প্রেমৰ সপোন | প্রেমৰ অনুভৱ

1







প্ৰেমৰ এটি অনুভৱ


কিমান আৱেগ থাকিলে
লিখিব পাৰে এটি প্ৰেমৰ কবিতা।
কিমান মৰম থাকিলে
মানুহে ক'ব পাৰে
তোমাৰ অবিহনে মই এখন্তেকো স্হিৰে থাকিব নোৱাৰোঁ।
কিমান সপোন থাকিলে
ক'ব পাৰে তুমিয়েই মোৰ
সমস্ত ভালপোৱাৰ এমোকুৰা আশা।
তাৰ পিছত যদি আপোন জনে
আপোনজনৰ মনৰ কথা বুজি নাপাই
তেন্তে ভাবকচোন
সেই প্ৰেমৰ অসহনীয় যন্ত্ৰণা কিমান।
প্ৰেম বজাৰৰ সামগ্ৰী নহয়
আজি বোলে পুৰণা হৈছে মনগ'ল
নতুন কৰি লওঁ।
জুখত ক'ম হৈছে তুলাচনীত জুখি লওঁ,,,প্ৰেম যে
আকাশৰ দৰে অন্তহীন
সাগৰৰ দৰে গভীৰ
পুৱাৰ দৰে সুকোমল।।

যদি সুখী অনুভৱ নকৰে
তেন্তে আৰম্ভণিতে আপুনি
সেই প্ৰেমৰ সম্পৰ্ক বৰ্জন কৰক
যিমানে উষ্ণতা বৃদ্ধি হ'ব
সিমানে মৰমৰ উত্তাপ বাঢ়ি যাব।
শেষত গৈ কাৰোবাৰ হিয়াই উচুপি কান্দিব
কোনোবাই সুখৰ হুমুনিয়াহ কাঢ়িব।
সেইয়েহে, যদি এক হোৱাৰ মন থাকে
পুলিটো সৰু হৈ থাকোতেই
সাৰ-পানী দি জীপাল কৰক
তেতিয়াহে সৃষ্টি হ'ব নতুন পোশা।
যদি বিশ্বাস কৰিব নোৱাৰে
অবিস্বাস কৰিবলৈও এৰক
যদি নিজৰ কৰিব নোৱাৰে
তেন্তে মৰম দিবলৈও এৰক।
আৰু যদি আশা হ'ব নোৱাৰে
তেতিয়াহলে সপোন দেখিবলৈও
আপোনাৰ জাঁলত নেপেলাব।
এটুপাল চকুলোৰ মূল্যক
সঁচা মৰমৰ হাহাকাৰত
এখনি নৈ হ'বলৈ নিদিব।
জীৱন্ত এটি সুৰ হৈ
হৃদয়ৰ ন্যস্ত কোনত
থিতাপি লওঁক
অনেক প্ৰেমৰ কবিতা
অনেক প্ৰেমৰ কাহিনী
অনেক সপোন বকুৰ মাজত
চিৰদিনৰ বাবে বান্ধ খায় থাকিব।।

         ✍️জিন্টু মনি বৰা।


এমুঠি প্ৰেমৰ কবিতা

তুমি অহা বাবে 
ফাগুণ ৰঙা কলিজাত মোৰ বাজি উঠে
সুৰভী সনা সুৰৰ মূৰ্চ্ছনা 

তুমি আহিলে
পৰাণ জুৰি চুই যায়
ভালপোৱাৰ আৱহ হাৱাই
মোৰ হিয়া

তুমি মোৰ হৃদয়ৰ এমুঠি জীয়া কবিতা
য'ত শব্দৰ সমদলে ৰজনজনাই দি যায় তোমাৰ আকুল মনৰ বতৰা

তুমি মোৰ বুকুতে জুৰ দি যোৱা
এচাটি ফাগুনৰ পছোৱা

তুমি আহিবা বুলি মই ৰৈ আছোঁ
পলাশ ৰঙীণ সপোন ৰচি
আশাৰ পদূলীত প্ৰেমৰ দলিচা পাৰি

✍️ Balen medhi



এটি প্ৰেমৰ কবিতা তোমাৰ নামত 

চকুকেইটা মুদিলেই সপোন
 বোৰে আগুচি ধৰে ।

মই বিচনাৰ পৰা নামি আহোঁ 
চকুকেইটা মোহাৰি ।

ওচৰতে জ্বলি থকা দিম লাইটটোৰ
  জান-নেজান পোহৰত  
মই তোমাৰ নামৰ এটি প্ৰেমৰ 
কবিতা লিখিবলৈ বহিলোঁ ।

ভাবি পোৱা নাই কথাবোৰ 
কৰ পৰা আৰম্ভ কৰোঁ।

তোমাৰ লগত চিনাকি হোৱা 
সেই ধুনীয়া দিনটোৰ পৰা নে ?
নে বাৰু স্তব্ধ হৈ যোৱা মোৰ 
 আধা দেখা সপোন বোৰৰ
 অবসান হোৱাৰ পৰা ।

তোমাৰ পৰশ পাই যেন 
জী উঠিছিল মোৰ উৱঁলি 
যোৱা সপোন বোৰ ।

কোনো চিনাকি নদীৰ ঘাটত
 তোমাৰ কান্ধত মূৰ থৈ 
শুনা নাই প্ৰেমৰ গীত ।

কোনোদিন প্ৰেমৰ বৰষুণত
 তিতা নাই তোমাৰ সতে 
মুকলি আকাশৰ তলত ।

আঙুলিৰ ফাঁকত আঙুলি 
সুমুৱাই কোনোদিন খোজ 
কঢ়া নাই তোমাৰ খোজত
 খোজ মিলাই ।

কেঞা আঙুলিয়ে কেঞা আঙুলিত
 স্পৰ্শ নকৰাকৈয়ে তোমাৰ মৰমে
 স্পৰ্শ কৰিলে মোৰ কলিজাৰ 
 ৰঙা তেজত !!

মই স্মৃতিৰ ডায়েৰী খন লুটিয়াই চালোঁ ,,,,,

প্ৰতিখন বগা কাগজত তোমাৰ
 অনুপস্থিতিটো বাগৰি পৰিছে
 তোমাৰ উপস্থিতিৰ টোপাল  ।

মই ক'ব নোৱাৰাকৈয়েই আঁকিলোঁ।       নোচোৱাকৈয়েই তোমাৰ ছবি 
মোৰ প্ৰেমৰ ডায়েৰীৰ
 প্ৰতিখন খালী পাতত !!

✍️ শ্যামলীমা খাউণ্ড শৰ্মা
        ৩০/৬/২০২১


প্রেমৰ মিঠা অনুভৱ


প্ৰেমৰ শেষ বিবাহ নহব‌ও পাৰে
কেতিয়াবা প্ৰেমৰ শেষ ত্যাগ হ'ব পাৰে
 
কি কৰিবা ,উপায়হীন এই  প্ৰেমৰ যাত্ৰা
 সমাজৰ নীতি নিয়মৰ বান্ধোনত
প্ৰেম ভালপোৱা ধূলি কণাৰ দৰে
উৰি উৰি ক'ত নাইকিয়া হৈ যায়
কোনেও অনুভৱ কৰিব নোৱাৰে

সমাজৰ ৰঙত বিলীন হৈ গ'ল
ভালপোৱাৰ প্ৰতিটো প্ৰতুশ্ৰুতি 
তুমিও নিজৰ কৰিম বুলি থমকি ৰ'লা
তাইয়ো থমকি গ'ল তোমাৰ মৰমত

কেনেকুৱা এই আচৰিত ভালপোৱা
তুমি  আপোন জনীক নিজৰো‌ কৰিব নোৱাৰা
তাইক আনৰ হোৱাটো সহ্য কৰিব নোৱাৰা 
কষ্টৰ মাজত জীয়াই ৰাখিছা সপোন 

প্ৰেমে নামানে কোনো‌ বাধা 
নাই নাই একেবাৰে মিছা
সমাজৰ আগত ব্যৰ্থ এই প্ৰেম কাহিনী 

আহা হৃদয়ত যন্ত্ৰণা দূৰ কৰি লিখি দিও
প্ৰেমৰ এক নতুন অধ্যায় যিয়ে ৰচনা কৰিব
প্ৰেমৰ অন্তিম ঠিকনা ত্যাগ ।।।

✍️  জেবিন চুলতানা।


আকাশৰ বুকুত এজাক প্ৰেমৰ জোনাক

আজি এটা প্ৰেমৰ কবিতা লিখিম
আকাশক ভাল পোৱা
সেই জোনাকৰ নামত।
তুমি কি বেয়া পাবা নেকি?
ঐ চন্দ্ৰমা,,,
পাৰা যদি কোচ ভৰাই মোকো অলপ জোনাক দিয়ানা,,,,
মনৰ হেঁপাহেৰে 
সিঁচি দিম
তোমাক ভাল পোৱা হৃদয়ৰ ভাষাবোৰ,        
আকাশৰ বুকুত।।
ঐ চন্দ্ৰমা,,,
তোমাৰ বাৰু মনত আছে নে?
সেইযে তুমি ভাল পোৱা আকাশখন
ময়ো ভাল পাইছিলো,
তুমি ভাল পোৱা নৈ খনযে
ময়ো ভাল পাইছিলো।
মনত আছেনে আৰু জোনাকেৰে উপচি পৰা 
শৰতৰ সেই মায়াসনা সন্ধিয়াটিৰ কথা,,,
নিবিড়ভাবে নৈখনৰ পাৰত বহি
দুবাহুৰ উমলৈ দেখিছিলা 
তুমি,,,,,,!
বহুত সপোন আকাশৰ বুকুত।
তুমি যে কৈছিলা ,
নৈখনৰ গভীৰতালৈ চাই
মই হেনো
নিৰবধি হৈ বৈ আছোঁ 
হৃদয়ৰ পৰা হৃদয়লৈ
তোমাৰ বুকুত এই নৈখনৰ দৰেই।
মই কৈছিলো,
জোনাক ভৰা আকাশখনলৈ চোৱাচোন,,
কি দেখিছা,,,
তুমি দুচকুত দুচকু থৈ কৈছিলা
আকাশৰ বুকুত এজাক প্ৰেমৰ জোনাকে উপচি পৰিছে ,,,
এইযে জোনাকবোৰ তুমি
আৰু আকাশখন হেনো মই।
মই সেই আকাশৰ বুকুত সদায় এজাক জোনাক হ'ব বিচাৰোঁ।
আকাশক ভাল পোৱা 
এজাক প্ৰেমৰ জোনাক হৈ
থাকিব বিচাৰোঁ,
মাথোঁ এজাক প্ৰেমৰ জোনাক হৈ
থাকিব বিচাৰোঁ।।

✍️ৰাতুল দাস( নগাঁও)      
                                 ০৭/১১/২০২২


একপক্ষীয় প্ৰেমৰ চিঠি

ঠিকনাবিহীন প্ৰেমৰ চিঠি 

আপোনাৰ সতে মুখামুখি
 হ'লেই
সাৰ পাই এক নিৰ্বাক সপোন
ভাঁহি আহে  আত্মীয়তাৰ আস্বাদন..
প্ৰতিবেদন :ভাললগাৰ পৰা ভালপোৱালৈ
চাৰিটি বছৰৰ অনুবাদ শীৰ্ষক.. 

আপুনি সূৰুযৰ দৰেই
পৰিভ্ৰমী অথচ  স্থিতপ্ৰজ্ঞ
দুচকুত গভীৰ প্ৰত্যাশা
সততা আৰু সত্যতাৰ

বিস্তীৰ্ণ লুইতৰ বক্ষ বিদাৰি
হৃদয়ত এতিয়া নিগাজী সুৰ
আবেদন মাঁথো আপোনাৰ হৃদয়লৈ
অনুগ্ৰহ কৰি কৰ্তন নকৰিব
একপক্ষীয় প্ৰেমৰ স্বভাৱগত 
দোষবোৰ
সৰলতাৰে স্বীকাৰ কৰিব 

নিৰৱ নিশাৰ নৈশব্দতাত
জোনাক জোনাক লগা ভালপোৱাবোৰে
এখনি পাহাৰ সাঁজিব খুজিছোঁ আজি
মোৰ প্ৰেমৰ উপত্যকাত
সময় পালে দিব ডাঁৱৰৰ বতৰা
জীপাল হ'বলৈ কল্পনাৰ আখৰা..
                           ইতি

   আপোনাৰ সপোন দেখি 
   ভালপোৱা ছোৱালীজনী.....

✍️ উদ্দীপজ্যোতি গগৈ


নষ্ট প্ৰেমিকৰ ভ্ৰষ্ট চিঠি

আকৌ এপলক তোক চাব বিচাৰোঁ
ৰৈ যোৱা কথা বোৰ 
আকৌ তোক ক'ব বিচাৰোঁ,
আধৰুৱা গল্পৰ পূৰ্ণতা দিব বিচাৰোঁ,
তোৰ অভিমানৰ দুৱাৰ খুলি
তোৰ বুকুত প্ৰেমৰ ফুল 
আকৌ মই ফুলাব বিচাৰোঁ।

কিন্তু এয়া জানো সম্ভৱ !
তই এতিয়া অচিন ঘৰৰ
অচিন বাগিচাৰ কুমলীয়া ফুল,
মোৰ বাগিচাত এতিয়া আৰু নুফুলে
ৰক্ত কৰৱী অথবা বকুল,
শুকাই গৈছে মোৰ ধূসৰিত জীৱনৰ
প্ৰেম নামৰ ঠাৰি,
নিপিন্ধে এতিয়া মোৰ বাগিচাই
সুবাসনা গোলাপৰ ৰঙীন শাৰী।

