এই কাহিনীটো এনে এজন ল'ৰাৰ, যিজন পঢ়া-শুনাত বৰ এটা ভাল নাছিল।

0

এই কাহিনীটো এনে এজন ল'ৰাৰ, যিজন পঢ়া-শুনাত বৰ এটা ভাল নাছিল। দিনটো বন্ধুৰ সৈতে ফুৰা চকা কৰি সময় নষ্ট কৰা, ম'বাইলত ব্যস্ত থকা, এইবোৰ তাৰ অভ্যাসত পৰিণত হৈছিল। ঘৰত তাৰ মাক প্ৰায়েই অসুখীয়া হৈ থাকে। তাতে সিহঁত আৰ্থিক ভাৱেও একেবাৰে দুৰ্বল। ঘৰৰ অৱস্হা একেবাৰে শোচনীয়। ঘৰলৈ কোনোবা এজন অতিথি আহিলে বহিবলৈ দিবলৈও ঠাই নাই। এবাৰ এজন বন্ধুৱে তাক ফুৰিবলৈ যাবলৈ লগ ধৰিবলৈ আহিছিল।


প্ৰথমবাৰলৈ সিহঁতৰ ঘৰলৈ আহি বন্ধুছন হতবাক হৈ ৰ'ল। ঘৰৰ এনে শোচনীয় অৱস্থা দেখি বন্ধুজনে সুধিবলৈ বাধ্য হ'ল "তই কি সঁচাকৈয়ে ইয়াত থাক ? ইমান বেয়া অৱস্থাত ?" ল'ৰাজনে ক'লে " হয় এইটো মোৰেই ঘৰ মই ইয়াতেই থাকোঁ।" অলপ সময় আচৰিত হৈ ৰৈ বন্ধুজনে পুনৰ ক'বলৈ আৰম্ভ কৰিলে " ৱাহ বন্ধু ৱাহ ! তোৰ ঘৰৰ অৱস্থা এয়া, মা জনীও অসুখীয়া, দেউতাই দিনটো কষ্ট কৰি যেনে তেনে ঘৰৰ খৰচবোৰ উলিয়াবলৈ যত্ন কৰি আছে আৰু তই ??

দিনৰ দিনটো ম'বাইল টিপি , সময় নষ্ট কৰি ঘূৰি ফুৰ। তই আচলতে কাক প্ৰতাৰণা কৰি আছ ? নিজক নে এই দুৰ্ভগীয়া মা-দেউতাক ? ব'ল তই মোৰ লগত তোক এফালে লৈ যাওঁ। ল'ৰাটোৱে সুধিলে ক'লৈ যাম ? বন্ধুজনে তাক সেই ফেক্টৰীটোলৈ লৈ গ'ল য'ত তাৰ সেই দুখীয়া দেউতাক জনে কাম কৰে। সি গৈ দেখিলে দেউতাকে তাত মজদুৰী কৰি আছে আৰু ঘাম-ধূলি-বালিৰে সৈতে অশেষ কষ্টৰ চিন তেখেতৰ শৰীৰটোত স্পষ্ট।


তাতেই থকা আন এজন মজদুৰক ল'ৰাটোৰ দেউতাকে বৰ দুখেৰে কৈ আছে " মোৰ পত্নী একেবাৰে অসুখীয়া, চিকিৎসা কৰিবলৈ হাতত টকা নাই। দিনে ৰাতিয়ে কষ্ট কৰি যি দুপইছা অৰ্জন কৰোঁ, ভাতসাজ গোটাওতেই শেষ হয়, চিকিৎসাৰ বাবে হাতত টকা নাবাচে। ইফালে ল'ৰাটোৰ স্কুলৰ মাচুল দিবলৈও আছে। এনেকৈ জীয়াই থকাতকৈটো মৃত্যুৱেই শ্ৰেয়। জীৱনটো দুখেৰে ভৰি পৰিছে , মই ভাগৰি গৈছোঁ ।


এতিয়া মোৰ ল'ৰাটোৱেই মোৰ শেষ আশা। চাবা, এথিন মোৰ ল'ৰাটো ইয়াতকৈও ডাঙৰ ফেক্টৰীৰ মালিক হ'ব। " এই সকলো ঘটনা ল'ৰাটো আৰু তেওঁৰ বন্ধুৱে একান্তমনে চাই আছিল। লগে লগে বন্ধুজনে ক'বলৈ ধৰিলে " চা তোৰ দেউতাই কেনেকৈ জীয়াই আছে আৰু তোক লৈ কিমান সপোন দেখিছে.. এবাৰ চা ভালকৈ।


ন্তু তই ভাবনে যে এনেকৈ অবাবত সময় নষ্ট কৰি ঘুৰি ফুৰি তই দেউতাৰ সপোন পূৰাব পাৰিবি ? এবাৰ দেউতাৰ জীৱনটো চা আৰু এবাৰ তোৰ নিজৰ জীৱনটো চা। তোৰ সেই ম'বাইলটো আৰু সেই ক্ষন্তেকৰ ফূৰ্তিৰ বাবে অহা ছোৱালীবোৰ তোৰ দেউতাৰ জীৱনটোতকৈও উৰ্ধত তোৰ বাবে ? ৱাহ বন্ধু ৱাহ !


এইবোৰ দেখি শুনি ল'ৰাটোৰ ধাৰাসাৰ চকুলো বৈ আহিল। আৰু নিজকে নিজে প্ৰতিজ্ঞা কৰিলে যিটো ফেক্টৰীত মোৰ দেউতাই ইমান কষ্ট কৰি কাম কৰে , অহা ৫ বছৰৰ ভিতৰত ইয়াতকৈও ডাঙৰ ফেক্টৰীৰ মই মালিক হৈ দেখুৱাম।


তাৰ অন্তৰাত্মাই চিঞৰি উঠিল যে "মই মালিক হ'ম, এটা বহুত ডাঙৰ কোম্পানীৰ মালিক হ'ম, কাৰো চাকৰ নহওঁ।" যেতিয়াই তাৰ এই উপলব্ধি হ'ল সি দিনে নিশাই পঢ়া শুনা কৰিবলৈ ধৰিলে নিজৰ লক্ষ্যটোত উপনীত হ'বৰ বাবে। সি বাৰে বাৰে নিজক ক'লে যে মই মালিক হ'ম আৰু তাৰ কাৰণে মই মাত্ৰ পঢ়িব লাগিব। মই পঢ়িম । এই পৃথিৱীত একো শক্তিয়ে মোক ৰখাব নোৱাৰে। আৰু সেই উৎসাহত সি মাত্ৰ শেষৰ এমাহ পঢ়িয়ে গোটেই ৰাজ্যৰ ভিতৰত শীৰ্ষ স্থান দখল কৰিলে। সকলো আচৰিত হ'ল ।


কোনেও বিশ্বাসেই কৰিব পৰা নাছিল যে এইটো কেনেকৈ সম্ভৱ। যেতিয়া পিছত ইন্টাৰভিউত তাক সুধা হৈছিল যে এনে অসাধ্য সাধন কেনেকৈ হ'ল , সি মাত্ৰ ক'লে " মোক জীৱনত একো নালাগে , মই মাত্ৰ মোৰ দেউতাৰ সপোন পূৰাব বিচাৰিছোঁ। মোৰ দেউতাৰ সপোন যে মই তেওঁ কাম কৰা ফেক্টৰীটোতকৈও ডাঙৰ ফেক্টৰীৰ মালিক হ'ম আৰু এই সপোন আগত ৰাখি পঢ়াৰ বাবেই মই শীৰ্ষ স্থান অধিকাৰ কৰিলোঁ।"


বন্ধুসকল কাহিনীটোৰ প্ৰথমখিনিৰ সৈতে হয়তু আপুনিও নিজৰ জীৱনৰ মিল দেখা পাব পাৰে। ভাৰতৰ বেছিসংখ্যক পৰিয়ালেই মধ্যবিত্ত বা নিম্নমধ্যবিত্ত শ্ৰেণীৰ। সকলো মাক দেউতাকে যথেষ্ট সংগ্ৰাম কৰে নিজৰ সন্তানক শিক্ষিত কৰি তুলিবলৈ। এই কাহিনীটোত ল'ৰাজনে বাস্তৱক মানি লৈছে আৰু নিজৰ পৰিস্থিতি সলনি কৰিলে। কিন্তু আপুনি এনে কৰিব পাৰেনে ? আপুনি আপোনাৰ বাস্তৱক মানি লয়নে 


আপুনি কি কৰিব লাগে আৰু আপুনি কি কৰি আছে সেইখিনি চাবলৈ ,বুজিবলৈ আপুনি চেষ্টা কৰেনে ? কি নিশ্চয়তা আছে যে আপুনিও এই কাহিনীৰ ল'ৰাজনৰ দৰেই জেদী মনোভাৱেৰে আপোনাৰ মা-দেউতাৰ সপোন পূৰ কৰিব ? নিশ্চয়তা আছে, যেতিয়া আপোনাৰো অন্তৰৰ পৰা এই ভাব আহিব যে মই পঢ়িব লাগে আৰু আমাৰ এই বেয়া সময় বা পৰিস্থিতি খিনি উন্নত কৰি তুলিব লাগে।


আপুনি আপোনাৰ মা-দেউতাৰ প্ৰতিটো সপোন পূৰাব পাৰিব, প্ৰতিটো পৰিস্থিতি আপুনি বহুত উন্নত কৰিব পাৰিব, মাত্ৰ আপোনাৰ ভিতৰৰ পৰা, অন্তৰৰ পৰা সেইখিনি কৰাৰ হেপাঁহ আৰু জেদ ভাৱটো আহিব লাগিব। অন্তৰাত্মাই চিঞৰি মনত পেলাই দিব লাগিব।


বন্ধুসকল অজুহাত দেখুৱাই একো লাভ নহয়। কাপুৰুষেহে অজুহাত দিয়ে। এলাহ লাগিছে, মন যোৱা নাই, অংক টান, বিজ্ঞান টান এইবোৰ মাত্ৰ ভাবি লোৱা কথা। আচলতে একোৱেই টান নহয়। যাওক টপাৰ এজনক সোধক যে তেওঁৰ কি বিষয় টান লাগে । উত্তৰ এটাই পাব, নিয়মিত পঢ়া মানুহৰ কাৰণে একোৱেই টান নহয়।


জীৱনৰো এইটোৱেই নিয়ম। যি সঁচাকৈয়ে কৰিব বিচাৰিব সি যেনেকৈ হ'লেও কৰিব। কিন্তু যাৰ কৰিবলৈ মন নাথাকে সি অকণমান সমস্যাতেই ৰৈ যাব। অজুহাত, এলাহ , ভাগৰৰ অন্ত নাথাকে। আৰু সফলতাও কেতিয়াও নাপায়।


যদি এই কাহিনীটো ভাল লাগে তেনেহলে আমাৰ ফেচবুক পেজখন ফলো কৰিব দিব...
https://www.facebook.com/jibonorshongram

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !