আহক আমি আমাৰ বন্ধু, বান্ধৱী, ভাই, ভন্টি, দাদা, মামা, মা, দেউতা, লগত ৰঙালী বিহুৰ শুভেচ্ছা বাণী, বা বহাগ বিহুৰ শুভেচ্ছা বাণী, বার্তা, Wishes, Quotes, SMS, Share কৰোঁ।
![]() |
ৰঙালী বিহুৰ শুভেচ্ছা বাণী | Bohag Bihu Wishes In Assamese
আহক আমি সকলোৱে নিজৰ পদূলিত
এখনি ঘৰতে বোৱা গামোচা আঁৰি এইবাৰ
হেঁপাহৰ ৰঙালীক আদৰো।
বহাগ নহয় এটি মাহ,
বহাগ নহয় এটি ৰৃতু,
বহাগ এটি প্রতিশ্রুতি...
প্রতিশ্রুতি মৰমৰ।
প্রতিশ্রুতি আৱেগৰ।
প্রতিশ্রুতি সেউজৰ।
প্রতিশ্রুতি অসমীয়াৰ।
আপুৰুগীয়া সংস্কৃতিৰ।
নৱবৰ্ষৰ প্ৰতিটো পলে কঢ়িয়াই আনক
সুখ-সমৃদ্ধি আৰু আশাৰ বতৰা,
লগতে আগন্তুক দিনবোৰ হৈ পৰক ৰঙালীৰ দৰেই ৰঙীণ
আৰু সুখ শান্তিৰে ভৰপুৰ ৷
ৰঙালীৰ ৰঙেৰে ভৰি পৰক দেহা, মন, পৰিৱেশ।
তাকেই আন্তৰিকতাৰে কামনা কৰিলোঁ।
Happy Bohag Bihu Wishes In Assamese
আপোনাৰ লগতে পৰিয়ালৰ সকলোলৈ
ৰঙালী বিহুৰ সিয়াভৰা ওলগ তথা অসমীয়া
নৱবর্ষৰ শুভকামনা যাচিলোঁ।
ব'হাগে কঢ়িয়াই আনক সাহস আৰু সৃষ্টিৰ আন্তহীন প্রেৰণা।
ঢোল, পেঁপা গগণাৰ মাত।
আকৌ ৰঙালী বিহু লাগিল গাত।
বিহুতলীলৈ যাম, ঢোলকি কান্ধত লৈ,
তুমিও আহিবানে বিহুৱানখনি হাততে লৈ।
প্রতিপাহি কপৌফুলৰ সুগন্ধিয়ে প্রেম,
প্রতিজনী কুলিৰ মাতে আনন্দ। প্রতি টোপাল বৰষুণে আশা,
প্রতি জাক বতাহে মুখৰ বতৰা কঢ়িয়াই আনি আপোনাৰ
লগতে আপোনাৰ পৰিয়াললৈ আনক ৰঙালীৰ ৰংৰ এসাগৰ সপোন।
তাৰে কামনাৰে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।
সকলোকে হেপাঁহৰ ৰঙালী বিহুৰ
হিয়াভৰা শুভেচ্ছা জনালো।
সমুহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক
শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
অসমীয়া বাপতি সাহোন ৰঙালী বিহুত তোমাক আৰু
তোমাৰ পৰিয়ালৰ সকলোকে শুভকামনা জনাইছো।
লগতে নতুন অসমীয়া বছৰটো যাতে সুখ শান্তিৰে
পাৰ হয় তাৰ কামনা কৰিলো।
নতুন সূর্য, নতুন প্রান। নতুন সুৰ,
নতুন গান। নতুন পোহৰ, নতুন প্ৰভাত।
নতুন বছৰ হওক ভাল। শেষ হওঁক বিষাদ,
শুভ হওক নৱবর্ষ। সকলোকে নববর্ষৰ শুভেচ্ছা জনালো।
এই নৱবৰ্ষ যাতে সকলোৰে বাবে হয় সুখ শান্তিৰে বঢ়ি পৰক,
তাৰেই কামনাৰে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।
সকলোকে অসমীয়া নৱবৰ্ষ
আৰু ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিলো।
ৰঙালীৰ ৰঙেৰে ভৰি পৰক দেহা-মন,
আগন্তুক দিনবোৰ হৈ পৰক ৰঙালীৰ দৰেই ৰঙীণ
আৰু সুখ শান্তিৰে পৰিপূৰ্ণ,
তাৰেই আন্তৰিক কামনাৰে সকলোকে
ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।
ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ হলিৰ শুভেচ্ছা বাণী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।
আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক
অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়,
সেই বাবে আৰু এনেকুৱা ধৰণৰ পোষ্ট সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।
Post a Comment