তোৰ দেহটোক মোৰ পৰা আঁতৰাই নিছা
কিন্তু নিব পৰা নাই...
তোৰ প্ৰতি থকা মোৰ নিবিড় প্ৰেম
আৰু সীমাহীন মৰম।

 নগ্ন নিশাৰ কলা চাদৰৰ আঁৰত
ভগ্ন হৃদয়ৰ ৰুদ্ধ কুঠুৰীত
আজিও বাজি উঠে 
আধৰুৱা প্ৰেমৰ ধূসৰিত স্মৃতি,
আজিও সেমেকি উঠে 
মোৰ ৰক্তাক্ত দুচকু আৰু
নৈৰ দৰে বৈ যায়  এটি এটি টোপাল।

তই জানো বুজি পাবি !
এই উদং বুকুৰ হিয়া ভগা আৰ্তনাদ,
বাকৰুদ্ধ হৃদয়ৰ অতৃপ্ত নিনাদ,
তই জানো বুজি পাবি !

মই জানো,
বুজাৰ ক্ষমতা তোৰ নাই
সেয়ে...
কবিতাৰ দলিছাত মই
তোৰ অনুভৱৰ ছবি বিচাৰি ল'ম
একপক্ষীয় প্ৰেমিক হৈ 
তোৰ মাজতেই চিৰ দিন জিলিকি ৰ'ম ।

আজি তোৰ বাবেই মই কবি
আৰু মোৰ বাবে তই 
এটি অপূর্ণাঙ্গ কবিতা।

✍️আজিজুৰ ৰহমান।


প্রেমৰ আৰাম্ভণি

মই.. নিতৌ ৮ বজাত কলেজলৈ
যোৱা ল'ৰা জন..
যেতিয়া ৭ বজাতে কলেজলৈ
গৈ ৰৈ থাকো..
মাত্ৰ তোমাৰ বাবে..
এক বুজাব নোৱাৰা অনুভৱ..
নাজানো কিয়?
আৰু কিহৰ বাবে?

টিউচনৰ শেষত 
তোমাৰ হোষ্টেলৰ ওচৰত
তোমাৰ বাবে ৰৈ থকা ...
সেই সময়ক
কেনেকৈ কম..
এয়া কিহৰ আৰম্ভণি?

কেতিয়াও লিখি নোপোৱা
প্ৰেমৰ কবিতা
আজি পঢ়া টেবুলত কিয়?
তাকো তোমাৰ বাবে..
কʼৰ পৰা আহিল?
এই প্ৰেমৰ কবিতা..
হাতৰ লিখনিয়েও এতিয়া
প্ৰেমৰ ৰূপ লৈছে..

নাজানো..ইমান পৰিবৰ্তন
কʼৰ পৰা হ'ল?
আৰু কেনেকৈ?

এয়াই কি..
প্ৰেমৰ আৰম্ভণি ??


প্ৰেমৰ আৰম্ভণি আৰু শেষ

এটি ধুনীয়া সম্পৰ্ক...😊
প্ৰথমে বহুত মৰম... 
বহুত"" inportnt"" 🌚
দিন ৰাতি "call " msg "
    এৰি থাকিব নোৱাৰা নাটক 🥺 
লাহে লাহে সকলো কমি আহে..
__Ignor"" আৰম্ভ হৈ যায় 😥 
পিছত হব দিয়া এতিয়া 
পাছত কথা পাতিম 🤨
তাৰ পাছত তুমি মোতকৈ বহুত ভাল 
মোতকৈ বহুত ভাল পাবা 
তুমি মোৰ লগত থাকিলে ধ্বংস হব 🙂
 ইত্যাদি ইত্যাদি.....
আৰু শেষত আপুনি যিটো
 নম্বৰলৈ call কৰিছে 
তেওঁ অন্য এটা call ত ব্যস্ত আছে 😌
আৰু এনেকৈ এখন ধুনীয়া নাটকৰ
অভিনয় শেষ হৈ যায় 😂
   আৰু আপুনি দুখৰ নৈত উটি ভাঁহি ফুৰিব
তেওঁ অন্য এখন নাটকত অভিনয় কৰি থাকিব 😒🙄



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ প্রেমৰ সপোনৰ কবিতা যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু কবিতা সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

1Comments
Post a Comment

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !