স্বাধীনতা দিৱসৰ শুভেচ্ছা বাণী | Happy Independence Day Wishes, Quotes, Status, SMS In Assamese

0
স্বাধীনতা দিৱসৰ শুভেচ্ছা

স্বাধীনতা দিৱসৰ শুভেচ্ছা বাণী | Happy Independence Day Wishes, Quotes, Status, SMS In Assamese 


সমুহ ভাৰতবাসী ৰাইজলৈ
স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা ও
অভিনন্দন জ্ঞাপন কৰিলো।






স্বাধীনতা দিৱসৰ শুভেচ্ছা বাণী


সকলোলৈকে স্বাধীনতা দিৱসৰ
আন্তৰিক শুভেচ্ছা জনালো।








সদৌটিলৈ স্বাধীনতা দিৱসৰ
শুভেচ্ছা জ্ঞাপন কৰিলোঁ!
জয় হিন্দ।








নুসুধিবা আমাক কোণ ধর্ম বুলি!
আমাৰ পৰিচয় এটাই আমি 
সকলোঁ হিন্দুস্তানী।








তিনিবৰণীয়া জাতীয় পতাকা
নীল আকাশত নাচে,

ওপৰে গেৰুৱা মাজত
শুকুলা তমত শ্যামল আছে।

বগাৰ মাজত অশােক চক্ৰৰ চিত্র জিলিকি ৰয়,
আমাৰ জাতীয় পতাকা খনিৰ
কদাপি নহয় ক্ষয়।





স্বাধীনতা দিৱসৰ কবিতা

1947 চনৰ 15 আগষ্ট
আমি পাইছিলো স্বাধীনতা 
হৈছিলো মুক্তি পৰাধীনতাৰ,

আকাশৰ ফালে উৰিছিল 
আমাৰ জাতীয় পতাকা তিৰঙ্গা ,

মুৰ ওপৰ ফালে দি 
দেশবাসীয়ে জনাইছিল ছেলুট
অন্তৰ আত্মাৰ পৰা গাইছিল 
দেশ বাসীয়ে ৰাষ্ট্রীয় সংগীত।

স্বাধীনতাৰ 72বছৰ গুচি গ'ল
বীৰ শ্বহীদ সকলৰ উদ্দেশ্য
কাল্পনিক হৈ ৰল,

ইংৰাজে কাঢ়ি লৈছিল
আমাৰ সম্পতিৰ অধিকাৰ,

 চৰকাৰে কাঢ়ি লব বিচাৰে
জনতাৰ বাস স্বাধীনতা, নাগৰিকত্বৰ অধিকাৰ |
প্রত্যেক বছৰে 15 আগষ্টত
পালন কৰা হয় স্বাধীনতা দিৱস,

তিৰঙ্গাই কৰে মানা 
যিসকলে শ্বহীদ বীৰ সকলক
কৰি অপমান চলাই আছে শাসন,

দৰিদ্রক সদায় দিয়ে ৰামঠগণ,

জনতাৰ বাকস্বাধীনতা,
নাগৰিকত্বৰ 
অধিকাৰ ল'ব বিচাৰে কাঢ়ি
ধৰ্ম ধৰ্ম কৰি মাৰি থাকে ভাষণ
সেই সকলৰ বাবে কৰা নাছিল
বীৰ শ্বহীদ সকলে তিৰঙ্গা অঙ্কন |

ৰাষ্ট্রীয় সংগীতেও কৰে মানা 
বীৰ শ্বহীদ সকলক অপমান কৰা সকল,

দৰিদ্রক ৰামঠগণ দিয়া সকল,

জনতাৰ বাকস্বাধীনতা,
নাগৰিকত্বৰ অধিকাৰ কাঢ়ি ল'ব বিচাৰা সকল,

ধৰ্ম ধৰ্ম কৰি জনতাৰ মাজত বিভাজন কাৰা সকল,
ৰাষ্ট্রীয় সংগীতক নকৰিবা অপমান।

✍️ মিস্ত্রী জাহিদুল ইছলাম




স্বাধীনতা দিৱসৰ অনুভৱ

স্বাধীনতা !
তোক এবাৰ ক'বৰ মন
শুনিবলৈ পাৰিবি জানো তই ?
পাৰিবিনে
তোৰ বুকুত গানৰ বোল তুলিবলৈ
পাৰিবি জানো
মোৰ চুবুৰীৰ বেৰোজগাৰীৰ ভোকৰ
কীৰিলি শুনিবলৈ
কেনেকৈ পাৰিবি,তইতো
ৰজাৰ সোণৰ চোতালতহে ওমল  ?

স্বাধীনতা !
পাৰিবিনে
মোৰ আইৰ 
যন্ত্ৰণাকাতৰ মুখখনিত
এমোকোৰা হাঁহি বিৰিঙাবলৈ
পাৰিবিনে তই
ৰজাৰ হুকুমৰ পৰা 
মোকল হ'বলৈ
কেনেকৈ পাৰিবি তইতো
ৰজাৰ সোণৰ চোতালতহে ওমল ?

স্বাধীনতা যেন 
কতোৱেই নাই
অশান্ত বতাহে আৱৰি ৰখা
আইৰ অসমীৰ
ক্ৰমশঃ
আকাশ হেৰাই
হেৰাই মুখৰ মাত
হেৰাই
প্ৰাৰ্থনাৰ হাত !

স্বাধীনতা !
তোক উদযাপন কৰিবলৈ
তইতো ৰজাৰ সোণৰ চোতালহে
শুৱনি কৰা !!

✍️ জ্যোৎস্না শইকীয়া মংগলদৈ




ৰাষ্ট্রীয় সংগীত

জন গণ মন! অধিনায়ক জয় হে
ভাৰত ভাগ্য বিধাতা

পঞ্জাৱ সিন্ধু গুজৰাট মাৰাঠা
দ্ৰাবিড় উৎকল বংগ।

বিন্ধ্য হিমাচল যমুনা গংগা,
উচ্ছল জলধি তৰঙ্গ।

তব শুভ নামে জাগে,

তব শুভ আশিস মাগে,

গাহে তব জয়গাথা।

জনগণ মঙ্গল দায়ক জয় হে
ভাৰত ভাগ্য বিধাতা!

জয় হে, জয় হে, জয় হে, জয় জয় জয় জয় হে।



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ স্বাধীনতা দিৱসৰ শুভেচ্ছা বাণী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু এনেকুৱা শুভেচ্ছা বাণী সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।


Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !