হোলিৰ শুভেচ্ছা বাণী | Happy Holi Wishes In Assamese | Images, PDF, Quotes, Status

0

বন্ধু বান্ধৱী সকল আপোনালোকে হোলিৰ শুভেচ্ছা বাণী বা mages, PDF, Quotes, Status বিচাৰি আছে নেকি...?  তেনেহলে আপুনি সঠিক জাঘাত আহিছে, আজি আমি কেইটামান হোলিৰ শুভেচ্ছা বাণী বা Happy Holi Wishes লগতে Images, PDF, Quotes, Status দিম আশা কৰোঁ এই হোলিৰ শুভেচ্ছা বার্তা  সমূহ আপোনালোকৰ ভাল লাগিব।

হলিৰ শুভেচ্ছা বাণী

হোলিৰ শুভেচ্ছা বাণী | Happy Holi Wishes In Assamese

আজি খেলে হোলি ৰঙে বৃন্দাৱনে,
গোপা-গোপা সৰে নাচে
ফাকুৰ আনন্দে।
"হলিৰ শুভেচ্ছা জনালোঁ"



এই হোলিত যেন আপোনাৰ
জীৱনত সুখ-সান্তি কঢ়িয়াই আনে
তাৰে কামনা কৰিলোঁ।
ফাকুৱাৰ শুভেচ্ছা



সকলোকে ৰঙৰ উৎসৱ
আন্তৰিক অভিনন্দন আৰু বহুত
শুভেচ্ছা জনালোঁ।



ৰংঙৰ উতসৱ হোলিৰ শুভেচ্ছা জনালোঁ,
সকলো বন্ধু-বান্ধৱীক
সকলোৰে মনবোৰ হোলিৰ ৰংৰ দৰে ৰঙীন হৈ পৰক
তাকে কামনা কৰিলো...।
ফাকুৱাৰ শুভেচ্ছা



হলিৰ শুভেচ্ছা বাণী



ফাকুৱা হোলিৰ শুভেচ্ছা জানালো
সকলো বন্ধু-বান্ধিবিলৈ, সকলোৰে জীৱন ৰঙেৰে ৰঙীণ হওক
সেয়াই আশা কৰিছোঁ।
ফাকুৱাৰ শুভেচ্ছা



আগন্তুক দিনবোৰ সকলোৰ বাবে
ফাকুৱাৰ ৰঙৰ দৰে সুখৰ আৰু ৰঙীন হওক।
"Happy Holi"



ৰঙৰে জুই জলিল আজি পলাশৰ গালতে
আজি হোলি |সকলোলৈ হোলিৰ শুভেচ্ছা
জ্ঞাপন কৰিলো।
হলিৰ শুভেচ্ছা



সকলোলৈকে  হোলিৰ শুভেচ্ছা।
আপোনালোকৰ জীৱনৰ প্ৰতিতো মূহুৰ্ত
এই ৰং বোৰৰ দৰে ৰঙীণ হৈ পৰক।
"Happy Holi"



হলিৰ শুভেচ্ছা বাণী



সকলোকে আমাৰ Website ৰ তৰফৰ পৰা
হোলিৰ শুভেচ্ছা জনালোঁ।
হোলিৰ শুভেচ্ছা



আশা কৰোঁ হোলিৰ ৰঙৰ দৰে ৰঙীন হওঁক সকলোৰে জীৱন 
ৰঙৰ দিৱসৰ শুভেচ্ছা থাকিল।
"Happy Holi"



সকলোলৈকে ৰঙৰ উৎসৱ হ'লিৰ শুভেচ্ছা থাকিল।
সকলোৰে জীৱনৰ পৰা বেয়াবোৰ নাশ হৈ
জীৱনবোৰ ৰঙীন হৈ পৰক।
হোলিৰ শুভেচ্ছা



হলিৰ শুভেচ্ছা বাণী



সমূহ অসমবাসী ৰাইজক
ৰঙৰ উৎসৱ হোলিৰ শুভেচ্ছা জনালোঁ।
"Happy Holi"



সকলো বন্ধু বান্ধৱী লৈ আগতীয়া কৈ
হোলিৰ শুভেচ্ছা বার্তা জনালোঁ।
হোলিৰ শুভেচ্ছা



বন্ধু বান্ধৱী সকল ৰঙৰ উৎসৱ হলিত আমাৰ মন যায় কাৰোবাক হলিৰ কবিতা এটা পঠাবলৈ।  সেই বাবে এটা ভাল  হোলিৰ কবিতা আপোনালোকৰ বাবে আগবঢ়ালো আশা কৰোঁ আপোনালোকৰ ভাল লাগিব।

হোলিৰ কবিতা

তেওঁ আজি মেচেজ কৰিছিল
"""""""""""""""""""""""""""""""""""""""""""""
যদিওঁ বেপেৰুৱাকৈ মেচেজ এটা আহিলে
বা ফোন এটা আহিলেই মবাইলটো খুঁচৰি চাওঁ
তেওঁৰেই ফোন নেকি মেচেজ নেকি বুলি
অথচ আশা কোনোদিনেই কৰা নাছিলো

কিন্তু মেচেজ এটা আহিল
অলপ আগলৈকে যিবোৰ ফাকু গুৰি আছিল
এতিয়া সেইবোৰ ৰঙ হ'ল
ৰঙা নীলা সেউজীয়া উলাহ

মেচেজবোৰ আচলতে কেইটামান শব্দৰ সমষ্টি নহয়
কেতিয়াবা প্ৰাৰ্থনা
কেতিয়াবা দোৱা
হৃদয়ৰ নিভৃত কোণৰ আন্তৰিক ব্যঞ্জনা

হলিৰ ওলগ জনালোঁ
এই তিনিটা শব্দই যেন মোৰ তিনিখন পৃথিৱী
আকাশৰ পৰা বুটলি অনা তিনিটা তৰা
হৃদয়ৰ তিনিটা কেঁচা টুকুৰা

আৰু উলাহত বুৰ গ'ল মোৰ পৃথিৱী
সেউজবুলীয়া নিচাত মাতাল হ'ল পৃথিৱী
জোনাক বুটলা ৰাতিৰ স্বপ্ন বুটলাত ব্যস্ত হ'ল পৃথিৱী

এতিয়াহে ফাগুন
আকাশ ভৰাই ফুলি উঠিছে পলাশ শিমলু
সদ্যস্নাতা সপোনৰ নান্দনিক স্বৰূপ
তেওঁ কুশলে আছে
তেওঁৰ বুকুৰ উমানন্দত ময়ো কুশলে আছো

আজি তেওঁ মেচেজ কৰিছিল
ধুবুনী ঘাটত লক্ষীন্দাৰ পুনৰ জী উঠিছিল
ফাকুৰ ৰঙতকৈয়ো ৰঙীন আছিল সেই তিনিটা শব্দ
যিয়ে ক্ষন্তেকৰ বাবে মোক জীয়াই তুলিছিল

মোক এগৰাহ উশাহ দি তেওঁ গুছি গৈছিল
আৰু বুকুত বাজি আছে এতিয়া জীৱনৰ সুৰ

অভিনৱ অনুৰাগ



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ হলিৰ শুভেচ্ছা বাণী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু এনেকুৱা ধৰণৰ পোষ্ট সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !