আমি যে সামান্য ক্ষণৰ পথিক

0

কবিতাৰ শিৰোনামঃ আমি যে সামান্য ক্ষণৰ পথিক


ভাৱিছানে কেতিয়াবা নিজান ক্ষণত ?
জ্যোতি-এন্ধাৰৰ এই মায়াৱী ধৰণীত
আমি যে সামান্য ক্ষণৰ পথিক
সিদিনা আহিলোঁ এমোকোৰা ক্ৰন্দন লৈ
আই-পিতাই স্বজনৰ মুখৰ হাঁহি বিৰিঙাই

আৰু যে যাম গৈ আনক কন্দুৱাই
কোন দিনা আহে কালৈ বাৰ্তা
কোনেনো জানে,  কিমান দিনৰ অতিথি তেওঁ ?
আছে জানো ইয়াৰ পৰিসীমা নিৰ্ধাৰণ ?

দুদিনীয়া সময়ৰ বাবে কিয়নো কৰোঁ ?
মিছা অহংকাৰ মাটিৰ দেহটোক লৈ
যাবতো লাগিব শুদা হাতেৰে
সকলো ধন-সোণ এৰি ইয়াতেই থৈ

এই পথেৰে কিমানজন আহিল, কিমানো গ'ল 
আছে জানো সময়ৰ বহীৰ লেখা !
মাথোঁ ক্ষমতাৰ ৰাগীত মাতাল হৈ
পাহৰি যায় চিতা-কবৰৰ কথা

দুদিনীয়া জীৱনত ধৰ্ম জাতপাত পাহৰি 
থাকোঁচোন সকলোৱে মিলিজুলি
ইয়ে হওক মানৱ জনমৰ সাৰ্থকতা
শান্তিৰ ধৰণীত সমন্বয়ৰ আলয়।

------✍️বুলু শইকীয়া, যোৰহাট 



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ আমি যে সামান্য ক্ষণৰ পথিক কবিতা যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু কবিতা সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

যদি আপোনালোকৰ কবিতা সমূহ আমাৰ Website ত প্রকাশ কৰি বিচাৰে তেনেহলে আমাক Email কৰিব পাৰে।

sofiqulalom898@gmail.com

বিঃদ্রিঃ কবিৰ নাম উল্লেখ নকৰাকৈ কপি-পেষ্টৰ পৰা বিৰত থাকে যেন।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !