালত থাকে এক অন্তজীৱন
তোলপাৰ ‌লগায় সুখ-দুখ , স্বপ্ন , আশা - নিৰাশাৰ
নুবুজে কোনেও কাৰোঁ মনৰ ‌ব্যথা 
চলনাময়ী জীৱন
আজি তুমিও ‌কৰিলা বিশ্বাসঘাতকতা
জীৱনৰ কঠোৰ বাটত তোমাক জয় কৰিব নিদিলা
নিজেই নিজক ছলনা ‌, প্ৰতাৰণা কৰিলা ‌
নুবুজিলা জীৱন কোনো খেল নহয়।

✍️ জেফলিন চুলতানা, নগাঁও 


3. কবিতাৰ শিৰোনামঃ জীৱন কোনো খেল নহয়




তুমি ভবাৰ দৰে জীৱন কোনো খেল নহয়
মোৰ মতে জীৱন এখন ৰঙীন কিতাপ 
তুমি ভবাৰ দৰে জীৱনৰ মূল্য টকাৰে নোজোখে
নোজোখে জাতি ধৰ্ম ৰ্বণই 
মোৰ মতে জীৱনৰ মূল্য মাথোঁ কৰ্মই নিধাৰন কৰে
তুমি ভবাৰ দৰে মৃত্যু জীৱনৰ লক্ষ্য হব নোৱাৰে 
মোৰ মতে জীৱনৰ লক্ষ্য যাপন হব লাগে
তুমি ভবাৰ দৰে জীৱন কোনো খেল নহয়
মোৰ মতে জীৱন এখন ৰঙীন কিতাপ 
এইবাৰ কিতাপখন পঢ়ি চোৱা 
শিকা , আৰু উপভোগ কৰা জীৱনৰ মাদকতা 
মোৰ বিশ্বাস এইবাৰ তুমি সফল হবা 
জীৱন যুদ্ধত এইবাৰ তুমি সফল হবা।

✍️স্ৰোতস্বিনী দেৱী

4. কবিতাৰ শিৰোনামঃ জীৱন কোনো খেল নহয়




এইখন মায়াৱী পৃথিৱীত
তুমি জনম লভিলা
হতাশা ব্যাধিৰে নহবা
তুমি ৰুগীয়া
জীৱন কোনো খেল নহয়
অলপতে ভাগৰিলে
মৃত্যুৰ সতে কথা পাতা      
কিয়. . . . ?
স্বাৰ্থ-নিস্বাৰ্থৰ আলি দোমজাত তুমি           
 নহবা এটি পুতুলা            
 জীৱনত লৈ নেখেলিবা           
 উশাহ-নিশাহ নথবা বন্ধকত
সাতোৰঙী সপোনৰ বাটত
ৰঙীন পৃথিৱীত ৰামধেনু দেখা
সততা মানৱতা নৈতিকতাৰে
নিজৰ বাটত নিজে
হ'বা বাটৰুৱা 
জীৱন জীয়াই থকাৰ প্ৰেৰণা
জীৱনক নকৰিবা অৱহেলা।

✍️নাজমিনা মজিদ, ধুবুৰী ।




5. কবিতাৰ শিৰোনামঃ জীৱন কোনো খেল নহয়




দস্তা মেলি ল'লো পুনঃ এটি পৃষ্ঠা
নৱ নৱ প্ৰজ্ঞাৰ নৱতম শলিতা জ্বলাই
জীৱনৰ সংজ্ঞা বিচাৰি চাওঁ। 
নাহৰৰ পাতে পাতে সৰাপাতে লিখি যোৱা আকুলতাৰ দৰে
কলমটো সাৱটি উকা কাগজত কত কত কাহিনী লিখি যাওঁ,
আশাৰ পালতৰা নাওঁ মেলি
অভিমানী সুখবোৰ বিচাৰি চাওঁ।
জীৱনে জানো বুজে জীৱনৰ সঠিক ঠিকনা ?  
জীৱন কোনো খেল নহয় 
মৰুৰ মৰিচিকা বিচাৰি হাবাথুৰিহে খাওঁ।
ছন্দবিহীন আধালিখা কবিতাৰ সুৰে সুৰে
নতুন আকাশ বিচাৰি চাওঁ।
জীৱন তিনিটি বৰ্ণ 
য'ত পাওঁ কত হর্ষ
পাওঁ কত নৈৰাশ্য
পাওঁ কত প্ৰাপ্তি 
কতনা অপ্ৰাপ্তি
আৰু নামি অহা আকুলতাবোৰ বিচাৰি, 
কত শীত কত তাপ ভেদী
সাতো ৰঙৰ জোলোঙা সামৰি 
বন্দী হওঁ তোমাৰেই মোহত,
জীৱন বাৰে বাৰে পৰো 
তোমাৰেই প্ৰেমত...
ই যে সংগ্ৰাম জীৱন জীয়াৰ 
প্ৰতি খোজত 
ই যে পৰাণ জুৰুৱা প্ৰাণ
হাঁহি কান্দোনৰ। 
বিলীন হ'ম তোমাৰতেই জীৱন।
জীৱন কোনো খেল নহয়।।
  
✍️ প্ৰিয়াক্ষী গগৈ, নগাওঁ


6. কবিতাৰ শিৰোনামঃ জীৱন কোনো খেল নহয়




জীৱন এক নিয়তীৰ খেল 
পোৱাবোৰ হেৰুৱাই নোপোৱাবোৰ পাবলৈ 
জীৱনৰ সৈতে যুঁজি থকা দুখৰ হিমনাত ৰৈ 
দুখৰ ভাৰ লৈ হুমুনিয়াহ কাঢ়ি
আগবাঢ়ি গৈ থকা খেল এক জীৱনৰ 
তমসা নাশিবলৈ জ্বলি উঠে চাকি 
জ্যোতিৰে দিবলৈ জীৱনৰ ৰং আঁকি
সময়ৰ বুকুত আছে  নিতুল ভাষ্কৰ্য্য
জীৱনৰ সমীক্ষা জীৱনৰ গান
স্বপ্নতে আতুৰ আমাৰ জীৱন ।
বাস্তৱে ধূসৰ কৰি তুলে
কল্পনাৰ কাৰেং ।
জীৱনো এক সাঁথৰ
বিশাল সংগ্ৰাম পোৱা নোপোৱাৰ।
এইয়াই জীৱন।।
তথাপি কোনো খেল নহয় এই জীৱন ।
 জীৱন নদীৰ দুয়োপাৰে
 সূখ দূখৰ অবুজ খেলা
 কুল-উপকুল বিহীন জীৱ্ই নিতৌ
 নদীৰ বুকুত পাতে ৰঙীন মেলা ৷

✍️ হিয়া শৰ্মা,


7. কবিতাৰ শিৰোনামঃ জীৱন কোনো খেল নহয়




হেপাহবোৰ 
ৰঙালী হৈ ভাহে
নিৰ্জনতাৰ 
হেঙুলী আবেলিত
কিম্বা, মৰুভূমিত 
মৰীচিকা বিচাৰি
ভাগৰুৱা সুৰুজৰ অস্ত
জীৱন নামৰ নদীৰ ঘাটত
জোন জনালীৰ
নাই চিন-চাব
কেৱল মাথোঁ ভাঁহি আহে
বিষাদ ৰাগিনীৰ
শূণ্যতা ভৰা গান
আছে যদি মাথোঁ
ঘোৰ অমাৱস্যাৰ
গল ভঙা চিঞৰ
চাক্ষুক জীৱন লীলাৰ
হ'বনে সংগী 
শুভ্ৰ শেৱালী ভৰা
গুলপীয়া পুৱাবেলা
অ সংগী জীৱন....
আৰুনো কিমান বাকী
অশ্ৰুৰ বন্যাৰ 
সৈতে খেলিবলৈ....
উকা কাগজ সদৃশ
জীৱন নামৰ 
বগা চাদৰখনিত
কেতিয়া বুটলিবা
যোৰা গোলাপৰ
ৰঙা ৰঙা ৰঙীন পাহি
অ সংগী জীৱন
খেলিলোঁ বহুত
আৰু নেখিলিবা
তোমাক খেল
 দিব পৰাকৈ
নয়ন যুগলৰ 
অশ্ৰু বন্যাত
পৰিছে চ'ৰ .....

✍️ৰাইহনা ইছলাম,ধুবুৰী ।


8. কবিতাৰ শিৰোনামঃ জীৱন কোনো খেল নহয়




জীৱন কোনো খেল নহয়,
কত ঘাত-প্ৰতিঘাতৰ অন্ততো
জীৱনে বাচি থকাৰ 
পণ লয়।
জীৱন কেতিয়াবা
হৈ পৰে তুচ্ছ;
কেতিয়াবা হৈ পৰে
বহুতো বিৰাগ।
হাস্পাতাল অথবা মঠ- মন্দিৰ,
মছজিদ, গিৰ্জাৰ দুৱাৰে দুৱাৰে 
জীৱন ভিক্ষাৰ কাতৰ 
কামনাৰ অন্ত নহয়।
নিষ্পাপ জীৱনো কেতিয়াবা
হৈ পৰে বিৰামহীন তথা বিষাক্ত,
কেতিয়াবা পাপী জীৱনৰ 
সুখ সমৃদ্ধিয়ে চকু কপালত তোলে।

হয়, জীৱন কোনো খেল নহয়,

আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত
জীৱনে বাছি লয়;
কেতিয়াবা জীৱনে নতুনকৈ
প্ৰকৃতিয়ে উশাহ
লোৱাৰ উমান পায়।
জীৱন কেতিয়াবা অনুপম নহয়
কঠোৰ সংগ্ৰামৰ এপদ এপদ 
সম্পদ বিক্ৰী কৰে;
নৰিয়াত শয্যাশায়ী ৰোগীজনো
মৃত্যুঞ্জয়ী জীৱনৰ
সপোন ৰচে।

✍️ এহিয়া আহমেদ, বৰথল কছাৰী গাওঁ, মৈৰাবাৰী, মৰিগাঁও
ফোন নং- ৮৮৭৬১২৩১২৪


9. কবিতাৰ শিৰোনামঃ জীৱন কোনো খেল নহয়




হয় জানো, 
জীৱন কোনো খেল নহয়!
জীৱন মানেই যেন,
এক অনন্য উপলব্ধি
বিধাতাৰ এক অলিখিত মায়া।
আগবাঢ়ো জীৱনৰ বাটত
সময়ৰ খোঁজত...
প্ৰাপ্তিৰ হাঁহিৰে আৰু কেতিয়াবা,
হয়তো হৃদয় শুকোৱা উচুপনিৰে,
তথাপিও জীৱন জীৱনেই!
জীৱনৰ যন্ত্ৰণা আৰু,
জীৱনৰ সম্ভাৱনা
সামৰি ৰাখিব পৰাকৈ,
জীৱন যে বৰ উদাৰ
জীৱন যে সময়ৰ এক
অমূল্য দান,
এক জীয়া বাসনা।                                                                                                                               

✍️পাহাৰী শইকীয়া, যোৰহাট ফোন নং- ৭০০২০৫৯৩৮৭


10. কবিতাৰ শিৰোনামঃ জীৱন কোনো খেল নহয়



হিমালয়ৰ দৰে বিশাল পাহাৰ যেন
দুখবোৰৰ মাজত নিহিত থাকে
কণ কণ বালিকণাৰ দৰে কিছু সুখ...!!
দুখবোৰ সদায় ঋণাত্মক..
সুখবোৰ সদায় যোগাত্মক..
যাৰ বাবেই তেনে অণুসুখত গঢ় লৈ উঠে তাজমহল।।

মৃত্যুৰ প্ৰেয়সীক অতি ওচৰৰ পৰা দেখাজনে
বুজি পায় পংগু উশাহবোৰ যে হীৰাতুল্য....
বুজি পায় এক্সপেয়াৰ হোৱা 
চালানী ৰুটিৰো যে আছে বহু মূল্য....
দৌৰে সময়ৰ টিকনিক চেৰ পেলাই
কৃতকাৰ্যতাৰ ৰে'লগাড়ী ধৰিবলৈ,,
তাৰ বাবে জীৱন কোনো খেল নহয়।।
তাৰ চিন্তা আকাশ চুৱাৰ বাবে 
প্ৰয়োজন একনিষ্ঠতাৰ,,, কিন্তু কদাপিও তেল নহয়।।

এ,চি,ধাৰীৰ আঙুলিৰ সহায়ত যেতিয়া মাতৃৰ বুকুত 
নিৰ্দয়তাৰে ছবি আঁকে,,
যাৰ চিয়াঁহী হয় গৰম তেজ...
পোক মকৰাৰ দৰে য'তে ত'তে শববোৰ পৰি ৰয়--
যাযাবৰী আত্মাই বিচাৰি ফুৰে পৰিচয়--
কোনে ভাবে স্তন চুহা কেঁচুৱায়ো যে কৰে প্ৰতীক্ষা
গধূলিলৈ কিজানি মৰমে নিজৰ ঠিকনা বিচাৰি
স্বগৃহত উপস্থিত হয়!!
কাৰো বাবে মানুহবোৰ মানুহ নহয়--
কাৰো বাবে জীৱন জীৱন নহয়--
আচলতে কোনে বুজাব সিহঁতক
জীৱন কোনো খেল নহয়।।

✍️কাজি শ্বাহাদত ইছলাম
ফোন নং- ৬০০২৫৯৪৪৩০



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ জীৱন কোনো খেল নহয় যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু জীৱন কোনো খেল নহয় সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

যদি আপোনালোকৰ কবিতা সমূহ আমাৰ Website ত প্রকাশ কৰি বিচাৰে তেনেহলে আমাক Email কৰিব পাৰে।

sofiqulalom898@gmail.com

বিঃদ্রিঃ কবিৰ নাম উল্লেখ নকৰাকৈ কপি-পেষ্টৰ পৰা বিৰত থাকে যেন।

Post a Comment

Previous Post Next Post