মৰম আৰু ভালপোৱা

0

মৰম আৰু ভালপোৱা

কিমান ভালপোৱা তুমি মোক
নাজানো;
কিমান বুজি পোৱা মোক, তাকো মই
নাজানো...
মাথোঁ জানো,

তোমাৰ বুকুত গোট মাৰি থকা অভিমানবোৰ
মোৰ ভালপোৱাৰ সুৰভিৰে গলাব পাৰোঁ৷
ব্যস্ততাৰ গচকনিত শুকাই যোৱা মৰমৰ নৈখন.....
ভালপোৱাৰ সুৰভিৰে জীপাল কৰিব পাৰোঁ..
তুমি নোকোৱাকৈয়ে,

তোমাৰ হৃদয়ত উকমুকাই থকা 
অস্ফুট বিবৰ্ণ শব্দবোৰো বুজিব পাৰোঁ;
ক্লান্ত দেহৰ শিৰে শিৰে বৈ থকা 
সীমাহীন ভাগৰবোৰ মোৰ
আঁচলেৰে মচিব পাৰো...

মোৰ আশা আৰু হেঁপাহবোৰ তোমাৰ
উমাল মৰম আৰু আদৰেৰে আকলুৱা
চিৰদিন নিৰবধি ৰূপোৱালী নৈৰ দৰে
বৈ ৰওক তোমাৰ আৰু মোৰ ভালপোৱা...

✍️Jona Devi



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ মৰম আৰু ভালপোৱা যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু মৰম আৰু ভালপোৱা কবিতা সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !